বালিঘোৰা
বালিঘোৰা[2] (ইংৰাজী: Red-wattled Lapwing, বৈজ্ঞানিক নাম-Vanellus indicus) 'Charadriidae' গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মাতটো ডাঙৰ আৰু ইংৰাজীত ইয়াৰ মাতটো শুনিবলৈ did he do it বা pity to do it যেন লগা বুলি কোৱা হয়৷[3][4] ইয়াক সাধাৰণতে যোৰ পাতি বা সৰু গোটত চৰা দেখা যায় যদিও প্ৰজনন নোহোৱা কালত ই জাকপাতিও চৰিব পাৰে৷ [5]
বালিঘোৰা (Red-wattled Lapwing) | |
---|---|
V. i. indicus from India | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Charadriiformes |
পৰিয়াল: | Charadriidae |
গণ: | Vanellus |
প্ৰজাতি: | V. indicus |
বৈজ্ঞানিক নাম | |
Vanellus indicus (Boddaert, 1783) | |
সমাৰ্থক | |
Hoplopterus indicus |
বিৱৰণ
সম্পাদনা কৰকবালিঘোৰাৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৩৫ ছে:মি:৷ ইয়াৰ ডেউকা আৰু পিঠি অংশ পাতল মটিয়া বৰণৰ৷ আনহাতে মুৰ আৰু বুকু অংশ ক'লা বৰণৰ হোৱা দেখা যায়৷ ডেউকাত বগা দাগ থকাও দেখা যায়৷ ইয়াৰ চকুৰ সন্মুখৰ অংশ (Wattle) অংশ উজ্জল ৰঙা৷ চুটি নেজডালৰ আগটো ক'লা, ঠোঁট ক'লা আৰু দীঘল ঠেং দুখন হালধীয়া হোৱা দেখা যায়৷ উৰন্ত অৱস্থাত ইয়াৰ ডেউকাৰ বগা আঁচবোৰ চকুত পৰে৷[6]
মতা আৰু মাইকীৰ বাহ্যিক গঠন প্ৰায় একে হয় যদিও মতা বালিঘোৰাৰ ডেউকা মাইকীজনীতকৈ কিছু দীঘল হয়৷[5]
বাসস্থান
সম্পাদনা কৰকবালিঘোৰাই সাধাৰণতে মুকলি জলাশয়ত চৰিবলৈ পছন্দ কৰে৷ গতিকে ইয়াক পানীপূৰ্ণ খেতি-পথাৰ, পুখুৰী, হ্ৰদ আদিত দেখা পোৱা যায়৷ মাজে সময়ে ই ২৬-২০০ টা পৰ্যন্ত লগ হৈ বৃহৎ গোট গঠন কৰি চৰে৷[7] ইয়াক নতুনকৈ মুকলি কৰা বনাঞ্চল বা বৰষুণৰ পাণী জমা হোৱা অঞ্চলতো দেখা পোৱা যায়৷
বিতৰণ
সম্পাদনা কৰকবালিঘোৰাই সাধাৰণতে পশ্চিম এছিয়াৰ ইৰাক, ইৰাণৰ পৰা দক্ষিণ এছিয়া ৰ আফগানিস্তান, পাকিস্তান, ভাৰত আদি দেশত প্ৰজনন কৰে৷[8]
আচৰণ
সম্পাদনা কৰকখাদ্য
সম্পাদনা কৰকবালিঘোৰাৰ প্ৰধান খাদ্য হ'ল বিভিন্ন পোক-পতংগ, শামুক আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী৷ কেতিয়াবা ইহঁতে গুটি আদিও খোৱা দেখা যায়৷ [9]
প্ৰজনন
সম্পাদনা কৰকবালিঘোৰাই সাধাৰণতে মাৰ্চৰ পৰা আগষ্ট মাহৰ ভিতৰত প্ৰজনন কৰে৷ মাইকীজনীক আকৰ্ষিত কৰাৰ উদেশ্যে মতা বালিঘোৰা চৰায়ে পাখিবোৰ ফুলাই, ঠোঁটটো ওপৰলৈ কৰি মাইকী চৰাইজনীৰ চাৰিওফালে ঘুৰে৷ এজনী মাইকী চৰাইৰ আগত একাধিক মতা বালিঘোৰাই এনেদৰে প্ৰদৰ্শন কৰিব পাৰে৷[7]
ইহঁতে মাটিতে বাহ সাজি কণী পাৰে৷ [10] এবাৰত ৩-৪ টাকৈ ক'লা ফুটুকীয়া বগা বৰণৰ কণী পাৰে৷[6] [11]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Vanellus indicus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003165। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ "xobdo.org". Archived from the original on 2016-03-05. https://web.archive.org/web/20160305021920/http://www.xobdo.org/asm/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%98%E0%A7%8B%E0%A7%B0%E0%A6%BE। আহৰণ কৰা হৈছে: 2013-06-15.
