বৰনগৰ মহাবিদ্যালয় বা চমুকৈ বি এন কলেজ অসমৰ বৰপেটা জিলাৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ অন্যতম। এই মহাবিদ্যালয়খন গৌহাটী বিশ্ববিদ্যালয়ৰ অধিভুক্ত। বৰনগৰ মহাবিদ্যালয়ক NAAC-ৰ B গ্ৰেড প্ৰদান কৰা হৈছে।[1]

বৰনগৰ মহাবিদ্যালয়
বি এন কলেজ
স্থাপিত ১৯৬২ চনৰ ৩ চেপ্টেম্বৰ
অধ্যক্ষ ড° বিৰেণ কুমাৰ চক্ৰবৰ্তী
স্থান সৰভোগ, অসম, ভাৰত
উপনাম বি এন কলেজ
ভুক্তি গৌহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.barnagarcollege.org.in

শৈক্ষিক সম্পাদনা কৰক

পাঠ্যক্ৰমসমূহ সম্পাদনা কৰক

বৰনগৰ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক স্তৰত কলা, বিজ্ঞান আৰু বাণিজ্য শাখা আৰু স্নাতক পৰ্যায়ত কলা আৰু বিজ্ঞান শাখাৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়। শেহতীয়াকৈ এই মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান, অসমীয়া আৰু ইতিহাস বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে।তদুপৰি শেহতীয়াকৈ জৈৱ প্ৰযুক্তিবিদ্যা, গাড়ীচালনা, টুৰিজিম আদি ভ'কেছনেল পাঠ্যক্ৰমো এই মহাবিদ্যালয়ত আৰম্ভ কৰা হৈছে।বৰনগৰ মহাবিদ্যালয়ৰ স্নাতক শাখা আৰু উচ্চতৰ মাধ্যমিক শাখা ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ।

বিভাগসমূহ সম্পাদনা কৰক

কলা শাখা

  • অসমীয়া
  • অৰ্থনীতি-বিজ্ঞান
  • ইংৰাজী
  • ইতিহাস
  • তৰ্কবিজ্ঞান আৰু দৰ্শন
  • বাংলা
  • শিক্ষা
  • ৰাজনীতি-বিজ্ঞান
  • লোক-সংস্কৃতি

বাণিজ্য শাখা

  • বিত্ত
  • হিচাপবিজ্ঞান
  • ব্যৱস্থাপনা
  • পৰিসংখ্যা

বিজ্ঞান শাখা

  • গণিত
  • ৰসায়নবিজ্ঞান
  • পদাৰ্থবিজ্ঞান
  • প্ৰাণীবিজ্ঞান
  • উদ্ভিদবিজ্ঞান

মহাবিদ্যালয়ৰ সুবিধাসমূহ সম্পাদনা কৰক

  • গ্ৰন্থাগাৰ
  • কেৰিয়াৰ কাউন্সেলিং
  • ছাত্ৰাবাস
  • ছাত্ৰীনিবাস
  • খেলপথাৰ

অধ্যক্ষৰ তালিকা সম্পাদনা কৰক

১৯৬২ চনৰপৰা ২০১৫ চনলৈকে মহাবিদ্যালয়খনত মুঠতে নজন অধ্যক্ষই কাৰ্যনিৰ্বাহ কৰিছে।

ক্ৰমিক নং অধ্যক্ষ কাৰ্যকাল
স্বৰ্গীয় ঘনশ্যাম তালুকদাৰ ০৩/০৯৯/১৯৬২-২৮/০২/১৯৮৯
অধ্যাপক এ দাস স্বৰ্গীয় ০১/০৩/১৯৮৯-২০/১০/১৯৮৯
অধ্যাপক গোলক চন্দ্ৰ দাস ২১/১০/১৯৮৯-২৮/০২/১৯৯৯
স্বৰ্গীয় বি. চি. দাস (i/c) ০১/০৩/১৯৯৯-১৬/০৬/১৯৯৯
আৰ. এন. পাটোৱাৰী ১৭/০৬/১৯৯৯-৩১/০১/২০০৮
অধ্যাপক আৰ. কে. দাস (i/c) ০১/১১/২০০৮-৩১/০১/২০০৯
অধ্যাপক বি. বি. দাস (i/c) ০১/০০২/২০০৯-২০/১১/২০০৯
অধ্যাপিকা স্বপ্না দাস (j/e) ০১/১২/২০০৯-১৭/০১/২০১২
ড° বিৰেণ কুমাৰ চক্ৰবৰ্তী ১৯/০১/২২০১২- এতিয়ালৈ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক