৭ জুলাই
তাৰিখ
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২২ |
৭ জুলাই (ইংৰাজী: 7 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৮তম (অধিবৰ্ষত ১৮৯তম) দিন। বছৰ শেষ হ'বলৈ ১৭৭ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৭৬৩ - মীৰজাফৰে পুনৰ বংগৰ নবাব হিচাপে গাদী দখল কৰে।
- ১৮৯৬ - ভাৰতলৈ প্ৰথম চিনেমাৰ আগমণ ঘটে। ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ উদ্যোগত মুম্বাইত প্ৰদৰ্শিত হয় প্ৰথম চিনেমা।
- ১৯০৫ - লৰ্ড কাৰ্জনে বংগ বিভাজন কথা ঘোষণা কৰে।
- ১৯৯৬ - ভাৰতীয় চলচ্চিত্ৰৰ শতবাৰ্যিকী উৎসৱ আৰম্ভ হয়।
- ২০০৭ - ছাহজাহানৰ মৰমৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মিত তাজমহলে বিশ্বৰ সপ্ত আশ্চৰ্যৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰে।
- ২০০৮ - জাপানত জি-৮ সন্মিলন আৰম্ভ হৈছিল।
- ২০১১ - ইৰাকত ৯০০জন লোকৰ গণকবৰ উদ্ধাৰ কৰা হয়।
- ২০১১ - পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ নাম সলনি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।
- ২০১২ - কেন্দ্ৰীয় চৰকাৰে অসমত ‘‘মন' ৰে'ল সেৱা’’ প্ৰৱৰ্তন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।
- ২০১৩ - এগৰাকী ভাৰতীয় ৰাজনীতিবিদ ৰঞ্জিৎ শেখৰ মুছাহাৰীদেৱে মেঘালয়ৰ ৰাজ্যপাল হিচাপে কাৰ্যকাল সামৰে।
- ২০২১ - অসম চৰকাৰে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু তিথি ২৮ জুলাই ‘দেশভক্তি দিৱস’ আৰু গোপীনাথ বৰদলৈৰ মৃত্যু তিথি ৫ আগষ্ট ‘কৰ্মচাৰী দিৱস’ হিচাপে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে।
- ২০২১ - অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে যে সকলো চৰকাৰী কাৰ্যসূচী জাতীয় সংগীতেৰে আৰম্ভ আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সমাপ্ত কৰা হ’ব।
দুৰ্ঘটনাসম্পাদনা কৰক
জন্মসম্পাদনা কৰক
- ১৯৪৭ - নেপালৰ ৰজা জ্ঞানেন্দ্ৰ বীৰ বিক্ৰম শ্বাহ দেৱ (ইংঃ Gyanendra Bir Bikram Shah Dev)।
- ১৯৭৩ - কৈলাস খেৰ, বলিউডৰ গায়ক।
- ১৯৮১ - মহেন্দ্ৰ সিং ধোনি, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক, মিড্ল-অৰ্ডাৰ বেট্ছমেন আৰু উইকেটৰক্ষক।
মৃত্যুসম্পাদনা কৰক
- ১৩০৭ - স্কটলেণ্ড আক্ৰমণ কৰিবলৈ যাওঁতে ইংলেণ্ডৰ ৰজা প্ৰথম এডৱাৰ্ডৰ মৃত্যু হয়।
- ১৯৩০ - ইংৰাজ ৰহস্য ঔপন্যাসিক ছাৰ আৰ্থাৰ কনান ডয়ালৰ মৃত্যু হয়।
- ১৯৯০ - মিজো নেচনেল ফ্ৰণ্টৰ শীৰ্ষনেতা লালডেংগাৰ মৃত্যু হয়।
- ২০২১ - ট্ৰেজেদী কিং দিলীপ কুমাৰ (মহম্মদ ইউচুফ খান), বলিউডৰ অভিনেতা, ৯৮ বছৰ বয়সত মৃত্যু হয়, তেখেতক পদ্মভূষণ (১৯৯১), দাদাচাহেব ফাল্কে বঁটা (১৯৯৪) আৰু পদ্মবিভূষণ (২০১৫) আদিৰে বিভূষিত কৰা হৈছিল।
দিৱসসম্পাদনা কৰক
- আন্তৰ্জাতিক সমবায় দিৱস।
- বিশ্ব চক্লেট দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৭ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |