সোণ বাঢ়ৈটোকা (ইংৰাজী: Black-rumped Flameback, বৈজ্ঞানিক নাম-Dinopium benghalense) ভাৰত উপমহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ বাঢ়ৈটোকা চৰাইৰ প্ৰজাতি৷ নগৰ অঞ্চলতো দেখা পোৱা বাঢ়ৈটোকাৰ প্ৰজাতিসমূহৰ ভিতৰত ই উল্লেখযোগ্য৷ ইয়াৰ প্ৰধান বৈশিষ্ট্যপূৰ্ণ বিশেষত্ব হৈছে 'rattling-whinnying' ধৰণৰ বিশেষ ধৰণৰ মাত আৰু উৰাৰ ধৰণ৷ দেহৰ পৃষ্ঠ অংশত সোণালী আৰু ক'লা ডিঙি থকা ইয়েই একমাত্ৰ বাঢ়ৈটোকাৰ প্ৰজাতি৷[2]

সোণ বাঢ়ৈটোকা
অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত সোন বাঢ়ৈটোকা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Piciformes
পৰিয়াল: Picidae
গণ: Dinopium
প্ৰজাতি: D. benghalense
বৈজ্ঞানিক নাম
Dinopium benghalense
(Linnaeus, 1758)
Subspecies
  • dilutum (Edward Blyth, 1852)
    (Pakistan and northwest India)
  • benghalense (Linnaeus, 1758)
    (northern India to Assam and Myanmar)
  • puncticolle (Malherbe, 1845)
    (peninsular India, northern Sri Lanka)
  • psarodes (A. A. H. Lichtenstein, 1793)
    (southern Sri Lanka)
সমাৰ্থক
  • Brachypternus benghalensis
  • Brachypternus aurantius

বিৱৰণ সম্পাদনা কৰক

 
কলকাতাত সোণ বাঢ়ৈটোকা

সোণ বাঢ়ৈটোকা তুলনামূলকভাৱে এবিধ ডাঙৰ আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ২৬-২৯ ছে:মি:৷ ইয়াৰ দেহৰ আকৃতি অন্যান্য প্ৰজাতিৰ বাঢ়ৈটোকাৰ আকৃতিৰ দৰেই৷ ইয়াৰ সোণালী-হালধীয়া ডেউকা স্পষ্টকৈ দেখা পোৱা যায়৷ দেহৰ পিছফালে নেজৰ ওপৰৰ অংশ (rump) ক'লা বৰণৰ আৰু তলৰ অংশ বগা হয়৷ ইয়াৰ ডিঙিত ক'লা বাগা আঁচ থাকে৷ মূৰ অংশ বগা তথা চকুৰ ওপৰৰ অংশ মুগা বৰণৰ৷[2][3]

পূৰ্ণবয়স্ক মতা সোণ বাঢ়ৈটোকাৰ মূৰত ৰঙা ৰঙৰ মুকুট (crown) থাকে৷ অ্যহাতে মাইকী সোণ বাঢ়ৈটোকাৰ ক'লা ৰঙৰ মুকুট থকা দেখা যায়৷ পোৱালী সোণ বাঢ়ৈটোকা চৰাই মাইকীজনীৰ দৰে হয়, কেৱল ইহঁতৰ গাৰ বৰণ শেঁতা হয়৷[2]

অন্যান্য প্ৰজাতিৰ বাঢ়ৈটোকা চৰাইৰ দৰেই ইয়াৰো ঠোঁট শক্তিশালী আৰু জোঙা হয়৷[4]

টেক্স'নমি সম্পাদনা কৰক

 
শ্ৰীলংকাত পোৱা সোণ বাঢ়ৈটোকাৰ উপ-প্ৰজাতি

সোণ বাঢ়ৈটোকাৰ কেইবাবিধো উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰে প্ৰধান উপ-প্ৰজাতিসমূহ তলত উল্লেখ কৰা হ'ল-

