বিদেশত আপোন মানুহ

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰযোগে প্ৰচাৰিত ধাৰাবাহিক

বিদেশত আপোন মানুহ হৈছে ২০০১ চনৰ পৰা ২০০৮ চনলৈ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰযোগে প্ৰচাৰিত এখন ভ্ৰমণ বিষয়ক ধাৰাবাহিক। ধাৰাবাহিকখনত উপস্থাপিকা ববিতা শৰ্মাই বিভিন্ন দেশলৈ ভ্ৰমণ কৰি বিদেশত থকা অসমীয়া লোকসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। তেওঁলোকৰ জীৱনধাৰা, বিদেশী ভূমিত কৰা সংগ্ৰাম আৰু সফলতা, লগতে দ্বিতীয় প্ৰজন্মৰ অসমীয়াৰ জন্মভূমি আৰু অসমৰ প্ৰতি অনুভূতি আদি ধাৰাবাহিকখনত দাঙি ধৰা হৈছিল। ধাৰাবাহিকখনৰ আৰম্ভণি হয় ২০০১ চনৰ ৪ নৱেম্বৰত কানাডাৰ টৰণ্টোত অনুষ্ঠিত অসম সন্মিলনৰ পৰা। ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, ফ্ৰান্স, নেডাৰলেণ্ড, নৰৱে, জাৰ্মানী, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, ছিংগাপুৰ, থাইলেণ্ড, সংযুক্ত আৰৱ আমিৰাত আদিত কৰা হৈছিল।[1]

বিদেশত আপোন মানুহ
শৈলী ভ্ৰমণ
সাক্ষাৎকাৰ
নিৰ্মাতা চিন্ময় শৰ্মা
লিখক জিমণি চৌধুৰী
পৰিচালক মানস অধিকাৰী
উপস্থাপক ববিতা শৰ্মা
শীৰ্ষ সংগীত মানস হাজৰিকা (সংগীত)
জিমণি চৌধুৰী (কথা)
চাজু (কণ্ঠ)
দেশ ভাৰত
ভাষা অসমীয়া
খণ্ডৰ সংখ্যা ২৩০[1]
প্ৰযোজনা
কাৰ্যবাহী প্ৰযোজক চিন্ময় শৰ্মা
ববিতা শৰ্মা
সম্পাদক মানস অধিকাৰী
চিত্ৰগ্ৰহণকাৰী মানস অধিকাৰী
চিন্ময় শৰ্মা
কেমেৰাৰ ছেটআপ একক কেমেৰা
দৈৰ্ঘ্য ১৮-২৩ মিনিট
ষ্টুডিঅ’ সংগীতা এড্‌ভাৰটাইজিং
সম্প্ৰচাৰ
মূল ছেনেল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ
দৃশ্যৰ ফৰমেট 480i (SDTV)
প্ৰদৰ্শনৰ সময় ২০০১ – ২০০৮

নিৰ্মাণ সম্পাদনা কৰক

এক সাক্ষাৎকাৰত প্ৰযোজক চিন্ময় শৰ্মাই প্ৰকাশ কৰে যে লণ্ডনত চিত্ৰগ্ৰহণ কৰা ভূপেন হাজৰিকাৰ এক সাক্ষাৎকাৰ পাছত তেওঁৰ মনত বিদেশত আপোন মানুহৰ বীজ সূচনা হয়।[2] ধাৰাবাহিকখনৰ পৰিচালনা আৰু সম্পাদনা কৰিছিল মানস অধিকাৰীয়ে, প্ৰযোজনা কৰিছিল চিন্ময় শৰ্মা আৰু ববিতা শৰ্মাই, চিত্ৰনাট্য আৰু শীৰ্ষক গীতটোৰ কথা লিখিছিল জিমণি চৌধুৰীয়ে। চাজুৱে কণ্ঠদান কৰা শীৰ্ষক গীতটোৱে দৰ্শকৰ সমাদৰ লাভ কৰিবৰ সক্ষম হৈছিল।[3]

সম্প্ৰচাৰ সম্পাদনা কৰক

দেওবাৰে সন্ধিয়া ৭:৩০ বজাত প্ৰচাৰিত এই আধাঘণ্টীয়া ধাৰাবাহিকখনৰ ২৩০টা খণ্ড সম্প্ৰচাৰ হৈছিল।[1] গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত দীৰ্ঘদিন ধৰি সম্প্ৰচাৰিত ধাৰাবাহিকসমূহৰ ভিতৰত এখন হৈছে বিদেশত আপোন মানুহ।[4][5] ২০১৬ চনত ৰেঙণি চেনেলযোগে ধাৰাবাহিকখনৰ পুনঃসম্প্ৰচাৰ কৰা হয়।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "About Bidexot Apun Manuh on YouTube". www.youtube.com. https://www.youtube.com/channel/UCAw4RrK_40L0f7Hk8y0vIFQ/about। আহৰণ কৰা হৈছে: 2020-12-18. 
  2. 2.0 2.1 "Meet Chinmoy Sharma". G Plus, Volume 3 Issue 15: 17. January 20-29, 2016. https://issuu.com/guwahatiplus/docs/g_plus_vol_3_issue_15_web. 
  3. Dutta, Reema. "নিজানত বাৰু এতিয়াও মনত পৰেনে “বিদেশত আপোন মানুহ”". ৰূপালীপৰ্দা ডট কম. https://rupaliparda.com/archives/5732। আহৰণ কৰা হৈছে: ১৮ ডিচেম্বৰ ২০২০. 
  4. Das, Nabina. "Bobbeeta Sharma: From reel to real" (en ভাষাত). @businessline. https://www.thehindubusinessline.com/blink/meet/bobbeeta-sharma-from-reel-to-real/article8447274.ece। আহৰণ কৰা হৈছে: 2020-12-18. 
  5. "Guwahati LS seat: Catfight between Queen Ojah and Bobbeeta Sharma" (en-US ভাষাত). NORTHEAST NOW. https://nenow.in/north-east-news/assam/guwahati-ls-seat-catfight-between-queen-ojah-and-bobbeeta-sharma.html। আহৰণ কৰা হৈছে: 2020-12-18. 

বাহ্যিক সংযোগ সম্পাদনা কৰক