২৬ আগষ্ট
তাৰিখ
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৪ |
২৬ আগষ্ট (ইংৰাজী: 26 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৮তম (অধিবৰ্ষত ২৩৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ৫৫ খ্ৰীষ্টপূৰ্ব - ইংলেণ্ডত প্ৰথমবাৰৰ বাবে জুলিয়াছ ছিজাৰে পদাৰ্পন কৰিছিল।
- ১৩০৩ - আলাউদ্দিন খিলিজীয়ে চিতোৰ দুৰ্গ দখল কৰে।
- ১৯০৭ - ভাৰতৰ প্ৰসিদ্ধ লো-তীখা কোম্পানী 'টাটা আইৰন এণ্ড ষ্টীল কোম্পানী’ পঞ্জীয়নভুক্ত হয়।
- ১৯৪৩ - আনুষ্ঠানিকভাৱে আজাদ হিন্দ ফৌজৰ জন্ম হয়।
- ২০০২ - প্ৰচাৰ ভাৰতীত থলুৱা যুৱকক নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ অভিযোগত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বিক্ষোভৰ সৃষ্টি হয়। এই বিক্ষোভৰ ফলত প্ৰায় পোন্ধৰ লাখ টকাৰ ক্ষতি সাধন হয়।
জন্ম
সম্পাদনা কৰক- ১৬৭৬ - ৰবাৰ্ট ৱালপ'ল, ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী।
- ১৭৪৩ - এণ্টনী ল’ৰেণ্ট লেভ’ইছিয়েৰ, আধুনিক ৰসায়ন শাস্ত্ৰৰ বাটকটীয়া ফৰাচী বিজ্ঞানী।
- ১৮৭৩ - লী ডি ফৰেষ্ট, বিজ্ঞানী, ট্ৰায়ড আৰু ফোন'ফিল্মৰ উদ্ভাৱক।
- ১৯০৬ - এলবাৰ্ট ছাবিন, চিকিৎসা বিজ্ঞানী, মুখেৰে খোৱা পলিঅ' প্ৰতিষেধকৰ উদ্ভাৱক।
- ১৯১০ - মাদাৰ টেৰেছা, 'মিছনেৰীজ অফ চেৰিটি'ৰ প্ৰতিষ্ঠাতা তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত। তাইৰ যুগোশ্লাভিয়াৰ আদ্ৰিয়াটিক সাগৰৰ পাৰত স্কোপজে চহৰত জন্ম হৈছিল।
- ১৯২১ - মেক্সিম ফেগেট, আমেৰিকান মহাকাশযানৰ অভিযন্তা।
- ১৯৫৬ - মেনকা গান্ধী, ভাৰতীয় ৰাজনীতিবিদ তথা পশু অধিকাৰ কৰ্মী তথা পৰিৱেশবিদ।
- ১৯৫৯ - কেথৰিন পি হায়াৰ, নাছাৰ মহিলা মহাকাশচাৰী।
- ১৯৬৮ - মধুৰ ভাণ্ডাৰকৰ, কথাছবি নিৰ্মাতা আৰু পৰিচালক।
- ১৯৭৩ - ইন্দৰ কুমাৰ, বলীউডৰ অভিনেতা। (মৃ্ঃ ১৮ জুলাই, ২০১৭)
মৃত্যু
সম্পাদনা কৰক- ১৭১৩ - ডেনিছ পাপিন (Denis Papin), পদাৰ্থ বিজ্ঞানী, প্ৰেচাৰ কুকাৰৰ উদ্ভাৱক।
- ১৭২৩ - লিউৱেনহুক, ডাচ্ছ্ বিজ্ঞানী, প্ৰথমজন অণুজীৱ বিজ্ঞানী, অণুজীৱ বিজ্ঞান বা মাইক্ৰ'বায়'লজিৰ পিতৃপুৰুষ, বেক্টেৰিয়া আৰু অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক।
- ১৮৫০ - লুইছ-ফিলিপ-১, ফ্ৰান্সৰ ৰজা।
- ১৯০৮ - ফ্ৰেইড্ৰিক মেইচছাৰ (Friedrich Miescher), চুইছ জীৱ বিজ্ঞানী, নিউক্লিক এছিডৰ আৱিষ্কাৰক।
- ১৯১০ - ৱিলিয়াম জেমছ, আমেৰিকাৰ প্ৰখ্যাত দাৰ্শনিক আৰু মনোবিজ্ঞানী।
- ২০১২ - অৱতাৰ কিষাণ হাঙ্গল, স্বাধীনতা সংগ্ৰামী আৰু অভিনেতা।
দিৱস
সম্পাদনা কৰক- অসমীয়া সাহিত্যিক গুণাভিৰাম বৰুৱাৰ স্মৃতি দিৱস।
- মহিলা সমতা দিৱস (যুক্তৰাষ্ট্ৰ)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৬ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |