ভৈৰৱী মন্দিৰ

তেজপুৰ নগৰত অৱস্থিত মন্দিৰ


ভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে "মাইথান" বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা। এই মন্দিৰৰ নিৰ্মাণ সম্পৰ্কে একো প্ৰামাণিক তথ্য নথকা হেতুকে কেতিয়া আৰু কোনে এই মন্দিৰ সাজি উলিয়াইছিল এয়া এতিয়াও অজ্ঞাত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজা-অৰ্চনা কৰা হয়। লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত বাণ ৰজাৰ জীয়ৰী ঊষাই ইয়াতেই দেৱী আৰাধনা কৰিছিল[1]। এই মন্দিৰত বলিবিধান প্ৰথা আজিও চলি আছে। মন্দিৰৰ চাৰিওফালে অসংখ্য পুৰণিকালৰ ভগ্ন শিলাখণ্ড সিচঁৰিত হৈ পৰি আছে। ভৈৰৱীৰপৰা বামুণী পাহাৰলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এলানি টিলা আছে।[2]

ভৈৰৱী মন্দিৰ

ভৈৰৱী মন্দিৰৰ বাটচ'ৰা
নাম
অন্য নাম মাইথান
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা শোণিতপুৰ
এলেকা কলিবাৰী, তেজপুৰ
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী ভৈৰৱী
প্ৰধান উৎসৱ দুৰ্গা পূজা
স্থাপত্য শৈলী অসমীয়া
ইতিহাস
প্ৰতিস্থাপক অজ্ঞাত

আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক

 
ভৈৰৱী মন্দিৰ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Swati Mitra (2011). Assam Travel Guide. Goodearth Publications. পৃষ্ঠা. 81–. ISBN 978-93-80262-04-8. http://books.google.com/books?id=lNggfFifHL8C&pg=PA81। আহৰণ কৰা হৈছে: 18 February 2013. 
  2. সম্পাদক-ড: মহেশ্বৰ নেওগ (২০০৪). পৱিত্ৰ অসম. প্ৰকাশক গুৱাহাটী: অসম সাহিত্য সভা. পৃষ্ঠা. ১৭৬.