নাজমা আকবৰ আলি হেপতুল্লা (গুজৰাটী: નજમા હેપ્તુલા; জন্ম: ১৩ এপ্ৰিল ১৯৪০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান মণিপুৰৰ ৰাজ্যপাল। ইয়াৰ লগতে তেওঁ জামিয়া মিলিয়া ইছলামীয়াৰ আচাৰ্য পদত অধিষ্ঠিত হৈ আছে। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপাধ্যক্ষ। তেওঁ ১৯৮০ চনৰ পৰা ২০১৬ চনলৈ মুঠ ছয়বাৰ ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ লগতে তেওঁ ১৬ বছৰকাল ৰাজ্যসভাৰ উপাধ্যক্ষ আছিল।[3]

নাজমা হেপতুল্লা
মণিপুৰৰ ১৬তম ৰাজ্যপাল
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৪ জুলাই ২০১৯
ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
মুখ্যমন্ত্ৰী এন. বিৰেন সিং
পূৰ্বসূৰী পদ্মনাভ বালকৃষ্ণ আচাৰ্য
কাৰ্যকাল
২১ আগষ্ট ২০১৬ – ২৬ জুন ২০১৯
মুখ্যমন্ত্ৰী অক্ৰাম ইববী সিং
এন. বিৰেন সিং
পূৰ্বসূৰী ভি. সন্মুগনাথন
উত্তৰসূৰী পদ্মনাভ বালকৃষ্ণ আচাৰ্য
জামিয়া মিলিয়া ইছলামীয়াৰ একাদশ আচাৰ্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৬ মে' ২০১৭[1][2]
উপাচাৰ্য তলাট আহমেদ
নাজমা আখটাৰ
পূৰ্বসূৰী মহম্মদ আহমেদ জাকি
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী
কাৰ্যকাল
২৬ মে' ২০১৪ – ১২ জুলাই ২০১৬
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী কে. ৰহমান খান
উত্তৰসূৰী মুখটাৰ আব্বাছ নাকবি
ৰাজ্যসভাৰ উপাধ্যক্ষ
কাৰ্যকাল
২৫ জানুৱাৰী ১৯৮৫ – ২০ জানুৱাৰী ১৯৮৬
পূৰ্বসূৰী শ্যামলাল যাদৱ
উত্তৰসূৰী এম. এম. জেকব
কাৰ্যকাল
১১ নৱেম্বৰ ১৯৮৮ – ১০ জুন ২০০৪
পূৰ্বসূৰী প্ৰতিভা পাটিল
উত্তৰসূৰী কে. ৰহমান খান
ৰাজ্যসভাৰ সাংসদ
কাৰ্যকাল
৩ এপ্ৰিল ২০১২ – ২০ আগষ্ট ২০১৬
সমষ্টি মধ্য প্ৰদেশ
কাৰ্যকাল
২০০৪-২০১০
সমষ্টি ৰাজস্থান
কাৰ্যকাল
১৯৮০-২০০৪
সমষ্টি মহাৰাষ্ট্ৰ
ব্যক্তিগত তথ্য
জন্ম ১৩ এপ্ৰিল, ১৯৪০ (৮৪ বছৰ)
ভূপাল, ভূপাল ৰাজ্য, ব্ৰিটিছ ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
(২০০৪ চনৰ পৰা)
আন ৰাজনৈতিক
সম্পৰ্ক
ভাৰতীয় জাতীয় কংগ্ৰেছ
(১৯৬০ৰ দশক–২০০৪)
দাম্পত্যসঙ্গী আকবৰ আলি আখটাৰ হেপতুল্লা (বি. ১৯৬৬; মৃ. ২০০৭)
সন্তান
বাসস্থান ৰাজ ভৱন, ইম্ফল
শিক্ষানুষ্ঠান বিক্ৰম বিশ্ববিদ্যালয়

তেওঁ অভিনেতা আমিৰ খানৰ সম্পৰ্কীয় ভনী আৰু ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আব্দুল কালাম আজাদৰ নাতিনী ভতিজী।[4][5][6] ২০০৭ চনৰ আগষ্ট মাহত অনুষ্ঠিত ভাৰতৰ ১৩তম উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰাৰ্থী আছিল। এই নিৰ্বাচনত তেওঁ ২৩৩ ভোটত হামিদ আনছাৰী হাতত পৰাজিত হৈছিল। ২০১৪ চনৰ ২৬ মে' তাৰিখে নৰেন্দ্ৰ মোদী প্ৰথম কেবিনেটত তেওঁ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীপদ লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৪০ চনৰ ১৩ এপ্ৰিল তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ভূপাল ষ্টেটৰ ভূপালত (বৰ্তমান মধ্য প্ৰদেশ) নাজমা হেপতুল্লাৰ জন্ম হৈছিল। জন্মতে তেওঁৰ নাম চৈয়দা নাজমা বিণ্ট ইউচুফ আছিল। তেওঁৰ পিতৃ চৈয়দ ইউচুফ বিন আলি আলহাছমী আৰু মাতৃ চৈয়দা ফাটিমা বিন মেহমুদ।[7] তেওঁলোক ডাউডি বহৰা ইছমিলি চিয়া গুজৰাটী মুছলমান সম্প্ৰদায়ৰ।[7] তেওঁ ভূপালৰ মতিলাল বিজ্ঞান মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। পিছলৈ তেওঁ উজ্জেনত অৱস্থিত বিক্ৰম বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতকোত্তৰ আৰু একে বিশ্ববিদ্যালয়ৰ পৰা হৃদপিণ্ডৰ গঠনৰ ওপৰত গৱেষণা কৰি জীৱবিজ্ঞানৰ পিএইছডি ডিগ্ৰী লাভ কৰিছিল।[7][8][9]

