ভাৰতত এলজিবিটিৰ অধিকাৰ
ভাৰতত লেচবিয়ান, গে, বাইচেক্সুৱেল, আৰু ট্ৰেন্সজেণ্ডাৰ (এলজিবিটি) অধিকাৰ একবিংশ শতিকাত যথেষ্ট বিকশিত হৈছে। কিন্তু তথ্যত প্ৰকাশ যে ভাৰতীয় এলজিবিটি নাগৰিকসকলে এতিয়াও এলজিবিটি নহোৱাসকলে অনুভৱ নকৰা সামাজিক আৰু আইনী অসুবিধাৰ সন্মুখীন হয়।[1] সমকামীতা বা সমকামীতা প্ৰকাশৰ বিৰুদ্ধে কোনো আইনী বাধা নাই। সমলিংগ দম্পতীৰ কিছুমান সমান সহবাসৰ অধিকাৰ থাকে, যাক ইংৰাজীত কথিতভাৱে লিভ-ইন ৰিলেচনশ্বিপ বুলি জনা যায়।[2][3] কিন্তু ভাৰতত বৰ্তমান সাধাৰণ আইন বিবাহ, সমলিংগ বিবাহ, অসামৰিক সংঘ বা অংশীদাৰিত্বৰ প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থা নাই।[4][5][6]
ট্ৰান্সজেণ্ডাৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন, ২০১৯ৰ মতে আত্ম-অনুভৱ কৰা লিংগ পৰিচয়ৰ অধিকাৰক স্বীকৃতি দিব পাৰি আৰু এবাৰ চিকিৎসা বিষয়াই লিংগক পুৰুষ বা মহিলা হিচাপে স্বীকৃতি দি প্ৰমাণপত্ৰ প্ৰদান কৰাৰ পিছত লিংগচিনাক্তকৰণ নথিপত্ৰ চৰকাৰী সংস্থাসমূহে জাৰি কৰিব পাৰে।[7] ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ তৃতীয় লিংগৰ অধীনত নিজকে পঞ্জীয়ন কৰাৰ সাংবিধানিক অধিকাৰ আছে।[8] ইয়াৰ উপৰিও কিছুমান ৰাজ্যই দক্ষিণ এছিয়াৰ পৰম্পৰাগত তৃতীয় লিংগ জনসংখ্যা ট্ৰান্সজেণ্ডাৰ ব্যক্তিক গৃহ নিৰ্মাণ কাৰ্যসূচীৰ জৰিয়তে সুৰক্ষা প্ৰদান কৰে আৰু কল্যাণমূলক সুবিধা, পেঞ্চন আঁচনি, চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া পৰিচালনাৰ লগতে তেওঁলোকক সহায় কৰিবলৈ অনুমোদিত অন্যান্য কাৰ্যসূচী আগবঢ়ায়। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৪ লাখ ৮০ হাজাৰ ট্ৰান্সজেণ্ডাৰ ব্যক্তি আছে।[9][10][11] ২০১০ চনত ভাৰতত এলজিবিটি লোকে ক্ৰমান্বয়ে সহনশীলতা আৰু গ্ৰহণযোগ্যতা লাভ কৰে।[12]
ইতিহাস
সম্পাদনা কৰকআধুনিক যুগৰ আৰম্ভণি আৰু ঔপনিৱেশিকতাবাদৰ আগতে সাধাৰণ জনসাধাৰণৰ বাবে সমকামিতা বা ট্ৰান্সজেণ্ডাৰৰ ওপৰত কোনো আইনী বাধা নাছিল, অৱশ্যে কিছুমান উচ্চ শ্ৰেণীৰ পুৰোহিত আৰু সন্ন্যাসীসকলৰ মাজত ইয়াক নিষিদ্ধ কৰা হৈছিল, আৰু খ্ৰীষ্টানআৰু ইছলামৰ দৰে ধৰ্মৰ ধৰ্মীয় সংহিতাই তেওঁলোকৰ জনসংখ্যাৰ ওপৰত সমকামীতাক ঘৃণা কৰা নিয়ম জাপি দিছিল।[13][14][15][16]
