মহেন্দ্ৰ সিং ধোনি

ভাৰতীয় ক্ৰিকেটাৰ

মহেন্দ্ৰ সিং ধোনি (এই শব্দটোৰ বিষয়ে উচ্চাৰণ , জন্ম- ৭ জুলাই ১৯৮১) এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু সীমিত অ'ভাৰৰ খেলত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বৰ্তমান অধিনায়ক। তেওঁ এজন আক্ৰমণাত্মক মিড্‌ল-অৰ্ডাৰ বেট্‌ছমেন আৰু উইকেটৰক্ষক। সীমিত অ'ভাৰৰ ক্ৰিকেটৰ শ্ৰেষ্ঠ finisherসকলৰ এজন বুলি তেওঁক গণ্য কৰা হয়।[1][2][3][4] ২০০৪ চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত তেওঁ আত্মপ্ৰকাশ কৰে আৰু তাৰ এবছৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁৰ টেষ্ট অভিষেক ঘটে।

মহেন্দ্ৰ সিং ধোনি
{{{imagealt}}}
2018 চনৰ এটি অনুষ্ঠানত ধোনি
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম মহেন্দ্ৰ সিং ধোনি
জন্ম ৭ জুলাই, ১৯৮১ (৪৩ বছৰ)
ৰাঁচী, ঝাৰখণ্ড, ভাৰত
উপনাম মাহি, এম এচ, এম এচ ডি, এম এচ ধোনি
উচ্চতা 5 ফুট 10 ইঞ্চি (1.8 মিটাৰ)
বেটিং শৈলী সোঁ-হতীয়া বেট্‌ছমেন
বলিং শৈলী সোঁ-হতীয়া মধ্যম বেগী
ভূমিকা উইকেটৰক্ষক, ভাৰতৰ অধিনায়ক
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (কেপ ২৫১) ২ ডিচেম্বৰ ২০০৫ বনাম শ্ৰীলংকা
অন্তিম টেষ্ট ২৬ ডিচেম্বৰ ২০১৪ বনাম অষ্ট্ৰেলিয়া
অ'ডিআই অভিষেক (কেপ ১৫৮) ২৩ ডিচেম্বৰ ২০০৪ বনাম বাংলাদেশ
অন্তিম অ'ডিআই ৬ মাৰ্চ ২০১৫ v ৱেষ্ট ইণ্ডিজ
অ'ডিআই চোলা নং.
টি২০ অভিষেক (কেপ ) ১ ডিচেম্বৰ ২০০৬ বনাম দক্ষিণ আফ্ৰিকা
অন্তিম আন্তৰ্জাতিক টি২০ ৭ চেপ্তেম্বৰ ২০১৪ বনাম ইংলেণ্ড
ঘৰুৱা দলৰ তথ্য
বছৰ দল
১৯৯৯/০০–২০০৪/০৫ বিহাৰ
২০০৪/০৫–বৰ্তমান ঝাৰখণ্ড
২০০৮–বৰ্তমান চেন্নাই ছুপাৰ কিংছ
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট ODI FC T20
মুঠ খেল ৯০ ২৫৭ ১৩১ ৫০
ৰাণ ৪,৮৭৬ ৮,২৯৮ ৭,০৩৮ ৮৪৯
বেটিং গড় ৩৮.০৯ ৫১.৮৬ ৩৬.৮৪ ৩৩.৯৬
শতক/অৰ্ধশতক ৬/৩৩ ৯/৫৬ ৯/৪৭ ০/০
সৰ্বোচ্চ ৰাণ ২২৪ ১৮৩* ২২৪ ৪৮*
বল ৯৬ ৩৬ ১২৬
উইকেট
বলিং গড় ৩১.০০
এক ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ১/১৪
কেচ্চ/ষ্টাম্পিং ২৫৬/৩৮ ২৩৪/৮৫ ৩৬৪/৫৭ ২৫/১১
উৎস: http://www.cricinfo.com/india/content/player/28081.html ই এচ পি এন ক্ৰিকইনফ', ২৮ ফেব্ৰুৱাৰী ২০১৫

