কূৰ্ম (সংস্কৃত: कूर्म; Kūrma, 'কচ্ছপ', 'কাছ') হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুদহটা অৱতাৰৰ দ্বিতীয় ৰূপ। এই অৱতাৰক 'কূৰ্মৰজা' (কাছৰ ৰজা) হিচাপেও জনা যায়। যজুৰবেদৰ দৰে বৈদিক গ্ৰন্থত কূৰ্মক কাশ্যপ নামৰ সপ্তৰ্ষি জনৰ সমাৰ্থক হিচাপে গণ্য কৰা হয়। সৰ্বসাধাৰণতে, পুৰাণৰ দৰে বৈদিক যুগৰ পৰৱৰ্তী কালৰ সাহিত্য সম্ভাৰত কূৰ্ম ক্ষীৰ সাগৰৰ মন্থন (যাক সমুদ্ৰ মন্থন হিচাপেও জনা যায়)ৰ সৈতে যোজিত কৰা হয়। তদুপৰি, কূৰ্ম এই পৃথিৱীৰ আধাৰ হিচাপে পৰিচিত 'বিশ্ব কচ্ছপ'ৰ সমাৰ্থক। ভগৱান বিষ্ণুৰ দশাৱতাৰৰ ভিতৰত কূৰ্ম হৈছে দ্বিতীয় অৱতাৰ।

কূৰ্ম
দৃঢ়তা, সমৰ্থন
দশাৱতাৰ-ৰ সদস্য
Kurma deva.jpg
ভগৱান বিষ্ণুৰ অৰ্ধ-মানৱ আৰু অৰ্ধ-কচ্ছপ চিত্ৰণ
দেৱনাগৰী कूर्म
সম্পৰ্ক ভগৱান বিষ্ণুদ্বিতীয় অৱতাৰ
নিবাস ভাৰত খণ্ড, বৈকুণ্ঠ
অস্ত্ৰ নাই
উৎসৱ কূৰ্ম জয়ন্তী (ব'হাগ মাহৰ শুক্ল পক্ষ)

নামকৰণ আৰু ব্যুৎপত্তিসম্পাদনা কৰক

সংস্কৃত শব্দ 'কূৰ্ম'ৰ অৰ্থ হৈছে কচ্ছপ বা কাছ।[1] 'কূৰ্মৰজা'ৰ অৰ্থ হৈছে কাছগণৰ ৰজা।[2]ভাগৱত পুৰাণৰ দৰে বৈদিক যুগৰ পৰৱৰ্তী সাহিত্যসম্ভাৰত বিষ্ণুৰ কাছ অৱতাৰক 'কচ্ছপ' (कच्छप), 'কমঠ' (कमठ), 'অকুপাৰ' (अकूपार), আৰু 'অম্বুচাৰ-আত্মনা' (अम्बुचर-आत्मना) হিচাপেও জনা যায়, আৰু এই কেউটা শব্দই কাছ বা কাছৰ কোনো বিশেষ ৰূপক বুজায়[3][4][5][6]

নিৰুক্তসম্পাদনা কৰক

ব্যাকৰণবিদ যস্কৰ দ্বাৰা লিখিত নিৰুক্ত হৈছে ছখন বেদাংগৰ (বেদৰ অংগ) ভিতৰৰ এখন। এই গ্ৰন্থখনত বেদসমূহৰ শুদ্ধ ব্যুৎপত্তি আৰু ব্যাখ্যা আগবঢ়োৱা হৈছে। এই গ্ৰন্থৰ কাছৰ প্ৰৱেশ সম্পৰকে এইদৰে কোৱা হৈছে (মূল লেখকৰ ৰূপৰ দৰে বৰ বন্ধনী '[ ]' ব্যৱহৃত হৈছে):

আমি যেন আপোনাৰ অসীম উপহাৰ প্ৰাপ্ত কৰিব পাৰোঁ। সূৰ্যক 'অকুপাৰ' বুলিও কোৱা হয়, অৰ্থাত অসীম, কাৰণ ই অমাপনীয়। মহাসাগৰকো অকুপাৰ বোলা হয়, অৰ্থাত অসীম, কাৰণ ই সীমাবদ্ধ নহয়। কচ্ছপকো অ-কুপ্-আৰ্ বোলা হয় কাৰণ ই নাদত গতি নকৰে [নাদৰ তৰাং প্ৰকৃতিৰ বাবে]। কচ্ছপে নিজৰ মুখ (কচ্ছম্) সুৰক্ষা (পতি) দিয়ে, সেয়েই ইয়াৰ নাম কচ্ছপ। অথবা, ই নিজৰ খোলা (কচ্ছেনা)ৰ জৰিয়তে নিজকে সুৰক্ষা দিয়ে, বা ই মুখেৰে পান (√pa) কৰে। কচ্ছ (কাছৰ মুখ বা খোলা) = খ-চ্ছ, অৰ্থাত যি কোনো স্থান আৱৰি থাকে। কচ্ছৰ আন এটা অৰ্থ হৈছে 'নদীৰ পাৰ', আৰু ইও একে মূলৰ পৰা উদ্ভূত, কাৰণ পানীক ই আৱৰি ৰাখে।

