অসমৰ সংস্কৃতি কোষ: সম্পাদনা: নাৰায়ন দাস, পৰমানন্দ ৰাজবংশী, পৃষ্ঠা ১৯১, প্ৰথম প্ৰকাশ মাৰ্চ ২০০৯ ৰ তথ্য মতে চকলং প্ৰথাত ১০৮ খন চাকি জলোৱা হ’য়। ৱিকিৰ এই প্ৰৱন্ধটোত ১০১ খন বুলি উল্লেখ কৰা হৈছে। কোনোবাই সঠিক তথ্যটো জনালে ভাল হ’ব।

শুদ্ধ নিয়ম সমুহ সাচিপতীয়া পুথি লাই লিত নাঙ হুন ফাত আছে অইন কিতাপ বিস্ৱাসযোগ্য় নহবও পাৰে --KhiLanTzi (talk) 13:55, 24 August 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

শিৰোনাম সম্পাদনা কৰক

অনুগ্ৰহ কৰি পৃষ্ঠা স্থানান্তৰ কৰাৰ আগতে ইয়াত নিজৰ মন্তব্য ৰাখিব আৰু আন ৱিকিপিডিয়ানসকলৰ মতামতলৈ বাট চাব। প্ৰচলিত নামটোহে মূল শিৰোনাম হিচাপে ৰাখিব লাগে, বাকীবোৰ পুনৰ্নিৰ্দেশ কৰিব লাগে। — গীতাৰ্থ বৰদলৈ (talk) 07:09, 15 August 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

হয়, একমত। দিব্য দত্ত (বাৰ্তা) 13:21, 15 August 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

নাম শুধৰণি সম্পাদনা কৰক

@— গীতাৰ্থ বৰদলৈ @দিব্য দত্ত
মাননীয় অসমীয়া ৱিকিপিডিয়াৰ সম্পাদক সকল চকলং পৃষ্ঠটোৰ নাম প্ৰকৃততে চ'-ক্লঙ হব লাগে বুলি মই ভাবো ইয়াৰ কাৰণ সমূহ হল-

সাধাৰণ ব্যৱহাৰ সম্পাদনা কৰক

ইংৰাজী ৱিকিপিডিয়াৰ WP: COMMON ৰ দৰে অসমীয়া ৱিকিপিডিয়াটো সাধাৰণতে ব্যৱহাৰ হোৱা শব্দ সমূহ ব্যৱহৃত হব লাগে বুলি মই ভাবো। সাধাৰণতে আহোম সমাজে ইয়াক চ'-ক্লঙ (ইংৰাজী: CHOKLONG) বুলি ব্যৱহাৰ কৰে , চকলং হলে ইয়াৰ উচ্চাৰণ ঠিক CHOKOLONG ৰ দৰে হব। আৰু লগতে 'ক' আৰু 'ল' প্ৰায় লগতে উচ্চাৰিত হয় যাৰ ফলত 'কল' নহৈ 'ক্ল' হয়। 'ক' আখৰটো ইয়াত মুক্তভাৱে উচ্চাৰিত নহয়।

শব্দৰ গাঁথনি সম্পাদনা কৰক

শব্দৰ গাঁথনিলৈ চালে ই তাঈ আহোম ভাষাৰ দুটা শব্দৰ পৰা আহিছে ' চ' আৰু ক্লঙ। আৰু আহোমৰ পূজাৰী সকলেও (মহন দেওধাই বাইলুং) ইয়াৰ নীতি নিয়ম খন লিখি থলুৱা প্ৰাচীন লাই লিট নাঙ হুন ফা পুথিত চ'-ক্লঙ বুলিয়ে আছে। উপৰোক্ত বিষয় সমূহ চালিজাৰী চালে দেখা যায় চকলং শব্দটো এফালৰ পৰাও শুদ্ধ নহয়। সেয়েহে মই এই প্ৰবন্ধটোৰ নাম চ'-ক্লঙ কৰিব বিচাৰিছোঁ।-
KhiLanTzi (talk) 05:00, 18 August 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

@KhiLanTzi: আপুনি আন সদস্যৰ মতামতলৈ বাট নাচাই পুনৰ একপক্ষীয়ভাৱে নামটো সলাই দিছে। "সাধাৰণতে ব্যৱহাৰ হোৱা শব্দ"ৰ কথা কৈছে যদি "চ'-ক্লঙ" ইয়াত নপৰে। গৰিষ্ঠ সংখ্যক ৰেফাৰেন্স পুথিত কেনেকৈ আছে সেয়াহে অনুসৰণ কৰা ভাল। মোৰ হাতত থকা প্ৰসংগসমূহত এনেকৈ আছে- চকলং (অসমৰ লোক সংস্কৃতিৰ ৰূপৰেখা, উমেশ চেতিয়া), চক্‌লং (তাই-আহোম জনগোষ্ঠী আৰু তাই পৰম্পৰা, ড° বীৰেন্দ্ৰ কুমাৰ গোহাঁই), চকলং (অসমৰ সংস্কৃতি-কোষ, সম্পা-পৰমানন্দ ৰাজবংশী, চকলং (সাংস্কৃতিক বিনিময় আৰু সংহতি- ড° প্ৰফুল্ল কুমাৰ নাথ) আদি। — গীতাৰ্থ বৰদলৈ (talk) 09:21, 2 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Gitartha.bordoloi: বৰদলৈ ডাঙৰীয়া সর্বপ্রথমে আপোনাক পলমকৈ হলেও এই বিষয়ত মত প্রকাশ কৰাৰ বাবে ধন্যবাদ জনালো। মই নিজৰ জনগোষ্ঠী আহোম আৰু নিজৰ বিষয় জীৱবিজ্ঞানৰ বিষয়েহে অধিক জানো সেয়েহে মই এই দুটা বিষয়তহে অধিক তথ্য় যোগান ধৰিব পাৰিম , আপুনি মোতকৈ বয়স আৰু অভিজ্ঞতাত ডাঙৰ সেয়েহে ভৱিষ্য়তেও কিবা ভূল দেখিলে শুধৰাই দিব কিন্তু এই ক্ষেত্ৰত মোৰ ভূল হোৱা নাই বুলি ভাবিছো। আলোচনাৰ মাজেৰে বিষয়তোৰ সঠিক সিদ্ধান্তত উপনিত হোৱাটো বিচাৰো যদি ভূল হৈছে নিশ্চয় শুধৰোৱা যাব। সাধাৰণতে ব্যৱহাৰ হোৱা শব্দৰ ক্ষেত্ৰত আপুনি দিয়া কিতাপ কেইখনৰ পৰা চ'-ক্লঙ নপৰে বুলি কোৱাটো শুদ্ধ নহব কাৰণ লেখক কেইজনৰ এজনো টাই ভাষাৰ বিশেষজ্ঞ যেন নালাগিল | কোনো কিতাপৰ পৰা সাধাৰণতে ব্যৱহাৰ হোৱা শব্দৰ উলিয়াব পৰা নাযাব ইয়াক আহোম সমাজে কিদৰে উচ্ছাৰণ কৰে তাৰ পৰাহে জানিব পৰা যাব ইয়াৰ উচিত উদাহৰণ হ'ল টাই শব্দটোৰ ক্ষেত্ৰত , আহোমৰ ছাত্ৰ সংগঠন সমুহে প্ৰায় টাই শব্দটো ব্য়বহাৰ কৰে , আনহাতে তাই সাহিত্য় সভাই তাই শব্দটো ব্য়বহাৰ কৰে আৰু দুজনমান লেখকে তাঈ শব্দটো ব্য়বহাৰ কৰে গতিকে আমি উচ্ছাৰণ আৰু ভাষিক ক্ষেত্ৰলৈ মন কৰি পূৰণা ভূল তথ্য়ৰ সলনি নতুন শুদ্ধ বুৰন্জীত লিখা তথ্য়সমূহ প্ৰদান কৰিলে বেছি ভাল হব বুলি ভাবো| ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ আলোচনাউৎস প্ৰসংগ 14:01, 3 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
@KhiLanTzi: ধন্যবাদ। কেনেকৈ উচ্চাৰিত হয়, বা কোন বিশেষজ্ঞ সেয়া বিচাৰ পাছত, ৱিকিপিডিয়াত প্ৰচলিত তথ্যকে যি ৰূপত আছে তেনেকৈ ৰেফাৰেন্সত সহায়ত উপস্থাপন কৰা হয়— গীতাৰ্থ বৰদলৈ (talk) 14:26, 3 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Gitartha.bordoloi:মই মোৰ কবলগিয়াখিনি কলো এতিয়া কি কৰে আপোনালোকৰ সিদ্ধান্তḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ আলোচনাউৎস প্ৰসংগ 14:35, 3 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
ৱিকিপিডিয়াত প্ৰচলিত নাম আৰু বানান ব্যৱহাৰ হ'ব লাগে। প্ৰবন্ধৰ নাম চকলং কৰা হ'ল। --SlowPhoton (talk) 14:59, 3 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
চ'-ক্লঙৰ সলনি চকলং কৰাত ময়ো একমত কিয়নো চকলং শব্দটো বেছিকৈ ব্যৱহাৰ হয়। আনহাতে উচ্চাৰণৰ ক্ষেত্ৰটো চ'-ক্লঙ (= cho clongo) বা চকলং (=chokolong)তকৈ চক্‌লং বা চ'-ক্লংহে বেছি শুদ্ধ যেন লাগে। গতিকে নতুন শব্দ সৃষ্টি কৰি থকাতকৈ চকলং ৰখাই ভাল। দিব্য দত্ত (বাৰ্তা) 14:58, 4 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

অন্য প্ৰবন্ধৰ প্ৰয়োজন সম্পাদনা কৰক

মাননীয় সম্পাদক সকল, চ'-ক্লঙ আৰু আহোম বিবাহ পদ্ধতি দুইটা বেলেগ বস্তু হয়। চ'-ক্লঙ আহোম বিবাহ পদ্ধতিৰ ২০ তা নিয়মৰ এটা নিয়মহে বাকী ১৯ টা নিয়ম চ'-ক্লঙ ৰ ভিতৰত নপৰে।সেয়েহে মই আহোম বিবাহ প্ৰথাৰ বাবে আৰু অন্য এটা পৃষ্ঠা আৰম্ভ কৰাৰ কথা ভাবিছোঁ।কাৰণ চ'-ক্লঙ পৃষ্ঠাটোতে বাকী অইন ১৯ তা পৰম্পৰা দিয়া আছে যি কেইটা চ'-ক্লঙ নহয়। ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ আলোচনাউৎস প্ৰসংগ 11:29, 1 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

"চকলং" পৃষ্ঠালৈ উভতি যাওক।