ভাৰতীয় দলৰ অধিনায়ক হিচাপে ধোনিৰ বহুকেইটা অভিলেখ আছে। ইয়াৰ ভিতৰত সৰ্বাধিক টেষ্ট আৰু এদিনীয়াত জয়লাভ কৰা ভাৰতীয় অধিনায়ক আৰু এদিনীয়াত একেলেথাৰিয়ে সৰ্বাধিক জয়লাভ কৰা ভাৰতীয় অধিনায়কৰ অভিলেখ উল্লেখযোগ্য। ২০০৭ চনত তেওঁ ৰাহুল দ্ৰাবিড়ৰ পৰা এদিনীয়া দলৰ অধিনায়কত্ব লাভ কৰে আৰু ভাৰতে প্ৰথমবাৰৰ বাবে শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ মাটিত দ্বি-দেশীয় শৃংখলাত বিজয় সাব্যস্ত কৰে। তেওঁৰ নেতৃত্বত ভাৰতে ২০০৭ চনৰ টুৱেণ্টি২০ বিশ্বকাপ, ২০০৭-০৮ চনৰ চি বি ছিৰিজ, ২০১০ চনৰ এছিয়া কাপ, ২০১১ চনৰ বিশ্বকাপ আৰু ২০১৩ চনৰ আই চি চি চেম্পিয়ন্‌ছ ট্ৰফীত বিজয় সাব্যস্ত কৰে। ২০১১ চনৰ বিশ্বকাপৰ ফাইনেলত ধোনিয়ে ৭৯ বলত অপৰাজেয় ৯১ ৰাণ কৰি ভাৰতৰ জয়লাভত প্ৰচুৰ অৰিহণা যোগায় আৰু ইয়াৰ বাবে তেওঁ ফাইনেলৰ 'মেন অৱ দ্য মেচ' ঘোষিত হয়। ২০১৩ চনৰ জুন মাহত চেম্পিয়ন্‌ছ ট্ৰফীৰ ফাইনেলত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰাৰ লগে লগে ধোনি আই চি চিৰ তিনিওটা ট্ৰফী (বিশ্বকাপ, চেম্পিয়ন্‌ছ ট্ৰফী আৰু টুৱেণ্টি২০ বিশ্বকাপ) বিজয় কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়। ২০০৮ চনত তেওঁ টেষ্ট দলৰ অধিনায়কত্ব লাভ কৰে আৰু তেওঁৰ নেতৃত্বত ভাৰতে নিউজিলেণ্ডত আৰু ৱেষ্ট ইণ্ডিজত হোৱা ছিৰিজত জয়লাভ কৰে আৰু ২০০৮, ২০১০ আৰু ২০১৩ চনত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত জয়লাভ কৰে। ২০০৯ চনত ভাৰতে প্ৰথমবাৰৰ বাবে আই চি চি টেষ্ট ৰেংকিঙৰ প্ৰথম স্থান দখল কৰে। ২০১৩ চনত ধোনিৰ নেতৃত্বৰ ভাৰতীয় দলৰ হাতত টেষ্ট ছিৰিজত অষ্ট্ৰেলিয়া হোৱাইট ৱাশ্বৰ সন্মুখীন হয়। চল্লিছতকৈয়ো বেছি বছৰ পাছত অষ্ট্ৰেলিয়া কোনো দলৰ হাতত হোৱাইটৱাশ্বৰ সন্মুখীন হয়। তেওঁৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছ দলে ২০১০ আৰু ২০১১ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আৰু ২০১০ আৰু ২০১৪ চনৰ চেম্পিয়ন্‌ছ লীগত খিতাপ জয় কৰে। ২০১৪ চনৰ ডিচেম্বৰ মাহত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।[5]

ধোনি পূৰ্বে এয়াৰ ইণ্ডিয়াত কৰ্মৰত অছিল। বৰ্তমান তেওঁ ইণ্ডিয়া চিমেণ্ট্‌ছ লিমিটেডৰ উপ সভাপতি। ইণ্ডিয়া চিমেণ্ট্‌ছ হ'ল চেন্নাই ছুপাৰ কিংছ দলৰ স্বত্বাধিকাৰী আৰু আই পি এলৰ প্ৰথম বৰ্ষৰপৰাই ধোনি এই দলৰ অধিনায়ক হৈ আছে।[6][7] ইণ্ডিয়ান ছুপাৰ লীগৰ দল চেন্নায়িন এফ চিৰ তেওঁ সহ-স্বত্বাধিকাৰী।[8]

