ভোট-জলকীয়া (ইংৰাজী: Bhut jolokia, IPA: [ˈbʱʊt.zɔˌlɔkiˌja]) এবিধ গুল্মজাতীয় উদ্ভিদ। ই বাংলাদেশনাগা মৰিচৰ ওচৰ সম্বন্ধীয়। ইয়াক বিহ-জলকীয়া, নগা-জলকীয়া, ৰাজা-মৰিচ ইত্যাদি নামেৰেও জনা যায়। ই একপ্ৰকাৰৰ আন্তঃপ্ৰজাতিৰ বৰ্ণসংকৰ জলকীয়াভাৰতঅৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মণিপুৰত ইয়াৰ খেতি কৰা হয়।[1][2]Capsicum chinense আৰু Capsicum frutescensৰ বৰ্ণসংকৰ।[3]

ভোট-জলকীয়া
Fresh Bhut Jolokia
বৰ্ণসংকৰৰ হাৰ C. chinense × C. frutescens
উৎস অসম, ভাৰত
জলা সাংঘাতিক জলা
স্কোভিল স্কেল 1,041,427 SHU

২০০৭ চনৰ ফেব্ৰুৱাৰি মাহত বিশ্বৰ সকলোতকৈ জলা জলকীয়া হিচাপে “গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ”ত ভোট-জলকীয়াই স্থান লাভ কৰে। শ শ বছৰ আগৰেপৰাই ভোট-জলকীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ মাজত সকলোতকৈ জলা জলকীয়া হিচাপে জনপ্ৰিয়। ভোট-জলকীয়াৰ বিষয়ে বিখ্যাত “Time” আলোচনীতো বিশ্বৰ সবাতোকৈ জলা জলকীয়াৰূপে আলোচনা প্ৰকাশ হৈছে। “Time” আলোচনীখনত (২৫ জুন – ২জুলাই,২০০৭) প্ৰকাশিত ছাইমন ৰবিনছনৰ Chili Pepper: Global Warming নামৰ নিবন্ধত ভোট-জলকীয়াৰ গুণাগুণ, ব্যৱহাৰ আৰু ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত ইয়াৰ জনপ্ৰিয়তাৰ বিশদ বিৱৰণ প্ৰকাশ পাইছে। পকা ভোট-জলকীয়াত অতিমাত্ৰা কেপছেইছিন থকাৰ বাবে ইয়াক স্পৰ্শ কৰিলেই হাত ভমভমাই উঠে। নিউ মেক্সিকোত HPLC পদ্ধতিৰদ্বাৰা ভোট-জলকীয়াৰ জলা ১,০০১,৩০৪ SHU বুলি নিৰ্ণীত হোৱাৰ পাছতেই ১৯৯৪ চনৰপৰা গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত খোপনি পোতা কেলিফ’ৰ্নিয়াৰ ৰেড ছাভিনাৰ (৫৭৭,০০০SHU) স্থান ভোট-জলকীয়াই দখল কৰিলে। ড॰ বছলেণ্ডে ভোট-জলকীয়াক অসমৰ থলুৱা জাত বুলিয়েই সদৰি কৰিছে। আন্তঃৰাষ্ট্ৰীয় বীজৰ বজাৰত একো একোটা ভোট-জলকীয়া বীজৰ মূল্য প্ৰায় ২০টকা (১০টা গুটিৰ এটা পেকেটৰ মূল্য ৫ আমেৰিকান ডলাৰ) পৰ্যন্ত৷[4]

টেক্স'নমি সম্পাদনা কৰক

অসমত অঞ্চলভেদে ভোট-জলকীয়াক বিভিন্ন নামেৰে জনা যায়। যেনে – বিহ-জলকীয়া, ৰাজা-মৰিচ ইত্যাদি। প্ৰতিটো নামেই অত্যধিক জলাৰ ইংগিত দিয়ে। আদিভূমি দক্ষিণ আমেৰিকাৰপৰা এই জলকীয়া বৰ্তমান বিশ্বৰ চুকে-কোণে বিস্তৃত হৈ আছে। ইয়াৰ প্ৰধান কাৰণ হ’ল বিভিন্ন জলবায়ুত অতি সহজেই এই খেতি কৰিব পৰা যায়। নিউ মেক্সিকোৰ Chile Pepper Institute-অৰ সঞ্চালক ড॰ পল বছলেণ্ডৰ (Dr.Paul Bosland) দৃষ্টিত – “সম্ভৱতঃ ইয়েই আছিল বিশ্বৰ প্ৰথম বিশ্বায়িত উদ্ভিদ”(It was probably the very first plant that was globalized)। অসমত অঞ্চল আৰু বতৰভেদে ভোট-জলকীয়াৰ গোন্ধ আৰু জলাৰ পৰিমাণ কম-বেছি হোৱা দেখা যায়। ড॰ বছলেণ্ডে ভোট-জলকীয়াক প্ৰকৃতিতসৃষ্ট,অসমৰ থলুৱা,আন্তঃপ্ৰজাতিৰ হাইব্ৰিড(Interspecific hybrid)বুলি উল্লেখ কৰিছে।[4]

 
৩০ দিনীয়া ভোট জলকীয়াৰ পুলি

আন্তঃৰাষ্ট্ৰীয় বজাৰত ভোট-জলকীয়াৰ চাহিদা সম্পাদনা কৰক

নানান ঔষধি আৰু ব্যৱহাৰিক উপযোগিতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ভোট-জলকীয়াৰ চাহিদা যথেষ্ট বেছি। জলাৰ মাত্ৰা অত্যধিক বাবে অলিঅ’ৰেচিন কেপচিকাম (Oleoresin capsicum)আৰু কেপছেইছিন উৎপাদনৰ বাবে অতি উপযুক্ত উৎস। শুকান ভোট-জলকীয়াৰ গাঢ় ৰঙা ছালখন ‘অলিঅ’ৰেছিন পেপৰিকা’ৰ (Oleoresin paprika) উপযুক্ত উৎস হিচাপেও ব্যৱহাৰ হয়। ভোট-জলকীয়াৰ চাহিদা বিশ্বৰ বজাৰত শুকান জলকীয়া (Whole dry pod), ফ্লেকছ (flakes) আৰু পাউদাৰ হিচাপেই অধিক। থাইলেণ্ড,ছিংগাপুৰ আদিত শুকান ভোট-জলকীয়াৰ চাহিদা যথেষ্ট বেছি। [4]

আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Shaline L. Lopez (2007). "NMSU is home to the world's hottest chile pepper". Archived from the original on 2007-02-19. http://www.nmsu.edu/~ucomm/Releases/2007/february/hottest_chile.htm। আহৰণ কৰা হৈছে: 2007-02-21. 
  2. "'Ghost chile' burns away stomach ills - Diet & Nutrition - MSNBC.com:". Associated Press. 2007. http://www.msnbc.msn.com/id/20058096/। আহৰণ কৰা হৈছে: 2007-08-05. 
  3. Paul W. Bosland and Jit B. Baral (2007). "'Bhut Jolokia'—The World's Hottest Known Chile Pepper is a Putative Naturally Occurring Interspecific Hybrid". Horticultural Science খণ্ড 42 (2): 222–4. http://www.chilepepperinstitute.org/content/files/JolokiaArt.pdf. 
  4. 4.0 4.1 4.2 ড॰ দীপালী মজুমদাৰ (১৬ - ৩১ আগষ্ট ২০০৭). "ভোট জলকীয়াৰ বিশ্ব অভিলেখ". প্ৰান্তিক খণ্ড ২৬শ বছৰ (১৮শ সংখ্যা): ৩৪ - ৩৫.