মণিকুন্তলা ভট্টাচাৰ্য

অসমীয়া ঔপন্যাসিক

মণিকুন্তলা ভট্টাচাৰ্য (ইংৰাজী: Manikuntala Bhattacharya) অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক, কবি তথা গল্পকাৰ।[1] সাধাৰণতে তেখেতে নাৰীৰ মনস্তত্বৰ ওপৰত ভিত্তি কৰি উপন্যাসসমূহ লিখি আহিছে। ভট্টাচাৰ্যই ২০০৪ চনত মুনীন বৰকটকী বঁটা ২০০৭ চনত অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ উপন্যাসিকৰ বঁটা আৰু শ্ৰেষ্ঠ চুটি গল্প লেখিকাৰ বঁটা আদি লাভ কৰাৰ লগতে আৰু ভালেসংখ্যক বঁটা লাভ কৰিছে। তেওঁৰ বহুতো কবিতা, গল্প আৰু উপন্যাস হিন্দী আৰু ইংৰাজী ভাষালৈয়ো অনুবাদ হৈছে। [1] তেওঁ নিজেও বহুকেইখন গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰিছে৷ তেওঁৰ শিশু উপন্যাস ঈশ্বুৱে কথাছবি ৰূপেৰে লাভ কৰিছে ২০১৮ বৰ্ষৰ ৰজত কমল বঁটা ৷ তাৰোপৰি বাঁহী উপন্যাসৰ আধাৰত কথাছবি আৰু অনেক কাহিনীৰে নিৰ্মাণ হৈছে ছুটি কথাছবি আৰু টেলিভিছনৰ ধাৰাবাহিক আদি ৷[2]

মণিকুন্তলা ভট্টাচাৰ্য

মণিকুন্তলা ভট্টাচাৰ্য
পেচা ঔপন্যাসিক,কবি,গল্পকাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সময় ২০০০-
ধৰণ সামাজিক উপন্যাস
ৱেবছাইট www.monikuntalabhattacharjya.com

সাহিত্যিক জীৱন সম্পাদনা কৰক

২০০০ চনত মণিকুন্তলা ভট্টাচাৰ্যই সাহিত্যিক হিচাপে আত্মপ্ৰকাশ কৰে।[3] ২০০২ চনত প্ৰকাশিত তেওঁৰ প্ৰথম গল্প সংকলন "প্ৰস্তৰ কন্যা"ই ২০০৪ চনৰ মুনীন বৰকটকী বঁটা লাভ কৰে।[4][3] ২০০৪ চনত তেওঁৰ প্ৰথম উপন্যাস "সন্ধ্যা" প্ৰকাশিত হয়। এইড্ছ ভিত্তিক এই উপন্যাসখন আকাশবাণী যোগেও প্ৰচাৰিত হয়। অসমীয়া প্ৰতিদিন কাকতৰ দেওবৰীয়া পৰিপূৰিকা "সম্ভাৰ"ত প্ৰকাশিত হৈ অহা উপন্যাস "অৰুন্ধতী"য়ে ২০০৫ চনত প্ৰকাশৰ মুখ দেখে। ই হিন্দী ছেন্টিনেলতো ধাৰাবাহিক ভাৱে প্ৰকাশ হৈছিল। ২০০৬ চনত সমকামিতা বিষয়ক উপন্যাস "মুক্তি"য়ে মুক্তি লাভ কৰে। ই হিন্দী আৰু পঞ্জাবী ভাষালৈও অনুদিত হৈছে। ইয়াৰ পিছত ২০০৬ চনত তেওঁৰ "বৰদোৱানী" আৰু অসমৰ কু সংস্কাৰ,ডাইনী নিৰ্যাতনৰ পটভূমিত লিখা "চামিয়ানা" প্ৰকাশিত হয়। ইয়াৰোপৰি তেওঁ "দস্তখত" (নন্দিনীত ধাৰাবাহিকভাৱে প্ৰকাশিত),"মণিকুন্তলাৰ কবিতা",গল্প সংকলন "কবিগংগা" আৰু "বৰফৰ বেলি",নিৰ্বাচিত উপন্যাস সংকলন "ভিভিয়ানৰ লিলি" আৰু "মা মেক'লেচাহাব আৰু বাঢ়ৈশালৰ পিতা" আদিও ৰচনা কৰে। তেওঁ "শান্তু পাপুহঁতৰ কথাৰে" নামৰ এক শিশু উপন্যাস আৰু ২০০৭ চনত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পটভূমিত মই ডেচডিম’না হ’ব খোজোঁ ৰচনা কৰিছে। শেষৰ গ্ৰন্থখনৰ ববে তেওঁ অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা লাভ কৰে। তদুপৰি তেওঁ অসমীয়া ভাষাত প্ৰথম বাৰৰ বাবে কবিতাৰে ৰচিত আত্মজীৱনী "চিত্ৰপট" ৰচনা কৰে।[3] ২০০৯-১০ বৰ্ষত বৰফৰ বেলি নামৰ গল্প সংকলনৰ বাবে তেওঁ "ভৱানী শৰ্মা সাহিত্য বঁটা" লাভ কৰে।[4]

