ব্ৰজনাথ শৰ্মা (ইংৰাজী: Brajanath Sarma) (১৮৯৪ – ১৯৬০[1])[2] আছিল অভিনেতা, নাট্যকাৰ আৰু অসম ভ্ৰাম্যমান নাটকৰ জনক[3]। অসমত সহ-অভিনয়ৰ বাটকটীয়া।

ব্ৰজনাথ শৰ্মা
জন্ম ১৫ ছেপ্টেম্বৰ, ১৮৯৪
শিলা গাঁও, বজালী, বৰপেটা জিলা
মৃত্যু ১২ ছেপ্টেম্বৰ, ১৯৬০
গুৱাহাটী, অসম
পেচা নাট্যকাৰ, অভিনেতা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত ভাৰত
সময় ১৮৯৪ – ১৯৬০
সাহিত্যিক বিপ্লৱ ভাৰতৰ স্বাধীনতা আন্দোলন
দাম্পত্যসংগী গুণৱতী দেৱী
আত্মীয়-স্বজন পদ্মনাথ শৰ্মা (পিতৃ)
নৰেশ্বৰী দেৱী (মাতৃ)

১৯৭৬ চনত বিশিষ্ট লেখক কনক চন্দ্ৰ শৰ্মাই 'সাংস্কৃতিক' শীৰ্ষক এখন স্মৃতিগ্ৰন্থত প্ৰথমে ব্ৰজনাথ শৰ্মাক অভিনয়াচাৰ্য উপাধিৰে উল্লেখ কৰিছিল। ১৯৮৩ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে তেজপুৰৰ 'অনামিকা যুৱ শিল্পী সমাজ'-এ আনুষ্ঠানিক ভাৱে তেখেতলৈ 'অভিনয়াচাৰ্য' উপাধি প্ৰদান কৰে। সাধাৰণ ৰাইজৰ মাজত জীৱন কালতে তেখেত 'ব্ৰজ ওষ্টাদ' হিচাপে বিখ্যাত আছিল।[1]

জন্ম আৰু সেনা বিভাগত চাকৰি

সম্পাদনা কৰক

নাট্টাচাৰ্য্য ব্ৰজনাথ শৰ্মাৰ জন্ম হৈছিল বৰ্তমানৰ বৰপেটা জিলাৰ বজালী অঞ্চলৰ শিলা নামৰ গাঁৱত। তেখেতৰ পিতৃ পদ্মনাথ আৰু মাতৃ নৰেশ্বৰী। প্ৰবেশিকা পৰীক্ষা পাছ কৰি তেখেত গৌৰীপুৰতাৰিণীপ্ৰিয়া চতুষ্পাঠীত নাম ভৰ্তি কৰে। কিন্তু পঢ়া আধাতে এৰি ঘৰলৈ উভতি আহে। তাৰপাছত ব্ৰিটিছ সেনা-বাহিনীত যোগ দি প্ৰথম বিশ্বযু্দ্ধত যুঁজ কৰিবলৈ যায়। সেনা-বাহিনীত থকা সময়তে জৰ্জ নামে এগৰাকী ইংৰাজ ব্যক্তিৰ সম্পৰ্কলৈ আহি অভিনয়ৰ প্ৰতি ধাউতি উপজে। ১৯১৭ চনৰপৰা ১৯২১ চনলৈ বছেৰাত থকা কালত তেখেতে নিয়মীয়াকৈ 'ৱেষ্ট-বেংগল ড্ৰামাটিক ক্লাব'ৰ নাটকত অভিনয় কৰিছিল[3]