ভাৰতত একমাত্ৰ বিৰোধিতা হিন্দু আইনৰ কিতাপ 'দ্য ল'জ অফ মনু'ৰ পৰা আহিছিল যিয়ে সৃষ্টিশীল বিষমকামী প্ৰেক্ষাপটৰ ভিতৰত যৌন কাৰ্যকলাপ নিৰ্ধাৰণ কৰিছিল। ফলত মনুৰ নিয়মবোৰ ব্ৰিটিছসকলৰো চূড়ান্ত কণ্ঠস্বৰ হৈ পৰিছিল। [17] যৌন বৈচিত্ৰ্য মানৱ ইতিহাসৰ অবিচ্ছেদ্য অংগ; সমকামী (সমলিংগৰ প্ৰতি যৌন অভিৰুচি) থকা লোক, উভয়লিংগ (সম আৰু বিপৰীত লিংগ উভয়ৰে প্ৰতি যৌন অভিমুখ) অভিমুখ আৰু বৈচিত্ৰময় লিংগ পৰিচয় (হিজড়া, ক্ৰছ-ড্ৰেছাৰ আদি) সদায় আছিল। প্ৰাচীন কালত ভাৰতত বৈচিত্ৰময় যৌনতাৰ প্ৰতি ইতিবাচক মনোভাৱ আছিল। ভাৰতত বৈচিত্ৰময় যৌন সংস্কৃতিৰ ইংগিত দিয়া বহুতো ভাস্কৰ্য্য আৰু শাস্ত্ৰ উপলব্ধ। প্ৰাচীন ভাৰতীয় পৰম্পৰাৰ পৰা বিভিন্ন উদাহৰণ পোৱা যায় যেনে হিন্দু ধৰ্মৰ মূল দেৱতা শিৱ, আধা পুৰুষ আৰু আধা মহিলা হিচাপে উপস্থাপন কৰা হয়। তেখেতৰ জনপ্ৰিয় অৱতাৰ অৰ্ধনাৰীশ্বৰ, মহাভাৰতৰ নপুংসক বা তৃতীয় লিংগ।শিখণ্ডী।[18] বেদ আৰু কামসূত্ৰত কোৱা হৈছে যে ... মানৱ প্ৰকৃতিৰ তিনি প্ৰকাৰ (প্ৰকৃতি)–পুৰুষ প্ৰকৃতি,স্ত্ৰী প্ৰকৃতি আৰু তৃতীয় প্ৰকৃতি। খাজুৰাহো আৰু কনাৰ্কৰ মন্দিৰত লেচবিয়ানৰ যৌন ভংগীমা, আৰু বাট্স্যায়নৰ কামসূত্ৰ আদি সাধাৰণতে জনাজাত উদাহৰণ। [19][20]। কিন্তু কিছুমান সামাজিক-সাংস্কৃতিক কাৰকৰ বাবে ই পিছলৈ বিষম-যৌনতা হৈ পৰে। এলজিবিটি আন্দোলন হৈছে বৈষম্যৰ সন্মুখীন হোৱা লোকসকলৰ লিংগ পৰিচয় আৰু যৌন অভিমুখীতাৰ আধাৰত সমান অধিকাৰ আনিবলৈ কৰা তেওঁলোকৰ এক আন্দোলন।
মোগল সাম্ৰাজ্য
সম্পাদনা কৰকচেঙ্গিজ খানৰ অধীনত মোগল সাম্ৰাজ্যই সমগ্ৰ সাম্ৰাজ্যত ইছলামি আইন জাপি দিছিল আৰু এছিয়াৰ বেছিভাগ অংশত এলজিবিটিকিউৰ বিৰুদ্ধে কঠোৰ বৈষম্যতা প্ৰৱৰ্তন কৰিছিল।[21][22][23] [24] These could include 50 lashes for a slave, 100 for a free infidel, or death by stoning for a Muslim.[25][26][27][28] মোগল সাম্ৰাজ্যৰ সময়ত পূৰ্বতে প্ৰচলিত দিল্লী চুলতানী আইনসমূহৰ কেইবাটাও সংযুক্ত হৈ ফটাৱা-ই-আলমগিৰীত সমকামিতাৰ বাবে কেইবাবিধো শাস্তি প্ৰদান কৰাটো বাধ্যতামূলক কৰা হৈছিল।[29] ইয়াৰ ভিতৰত এজন দাসৰ বাবে ৫০টা কোব, এজন মুক্ত কাফিৰৰ বাবে ১০০টা কোব বা মুছলমানৰ বাবে শিলগুটিৰে মৃত্যুৰ দৰে কঠোৰ শাস্তি।[30][31][32][33]
স্বাধীনতাৰ পিছত ভাৰতত