মতামত সম্পাদনা কৰক

এগৰাকী সংবেদনশীল লেখিকা হিচাপে মণিকুন্তলা ভট্টাচাৰ্যই যথেষ্ট সুনাম অৰ্জন কৰিছে। [উদ্ধৃতিৰ প্ৰয়োজন] দ্য আচাম ট্ৰিবিউন কাকতত শুভজিত ভদ্ৰাই মণিকুন্তলাই অসমীয়া সহিত্যলৈ এক নতুন সৌৰভ কঢিয়াই আনিছে বুলি কৈ কয় যে "তেওঁ এক সুন্দৰ কবি,এক চমত্কাৰ গল্পকাৰ আৰু সম্পুৰ্ণ ঔপন্যাসিক। যিকোনো ভাষাতে এনেকুৱা চাৰিও দিশে অৱদান আগবঢ়াব পৰা সাহিত্যিক খুব কম থাকে আৰু মণিকুন্তলাও তৰে ভিতৰৰ এজন, তেওঁৰ লিখনিত প্ৰেম,হতাশা,লোভ,দুখ আৰু জীৱনৰ এক সুন্দৰ ছবি ফুটি উঠিছে[5]"। অসম বাণীয়ে লিখিছে "সামাজিক আৰু পাৰিবাৰিক ক্ষেত্ৰত সাহসী,সংস্কাৰমুক্ত আৰু আপোচহীন দৃষ্টিভংগীৰে একো একোটা জীৱন কিদৰে পুনৰ নতুনকৈ উদযাপন কৰিব পাৰি,এই নতুন মানসতা নিজৰ ৰচনাত প্ৰতিফলিত কৰোৱাসকলৰ ভিতৰত মণিকুন্তলা ভট্টাচাৰ্য অন্যতম[6]। " প্ৰফুল্ল কটকীৰ মতে মণিকুন্তলা ভট্টাচাৰ্যই "উপন্যাসৰ সম-সাময়িক পটভূমি নিৰ্বাচন কৰা আৰু সমসাময়িক আৰ্থ সামাজিক বিশ্লেষণ কৰাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে"।[7]

সাহিত্য সম্ভাৰ সম্পাদনা কৰক

কবিতা পুথি সম্পাদনা কৰক

  • মণিকুন্তলাৰ কবিতা, অলি পুথিঘৰ, ২০০৫
  • মণিকুন্তলা ভট্টাচাৰ্যৰ প্ৰেমৰ কবিতা, আখৰ প্ৰকাশ, ২০০৯
  • শুক্লপক্ষ, ষ্টুডেণ্ট ষ্টৰ্ছ, ২০১১
  • চিত্ৰপট, কবিতাৰে লিখা আত্মজীৱনী, ষ্টুডেণ্ট ষ্টৰ্ছ -২০০৭
  • আজিও জোনাকী পৰুৱা, বনলতা প্ৰকাশন, ২০১৭

গল্প সম্পাদনা কৰক

  • প্ৰস্তৰ কন্যা, চন্দ্ৰ প্ৰকাশ, ২০০২, মুনীন বৰকটকী ২০০৪ বৰ্ষৰ বঁটাপ্ৰাপ্ত গ্ৰন্থ
  • কবিগংগা, চন্দ্ৰ প্ৰকাশ, ২০০৮
  • বৰফৰ বেলি, ষ্টুডেণ্ট ষ্টৰ্ছ, ২০০৯, ভৱানী শৰ্মা স্মাৰক শ্ৰেষ্ঠ গল্পগ্ৰন্থ ২০১০ বৰ্ষৰ বঁটাপ্ৰাপ্ত গ্ৰন্থ
  • নীলপক্ষী, ষ্টুডেণ্ট ষ্টৰ্ছ, ২০১০
  • অন্তৰীক্ষ, ষ্টুডেণ্ট ষ্টৰ্ছ, ২০১১
  • জিৰাফৰ মাত, ষ্টুডেণ্ট ষ্টৰ্ছ - ২০১৪
  • ৰাজপুত্ৰ