প্ৰথম অসমীয়া যাত্ৰা পাৰ্টি গঠন

সম্পাদনা কৰক

১৯২১ চনত তেওঁ ঘৰলৈ উভতি আহে। সেই সময়ত বঙালী যাত্ৰা অভিনয়ৰ দলে অসমত যাত্ৰা মঞ্চস্থ কৰি ফুৰিছিল। বঙালী যাত্ৰা নাটকৰ আৰ্হিতে ব্ৰজনাথে আৰু নিজ গাঁৱতে 'শিল্প কালিকা অপেৰা পাৰ্টি'[4] ('শিলা কালিকা অপেৰা পাৰ্টি'[1]) নাম দি নাট্য অভিনয়ৰ পাৰ্টি খোলে। ১৯২৪ চনত এই গোট ভাঙি দি নতুন এটা নাট্যদল গঠন কৰে। নাম দিয়া হৈছিল, 'গণকবাৰী[4] ('দক্ষিণ গণকগাড়ী'[1]) অপেৰা পাৰ্টি'। ইয়াৰে পাঁচবছৰ পাছত এই নাট্য দল ভাঙি ঐতিহাসিক 'কহিনুৰ অপেৰা' পাৰ্টিৰ পট্টন কৰে। তেখেতেই প্ৰথমে গাঁৱে-ভূয়ে ফুৰি নাটক মঞ্চস্থ কৰাৰ প্ৰথা আৰম্ভ কৰিছিল। এই প্ৰথায়েই কালক্ৰমত অসমৰ অদ্বিতীয় 'ভ্ৰাম্যমান থিয়েটাৰ'ত পৰিণত হৈছে।

কহিনুৰ অপেৰা পাৰ্টি গঠন

সম্পাদনা কৰক

দক্ষিণ গণকবাৰী অপেৰা পাৰ্টি ভঙাৰ পাছত ব্ৰজনাথ শৰ্মাই নগাঁৱৰ কচুবিল বাগানৰ বৰবাবু বিপিন চন্দ্ৰ বৰুৱা, অনাৰাম মহাজন আদি নাট্যপ্ৰেমী কেইজনমান লোকক লৈ ১৯৩০ চনত 'কহিনুৰ অপেৰা পাৰ্টি' গঢ়ি তোলে। এই গোটত মূল সহযোগী হয় নটসূৰ্য ফণী শৰ্মা[1]

নাটকৰ সহ অভিনয়ৰ আৰম্ভনি

সম্পাদনা কৰক

'কহিনুৰ অপেৰা পাৰ্টি' খোলাৰ পাছত ব্ৰজনাথ শৰ্মাই অসমীয়া নাটকত সহ: অভিনয় আৰম্ভ কৰাৰ চিন্তা কৰে। আৰু উপযুক্ত অভিনেত্ৰীত সন্ধান আৰম্ভ কৰে। প্ৰায় একেসময়তে জ্যোতিপ্ৰসাদ আগৰৱালাজয়মতী বোলছবি নিৰ্মানৰ বাবে অভিনেত্ৰী বিচাৰি ফুৰিছিল। ১৯৩০ চনৰ নৱেম্বৰ মাহত ডুমডুমাৰ মঞ্চত প্ৰথমে ব্ৰজনাথ শৰ্মাই ছয় গৰাকী অভিনেত্ৰীৰে সহ: অভিনয়ৰ সূত্ৰপাত ঘটাবলৈ সক্ষম হয়। এই ছয়গৰাকী অভিনেত্ৰীৰ নাম আছিল: সৰ্বেশ্বৰী দাস, গোলাপী দাস, ফুলেশ্বৰী দাস, বিনোদা গগৈ, লাৱণ্য দাস আৰু শৈলবালা দেৱী।[1]

স্বাধীনতা সংগ্ৰামত যোগদান

সম্পাদনা কৰক

১৯৩৬ চনত, কহিনুৰ অপেৰা পাৰ্টি বন্ধ কৰি দি তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দিয়ে। এখেত বৰনগৰ কংগ্ৰছ সমিতিৰ উপ-সভাপতি আছিল। ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰজনাথ শৰ্মাই অহিংস পন্থাৰপৰা ফালৰি কাটি আহে আৰু বৰনগৰ বিমান বন্দৰ ধ্বংস আৰু সৰভোগ পুলিচ থানাৰ অগ্নিকাণ্ডত হাত উজান দিয়ে। ইয়াৰ বাবে তেখেতে ১৯৪৩ চনত তিনি বছৰৰ বাবে জেললৈ যাবলগীয়া হয়। জেলৰপৰা ওলাই তেখেতে ব্যৱসায়ত নামে।