সম্পাদনা কৰকনাজ ফাউণ্ডেচন বনাম দিল্লীৰ এনচিটিৰ চৰকাৰ (২০০৯)ত এক বিশেষ সিদ্ধান্ত লোৱা হয়। নাজ ফাউণ্ডেচন হৈছে দিল্লী উচ্চ ন্যায়ালয়ৰ দুই ন্যায়াধীশৰ বিচাৰপীঠে সিদ্ধান্ত লোৱা এক গুৰুত্বপূৰ্ণ ভাৰতীয় গোচৰ, য'ত কোৱা হৈছিল যে প্ৰাপ্তবয়স্কসকলৰ মাজত সন্মতিপূৰ্ণ সমকামী যৌন সম্পৰ্কক অপৰাধ হিচাপে গণ্য কৰাটো ভাৰতৰ সংবিধানৰ দ্বাৰা সুৰক্ষিত মৌলিক অধিকাৰৰ উলংঘন। [34] এই গোচৰ অনুসৰি ব্যক্তিগত, প্ৰাপ্তবয়স্ক, সন্মতিসূচক, আৰু অবাণিজ্যিক সমলিংগ আচৰণৰ বিৰুদ্ধে ধাৰা ৩৭৭ আৰু অন্যান্য আইনী নিষেধাজ্ঞা ভাৰতীয় সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰৰ প্ৰত্যক্ষ উলংঘা বুলি বিবেচনা কৰা হয়। ৩৭৭ নং ধাৰাত কোৱা হৈছে যে: "যিয়ে কোনো পুৰুষ, নাৰী বা প্ৰাণীৰ সৈতে প্ৰকৃতিৰ ক্ৰমৰ বিৰুদ্ধে স্বেচ্ছাই শাৰীৰিক সংগম কৰে, তেওঁক [আজীৱন কাৰাদণ্ড], বা দহ বছৰলৈকে বিস্তৃত কাৰাদণ্ড, যিকোনো এটা বৰ্ণনাৰ কাৰাদণ্ডৰ শাস্তি দিয়া হ'ব, আৰু ইয়াৰ উপৰিও জৰিমনা বিহা হ'ব," লগতে ইয়াৰ অতিৰিক্ত ব্যাখ্যা হʼল যে: "এই ধাৰাত বৰ্ণনা কৰা অপৰাধৰ বাবে প্ৰয়োজনীয় শাৰীৰিক যৌন সম্পৰ্ক গঠন কৰিবলৈ অনুপ্ৰৱেশ যথেষ্ট।"[35]
ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ৰায় অনুসৰি কোনো আইন এখনৰ সাংবিধানিকতাৰ ওপৰত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত সমগ্ৰ ভাৰততে প্ৰযোজ্য। ই কেৱল উচ্চ ন্যায়ালয় স্থাপিত ৰাজ্যখনৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়।[36] এই আইনৰ অধীনত কৰ্তৃপক্ষই এলজিবিটি গোটক হাৰাশাস্তি কৰাৰ ঘটনা সংঘটিত হৈছিল।[37] ২০১২ চনৰ ২৩ ফেব্ৰুৱাৰীত গৃহ পৰিক্ৰমা মন্ত্ৰালয় (ভাৰত) সমকামীতা বিৰুদ্ধে বৈষম্যৰ বিৰোধিতা প্ৰকাশ কৰি প্ৰশ্ন তোলে যে ভাৰতত সমকামিতাক অনৈতিক বুলি কিয় গণ্য কৰা হৈছে।[38]কিন্তু কেন্দ্ৰীয় চৰকাৰে ২০১২ চনৰ ২৮ ফেব্ৰুৱাৰীত নিজৰ স্থিতি ওলোটা কৰি কয় যে সমকামী কাৰ্যক অপৰাধমুক্ত কৰাৰ ক্ষেত্ৰত কোনো আইনী ভুল হোৱা নাই। স্থিতিৰ পৰিৱৰ্তনৰ ফলত উচ্চতম ন্যায়ালয়ৰ দুজন ন্যায়াধীশে কেন্দ্ৰীয় চৰকাৰক এই বিষয়টোৰ প্ৰতি সঘনাই দৃষ্টিভংগী সলনি কৰাৰ বাবে সমালোচনা কৰে।[39]কেন্দ্ৰীয় চৰকাৰে ২০১২ চনৰ ২৮ ফেব্ৰুৱাৰীত নিজৰ স্থিতি ওলোটা কৰি কয় যে সমকামী কাৰ্যক অপৰাধমুক্ত কৰাৰ ক্ষেত্ৰত কোনো আইনী ভুল হোৱা নাই। স্থিতিৰ পৰিৱৰ্তনৰ ফলত উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশে কেন্দ্ৰীয় চৰকাৰক সঘনাই এই বিষয়টোৰ প্ৰতি দৃষ্টিভংগী সলনি কৰাৰ বাবে সমালোচনা কৰে। ২০১২ চনৰ পৰা ২ জুলাইক 'নাজ ফাউণ্ডেশ্যন'ৰ দ্বাৰা সমকামীতাক অপৰাধমুক্ত কৰা আইনখন ওপৰত গুৰুত্ব আৰোপ কৰি ইণ্ডিয়ান কামিং আউট ডেহিচাপে উদযাপন কৰা হয়।[40][41][42] কিন্তু ২০১৩ চনৰ ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে ২০০৯ চনৰ দিল্লী উচ্চ ন্যায়ালয়ে সন্মতিসূচক সমকামীতাক অপৰাধমুক্ত কৰাৰ নিৰ্দেশ বাতিল কৰে। [43][44][45][46][47]
