কলিবাৰী
কলিবাৰী (ইংৰাজী: Kolibari) তেজপুৰ নগৰত অৱস্থিত এখন ঠাই৷ কলিবাৰী ঠাইখনৰ নামটো আহিছে ক’লিবুঢ়ী বা কলিবুঢ়ী নামৰ এগৰাকী বৈষ্ণৱ ধৰ্মীয় বিধৱা মহিলাৰ নামৰ পৰা৷ তথ্য অনুসৰি তেওঁ ওঠৰ শতিকাত মোৱামৰীয়া বিদ্ৰোহ দমনৰ অত্যাচাৰ পৰা ৰক্ষা পাবলৈ আহোম স্বৰ্গদেউ শিৱ সিংহৰ ৰাজ্যৰ পৰা পলায়ন কৰিছিল৷[1] শিৱসাগৰৰ তামুলী বজাৰ নামৰ ঠাইৰ পৰা ব্ৰহ্মপুত্ৰ নদীয়েদি চাৰিজন পুত্ৰৰ সৈতে নাৱেৰে ভটিয়াই আহি তেওঁ তেজপুৰত থিতাপি লৈছিল৷ নাও চলোৱাত পাৰ্গত কলিবুঢ়ীক ৰজাই এটা ঘাট প্ৰদান কৰিছিল৷ পিছলৈ সেই ঘাটটোৰ নাম কলিবুঢ়ী ঘাট হয় আৰু ঘাটৰ নামৰ পৰাই অঞ্চলটোৰ নাম কলিবাৰী হয়গৈ৷
আন এক তথ্যমতে কলিবাঈ নামৰ এগৰাকী পোহাৰীৰ নামেৰে ঠাইখনৰ নাম কলিবাৰী হয়। হেমচন্দ্ৰ গোস্বামীয়ে যেতিয়া তেজপুৰলৈ আহি প্ৰশাসনীয় বিষয়া হিচাপে কাৰ্য্যভাৰ লয় (২/৫/১৯০৫), তেওঁ কলিবাৰী অঞ্চলত বসতি কৰিবলৈ লয়, কলিবাৰী নামটোৰ প্ৰসংগত তেওঁ পদ্মনাথ গোহাঞি বৰুৱাক কৈছিল- 'কলিবাৰী নামতো বৰ আপচু লাগে হে, সলাই দিব নোৱাৰিনে'? এই প্ৰশ্নৰ উত্তৰত বৰুৱাই কৈছিল, 'কলিবাঈ নামৰ পোহাৰীজনীৰ নামেৰেই ঠাই টুকুৰাৰ নামে চহৰ ভেদিলে। কি কৰিব'?[2]
ইতিহাস
সম্পাদনা কৰকঅসমৰ প্ৰথম অসমীয়া পষেকীয়া আলোচনী ’বন্তি’ কলিবাৰীৰ পৰা প্ৰকাশ হৈছিল৷ ১৮৮৮ চনত অসমীয়া ভাষা উন্নতী সাধিনী সভা (অ ভা উ সা) ৰ তেজপুৰ শাখা কলিবাৰীত প্ৰতিষ্ঠা কৰা হৈছিল৷ ১৯২৭ চনত অভাউসাই কলিবাৰীত অসমৰ প্ৰথমখন ’মঞ্চ বিহু’ অনুষ্ঠিত কৰিছিল৷[1] কলিবাৰীতে বাণ থিয়েটাৰৰ জন্ম হৈছিল বুলি জনা যায়৷
১৮৩৫-১৮৯০ চনৰ ভিতৰত তেজপুৰৰ আশে-পাশে থকা অঞ্চল সমূহ যেনে গহপুৰ, জামুগুৰি, চতিয়া, চাৰিআলি আদিৰ পৰা বহু অসমীয়া পৰিয়াল উঠি আহি এই কলিবাৰী অঞ্চলত বাস কৰিবলৈ আৰম্ভ কৰে। ভৱানী চৰণ ভট্টাচাৰ্য্য, বেথাৰাম শৰ্মা, ফণীধৰ গোস্বামী, বলীনাথ বৰুৱা, সোণাৰাম পটংগীয়া, চৰ্দ্দাৰ বাহাদুৰ গোপাল ৰাভা, লক্ষীকান্ত দাস, মোলান শৰ্মা, ফণীধৰ গোস্বামী, লক্ষীকান্ত বৰকাকতী, ৰজনীকান্ত পদ্মপতি, খান চাহেব মহম্মদ চৈয়ব, জয়দেৱ শৰ্মা পণ্ডিত, হৰিবিলাস আগৰৱালা আদি তেজপুৰৰ বিখ্যাত লোকসকলৰ পৰিয়ালে এই ঠাইতে বসতি আৰম্ভ কৰিছিল।[2]
কলিবাৰীৰ উল্লেখযোগ্য ব্যক্তি
সম্পাদনা কৰক- ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা (বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ)
- পদ্মনাথ গোহাঞি বৰুৱা
- লম্বোদৰ বৰা
- চন্দ্ৰধৰ গোস্বামী
- ফণী শৰ্মা
- অভিজিত ভট্টাচাৰ্য (ভলিবল খেলুৱৈ)
- জয় দাস
তথ্যউৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 ’তেজপুৰৰ কলিবাৰী বোলা ঠাইখনৰ ইতিবৃত্ত’- ড° মনোজ কুমাৰ হাজৰিকা; প্ৰান্তিক ১৬ নৱেম্বৰ, ২০২০, পৃষ্ঠা ৩৬-৩৭
- ↑ 2.0 2.1 শান্তনু বৰুৱা (২০১৫). তেজপুৰ, এখন চহৰ অনেক কাহিনী. ত্ৰিবাহু প্ৰকাশন গোষ্ঠী, তেজপুৰ. পৃষ্ঠা. ১৯-২০.