লীলা গগৈ
ড॰ লীলা গগৈ (ইংৰাজী: Dr. Lila Gogoi; ১৯৩০-১৯৯৪) এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ আছিল। তেওঁ অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক আছিল। ১৯৯৪ চনত অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰিছিল[1]।[2]
ড॰ লীলা গগৈ | |
---|---|
জন্ম | ২৫ নৱেম্বৰ, ১৯৩০ চেৰেকাপাৰ, হাতীমূৰীয়া গাঁও, শিৱসাগৰ |
মৃত্যু | ২৩ জুলাই, ১৯৯৪ (৬৩ বছৰ) চেৰেকাপাৰ, শিৱসাগৰ |
পেচা | সহিত্যিক, শিক্ষাবিদ, বুৰঞ্জীবিদ, গন্থকাৰ, |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
শিক্ষা | স্নাতকোত্তৰ, ডক্তৰেট সন্মান। |
উল্লেখযোগ্য বঁটা | সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা |
দাম্পত্যসংগী | চন্দ্ৰপ্ৰভা বুঢ়াগোহাঁই |
সন্তান | জুৰি গগৈ, লনি গগৈ |
জন্মসম্পাদনা কৰক
শিৱসাগৰৰ হাতীমূৰীয়া গাঁৱৰ চেৰেকাপাৰাত ১৯৩০ চনৰ ২৫ নবেম্বৰ তাৰিখে ড॰ লীলা গগৈৰ জন্ম হয়।
পৰিয়ালসম্পাদনা কৰক
ড॰ লীলা গগৈৰ পিতৃৰ নাম ধনীৰাম গগৈ আৰু মাতৃৰ নাম কমলা গগৈ। তেওঁ ১৯৬৫ চনত চন্দ্ৰপ্ৰভা বুঢ়াগোহাঁইৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁ দুগৰাকী কন্যা যথাক্ৰমে-জুৰি গগৈ আৰু লনি গগৈ।[2]
শিক্ষাসম্পাদনা কৰক
১৯৩৫ চনত চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। ১৯৪৩ চনত শিৱসাগৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ পৰা উচ্চ গণিত আৰু উচ্চ অসমীয়া সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ পাছত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ১৯৫০ চনত সংস্কৃত বিষয়ত লেটাৰসহ প্ৰবেশিকা পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীন হয়। একাদিক্ৰমে ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আই এ, ১৯৫৮ চনত সম্পূৰ্ণ প্ৰাইভেট শিক্ষক পৰীক্ষাৰ্থী হিচাপে স্নাতক আৰু ১৯৬২ চনত সম্পূৰ্ণ প্ৰাইভেট শিক্ষক পৰীক্ষাৰ্থী হিচাপে অসমীয়া সাহিত্য বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে। ১৯৮২ চনত অসমীয়া বুৰঞ্জী সাহিত্যৰ সমালোচনাত্মক অধ্যয়ন বিষয়ৰ গৱেষণাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট সন্মান লাভ কৰে।[2]
কৰ্ম জীৱনসম্পাদনা কৰক
লীলা গগৈয়ে ১৯৫১ চনত শিৱসাগৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পাছলৈ তেওঁ গড়গাঁও মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয়ত প্ৰবক্তা হিচাপেও আছিল। ১৯৫৪ চনত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত গৱেষক হিচাপে সুবিধা পোৱা গগৈয়ে ১৯৫৬-৫৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা আৰু জনজাতীয় সংস্কৃতি বিভাগত গৱেষক হিচাপে নিযুক্তি পায়। এই সময়ছোৱাতে তেওঁ 'নতুন অসমীয়া' কাকতৰ সম্পাদনাৰ দায়িত্বভাৰো গ্ৰহণ কৰে। ১৯৬৩ চনত আকাশবাণী (গুৱাহাটী)ত 'স্পকেন ৱৰ্ড প্ৰডিউচাৰ' হিচাপে চাকৰিত যোগ দিয়া লীলা গগৈয়ে প্ৰয়োজনৰ তাগিদাত ভালেমান গীত আৰু গীতি কবিতাও ৰচনা কৰে। তেওঁ তেওঁ ১৯৭৮-৮০ ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক, ১৯৮০-৮১ত উপসভাপতি থকাৰ উপৰিও ১৯৫৬ চনৰ সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ সদস্য আৰু অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ বুৰঞ্জী সন্মিলনৰ সভাপতি আছিল। ১৯৬৮ চনৰ আগষ্ট মাহত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগ দিয়ে। ১৯৮৩ চনৰ পৰা ১৯৯০ চনলৈকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহ অধ্যাপক হিচাপে কাম কৰাৰ উপৰিও ওপৰঞ্চিভাৱে সমন্বয় সমিতিৰ সচিবৰ দায়িত্ব পালন কৰে। ১৯৯০ চনত উক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ 'প্ৰফেছাৰ' পদ পোৱাৰ পিছত বছৰেকমান শিক্ষাদান কৰি অৱসৰ লয়। ১৯৯১-৯৩ সময়চোৱাত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পূৰ্ণকালীন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ ৬০তম অধিৱেশনৰ অৰ্থাৎ ১৯৯৪ চনৰ মৰিগাঁও বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰিছিল।[2]
প্ৰাপ্ত বঁটাসমূহসম্পাদনা কৰক
- সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা
- সাহিত্য-কৰ্মৰ পুৰস্কাৰ নগদ ৫০০ টকা, (১৯৬৩)
- UNESCO ৰ পৰা সীমান্তৰ মাটি আৰু মানুহ গ্ৰন্থৰ বাবে পুৰস্কাৰ নগদ ১১০০ টকা, (১৯৬৫)
সাহিত্য কৰ্মসম্পাদনা কৰক
ৰচনাৱলী
|
|
ইংৰাজী সংকলন
|
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ 2.0 2.1 2.2 2.3 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃষ্ঠা. ১৭৩, ১৭৪.