হিউমেন ৰাইটছ ৱাত্চএ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ ফলত মুকলিকৈ প্ৰকাশ পোৱা সমকামি দম্পতী আৰু ব্যক্তিসকলক আৰক্ষীৰ হাৰাশাস্তি আৰু ব্লেকমেইলৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে [48][49]বুলি উদ্বেগ প্ৰকাশ কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায়দান মানৱ মৰ্যাদাৰ আৰু গোপনীয়তা আৰু বৈষম্যহীনতাৰ মৌলিক অধিকাৰৰ প্ৰতি হতাশাজনক পদক্ষেপ। "[50] নাজ ফাউণ্ডেচনে কয় যে তেওঁলোকে আদালতৰ সিদ্ধান্ত পুনৰীক্ষণৰ বাবে আবেদন দাখিল কৰিব।[51] কাভিৰ হামছফৰ ট্ৰাষ্টে প্ৰকাশ কৰা অনুযায়ি ২০১৩ চনৰ ৰায়দানৰ পিছত দেশৰ দুই পঞ্চমাংশ সমকামীয়ে ব্লেকমেইলিঙৰ সন্মুখীন হৈছিল।
আইন প্ৰণয়ন
সম্পাদনা কৰক২০১৭ চনৰ অক্টোবৰ মাহত নাগৰিকৰ এটা দলে ভাৰতৰ আইন আয়োগক সমলিংগ বিবাহক বৈধতা প্ৰদান কৰা নতুন ইউনিফৰ্ম চিভিল কোডৰ খচৰা প্ৰস্তাৱ দিয়ে। ইয়াত বিবাহক সংজ্ঞায়িত কৰা হৈছে এনেদৰে- এই আইনৰ অধীনত নিৰ্ধাৰিত পুৰুষৰ মহিলাৰ সৈতে, পুৰুষৰ সৈতে আন পুৰুষৰ সৈতে, এগৰাকী মহিলাৰ সৈতে এগৰাকী হিজড়া, এজন পুৰুষৰ সৈতে হিজড়াৰ বিবাহৰ অধিকাৰত বাধা নহয়।অংশীদাৰীত্বত থকা সকলো বিবাহিত দম্পতীয়ে এটা সন্তান তুলি লোৱাৰ অধিকাৰ আছে। বিবাহিত দম্পতী বা সঙ্গীসকলৰ যৌন অভিমুখীতাৰ অধিকাৰৰ প্ৰতি বাধা নহ'ব। সমকামি দম্পতীসকলে সন্তান এটা তুলি লোৱাৰ সমানে অধিকাৰ প্ৰাপ্ত কৰিব।[52] ২০২২ চনৰ ১ এপ্ৰিলত সাংসদ সুপ্ৰিয়া চুলেই ১৯৫৪ চনৰ বিশেষ বিবাহ আইনৰ অধীনত সমলিংগ বিবাহক বৈধ কৰাৰ বাবে ব্যক্তিগত সদস্যৰ বিধেয়ক উত্থাপন কৰে।[53]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "LGBTQIA+ and their situation in India". The Times of India. ISSN 0971-8257. Retrieved 1 March 2024.
- ↑ "Can't marry, but same sex couples have right to live together: Uttarakhand High Court". Theprint.in. 19 June 2020. https://theprint.in/judiciary/cant-marry-but-same-sex-couples-have-right-to-live-together-uttarakhand-high-court/444706/.
- ↑ Pandey, Geeta (16 October 2023). "Same-sex marriage: India awaits historic Supreme Court verdict". BBC News. https://www.bbc.co.uk/news/world-asia-india-67026910.