১৯৬৬ চনত তেওঁ আকবৰ আলি আখটাৰৰ লগত বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ তিনি গৰাকী কন্যা আছে।[8] তেওঁৰ স্বামী এগৰাকী মানৱক্ষমতা পৰামৰ্শদাতা আছিল আৰু ১৯৬০ৰ দশকত পেট্ৰিয়ট নামৰ বাতৰিকাকত প্ৰকাশ কৰিছিল। ২০০৭ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীত ৭৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[10]

কৰ্মজীৱন সম্পাদনা কৰক

নাজমা হেপতুল্লায়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন পদবীত অধিষ্ঠিত আছিল। ১৯৮৬ চনত তেওঁ কংগ্ৰেছৰ মহাসচিব আছিল আৰু অতিৰিক্ত ভাবে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি আৰু ৰাষ্ট্ৰীয় ছাত্ৰ সংঘ ভাৰতৰ যুৱ পৰিক্ৰমাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল।[11] ১৯৮০ চনৰ পৰা তেওঁ ৰাজস্থানৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ১৯৮০, ১৯৮৬, ১৯৯২ আৰু ১৯৯৮ চনত মুঠ চাৰিটা কাৰ্যকালৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।[12] তেওঁ ১৯৮৫ চনৰ জানুৱাৰী মাহৰ পৰা ১৯৮৬ চনৰ জানুৱাৰীলৈ আৰু ১৯৮৮ চনৰ পৰা ২০০৪ জুলাই মাহলৈ ৰাজ্যসভাৰ উপাধ্যক্ষ আছিল।[13]

তেওঁ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ মুৰব্বী মনোনীত হৈছিল। তেওঁ ১৯৯৩ চনত মহিলা সাংসদৰ গোটৰ আন্তঃসংসদ সংঘৰ তেওঁ অধ্যক্ষ আছিল আৰু একে বছৰে তেওঁ মানৱ উন্নয়নৰ সাংসদৰ ফৰামৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। ১৯৯৯ চনত বাৰ্লিনত অনুষ্ঠিত আন্তঃসংসদ সংঘৰ ১৬৫তম অধিবেশনৰ সভানেত্ৰী আছিল। ১৯৯৯ চনৰ ১৬ অক্টোবৰৰ পৰা ২০০২ চনৰ ২৭ ছেপ্টেম্বৰলৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল। ২০০২ চনত এই সংগঠনৰ ১৭১তম অধিবেশনত তেওঁ সন্মানীয় অধ্যক্ষ পদ লাভ কৰে। তেওঁক ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিয়ে ইয়াৰ মানৱ উন্নয়ন দূত হিচাপে মনোনীত কৰিছিল। তেওঁ ১৯৯৭ চনত ৰাষ্ট্ৰসংঘৰ মহিলাৰ অৱস্থাৰ ওপৰত গঠন কৰা কমিচনৰ নেতৃত্ব বহন কৰিছিল।[14]

তেওঁ এইডছ ৰোগৰ ওপৰত এখন গ্ৰন্থ প্ৰণয়ন কৰিছে। ইয়াৰ উপৰিও তেওঁ মানুহৰ সামাজিক সুৰক্ষা, বহনক্ষম উন্নয়ন, পৰিৱেশ, মহিলাৰ পক্ষে নীতি আৰু ভাৰত আৰু পশ্চিম এছিয়াৰ সম্পৰ্কৰ বিষয়ে লিখা-মেলা কৰিছে।