সমাজবাদী দলত যোগদান

সম্পাদনা কৰক

১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পাছত, ব্ৰজনাথ শৰ্মাই কংগ্ৰেছৰ লগত সকলো সম্পৰ্ক ছেদ কৰি সমাজবাদী দলত যোগ দিয়ে। এই দলৰ পৰাই তেখেতে ১৯৫২ চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰি পৰাজয় বৰণ কৰে।

ইয়াৰ পাছত তেখেত আকৌ নাটকৰ মাজলৈ ঘূৰি আহে।

১৯৬০ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে শ্বাস জনিত ৰোগত গুৱাহাটীত ব্ৰজনাথ শৰ্মাৰ মৃত্যু হয়।

 
তেজপুৰ সাহিত্য সভা ভৱনৰ সম্মুখত থকা ব্ৰজনাথ শৰ্মাৰ আবক্ষ মূৰ্তি

জীৱিত অৱস্থাত ব্ৰজনাথ শৰ্মাক সম্বৰ্দ্ধনাৰ বাবে প্ৰথমে ৰাজহুৱা সন্মান জনোৱা হৈছিল ১৯৫৯ চনৰ ২৪ ডিচেম্বৰত। কমলাপ্ৰসাদ আগৰৱালাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিষ্ণু ৰাভা, চন্দ্ৰনাথ শৰ্মা, ফণী শৰ্মা আদিয়ে বক্তব্য ৰাখিছিল।[1] ১৯৮৬ চনৰ স্মৃতি দিৱসৰ দিনা 'অনামিকা যুৱ শিল্পী সমাজে' তেজপুৰ সাহিত্য সভা ভৱনৰ সম্মুখত ব্ৰজনাথ শৰ্মাৰ আবক্ষ মূৰ্তি স্থাপন কৰে। এই স্থানত একেলগে আছে ত্ৰিমূৰ্তি 'জ্যোতি-বিষ্ণু-ফণী'ৰ আবক্ষ মূৰ্তি।[1]

ব্ৰজনাথ শৰ্মাই পাঁচখন নাটক লিখি অভিনয় কৰোৱাইছিল। এই নাটক কেইখন এতিয়া বিচাৰি পোৱা নাযায়। আটাইকেইখন নাটকেই নাৰী চৰিত্ৰপ্ৰধান।

নাটক

  • বৰ্জিতা
  • মনোমতী
  • পতিতা
  • কৰুণা
  • উৰ্বশী

আত্মজীৱনী

  • বিপ্লৱী

সহায়ক গ্ৰন্থ

সম্পাদনা কৰক
  1. দাস, বাবুল . জীৱন নাটৰ ভাৱৰীয়া (ব্ৰজনাথ শৰ্মাৰ উপন্যাসোপম জীৱনী) . ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌ . গুৱাহাটী . ২০০২ . ISBN 8176651524

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 ড. প্ৰাণজিৎ হাজৰিকা. ব্ৰজনাথ শৰ্মা - অসমৰ নাট্য আন্দোলনৰ বাটকটীয়া, সাপ্তাহান্তিক (পৰিপূৰিকা: আমাৰ অসম), ১০ ছেপ্টেম্বৰ, ২০১১ তাৰিখে প্ৰকাশিত
  2. শৰ্মা, ধীৰেণ. ব্ৰজনাথ শৰ্মা. কমলা প্ৰকাশনী . গুৱাহাটী . ১৯৯০
  3. 3.0 3.1 Abanti Bharali. "Honouring a legend". Assam Tribune online. http://www.assamtribune.com/oct0909/mosaic2.html। আহৰণ কৰা হৈছে: December 20, 2012. [সংযোগবিহীন উৎস]
  4. 4.0 4.1 বৰ্মন, শিৱনাথ. অসমীয়া জীৱনী অভিধান . ছফিয়া প্ৰেছ এণ্ড পাব্লিছাৰ্ছ. গুৱাহাটী. ১৯৯২