- ↑ Mathur, Vaishali (June 2020). "Homosexual Live-in relationship in India: Socio Legal Dimension in reference to Right to life or Social stigma" (en ভাষাত). International Journal of Psychosocial Rehabilitation খণ্ড 24 (8): 14989–14995. ISSN 1475-7192. Archived from the original on 2024-01-05. https://web.archive.org/web/20240105150337/https://www.psychosocial.com/article/29168। আহৰণ কৰা হৈছে: 2024-03-15.
- ↑ "Indian High Court Reaffirms Same-sex Couples' Right to Cohabitation" (en-US ভাষাত). Human Rights Pulse. 2020-08-09. https://www.humanrightspulse.com/mastercontentblog/indian-high-court-reaffirms-same-sex-couples-right-to-cohabitation। আহৰণ কৰা হৈছে: 2024-01-05.
- ↑ Kelleher, Patrick (18 October 2023). "India's LGBTQ+ community 'must demand' equality, following crushing same-sex marriage blow". PinkNews. https://www.thepinknews.com/2023/10/18/india-supreme-court-marriage-equality/। আহৰণ কৰা হৈছে: 18 October 2023.
- ↑ "Guide on the Rights of Transgender Persons in India". Nyaaya. https://nyaaya.org/resource/guide-on-the-rights-of-transgender-persons-in-india/। আহৰণ কৰা হৈছে: 16 November 2022.
- ↑ Vakoch, Douglas A., ed (2022) (en ভাষাত). Transgender India: Understanding Third Gender Identities and Experiences. প্ৰকাশক Cham, Switzerland: Springer. doi:10.1007/978-3-030-96386-6. ISBN 978-3-030-96385-9. https://link.springer.com/book/10.1007/978-3-030-96386-6.
- ↑ Abraham, Rohan (30 November 2017). "All you need to know about the Transgender Persons Bill, 2016" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/all-you-need-to-know-about-the-transgender-persons-bill-2016/article21226710.ece.
- ↑ "India: Prosecute Rampant 'Honor' Killings" (en ভাষাত). Human Rights Watch. 18 July 2010. https://www.hrw.org/news/2010/07/18/india-prosecute-rampant-honor-killings.
- ↑ Patel, Rashmi (27 August 2016). "Being LGBT in India: Some home truths". Livemint.com. https://www.livemint.com/Sundayapp/sAYrieZdZKEybKzhP8FDbP/Being-LGBT-in-India-Some-home-truths.html.