২০০৪ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।[7][15] ২০০৭ চনৰ আগষ্ট মাহত অনুষ্ঠিত ভাৰতৰ ১৩তম উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰাৰ্থী আছিল। এই নিৰ্বাচনত তেওঁ ২৩৩ ভোটত হামিদ আনছাৰী হাতত পৰাজিত হৈছিল। ২০১৪ চনৰ ২৬ মে' তাৰিখে নৰেন্দ্ৰ মোদী প্ৰথম কেবিনেটত তেওঁ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীপদ লাভ কৰিছিল। ২০১৭ চনৰ ২৬ মে' তাৰিখে তেওঁ দিল্লীৰ জামিয়া মিলিয়া ইছলামীয়াৰ আচাৰ্য পদত নিযুক্তি লাভ কৰে। ২০১৬ চনৰ ২১ আগষ্ট তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক মণিপুৰৰ ৰাজ্যপাল নিযুক্ত কৰে। ২০১৯ চনৰ ২৪ জুলাই তাৰিখে তেওঁ পুনৰাই মণিপুৰৰ ৰাজ্যপাল পদ লাভ কৰে।

তথ্য উৎস সম্পাদনা কৰক

  1. "Latest News: Latest Latest News - Latest Live News Online - News18". News18. http://www.news18.com/news/। আহৰণ কৰা হৈছে: 15 July 2018. 
  2. "Najma Heptulla appointed as new Jamia Millia Islamia Chancellor - Free Press Journal". 29 May 2017. http://www.freepressjournal.in/india/najma-heptulla-appointed-as-new-jamia-millia-islamia-chancellor/1076638। আহৰণ কৰা হৈছে: 15 July 2018. 
  3. Parsai, Gargi (25 April 2012). "New stars in Rajya Sabha, spotlight on Mayawati". The Hindu (New Delhi). http://www.thehindu.com/news/national/article3350098.ece। আহৰণ কৰা হৈছে: 25 April 2012. 
  4. "The Times of India: Latest News India, World & Business News, Cricket & Sports, Bollywood". The Times of India. Archived from the original on 2013-07-20. https://web.archive.org/web/20130720072406/http://articles.timesofindia.indiatimes.com/2008-09-29/did-you-know-/27903834_1_zakir-hussain-film-producer-tahir-hussain. 
  5. "Aamir Khan gifted Maulana Azad's speech to sister – The Times of India". The Times of India. Archived from the original on 2013-05-03. https://web.archive.org/web/20130503052630/http://articles.timesofindia.indiatimes.com/2012-08-07/news-interviews/33082475_1_aamir-khan-azad-rao-khan-satyamev-jayate. 
  6. "Aamir Khan, the family guy – Hindustan Times". Archived from the original on 14 August 2013. https://web.archive.org/web/20130814054541/http://www.hindustantimes.com/Entertainment/Tabloid/Aamir-Khan-the-family-guy/Article1-909640.aspx। আহৰণ কৰা হৈছে: 15 July 2018. 
  7. 7.0 7.1 7.2 7.3 Mohan, Archis (13 July 2016), "Why Najma Heptulla, G M Siddeswara were forced to quit Modi Cabinet", Business Standard, http://wap.business-standard.com/article/politics/why-najma-heptulla-g-m-siddeswara-were-forced-to-quit-modi-cabinet-116071201174_1.html 
  8. 8.0 8.1 "Detailed Profile – Dr. Najma A. Heptulla – Members of Parliament (Rajya Sabha)". National Portal of India. http://www.archive.india.gov.in/govt/rajyasabhampbiodata.php?mpcode=23। আহৰণ কৰা হৈছে: 27 May 2014. 
  9. "Najma Heptulla's journey from Cong to BJP cabinet: all you need to know". Firstpost. 26 May 2014. http://www.firstpost.com/politics/najma-heptullas-journey-from-cong-to-bjp-cabinet-all-you-need-to-know-1542765.html. 
  10. "Najma Heptulla bereaved". The Hindu. 5 September 2007. Archived from the original on 28 May 2014. https://web.archive.org/web/20140528005200/http://www.hindu.com/2007/09/05/stories/2007090564131300.htm। আহৰণ কৰা হৈছে: 26 May 2014. 
  11. "NDA puts up Najma Heptullah for VP poll". http://timesofindia.indiatimes.com/India/NDA_puts_up_Najma_Heptullah_for_VP_poll_/articleshow/2225030.cms। আহৰণ কৰা হৈছে: 15 July 2018. 
  12. "Alphabetical List of All Members of Rajya Sabha Since 1952". 164.100.47.5. http://164.100.47.5/Newmembers/alphabeticallist_all_terms.aspx। আহৰণ কৰা হৈছে: 30 October 2012. 
  13. "Former Deputy Chairmen of the Rajya Sabha". Rajya Sabha Official website. http://rajyasabha.nic.in/rsnew/deputy_chairman/former_deputy_chairmen.asp. 
  14. "President Najma Heptulla". http://www.ipu.org/strct-e/heptulla.htm। আহৰণ কৰা হৈছে: 27 May 2014. 
  15. "NDA puts up Najma Heptullah for VP poll", The Times of India, 22 June 2007, http://timesofindia.indiatimes.com/India/NDA_puts_up_Najma_Heptullah_for_VP_poll_/articleshow/2225030.cms