প্ৰবন্ধ সংকলন সম্পাদনা কৰক

  • শব্দ আৰু সত্য, চন্দ্ৰ প্ৰকাশ, ২০০৯
  • মণিকুন্তলাৰ অনুভৱ, ২০১২
  • আকাংক্ষা, এম আৰ পাব্লিকেশ্যন, ২০১৭

উপন্যাস সম্পাদনা কৰক

  • সন্ধ্যা, ষ্টুডেণ্ট ষ্টৰ্ছ-এইডছ কেন্দ্ৰিক ৷ দূৰদৰ্শনৰ ধাৰাবাহিক আৰু আকাশবাণীৰ পৰাও সম্প্ৰচাৰিত, ২০০৪
  • অৰুন্ধতী, জ্যোতি প্ৰকাশন, জীৱন বিষয়ক ৷ হিন্দী আৰু ইংৰাজীলৈ অনুবাদ ৷ দূৰদৰ্শনৰ ধাৰাবাহিকৰূপে প্ৰচাৰিত, ২০০৫
  • মুক্তি, ষ্টুডেন্ট ষ্টৰ্ছ, সমকামীতা ৷ হিন্দী ভাষালৈ অনুদিত, ২০০৬
  • চামিয়ানা, ষ্টুডেণ্ট ষ্টৰ্ছ, ডাইনী সমস্যা কেন্দ্ৰিক ৷ বাংলা ভাষালৈ অনুদিত, ২০০৬
  • বৰদোৱানী, ষ্টুডেণ্ট ষ্টৰ্ছ, বৰদোৱা সত্ৰৰ আলোকেৰে এগৰাকী নাৰীৰ জীৱন আৰু অসমীয়া গ্ৰাম্য সমাজৰ মৰ্মস্পৰ্শী কাহিনী ৷ ইংৰাজীলৈ অনুদিত, ২০০৬
  • দস্তখত, ষ্টুডেণ্ট ষ্টৰ্ছ, ত্ৰিল’জীৰ প্ৰথম খণ্ড, ২০০৭
  • মই ডেচডিম’না হ’ব খোজো-জ্যোতি প্ৰকাশন --অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ ভিত্তিক (সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটাপ্ৰাপ্ত), ২০০৭
  • ত্ৰিকুটাৰ ঘোঁৰা, ষ্টুডেণ্ট ষ্টৰ্ছ, জম্মু কাশ্মীৰৰ বৈষ্ণোদেৱী মন্দিৰৰ বাটত চলা ঘোঁৰাৱালাহতৰ জীৱন সংগ্ৰাম আৰু মন্দিৰৰ সম্পূৰ্ণ তথ্য ভিত্তিক, ২০০৯
  • দেৱবালা, ষ্টুডেণ্ট ষ্টৰ্ছ, মহিলা চাহ খেতিয়ক তথা উদ্যোগী মহিলা দেৱবালাৰ জীৱন ভিত্তিক, ২০০৯
  • যমুনা, ষ্টুডেণ্ট ষ্টৰ্ছ, এগৰাকী সৰ্বস্বান্ত নগৰীয়া নাৰীৰ নিঃসঙ্গ কাহিনী, ২০০৯
  • বাঁহী, ষ্টুডেণ্ট ষ্টৰ্ছ, অসমৰ গ্ৰাম্য জীৱনৰ পটভূমিত সামন্ত আৰু সাম্যবাদৰ ধাৰণাৰে ৰচিত ৷ চলচ্চিত্ৰ ৰূপে নিৰ্মাণ, ২০১০
  • বন্ধ ঘৰৰ খিৰিকী, জ্যোতি প্ৰকাশন-- বৃদ্ধাশ্ৰম বিষয়ক ৷ অসম সাহিত্য সভাৰ শতবৰ্ষীয় সাহিত্য সন্মান, ২০১৩
  • চৰাইখানা, ষ্টুডেণ্ট ষ্টৰ্ছ, ত্ৰিল’জীৰ দ্বিতীয় খণ্ড, ২০১৩
  • অনুৰোধ, বনলতা প্ৰকাশন, নদীবান্ধত ব্যস্ত অভিযন্তাৰ নিঃসঙ্গতা প্ৰেম কবিতা ইত্যাদিৰে সমৃদ্ধ, ২০১৩
  • মোৰ দেশ, ষ্টুডেণ্ট ষ্টৰ্ছ, যাদুকৰী বাস্তৱবাদ বিষয়ক ৷ আছাম টকছ টিভিৰ শ্ৰেষ্ঠ উপন্যাসৰ বঁটা, ২০১৭
  • ৰামধেনু, এম আৰ পাব্লিকেছনছ--কিশোৰীৰ পৰা যুৱতী পৰ্যায়ৰ জীৱন কাহিনী, ২০১৮
  • যুদ্ধ অবিৰাম, ষ্টুডেণ্ট ষ্টৰ্ছ, চিত্ৰ নিৰ্মাতাৰ ঘৰত মেম বোৱাৰীয়ে জন্ম দিয়া আফ্ৰিকান সন্তানক লৈ ৰচিত, ২০১৮
  • জলকন্যা, জ্যোতি প্ৰকাশন, অসমৰ সৰ্ববৃহৎ নদী জলপ্ৰপাত, প্ৰাচীন ৰাজ্যৰ বুৰঞ্জী, বৃটিছৰ প্ৰভাৱ তথা লুপ্ত হ’ব ধৰা বিহুনৃত্যগীতৰ পুনৰোদ্ধাৰৰ কাহিনী, ২০১৮
  • প্ৰিয়বন্ধু, চন্দ্ৰ প্ৰকাশ, যুৱ প্ৰজন্মৰ কাহিনী, ২০১৯
  • হিন্দোল, জ্যোতি প্ৰকাশন, সংগ্ৰামী যুৱকৰ প্ৰত্যাৱৰ্তন, প্ৰেম, গ্ৰাম্য সমাজৰ ছবি আৰু ক্ৰমাৎ হেৰাব ধৰা মানুহৰ মাজৰ গভীৰ ভাতৃত্ববোধৰ অমলিন প্ৰকাশেৰে এখনি *সম্পূৰ্ণ উপন্যাস, ২০২১
  • অংগহাৰ, বনলতা প্ৰকাশন, লেখকৰ জীৱনবোধৰ ভাৱ প্ৰকাশক, ২০২১
  • বিশ্বাস, বনলতা,২০২২
  • শীত,
  • নীলপদ্ম,