- ↑ "Hundreds of gay rights activists join pride march in Delhi". ABC. November 12, 2017. https://abcnews.go.com/amp/International/wireStory/hundreds-join-pride-march-india-gay-sex-illegal-51095191। আহৰণ কৰা হৈছে: May 10, 2021.
- ↑ Nash, Jo (2014), Leeming, David A., ed. (en ভাষাত), Sexuality and Buddhism, প্ৰকাশক Boston, MA: Springer US, pp. 1627–1630, doi:10.1007/978-1-4614-6086-2_9090, ISBN 978-1-4614-6086-2, https://doi.org/10.1007/978-1-4614-6086-2_9090, আহৰণ কৰা হৈছে: 2024-01-26
- ↑ Phramahā Yota Payutto, Chaiworamankul (27 January 2014). "Sexual Misconduct (Kāmesumicchācāra) and the Philosophical Implications of Sexual Deviance in Buddhist Literature and Contemporary Buddhist Sexual Ethics". International Journal of Buddhist Thought & Culture (Graduate School of Philosophy and Religious Studies: Assumption University) খণ্ড 22 (February 2014): 145–61. doi:10.16893/IAFBTAC.22.8. Archived from the original on 15 April 2023. https://web.archive.org/web/20230415164410/https://rk.mcu.ac.th/rbAcademic/FILES/%E0%B8%9A%E0%B8%97%E0%B8%84%E0%B8%A7%E0%B8%B2%E0%B8%A1%E0%B8%95%E0%B8%B5%E0%B8%9E%E0%B8%B4%E0%B8%A1%E0%B8%9E%E0%B8%B4%E0%B9%8C%E0%B9%80%E0%B8%81%E0%B8%B2%E0%B8%AB%E0%B8%A5%E0%B8%B5%E0%B9%83%E0%B8%95%E0%B9%89.pdf। আহৰণ কৰা হৈছে: 15 March 2024.
- ↑ Olson, Carl, ed (2008). Celibacy and religious traditions. প্ৰকাশক Oxford: Oxford University Press. ISBN 978-0-19-530632-3.
- ↑ Lochtefeld, James G. (2002). The illustrated encyclopedia of Hinduism. 1: A - M (1. সম্পাদনা). প্ৰকাশক New York: Rosen. ISBN 978-0-8239-3179-8.
- ↑ Khatun, H. (2018). LGBT movement in India.
- ↑ Khatun, H. (2018). LGBT movement in India.
- ↑ (দাসগুপ্ত ২০১১)
- ↑ Dasgupta, K Rohit, 2011.‘Queer Sexuality: A Cultural Narrative of India’s Historical Archive’, published by Rupkatha Journal on Interdisciplinary Studies in Humanities, Vol.3, No.4.
- ↑ "Genghis Khan's constitutional ban on homosexuality revealed". 29 August 2007. https://www.pinknews.co.uk/2007/08/29/genghis-khans-constitutional-ban-on-homosexuality-revealed/.
- ↑ Onon, Urgunge (2001). The secret history of the Mongols : the life and times of Chinggis Khan. প্ৰকাশক Richmond, Surrey: Curzon. ISBN 0-7007-1335-2. OCLC 50664183. "And anyone found indulging in homosexual practices should be executed"
- ↑ Desai, Meghna; Rehren, Thilo (2023-10-10). "Estimating carbon content in crucible steel using image analysis". Historical Metallurgy খণ্ড 54 (2): print. doi:10.54841/hm.664. ISSN 2755-0249.
- ↑ Kugle, Scott A (1 Sep 2011). Sufis and Saints' Bodies: Mysticism, Corporeality, and Sacred Power in Islam. Univ of North Carolina Press. p. 309 Note 62-63. ISBN 978-0-8078-7277-2. https://books.google.com/books?id=HJ1vpC_SeLcC&pg=PA309। আহৰণ কৰা হৈছে: 20 September 2017.
