বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট
বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (ইংৰাজী: Rain Forest Research Institute, Jorhat) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বনপালন বিদ্যাৰ গৱেষণা কেন্দ্ৰ। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ যোৰহাট জিলাত অৱস্থিত। পূৰ্বতে ইয়াৰ নাম ইনষ্টিটিউট অফ ৰেইন এণ্ড মইষ্ট ডেচিডিউয়াচ ফৰেষ্ট ৰিচাৰ্চ (Institute of Rain and Moist Deciduous Forest Research, IRMDER) আছিল। উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল বিভাগৰ উন্নয়নৰ বাবে ১৯৮৮ চনত ইয়াক স্থাপন কৰা হৈছিল[1]। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, মণিপুৰ, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বনাঞ্চলসমূহ ইয়াৰ অন্তৰ্গত। বৰ্তমান ছিক্কিমৰ বনাঞ্চলো ইয়াৰ অন্তৰ্গত। ২০০৪ চনত বাঁহ গছৰ গৱেষণাৰ বাবে ইয়াৰ আন এটা শাখা মিজোৰামৰ আইজলত স্থাপন কৰা হৈছে[1]।
বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট | |
---|---|
প্ৰতিষ্ঠা | ১৯৮৮ |
অৱস্থিতি | যোৰহাট জিলা অসম, ভাৰতবৰ্ষ |
ঠিকনা | এ টি ৰ'ড (পূব), যোৰহাট জিলা অসম, ভাৰতবৰ্ষ |
ৱেবছাইট | rfri.icfre.gov.in |
ইতিহাস
সম্পাদনা কৰকভাৰতবৰ্ষৰ বনাঞ্চল বিভাগৰ উন্নয়নৰ বাবে ডেৰাডুনত ১৯৭৬ চনত ৰিজনেল চেণ্টাৰ অফ ফ’ৰেষ্ট ৰিচাৰ্ছ ইনষ্টিটিউট, ডেৰাডুন (Regional Centre of Forest Research Institute, Dehra Dun) নামৰ প্ৰতিষ্ঠানটো গঢ় লৈ উঠিছিল। ইয়াৰ সহায়ক হিচাবে উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল বিভাগৰ উন্নয়নৰ বাবে ১৯৮৮ চনত যোৰহাটত বৰ্ষা বন অনুসন্ধান সংস্থান, যোৰহাট স্থাপন কৰা হৈছিল । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰাৰ বনাঞ্চলসমূহ ইয়াৰ অন্তৰ্গত। ২০০৪ চনত বাঁহ গছৰ গৱেষণাৰ বাবে ইয়াৰ আন এটা শাখা মিজোৰামৰ আইজলত স্থাপন কৰা হৈছে।
জনাদেশ (Mandates)
সম্পাদনা কৰক- Conservation of forest ecosystem with emphasis on natural regeneration
- Management of shifting cultivation areas
- Management of community forests
- Planting practices for eco-restoration
- Conservation and sustainable management of Bamboos and Rattans[1]
বৈশিষ্ট্যসমূহ
সম্পাদনা কৰকবাঁহ মিশ্ৰিত কেন্দ্ৰ (Bamboo Composite Centre)
সম্পাদনা কৰকIndian Plywood Industries Research and Training Institute (IPIRTI), Bangalore ৰ পৰা পোৱা প্ৰযুক্তিবিদ্যাৰ সহায়ত এই প্ৰতিষ্ঠানটোত এটা বাঁহ মিশ্ৰিত কেন্দ্ৰ স্থাপন কৰা হৈছে[2]। উৎকৃষ্ট মানদণ্ডৰ বাঁহৰ উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে ইয়াত কেইবাটাও যন্ত্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰৰ মূল উদ্দেশ্য হৈছে যে বাঁহৰ উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত স্থানীয় নিবনুৱা যুৱকক প্ৰশিক্ষণ দিয়া। ইয়াৰ উপৰিও এই বিভাগটোৱে বাঁহৰ সদ্ব্যৱহাৰ আৰু সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। ইয়াত স্থাপিত হোৱা কেইটামান যন্ত্ৰৰ নাম হৈছে:
- Cross Cutting Machine
- Splitting Machine
- Sliver Making Machine
- Squire Stick Making Machine
- Round Stick Making Machine
- Polishing Machine
- Bamboo Tray and Mat Broad Making Hot Press
- Resin Kettle
- Industrial Oven
RFRI BAMBUSETUM
সম্পাদনা কৰক২০০২ চনত এই বিভাগটো প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ অধীনত ১ হেক্টৰ মাটিত ৩৯ বিধ প্ৰজাতিৰ বাঁহ গছৰ খেতি আৰম্ভ কৰা হৈছে। ইয়াৰ ভিতৰত ভাৰত-উপমহাদেশৰ বিভিন্ন বিলুপ্তিপ্ৰায়, দুৰ্লভ প্ৰজাতিৰ বাঁহ গছ ও আছে[3]। বাঁহ গছৰ প্ৰজাতিবোৰ হৈছে:
|
|
|
লগতে চাওক
সম্পাদনা কৰকতথ্য সংযোগ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 "About Rain Forest Research Institute, Jorhat". Government of India. Archived from the original on August 24, 2013. https://web.archive.org/web/20130824161059/http://rfri.icfre.gov.in/AboutRFRI.php। আহৰণ কৰা হৈছে: August 15, 2012.
- ↑ "বাঁহ মিশ্ৰিত কেন্দ্ৰ". Government of India. Archived from the original on August 24, 2013. https://web.archive.org/web/20130824161101/http://rfri.icfre.gov.in/BambooCompositeCentre.php। আহৰণ কৰা হৈছে: August 15, 2012.
- ↑ "RFRI BAMBUSETUM". Government of India. Archived from the original on August 24, 2013. https://web.archive.org/web/20130824161106/http://rfri.icfre.gov.in/BambooSetum.php। আহৰণ কৰা হৈছে: August 15, 2012.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- বৰ্ষা বন অনুসন্ধান সংস্থান, যোৰহাটৰ ৱেবছাইট Archived 2013-08-24 at the Wayback Machine