ধোনিয়ে ২০০৮ আৰু ২০০৯ চনত আই চি চি বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ বঁটা (দুবাৰকৈ এই বঁটা লাভ কৰা ধোনি প্ৰথম খেলুৱৈ), ২০০৭ চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু ২০০৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে। ২০০৯ চনৰ বাবে তেওঁ আই চি চি বিশ্ব টেষ্ট একাদশ আৰু আই চি চি বিশ্ব এদিনীয়া একাদশৰ অধিনায়ক ঘোষিত হৈছিল। ২০১১ চনৰ ১ নৱেম্বৰত ভাৰতীয় স্থলসেনাই তেওঁক সন্মানীয় লেফটেনেণ্ট কৰ্ণেল ৰেংক প্ৰদান কৰে।[9]কপিল দেৱৰ পাছতেই এই সন্মান লাভ কৰা তেওঁ দ্বিতীয় ভাৰতীয় ক্ৰিকেটাৰ। ২০১৪ চনৰ জুনত ফ'ৰ্ব্‌ছ আলোচনীয়ে 'সৰ্বাধিক মাননি লাভ কৰা এথলীট'ৰ তালিকাত ধোনিক (৩০ নিযুত আমেৰিকান ডলাৰ) ২২ নং স্থানত ৰাখে।[10][11][12][13][14] ২০১১ চনত টাইম আলোচনীয়ে ইয়াৰ বাৰ্ষিক 'টাইম ১০০' তালিকাত বিশ্বৰ সৰ্বাধিক প্ৰভাৱশালী ব্যক্তিৰ এজন হিচাপে ধোনিক স্থান দিয়ে।[15] স্প'ৰ্ট্‌ছপ্ৰ' আলোচনীয়ে ২০১২ চনত ধোনিক বিশ্বৰ 'ব্যৱসায়যোগ্য (marketable) এথলীট'ৰ তালিকাত ১৬ নং স্থানত ৰাখে।[16]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Dhoni's numbers prove his worth as a finisher in One Day Internationals". প্ৰকাশক London: Daily Mail. 15 February 2012. http://www.dailymail.co.uk/indiahome/indianews/article-2101782/Dhonis-numbers-prove-worth-finisher-One-day-Internationals.html। আহৰণ কৰা হৈছে: 5 December 2013. 
  2. "Dhoni is best finisher I have ever seen: Vengsarkar". প্ৰকাশক Chennai, India: The Hindu. 12 July 2013. http://www.thehindu.com/sport/cricket/dhoni-is-best-finisher-i-have-ever-seen-vengsarkar/article4909009.ece। আহৰণ কৰা হৈছে: 5 December 2013. 
  3. "MS Dhoni, a fantastic finisher". DNA India. http://www.dnaindia.com/sport/report-ms-dhoni-a-fantastic-finisher-1860401। আহৰণ কৰা হৈছে: 5 December 2013. 
  4. "Experts feel Dhoni is the best finisher". Sunday Guardian. Archived from the original on 27 November 2020. https://web.archive.org/web/20201127053803/http://www.sunday-guardian.com/sports/experts-feel-dhoni-is-the-best-finisher। আহৰণ কৰা হৈছে: 5 December 2013. 
  5. "Dhoni retires from Test cricket". ESPNcricinfo.com. 30 December 2014. http://www.espncricinfo.com/india/content/story/814975.html। আহৰণ কৰা হৈছে: 30 December 2014. 
  6. "MS Dhoni joins BCCI boss' company as vice-president". The Times Of India. 2 February 2013. Archived from the original on 2013-03-28. https://web.archive.org/web/20130328121447/http://articles.timesofindia.indiatimes.com/2013-02-02/top-stories/36703205_1_india-cements-ms-dhoni-corporate-trophy. 
  7. Jagannathan, K. T. (2 February 2013). "India Cements appoints Dhoni as Vice-President". The Hindu (Chennai, India). http://www.thehindu.com/business/companies/india-cements-appoints-dhoni-as-vicepresident/article4369568.ece?homepage=true. 
  8. http://www.deccanchronicle.com/141006/sports-football/article/dhoni-becomes-isl-team-chennaiyin-fc-co-owner