প্ৰতীকিসম্পাদনা কৰক

 
কূৰ্ম-অৱতাৰ, বিষ্ণুৰ কচ্ছপ অৱতাৰ, এলাহাবাদ জিলাৰ গাঢ়ৱাত প্ৰাপ্ত
 
(বাওঁফালে) পৃথিৱীক ধাৰণ কৰি থকা অৱস্থাত শেষনাগৰ সৈতে, (সোঁফালে) বৰাহ, আৰু (তলৰ কেন্দ্ৰত) কৃষ্ণ

'দৃঢ়তা / সুস্থিৰতা:' W. Caland-ৰ মতে পঞ্চবিংশ ব্ৰাহ্মণ আৰু জৈমিনীয় ব্ৰাহ্মণৰ সৈতে সংগতি ৰাখি কচ্ছপ হৈছে 'এক দৃঢ় সংস্থাপনৰ সমান... আৰু কাশ্যপ-(কাছ)এ [পাৰ্থিৱ স্থিতি]ৰ সাগৰৰ সিপাৰে প্ৰেৰণ কৰিবলৈ সক্ষম'। P.N. Sinha-ইও এই মতক সমৰ্থন কৰে, আৰু কয় 'কূৰ্ম এক মহৎ অৱতাৰ আছিল, কিয়নো এই অৱতাৰে ক্ষীৰ সাগৰৰ মন্থনৰ জৰিয়য়তে বিশ্বব্ৰহ্মাণ্ডৰ আধ্যাত্মিক পুনৰোৎপত্তিৰ পথ প্ৰস্তুত কৰিছিল।[7]

বেদান্তসম্পাদনা কৰক

লঘু যোগ বশিষ্ঠসম্পাদনা কৰক

পঞ্চ ভূতত ধৰণী অদৃশ্য হ'ল আৰু বিষ্ণুৱে তেওঁৰ কূৰ্ম (কাছ) অৱতাৰৰ দ্বাৰা সেয়া পুনৰুদ্ধাৰ কৰিলে। ক্ষীৰ সাগৰক ১২ বাৰ মন্থন কৰা হ'ল। এই সকলোবোৰৰ মই প্ৰত্যক্ষ সাক্ষ্য আছিলো। হিৰণ্যাক্ষই তৃতীয়বাৰত ধৰণীক পাতাললৈ লৈ গ'ল। ষষ্ঠবাৰত বিষ্ণুৱে পৰশুৰাম হিচাপে অৱতাৰ ধাৰণ কৰিলে... ১০০ কলি যুগত গৌতম বুদ্ধই পুনঃ পুনঃ অৱতাৰ ধাৰণ কৰিলে।

ওপৰত উৰ্দ্ধৃতিকৃত ভূষণ্ডক স্বামী পৰমেশ্বৰানন্দই 'আৱেগবৰ্জিত আৰু বহল হৃদয়ৰ কাউৰী' হিচাপে আখ্যায়িত কৰিছে।[8] যোগ বশিষ্ঠ নামৰ প্ৰভাৱশালী বেদান্তত ভূষণ্ডই ঋষি বশিষ্ঠক কৈছিল যে ধৰাৰ সংঘটনবোৰৰ পূৰ্বতে বাৰে বাৰে সংঘটিত হৈছে আৰু সৰ্বকাল সেইদৰেই ঘটি থাকিব। সামান্য পৰিৱৰ্তনৰে সৈতে ভগৱান বিষ্ণুৰ অৱতাৰসমূহৰো আৱিৰ্ভাৱ হৈ থাকিব। 'লঘু' যোগ বশিষ্ঠ হৈছে 'যোগ বশিষ্ঠ'ৰ সংক্ষিপ্ত ৰূপ।

মন্দিৰসম্পাদনা কৰক

 
সপ্তশৃংগী শক্তিপীঠত কূৰ্ম অৱতাৰ

পটশিল্পসম্পাদনা কৰক

পশুত্বাৰোপণৰ দিশৰ পৰা কূৰ্ম অৱতাৰক এটা কাছ, অথবা সাধাৰণতে মানৱীকৰণৰ ফালৰ পৰা মূৰ্তি আৰু চিত্ৰত অৰ্দ্ধ-মানৱ (ককাঁলৰ ওপৰৰ অংশ) আৰু অৰ্দ্ধ-কচ্ছপ (ককাঁলৰ তলৰ অংশ) হিচাপে চিত্ৰায়িত কৰা হয়।

স্থানসম্পাদনা কৰক

ভাৰতবৰ্ষত ভগৱান বিষ্ণুৰ কূৰ্ম অৱতাৰৰ প্ৰতি সমৰ্পিত চাৰিটা মন্দিৰ আছে:

তথ্যসূত্ৰসম্পাদনা কৰক

গ্ৰন্থাৱলীসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক

  ৱিকিমিডিয়া কমন্সত কূৰ্ম সম্পৰ্কীয় মিডিয়া ফাইল।