  • Dinopium benghalense -মূল প্ৰজাতি৷ ইয়াক সমগ্ৰ ভাৰততে সাগৰ পৃষ্ঠৰ পৰা ১০০০ মিটাৰ পৰ্যন্ত দেখা পোৱা যায়৷
  • Dinopium benghalense dilutum-এই উপ-প্ৰজাতিটো প্ৰধানকৈ উত্তৰ-পশ্চিম ভাৰত তথা পাকিস্তানত দেখা পোৱা যায়৷ ইয়াৰ দেহৰ ওপৰঅংশ পাতল হালধীয়া আৰু তল অংশ মূল প্ৰজাতিতকৈ বেছী বগা বৰণৰ হোৱা দেখা যায়৷
  • Dinopium benghalense puncticolle- দক্ষিণ আৰু মধ্যভাৰতত এই উপ-প্ৰজাতিটো দেখা পোৱা যায়৷ ইয়াৰ ক'লা ডিঙিত সৰু সৰু বগা দাগ থকা দেখা যায়৷ দেহৰ ওপৰ অংশ উজ্জ্বল সোণালী-আলধীয়া বৰণৰ৷
  • Dinopium benghalense tehminae-এই উপ-প্ৰজাতিটো ভাৰতৰ দাক্ষিণাত্য (Western Ghats) অঞ্চলত দেখা যায়৷ ইয়াৰ দেহৱ ওপৰ অংশত সেউজ বৰণ থাকে আৰু ক'লা ডিঙিটো দাগ থাকে৷
  • Dinopium benghalense psarodes- শ্ৰীলংকাত এই উপ-প্ৰজাতিটো দেখা যায়৷ ইয়াৰ পৃষ্ঠ অংশ গাঢ় ক'লা৷[2] [5]

বিতৰণ তথা বাসস্থান সম্পাদনা কৰক

সোণ বাঢ়ৈটোকা প্ৰধানকৈ সমতল ভূমিৰ পৰা ১২০০ মি: উচ্চতালৈকে পাকিস্তান, ভাৰতহিমালয়, অসম, মেঘালয়ৰ পৰা বাংলাদেশ, শ্ৰীলংকালৈকে বিস্তৃত হৈ আছে৷ ই বনাঞ্চল তথা খেতি-পথাৰত বাস কৰে৷ গছ-গছনি থকা নগৰীয়া অঞ্চলতো বসবাস কৰিবৰ বাবে ই বিশেষভাৱে অভ্যস্ত৷[4]অৱশ্যে ৰাজস্থানৰ দৰে শুকান অঞ্চল সমূহত ইয়াক কাচিৎহে দেখা পোৱা যায়[6]

আচৰণ সম্পাদনা কৰক

 
মাইকী সোণ বাঢ়ৈটোকা চৰাই

সোণ বাঢ়ৈটোকা প্ৰধানকৈ যোৰকৈ বা সৰু গোটত চৰা দেখা যায়৷[7]

খাদ্য সম্পাদনা কৰক

ইহঁতে মাটিৰ পৰা গছৰ ওপৰৰ অংশ (canopy)লৈকে যিকোনো স্থানতে খাদ্যৰ সন্ধান কৰিব পাৰে৷ ই প্ৰধানকৈ গছৰ গাত থকা পোক-পতংগ খাই জীয়াই থাকে৷[8][9] মানুহৰ দ্বাৰা কৃত্ৰিমভাৱে নিৰ্মিত স্থানতো ই বাহ সাজি বা অন্য কামৰ বাবে ব্যৱহাৰ কৰিবলৈ ইহঁত অভিযোজিত৷[10]

