মহো-হো গীত

অসমীয়া লোকগীত

মহো-হো গীত বা মহখেদা গীত হ'ল এবিধ অসমীয়া লোকগীত। লোক-বিশ্বাসৰ ভেটিতে লোক-সাহিত্য ৰচিত হৈছে। বাঘ-সিংহ, সাপ, ম'হ আদি হিংস্ৰ জন্তুৰ লগতে আধিভৌতিক শক্তিকো মন্ত্ৰ-তন্ত্ৰৰ জৰিড়তে মানুহৰ বশলৈ আনিব পৰি বুলি পুৰণি অসমীয়া সমাজখনত এক লোক-বিশ্বাস আছিল। এনেজন বিশ্বাসৰ আলমতে মহো-হো গীতবোৰ ৰচিত হৈছে।[1] নামনি অসমৰ গাঁওসমূহত মহ খেদিবলৈ বুলি গাঁৱৰ ৰাইজ একত্ৰিত হৈ টাঙোন লৈ মহো-হো গীত গায়। “অ' হৰি মহোহো/ মহ খেইদবা টোকান লো।”[1] - সংগীতেৰে মহ খেদিবলৈ যোৱাটো এক অদ্ভুত কল্পনা যেন লাগিলেও ৰাইজে আঘোণ মাহৰ পূৰ্ণিমা তিথিত[1] মহখেদা গীত গাই চোতালে চোতালে আশীৰ্বাদ দি ফুৰে। এইদৰে কৰিলে মহ আঁতৰি যায় বুলি বিশ্বাস আছে। মহো-হো গীতৰ বিষয়-বস্তু শিশু মনোধৰ্মী[1] আৰু বেছি অংশই কৌতুকপূৰ্ণ।[2] মহো-হো গীত লৌকিক ঋতুকালীন উৎসৱ মহো-হো উৎসৱৰ অংশবিশেষ। নামনি অসমৰ অভিভক্ত কামৰূপ জিলা আৰু দৰং জিলাত এই উৎসৱ পালন কৰা হয়। এই উৎসৱ পুৰুষ প্ৰধান।[2] উৎসৱত নাৰীৰ কোনো স্থান নাই। লগতে পূজা-পাতল, নৈবেদ্যৰো কোনো স্থান নাই। ঠাই বিশেষে মহো-হো উৎসৱ পালনৰ উদ্দেশ্য বেলেগ-বেলেগ। গোৱালপাৰা জিলাৰ এউৰী বা অ'ৰি, সোনাৰায় পূজা, দৰঙৰ মহ খেদা উৎসৱ, পূৰ্ববংগৰ ভাল্লাভুল্লা উৎসৱ আদিৰ লগত মহো-হো উৎসৱৰ সাদৃশ্য আছে। নলবাৰী জিলাত এই উৎসৱক ভাল-ভলৌকা আৰু বৰপেটা জিলাত ইয়াক ভাওল দিয়া উৎসৱ বুলি জনা যায়।[2]

গীত পৰিৱেশনৰ ৰীতি সম্পাদনা কৰক

মহো-হো গীত গোৱা দলটিত একোজনকৈ দলপতি থাকে। তেওঁ মহো-হো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু তেওঁক অনুসৰণ কৰি বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰীবোৰ সমবেত কণ্ঠেৰে গাই যায়। শেষত গৃহস্থক আশীৰ্বাদ দি তেওঁলোকৰ পৰা চাউল/টকা গ্ৰহণ কৰে । তাৰপিছত দ্বিতীয়জন গৃহস্থৰ ঘৰলৈ যায়।[3] গীত গাই সংগ্ৰহ কৰা ধনেৰে তেওঁলোকে ভোজ-ভাত খায় । গীত গাঁওতে এজনে কলৰ চোঁচনি গাত আঁৰি ভালুক হয়। তেওঁ অনুষ্ঠানৰ মূল নৰ্তক[2] আৰু তেওঁ গীত গোৱা জুমটোৰ মাজত সোমাই নাচে। বাকীবোৰে তেওঁক আৱৰি লৈ একোটা বৃত্ত বনায় আৰু বৃত্তাকাৰে নাচি-নাচি গীত পৰিৱেশন কৰে। ভালুক আৰু মহৰ মাজত কিবা সম্বন্ধ বিচাৰি পাই বাবে মহো-হো গীতত ভালুকৰ অৱতাৰণা কৰা বুলি কোৱা হৈছে।[1]সাধাৰণতে মহো-হো গীত পৰিৱেশনত বিশেষ সাজ-পাৰৰ একো ভূমিকা নাই। গৰখীয়া ল'ৰাহঁতে ঘৰত পিন্ধা সাজপাৰেৰে এই গীত পৰিৱেশন কৰে। গীতৰ সাহিত্যিক সৌন্দৰ্যত একো গুৰুত্ব আৰোপ কৰা নহয়। পৰিৱেশকে গৃহস্থৰ পৰিৱেশ পৰিস্থিতি লক্ষ্য কৰি গীতত থাউকতে নতুন পংক্তি কিছুমান সংযোজন কৰে। [2]মহো-হো গীতত নৃত্যৰ প্ৰাধান্য কম।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 ড॰ লীলা গগৈ (জানুৱাৰী, ২০০৭). অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. ১১২-১১৪. ISBN ৮১-৭৩৩৩৯-৩২৭-৩. 
  2. 2.0 2.1 2.2 2.3 2.4 ড° কবিতা ডেকা (২০১৮). অসমৰ লোক পৰিৱেশ্য কলা (প্ৰথম খণ্ড). পূৰ্বায়ণ প্ৰকাশন. পৃষ্ঠা. ২৬৪-২৭১. ISBN ৯৭৮-৯৩-৮৮৫৯৩-১৭-৫. 
  3. ভৰালী, বিভা. "মহোহো বা মহখেদা উৎসৱ". বিকাশপেডিয়া. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ae9b99b9-9ac9be-9ae9b99969c79a69be-9899ce9b89f1। আহৰণ কৰা হৈছে: 29 September 2020.