- ↑ Jerdon, TC (1864). The Birds of India. George Wyman & Co. পৃষ্ঠা. 648–649. http://www.archive.org/details/birdsofindiabein03jerd.
- ↑ Symons,CT (1917). "Note on the breeding habits of the Did-he-do-it Sarcogrammus indicus". Spolia Zeylanica খণ্ড 10 (39): 397–398.
- ↑ 5.0 5.1 Hayman, P., J. Marchant, T. Prater (1986). Shorebirds: an identification guide to the waders of the world. Croom Helm, London. পৃষ্ঠা. 274–275.
- ↑ 6.0 6.1 Ali, S & S D Ripley (1980). Handbook of the birds of India and Pakistan. 2 (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 212–215.
- ↑ 7.0 7.1 Vyas, Rakesh (1997). "Flocking and courtship display in Redwattled Lapwing (Vanellus indicus)". Journal of Bombay Natural Hist. Soc. খণ্ড 94: 406–407.
- ↑ Saini,SS (1972). "Unexpected summer visitors in the Himalayas – Redwattled Lapwing". Newsletter for Birdwatchers খণ্ড 12 (8): 5–6. http://www.archive.org/stream/NLBW12#page/n100/mode/1up.
- ↑ Babi,AZ (1987). "Feeding behaviour of red-wattled lapwing". Newsletter for Birdwatchers খণ্ড 27 (1–2): 15. http://www.archive.org/stream/NLBW27#page/n15/mode/1up.
- ↑ Sharma, SK (1992). "Use of droppings of Indian Hare for nest making by Redwattled Lapwing". Newsletter for Birdwatchers খণ্ড 32 (7&8): 19. http://www.archive.org/stream/NLBW32_78#page/n19/mode/1up.
- ↑ McCann, Charles (1941). "Curious nesting site of the Red-wattled Lapwing (Lobivanellus indicus indicus Bodd.)". J. Bombay Nat. Hist. Soc. খণ্ড 42 (2): 439–440.
লগতে চাওক
সম্পাদনা কৰক- Anon. (1991) Flocking of Red Wattled Lapwings. Newsletter for Birdwatchers 31(5–6):1.
- Dharmakumarsinhji, RS (1965) Small displacement by ground nesting birds. Newsletter for Birdwatchers 5(9):10.
- Gay,Thomas (1975). "More about the nesting of the Red-wattled Lapwing". Newsletter for Birdwatchers খণ্ড 15 (4): 9. http://www.archive.org/stream/NLBW15#page/n43/mode/1up/.
- Jamdar,Nitin (1985) Redwattled Lapwing (Vanellus indicus) suffering from cataract. J. Bombay Nat. Hist. Soc. 82(1):197.
- Kalsi,RS; Khera,S (1986) Some observations on breeding and displacement behaviour of the Redwattled Lapwing Vanellus indicus indicus (Aves: Charadriidae). Res. Bull. Panjab Univ. 37:131–141.
- Khajuria,H (1972) Nestlings of the redwattled lapwing, Vanellus i. indicus (boddaert). Pavo 8(1&2):82–83.
- Koshy,MS (1989) Lapwings on a roof. Newsletter for Birdwatchers 29(7–8):7.
- Krishnan, M (1998) Ubiquitous alarmist. Blackbuck. 14(3&4):88–90.
- Jackson,P (1976) Redwattled Lapwing. Newsletter for Birdwatchers 16(3):11–12.
- Saxena,VS (1973) Unusual nesting by Redwattled Lapwing. Indian Forester 99:33–35.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Vanellus indicus সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিপ্ৰজাতিত Vanellus indicus সম্পৰ্কে অধিক তথ্য আছে |
আলোকচিত্ৰৰ ভঁৰাল
সম্পাদনা কৰক-
জন্মৰ পিছতে পোৱালিয়ে বাহ এৰে
-
Fledglings and eggs on a scrape nest. The cryptically plumaged chick typically lies still when alarmed.
-
Ssp aigneri -Museum specimen - Karachi, Pakistan