উপন্যাস সংকলন সম্পাদনা কৰক

  • ভিভিয়ানৰ লিলি, চন্দ্ৰ প্ৰকাশ - ২০০৭
  • মা মেক’লে চাহাব আৰু বাঢ়ৈশালৰ পিতা, ষ্টুডেণ্ট ষ্টৰ্ছ -২০০৮
  • কাঁচৰ পিৰামিড, চন্দ্ৰ প্ৰকাশ -২০১০
  • তিনিখন উপন্যাস, শান্তি প্ৰকাশন - ২০১৪
  • তিনিখন উপন্যাস-(২), শান্তি প্ৰকাশন - ২০১৬
  • প্ৰেমৰ পৃথিৱী, চন্দ্ৰ প্ৰকাশ - ২০১৮

শিশু উপন্যাস সম্পাদনা কৰক

  • শান্তু পাপুহঁতৰ কথাৰে, সাৰস্বত প্ৰকাশ, ২০০৬
  • ঈশ্বু, ষ্টুডেণ্ট ষ্টৰ্ছ, ২০১০, চলচ্চিত্ৰ হিচাপে ২০১৮ বৰ্ষৰ ৰজত কমল বঁটাৰে সন্মানিত
  • অৰণ্য, জ্যোতি প্ৰকাশন, ২০১৬

অনুবাদ কৰ্ম সম্পাদনা কৰক

  • গমনা, ষ্টুডেণ্ট ষ্টৰ্ছ, উৰ্দু সাহিত্যিক হাবিব কাঈফীৰ উপন্যাস, ২০১৫
  • মৰমৰ থিউ, ভিনচেণ্ট ভেন ঘগৰ চিঠিৰ অনুবাদ, ষ্টুডেণ্ট ষ্টৰ্ছ, ২০১৬
  • তৰ্জমা, নিৰ্বাচিত ভাৰতীয় কবিতাৰ অনুবাদ, ষ্টুডেণ্ট ষ্টৰ্ছ, ২০১৬

