বামুণ বগলী
বামুণ বগলী[2] (ইংৰাজী: Little Egret, বৈজ্ঞানিক নাম-Egretta garzetta) এটা সৰু আকাৰৰ বগলীৰ প্ৰজাতি৷ ই বহুলভাৱে বিস্তৃত জলচৰ চৰাই৷
বামুণ বগলী (Little Egret) | |
---|---|
বষ্ট'ৱানাত এটা বামুণ বগলী | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Ciconiiformes |
পৰিয়াল: | Ardeidae |
গণ: | Egretta |
প্ৰজাতি: | E. garzetta |
বৈজ্ঞানিক নাম | |
Egretta garzetta (Linnaeus, 1766) | |
Subspecies | |
E. g. garzetta |
বিৱৰণ
সম্পাদনা কৰকপূৰ্ণবয়স্ক বামুণ বগলীৰ দেহৰ দৈৰ্ঘ্য ৫৫-৬৫ ছে:মি: আৰু ওজন প্ৰায় ৩৫০-৫৫০ গ্ৰাম হয়৷ ইয়াৰ সমগ্ৰ দেহটো ধকধকীয়া বগা৷ উপ-প্ৰজাতি garzetta ৰ ঠেং দীঘল আৰু ক'লা বৰণৰ, ঠৌঁট ঠেক, ক'লা৷ প্ৰজননৰ সময়ত ইয়াৰ মূৰৰ কিছু তলৰ পৰা দুডাল আৰু বুকুৰ পৰা একাধিক দীঘল বিশেষ ধৰণৰ পাখি (plumes) ওলায়৷ তাৰোপৰি ইয়াৰ ঠোঁট আৰু চকুৰ মাজৰ অংশটো ৰঙচুৱা হৈ উঠে৷
পোৱালি বামুণ বগলীৰ বাহ্যিক গঠন প্ৰজনন নকৰা পূৰ্ণবয়স্ক বগলীৰ সৈতে একে হয়৷ ই সাধাৰণতে নীৰৱে থাকে যদিও ভয় খালে ই বিভিন্ন শব্দ কৰিব পাৰে৷
টেক্স'নমি
সম্পাদনা কৰকবৰ্তমানলৈকে বামুণ বগলীৰ তিনিবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে[3]-
- Egretta garzetta garzetta – ইউৰোপ, আফ্ৰিকা আৰু এছিয়াত দেখা যায়৷
- Egretta garzetta nigripes – ইণ্ডোনেছিয়া আৰু নিউ গিনি
- Egretta garzetta immaculata – অষ্ট্ৰেলিয়া, নিউজিলেণ্ড
বিতৰণ
সম্পাদনা কৰকবামুণ বগলী প্ৰধানকৈ ইউৰোপ, আফ্ৰিকা, এছিয়া তথা অষ্ট্ৰেলিয়াত বিস্তৃত হৈ আছে৷ বিষুৱীয় অঞ্চলসমূহত ই স্থানীয়ভাৱে বিস্তৃত৷ কিন্তু ইউৰোপৰ পৰা ইহঁতে শীতকালত আফ্ৰিকা তথা দক্ষিণ এছিয়ালৈ প্ৰব্ৰজন কৰে৷
আচৰণ
সম্পাদনা কৰকখাদ্য
সম্পাদনা কৰকবামুণ বগলীয়ে সাধাৰণতে মাছ, পোক-পতংগ, উভচৰ প্ৰাণী, কেকোঁৰা আৰু বিভিন্ন সৰীসৃপ আদি খাই জীয়াই থাকে৷ ই সাধাৰণতে অগভীৰ পানীত চোপ লৈ থাকি খাদ্যৰ চিকাৰ কৰে৷
প্ৰজনন
সম্পাদনা কৰকবামুণ বগলীয়ে জাক-পাতি বাস কৰে৷ ই গছ বা জোপোহা আদিত ডালিৰে বাহ সাজে৷ এবাৰত ই ৩-৫ টাকৈ কণী পাৰে৷ মতা-মাইকী উভয়ে উমনি দিয়া আৰু পোৱালিৰ যত্ন লয়৷ কণীৰ আকাৰ ডিম্বাকৃতিৰ আৰু নীল-সেউজীয়া বৰণৰ৷ ২১-২৫ দিনৰ উমনিৰ অন্তত কণি ফুটি পোৱালি জগে৷ ৪০-৪৫ দিনৰ ভিতৰত পোৱালিৰ পাখি গজিবলৈ আৰম্ভ কৰে৷
স্থিতি তথা সংৰক্ষণ
সম্পাদনা কৰকবামুণ বগলীৰ জনসংখ্যা বৰ্তমান বিশেষ সমস্যাৰ সন্মুখীন হোৱা নাই বাবে বৰ্তমান ইয়াক সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিয়া হৈছে৷
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2008). Egretta garzetta. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 9 February 2009. Database entry includes justification for why this species is of least concern.
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ Avibase Little Egret Egretta garzetta
- D. W. Snow & C. M. Perrins (1998) Birds of the Western Palearctic: Concise Edition, Vol. 1, Oxford University Press