বালকৃষ্ণ দোশী

এজন ভাৰতীয় স্থাপত্যবিদ

বালকৃষ্ণ বিঠালদাস দোশী (জন্ম: ২৬ আগষ্ট, ১৯২৭) এজন ভাৰতীয় স্থাপত্যবিদ।[1] তেওঁক দক্ষিণ এছিয়াৰ স্থাপত্যশৈলী বাবে বিশেষভাৱে জনা যায়। ভাৰতীয় স্থাপত্যশৈলীৰ বিৱৰ্তনত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে।[2] তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত হ'ল, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰু আৰু ইন্দোৰৰ কম খৰচী গৃহ উন্নয়ন যাৰ বাবে তেওঁ আগা খান স্থাপত্যবিদ্যা বঁটা লাভ কৰিছিল।[3] ২০১৮ চনত তেওঁ স্থাপত্যবিদ্যাৰ সৰ্বোচ্চ সন্মান প্ৰিট্‌জকাৰ বঁটা লাভ কৰে। এই বঁটা লাভ কৰা তেওঁ প্ৰথম ভাৰতীয় নাগৰিক।[4]

বালকৃষ্ণ দোশী
জন্ম ২৬ আগষ্ট, ১৯২৭
পুনে, মহাৰাষ্ট্ৰ
মৃত্যু ২৪ জানুৱাৰী, ২০২৩ (৯৫ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান জে. জে. স্কুল অফ আৰ্কিটেক্সাৰ, মুম্বাই
পেচা স্থাপত্যবিদ
জনা যায় ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰু
আহমদাবাদ নি গোফা, আহমেদাবাদ
বঁটা, সন্মান, পুৰস্কাৰ আদি ভাৰত পদ্মভূষণ, ২০২০
ভাৰত পদ্মশ্ৰী, ১৯৭৬
ফ্ৰান্স অৰ্ডাৰ ডেছ আৰ্টছ ডেছ লেটাৰ্ছ, ২০১১
প্ৰিট্‌জকাৰ বঁটা, ২০১৮

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯২৭ চনৰ ২৬ আগষ্টত মহাৰাষ্ট্ৰৰ পুনে চহৰত বালকৃষ্ণ দোশীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম বিঠালদাস দোশী।[5] তাৰপিছত তেওঁ মুম্বাইৰ জে. জে. স্কুল অফ আৰ্কিটেক্সাৰত স্থাপত্যবিদ্যাৰ শিক্ষা গ্ৰহণ কৰে।

উল্লেখযোগ্য স্থাপত্য সম্পাদনা কৰক

  • ১৯৭৯-৮০ সংঘঠ, বি.ভি. দোশী কাৰ্যালয়, আহমেদাবাদ
  • ১৯৭২ পৰিৱেশ আৰু যোজনা প্ৰযুক্তি প্ৰতিষ্ঠান, আহমেদাবাদ
  • ১৯৬২-৭৪ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰু
  • ১৯৮৯ ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লী[6]
  • ১৯৯০ আহমদাবাদ নি গোফা, আহমেদাবাদ
  • অৰণ্য কম খৰচী হাউছিং, ইন্দোৰ
  • আই.এফ.এফ.চি.অ. টাউনশ্বিপ, কালোল
  • সেৱাই গন্ধৰ্ব, পুনে
  • প্ৰেমাভাই হল, আহমেদাবাদ
  • টেগৰ হল, আহমেদাবাদ
  • বিদ্যাধৰ নগৰ, জয়পুৰ

বঁটা আৰু সন্মান সম্পাদনা কৰক

ড॰ বালকৃষ্ণ দোশীয়ে বহুতো আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে।

  • পদ্মশ্ৰী, ভাৰত চৰকাৰ, ১৯৭৬
  • অৰণ্য কমিউনিটি হাউছিংৰ বাবে ১৯৯৩-১৯৯৫ৰ স্থাপত্যবিদ্যাৰ ষষ্ঠ আগা খান বঁটা[3]
  • কলা ক্ষেত্ৰত ফ্ৰান্সৰ সৰ্বোচ্চ সন্মান'অৰ্ডাৰ ডেছ আৰ্টছ ডেছ লেটাৰ্ছ', ২০১১[7]
  • পেনচেলভিনীয়া বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী
  • স্থাপত্যবিদ্যাৰ সৰ্বোচ্চ পুৰস্কাৰ প্ৰিট্‌জকাৰ বঁটা, ২০১৮[4]
  • পদ্মভূষণ, ভাৰত চৰকাৰ, ২০২০

তথ্যউৎস সম্পাদনা কৰক