- ↑ Khalid, Haroon (17 June 2016). "From Bulleh Shah and Shah Hussain to Amir Khusro, same-sex references abound in Islamic poetry" (en ভাষাত). Scroll.in. https://scroll.in/article/810007/from-bulleh-shah-and-shah-hussain-to-amir-khusro-same-sex-references-abound-in-islamic-sufi-poetry। আহৰণ কৰা হৈছে: 7 September 2018.
- ↑ "Sarmad Kashani Tomb in Jami Masjid, New Delhi, India - Archive - Diarna.org". Archive.diarna.org. http://archive.diarna.org/site/detail/public/1931/.
- ↑ V. N. Datta (2012-11-27), Maulana Abul Kalam Azad and Sarman, Rupa Publications, ISBN 978-81-291-2662-7, https://books.google.com/books?id=b7-bAwAAQBAJ&pg=PT32, "Walderman Hansen doubts whether sensual passions played any part in their love [sic]; puri doubts about their homosexual relationship"
- ↑ "Of Genizahs, Sufi Jewish Saints, and Forgotten Corners of History - UW Stroum Center for Jewish Studies". Jewishstudies.washington.edu. 1 March 2016. https://jewishstudies.washington.edu/global-judaism/sarmad-kashani-sufi-jewish/.
- ↑ Kugle, Scott A (1 Sep 2011). Sufis and Saints' Bodies: Mysticism, Corporeality, and Sacred Power in Islam. Univ of North Carolina Press. p. 309 Note 62-63. ISBN 978-0-8078-7277-2. https://books.google.com/books?id=HJ1vpC_SeLcC&pg=PA309। আহৰণ কৰা হৈছে: 20 September 2017.
- ↑ Khalid, Haroon (17 June 2016). "From Bulleh Shah and Shah Hussain to Amir Khusro, same-sex references abound in Islamic poetry" (en ভাষাত). Scroll.in. https://scroll.in/article/810007/from-bulleh-shah-and-shah-hussain-to-amir-khusro-same-sex-references-abound-in-islamic-sufi-poetry। আহৰণ কৰা হৈছে: 7 September 2018.
- ↑ "Sarmad Kashani Tomb in Jami Masjid, New Delhi, India - Archive - Diarna.org". Archive.diarna.org. http://archive.diarna.org/site/detail/public/1931/.
- ↑ V. N. Datta (2012-11-27), Maulana Abul Kalam Azad and Sarman, Rupa Publications, ISBN 978-81-291-2662-7, https://books.google.com/books?id=b7-bAwAAQBAJ&pg=PT32, "Walderman Hansen doubts whether sensual passions played any part in their love [sic]; puri doubts about their homosexual relationship"
- ↑ "Of Genizahs, Sufi Jewish Saints, and Forgotten Corners of History - UW Stroum Center for Jewish Studies". Jewishstudies.washington.edu. 1 March 2016. https://jewishstudies.washington.edu/global-judaism/sarmad-kashani-sufi-jewish/.
- ↑ Naz Foundation v. Govt. of NCT of Delhi, 160 Delhi Law Times 277 (Delhi High Court 2009) Archived 26 August 2009 at the Wayback Machine
- ↑ "India: The Indian Penal Code" (en ভাষাত). Wipo.int. http://www.wipo.int/wipolex/en/text.jsp?file_id=201592.
- ↑ Kusum Ingots v. Union of India, (2004) 6 SCC 254: "An order passed on a writ petition questioning the constitutionality of a Parliamentary Act, whether interim or final, keeping in view the provisions contained in Clause (2) of Article 226 of the Constitution of India, will have effect throughout the territory of India subject of course to the applicability of the Act."
- ↑ Pervez Iqbal Siddiqui (28 December 2010). "Crackdown on gay party in Saharanpur, 13 held". The Times of India. http://timesofindia.indiatimes.com/india/Crackdown-on-gay-party-in-Saharanpur-13-held/articleshow/7175530.cms.
- ↑ Mahapatra, Dhananjay (23 February 2012). "Centre opposes decriminalisation of homosexuality in SC". Economic Times (Times Internet). Archived from the original on 5 March 2016. https://web.archive.org/web/20160305022353/http://articles.economictimes.indiatimes.com/2012-02-23/news/31091001_1_decriminalisation-judgement-hc.