  9. PTI (1 November 2011). "Dhoni, Bindra conferred Lt. Col. rank". New Delhi Edition (Chennai, India: The Hindu). http://www.thehindu.com/sport/other-sports/article2589084.ece। আহৰণ কৰা হৈছে: 2 November 2011. 
  10. "Mahendra Singh Dhoni". Forbes. 2014-07-30. http://www.forbes.com/profile/mahendra-singh-dhoni/। আহৰণ কৰা হৈছে: 2014-08-07. 
  11. "The World's Highest-Paid Athletes 2014: Behind The Numbers". Forbes. http://www.forbes.com/sites/kurtbadenhausen/2014/06/11/the-worlds-highest-paid-athletes-2014-behind-the-numbers/। আহৰণ কৰা হৈছে: 2014-08-07. 
  12. "Mahendra Singh Dhoni in Forbes list of world's highest paid athletes – Economic Times". Economictimes.indiatimes.com. 2014-06-12. http://economictimes.indiatimes.com/news/sports/mahendra-singh-dhoni-in-forbes-list-of-worlds-highest-paid-athletes/articleshow/36427556.cms। আহৰণ কৰা হৈছে: 2014-08-07. 
  13. "Dhoni only Indian in Forbes list of world's 100 highest paid athletes". Hindustan Times. 2014-06-12. Archived from the original on 2014-08-06. https://web.archive.org/web/20140806160142/http://www.hindustantimes.com/sports-news/cricketnews/dhoni-only-indian-in-forbes-list-of-world-s-100-highest-paid-athletes/article1-1228602.aspx। আহৰণ কৰা হৈছে: 2014-08-07. 
  14. "Dhoni in Forbes List of Worlds Highest Paid Athletes - NDTVProfit.com". Profit.ndtv.com. 2014-06-12. http://profit.ndtv.com/news/industries/article-dhoni-in-forbes-list-of-worlds-highest-paid-athletes-493438। আহৰণ কৰা হৈছে: 2014-08-07. 
  15. "The 2011 Time 100". Time. Archived from the original on 19 April 2012. https://web.archive.org/web/20120419010616/http://www.time.com/time/specials/packages/0,28757,2066367,00.html। আহৰণ কৰা হৈছে: 2 September 2011. 
  16. "MS Dhoni, Mary Kom world's 16th, 38th most marketable athletes". The Times Of India. 26 June 2012. Archived from the original on 2013-06-18. https://web.archive.org/web/20130618042111/http://articles.timesofindia.indiatimes.com/2012-06-26/off-the-field/32424123_1_mc-mary-kom-london-olympics-world-champion-boxer. 
  17. "Dhoni awarded honorary doctorate degree by British University | Cricket News – Yahoo! Cricket". Cricket.yahoo.com. 20 April 2011. http://cricket.yahoo.com/cricket/news/article?id=item/2.0/-/story/cricket.ani.com/dhoni-awarded-honorary-doctorate-degree-british-university-20110830/। আহৰণ কৰা হৈছে: 9 May 2012. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

সম্পাদনা কৰক
Sporting positions
পূৰ্বৱৰ্তী
অনিল কুম্বলে
ভাৰতৰ টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক
২০০৮–২০১৪
পৰৱৰ্তী
বিৰাট ক'হলি
পূৰ্বৱৰ্তী
ৰাহুল দ্ৰাবিড়
ভাৰতৰ এদিনীয়া ক্ৰিকেট দলৰ অধিনায়ক
২০০৭–বৰ্তমান
পৰৱৰ্তী
Incumbent
পূৰ্বৱৰ্তী
বীৰেন্দৰ ছেহৱাগ
ভাৰতৰ টুৱেণ্টি২০ ক্ৰিকেট দলৰ অধিনায়ক
২০০৭–বৰ্তমান
পৰৱৰ্তী
Incumbent