প্ৰজনন সম্পাদনা কৰক

সোণ বাঢ়ৈটোকাৰ প্ৰজনন কাল সাধাৰণতে ফেব্ৰুৱাৰীৰ পৰা জুলাই পৰ্যন্ত হ'ব পাৰে আৰু বতৰৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰে৷ প্ৰজনন কালত ইহঁতে ঘনাই মাত মাতে৷[11] ই গছৰ খোৰোঙত বাহ সাজে৷ [12] এবাৰত তিনিটাকৈ কণী পাৰে৷ কণীৰ বৰণ উজ্জ্বল বগা আৰু আকৃতি অলপ দীঘলীয়া হয়৷[4][13] ১১ দিন উমনি দিয়াৰ পিছত কণী ফুটি পোৱালি জগে৷ ২০ দিনৰ ভিতৰত পোৱালিয়ে বাহ এৰিব পৰা হয়৷[14]

আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. BirdLife International (2012). "Dinopium benghalense". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/100600738। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. 2.0 2.1 2.2 2.3 Rasmussen, PC & JC Anderton (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 289. 
  3. Blanford, WT (1895). The Fauna of British India, Including Ceylon and Burma. Birds. Volume 3. Taylor and Francis, London. পৃষ্ঠা. 58–60. http://www.archive.org/stream/faunaofbritishin03oate#page/58/mode/2up/search/brachypternus. 
  4. 4.0 4.1 4.2 Whistler, Hugh (1949). Popular handbook of Indian birds (4 সম্পাদনা). Gurney and Jackson, London. পৃষ্ঠা. 285–287. ISBN 1-4067-4576-6. http://www.archive.org/stream/popularhandbooko033226mbp#page/n332/mode/1up/. 
  5. Ali S & Ripley SD (1983). Handbook of the Birds of India and Pakistan. Volume 4 (2 সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 196–201. 
  6. Himmatsinhji,MK (1979). "Unexpected occurrence of the Goldenbacked Woodpecker Dinopium benghalense (Linnaeus) in Kutch". J. Bombay Nat. Hist. Soc. খণ্ড 76 (3): 514–515. 
  7. Kotagama, SW & E Goodale (2004). "The composition and spatial organisation of mixedspecies flocks in a Sri Lankan rainforest". Forktail খণ্ড 20: 63–70. Archived from the original on 2011-06-10. https://web.archive.org/web/20110610175037/http://www.orientalbirdclub.org/publications/forktail/20pdfs/Kotagama-Flocks.pdf। আহৰণ কৰা হৈছে: 2013-04-10. 
  8. Chakravarthy,AK (1988). "Predation of Goldenbacked Woodpecker, Dinopium benghalense (Linn.) on Cardamom Shoot-and-Fruit Borer, Dichocrocis punctiferalis (Guene)". J. Bombay Nat. Hist. Soc. খণ্ড 85 (2): 427–428. 
  9. Balasubramanian,P (1992). "Southern Goldenbacked Woodpecker Dinopium benghalense feeding on the nectar of Banana Tree Musa paradisiaca". J. Bombay Nat. Hist. Soc. খণ্ড 89 (2): 254. 
  10. Rajan,S Alagar (1992). "Unusual foraging site of Goldenbacked Woodpecker Dinopium benghalense (Linn.)". J. Bombay Nat. Hist. Soc. খণ্ড 89 (3): 374. 
  11. Neelakantan,KK (1962). "Drumming by, and an instance of homo-sexual behaviour in, the Lesser Goldenbacked Woodpecker (Dinopium benghalense)". J. Bombay Nat. Hist. Soc. খণ্ড 59 (1): 288–290. 
  12. Santharam,V (1998). "Nest usurpation in Woodpeckers". J. Bombay Nat. Hist. Soc. খণ্ড 95 (2): 344–345. 
  13. Hume, AO (1890). The nests and eggs of Indian birds. Volume 2 (2 সম্পাদনা). R H Porter, London. পৃষ্ঠা. 309–311. http://www.archive.org/stream/nestseggsofindia02humerich#page/308/mode/2up/. 
  14. Osmaston, BB (1922). "Woodpecker occupying nesting box". J. Bombay Nat. Hist. Soc. খণ্ড 28 (4): 1137–1138. 

বাহ্যিক সংযোগ সম্পাদনা কৰক