মহম্মদ তাহেৰ (ইংৰাজী: Mohammed Taher, ১৯৩১ – ২০১৫) স্বাধীনতা-উত্তৰ কালৰ অসমৰ এগৰাকী ভূগোল বিজ্ঞানী, কৃতী শিক্ষক, শিক্ষাবিদ আৰু সু-লেখক।[2] অসমীয়া আৰু ইংৰাজী দুয়োটা বিষয়তে তেখেত পাৰদৰ্শী আছিল। তেখেতে ৰাষ্ট্ৰীয় মানচিত্ৰ সংস্থা (NATMO)-ত গৱেষক ৰূপে যোগদান কৰিছিল। তাহেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিষয়ৰ প্ৰৱক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও এই বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ সচিব, অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বাবে ভূগোল বিজ্ঞানকে ধৰি ভালেমান পাঠ্যপুথি, ভূচিত্ৰাৱলী আৰু গৱেষণামূলক প্ৰবন্ধ ৰচনা কৰিছে। অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত বিশ্বকোষৰ দুটা খণ্ড তেখেতে সম্পাদনা কৰিছে। অসম চৰকাৰে স্বাধীনতা দিৱস উপলক্ষে তেখেতক সন্মান জনোৱাৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২০১২ চনত তেখেতক ডি এছচি প্ৰদান কৰে।[2]

মহম্মদ তাহেৰ
জন্ম ২১ এপ্ৰিল, ১৯৩১[1]
খুটাকটীয়া গাঁও, লখিমপুৰ, অসম
মৃত্যু ২৫ ফেব্ৰুৱাৰী, ২০১৫[1]
বাসস্থান ভাৰত
নাগৰিকত্ব ভাৰতীয়
ক্ষেত্ৰ শিক্ষকতা, বিশ্বকোষ প্ৰণেতা
শিক্ষানুষ্ঠান কটন কলেজ
কলিকতা বিশ্ববিদ্যালয়
অকলেণ্ড বিশ্ববিদ্যালয়, নিউজিলেণ্ড[1]
উল্লেখনীয় বঁটা ৰাধাগোবিন্দ বৰুৱা স্মাৰক বঁটা
দাম্পত্যসঙ্গী চেতাৰা আহমদ

জন্ম আৰু পৰিয়াল সম্পাদনা কৰক

১৯৩১ চনৰ ২১ এপ্ৰিল তাৰিখে লখিমপুৰ জিলাৰ খুটাকটীয়া গাঁৱত মহম্মদ তাহেৰৰ জন্ম হয়। পিতৃ মৰহুম তৈয়ব আলি হাজৰিকা আৰু মাক মৰহুৱা হামেৰুণ নেছা।[2]

শিক্ষা সম্পাদনা কৰক

৪৭ নং তেলাহী স্কুলৰপৰা তেওঁ প্ৰাথমিক শিক্ষা পাছ কৰি উত্তৰ লখিমপুৰ গৱৰ্ণমেণ্ট হাইস্কুলৰপৰা মাধ্যমিক শিক্ষাত উৰ্ত্তীণ হয়। ১৯৪৮ চনত তেওঁ অসমীয়া আৰু ভূগোল বিষয়ত লেটাৰসহ প্ৰথম শ্ৰেণীত প্ৰৱেশিকা পৰীক্ষা আৰু ১৯৫১ চনত কটন কলেজৰপৰা প্ৰথম বিভাগত আই এছচি পৰীক্ষাত উৰ্ত্তীণ হয়। ১৯৫৪ চনত কটন কলেজৰপৰাই ভূগোল বিষয়ত অনাৰ্চসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ বি এছচি পৰীক্ষাত উৰ্ত্তীণ হৈ কলিকতা বিশ্ববিদ্যালয়ৰপৰা ১৯৫৬ চনত এম এছচি পৰীক্ষাত উৰ্ত্তীণ হয়। ১৯৬৫ চনত তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰে।[2]

বিবাহ আৰু কৰ্মজীৱন সম্পাদনা কৰক

১৯৬৬ চনত চেতাৰা আহমদৰ সৈতে তাহেৰৰ বিবাহ সম্পন্ন হয়। ১৯৫৭ চনত কলিকতাৰ ৰাষ্ট্ৰীয় মানচিত্ৰ সংস্থা (NATMO)ত কনিষ্ঠ গৱেষক ৰূপে যোগদান কৰে। ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ভূগোল বিভাগত প্ৰবক্তা ৰূপে যোগদান কৰে। ১৯৭৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ সচিব, ১৯৯১-৯২ চনলৈকে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ, ১৯৮৪-৮৭ আৰু ১৯৯০-৯১ চনলৈকে দুবাৰকৈ বিভাগৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ, ১৯৯০-৯১ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু হিচাপে কাৰ্যনিৰ্বাহ কৰে, ১৯৯১ চনৰ ৩১ মাৰ্চ তাৰিখে অৱসৰ গ্ৰহণ কৰে।[2]

প্ৰকাশিত গ্ৰন্থ সম্পাদনা কৰক

  • ভূগোল বিজ্ঞান (উচ্চতৰ মাধ্যমিকৰ পাঠ্যপুথি)
  • ভূচিত্ৰাৱলী
  • বিশ্বকোষ (সম্পাদনা, অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত)

বঁটা আৰু স্বীকৃতি সম্পাদনা কৰক

  • ৰাধাগোবিন্দ বৰুৱা স্মাৰক বঁটা (২০০৩)
  • অসম চৰকাৰৰ দ্বাৰা স্বাধীনতা দিৱস উপলক্ষে সন্মান প্ৰদান (২০০৯)
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা ডি এছচি ডিগ্ৰী প্ৰদান। (২০১২)

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Abani Kumar Bhagabati. "Obituary Professor Mohammed Taher". http://iigeo.org/wp-content/uploads/2015/12/15-Obituary-Professor-Mohammed-Taher.pdf। আহৰণ কৰা হৈছে: 26 December 2020. 
  2. 2.0 2.1 2.2 2.3 2.4 সম্পাদক- পৰেশ মালাকাৰ, দুদুলমণি শৰ্মা (২০১২). আমাৰ শৈশৱ. অন্বেষা. পৃষ্ঠা. ২০৯-২১৮. ISBN ৮১-৮৯০০৩-৬০-৭.