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • মুনীন বৰকটকী বঁটা (২০০৪)
  • সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা (২০০৮)
  • ভৱানী শৰ্মা স্মাৰক শ্ৰেষ্ঠ গল্পগ্ৰন্থ বঁটা (২০১০)
  • সদৌ অসম সাহিত্য সন্মিলনৰ ঐক্যতান বঁটা (২০১৭)
  • লায়ন্স ক্লাৱৰ নাৰী শক্তি বঁটা (২০১৭)
  • লেখিকা সমাৰোহ সাহিত্য বঁটা (২০১৭)
  • আছাম টকছ টিভি চেনেলৰ শ্ৰেষ্ঠ ঔপন্যাসিক বঁটা (২০১৭)
  • এনাজৰী বঁটা (২০১৭)
  • মৰমলেণ্ড ৱেলফেয়াৰ চছাইটিৰ বছৰৰ শ্ৰেষ্ঠ সাহিত্যিক বঁটা (২০১৭)
  • অসম সাহিত্য সভাৰ শতবৰ্ষীয় সাহিত্য সন্মান (২০১৭)
  • ৰাষ্ট্ৰীয় কবি সংগমৰ সাহিত্য ৰত্ন (২০১৮)
  • অসম সাহিত্য সভাৰ চৈয়দ আব্দুল মালিক সাহিত্য বঁটা (২০১৮)
  • চম্পাৱতী বঁটা (২০১৮)
  • অসম সাহিত্য সভাৰ ত্ৰৈলোক্য নাথ গোস্বামী স্মৃতি " কথা সাহিত্য বঁটা" (২০১৮)
  • সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থাৰ সাহিত্য জেউতি বঁটা (২০১৮)
  • সাংস্কৃতিক সন্থা প্ৰহেলিকাৰ সাহিত্য মুকুতা বঁটা (২০২০)
  • অসমীয়া বৰ্ণিলৰ পৰা সাহিত্য প্ৰভা বঁটা (২০২১)
  • assistant high commission of bangladesh language martyrs day best novelist বঁটা (২০২১)
  • সাহিত্য ৰত্ন বঁটা, গুৱাহাটী সাংস্কৃতিক গোষ্ঠী ২০২১
  • কথা শিল্প বঁটা, অপৰূপা মহীয়সী নাৰী বঁটা ২০২২
  • International Ambassador of Peace from World Literary For For Peace And Human Rights 2021
  • প্ৰেৰণা বঁটা ২০২২, প্ৰথম খবৰ
  • প্ৰাগ প্ৰেৰণা সন্মান ২০২২, প্ৰাগ নিউজ চেনেল, আন্তৰ্জাতিক নাৰী দিৱসত ৰাজ্যপাল মহোদয়ৰ হাতেৰে গ্ৰহণ

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "About Monikuntala". monikuntalabhattacharjya.com. monikuntalabhattacharjya.com. Archived from the original on 2012-12-30. https://web.archive.org/web/20121230041737/http://www.monikuntalabhattacharjya.com/about%20me.html। আহৰণ কৰা হৈছে: 2013-04-21. 
  2. "আৰ্কাইভ কপি". Archived from the original on 2021-07-21. https://web.archive.org/web/20210721171019/http://www.thethumbprintmag.com/everything-is-possible-in-this-world-with-love-manikuntala-bhattacharjya/। আহৰণ কৰা হৈছে: 2021-07-21. 
  3. 3.0 3.1 3.2 দস্তখত,বেটুপাতৰ চতুৰ্থ পৃষ্ঠা. 
  4. 4.0 4.1 "Details of Literary Works - Short Stories Collection". monikuntalabhattacharjya.com. monikuntalabhattacharjya.com. Archived from the original on 2012-12-30. https://web.archive.org/web/20121230161951/http://www.monikuntalabhattacharjya.com/bio-data.html। আহৰণ কৰা হৈছে: 2013-04-21. 
  5. Subhojit Bhadr. "A distinctive voice". Archived from the original on November 28, 2009. https://web.archive.org/web/20091128112003/http://www.assamtribune.com/apr1709/mosaic1.html। আহৰণ কৰা হৈছে: February 13, 2013. 
  6. "মণিকুন্তলা ভট্টাচাৰ্যৰ বিষয়ে মতামত". অসম বাণী. 18 ফেব্ৰুৱাৰী ২০০৫. 
  7. প্ৰফুল্ল কটকী. অৰুন্ধতী,বেটুপাতৰ চতুৰ্থ পৃষ্ঠা.