- ↑ "Supreme Court pulls up Centre for flip-flop on homosexuality". The Indian Express. 28 February 2012. http://archive.indianexpress.com/news/supreme-court-pulls-up-centre-for-flipflop-on-homosexuality/917743.
- ↑ "Chennai's LGBTQIA+ community is coming out in order to take down Section 377" (en ভাষাত). Edex Live. 4 July 2018. https://www.edexlive.com/news/2018/jul/04/chennais-lgbtqia-community-is-coming-out-in-order-to-take-down-section-377-3341.html। আহৰণ কৰা হৈছে: 2023-07-03.
- ↑ "Indian Coming Out Day" (en ভাষাত). DNA India. https://www.dnaindia.com/sexuality/column-indian-coming-out-day-2490270। আহৰণ কৰা হৈছে: 2023-07-03.
- ↑ "First LGBTQIA cultural festival in Ahmedabad on July 2". The Times of India. 2022-06-12. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/ahmedabad/first-lgbtqia-cultural-festival-in-abad-on-july-2/articleshow/92155324.cms?from=mdr.
- ↑ "Supreme Court sets aside Delhi High Court judgment in Naz Foundation; Declares S.377 to be constitutional". http://barandbench.com/comment/44159.
- ↑ Nelson, Dean (11 December 2013). "India's top court upholds law criminalising gay sex". প্ৰকাশক London: The Daily Telegraph. https://www.telegraph.co.uk/news/worldnews/asia/india/10509952/Indias-top-court-upholds-law-criminalising-gay-sex.html.
- ↑ "Supreme Court makes gay sex punishable offence, again; Twitter war breaks out between those for and against the verdict". DNA India. 2013-12-11. http://www.dnaindia.com/india/report-blow-to-gay-rights-activists-as-supreme-court-upholds-article-377-makes-gay-sex-punishable-offence-1933110। আহৰণ কৰা হৈছে: 11 December 2013.
- ↑ Mahapatra, Dhananjay (12 December 2013). "Supreme Court makes homosexuality a crime again". The Times Of India. https://timesofindia.indiatimes.com/india/Supreme-Court-makes-homosexuality-a-crime-again/articleshow/27230690.cms.
- ↑ "Sc Verdict on Article 377 - Homosexuality - Virtue". Scribd.com. https://www.scribd.com/doc/190889099/Sc-Verdict-on-Article-377.
- ↑ Sathyanarayana Rao, T. S.; Jacob, K S (2014). "The reversal on Gay Rights in India". Indian Journal of Psychiatry. 56 (1): 1–2. doi:10.4103/0019-5545.124706. ISSN 0019-5545. PMC 3927237. PMID 24574551.
- ↑ IANS (2013-12-11). "Apex court ruling disappointing: rights body". Business Standard India. http://www.business-standard.com/article/news-ians/apex-court-ruling-disappointing-rights-body-113121100338_1.html.
- ↑ Harmit Shah Singh (11 December 2013). "India's Supreme Court declares homosexual sex illegal". CNN. http://www.cnn.com/2013/12/11/world/asia/india-same-sex-relationship/.
- ↑ "Naz Foundation to file review petition against SC order on section 377". DNA India. 11 December 2013. https://www.dnaindia.com/india/report-naz-foundation-to-file-review-petition-against-sc-order-on-section-377-1933374.
- ↑ Chishti, Seema (18 October 2017). "Drafting change: What the new 'progressive' intervention in Uniform Civil Code debate entails". The Indian Express. https://indianexpress.com/article/explained/drafting-change-what-the-new-progressive-intervention-in-uniform-civil-code-debate-entails/.
- ↑ "NCP's Supriya Sule brings Bill to legalise same-sex marriage" (en ভাষাত). The Indian Express. 2022-04-02. https://indianexpress.com/article/india/ncps-supriya-sule-brings-bill-to-legalise-same-sex-marriage-7848768/। আহৰণ কৰা হৈছে: 2022-04-02.