মালবিকা চাৰুক্কাই (ইংৰাজী: Malavika Sarukkai) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্য শিল্পী আৰু নৃত্য পৰিচালক। তেখেতৰ নৃত্যৰ মূল বিচৰণ ক্ষেত্ৰ হৈছে ভাৰতনাট্যম[1][2][3] তেখেতে ২০০২ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[4]২০০৩ চনত তেখেতক ভাৰত চৰকাৰে দেশৰ চতুৰ্থটো সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানীত কৰে।[5]

মালবিকা চাৰুক্কাই
জন্ম ১৯৫৯
তামিলনাডু, ভাৰত
পেচা ধ্ৰুপদী নৃত্যশিল্পী
জনা যায় ভাৰতনাট্যম
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
১৯৯৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত দেশৰ প্ৰথম মহিলা হিলাৰী ক্লিণ্টনক সাক্ষাৎৰ মুহূৰ্ত

জীৱনী সম্পাদনা কৰক

১৯৫৯ চনত মালবিকা চাৰুক্কাইৰ জন্ম হয়। তেখেতেৰ জন্মস্থান আছিল ভাৰতৰ দক্ষিণ ভাৰতীয় ৰাজ্য তামিলনাডু[6] ভাৰত নাট্যমৰ শিক্ষা তেখেতে আৰম্ভ কৰে মাত্ৰ সাত বছৰ বয়সতেই। তেখেতে তাঞ্জভুৰ বিদ্যালয়ৰ কল্যাণসুন্দৰম পিল্লাইৰ অধীনত শিক্ষা গ্ৰহণ কৰে। তেখেতৰ আনজন গুৰু আছিল ভাজুভুৰ বিদ্যালয়ৰ ৰাজাৰত্নাম।[7][8][9] মালবিকা চাৰুক্কাইয়ে 'অভিনয়া'ৰ শিক্ষাও গ্ৰহণ কৰে। কালানিধী নাৰায়ণনৰ অধীনত তেখেতে উক্ত শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেখেতে ওডিছী শিক্ষা গ্ৰহণ কৰে প্ৰখ্যাত গুৰু কেলুচৰণ মহাপাত্ৰ আৰু ৰমনী ৰঞ্জন জেনাৰ অধীনত।[7][8][9]১২ বছৰ বয়সত মহাৰাষ্ট্ৰৰ মুম্বাইত মালবিকাই নৃত্য-অভিষক ঘটায়।[7][10] তেখেতে ভাৰতৰ বহুঠাইতে নৃত্য পৰিৱেশন কৰে।[11][12] দেশৰ বাহিৰলৈকো তেখেত নৃত্য পৰিৱেশন কৰিবলৈ একাধিকবাৰ ৰাওনা হৈছে।[13][14] বিদেশৰ 'লিংকন চেণ্টাৰ ফ'ৰ দ্য পাৰফৰ্মিং আৰ্টছ', নিউ ইয়ৰ্ক তাৰে ভিতৰত অন্যতম।[15]জন এফ. কেনেডী ফ'ৰ দ্য পাৰফৰ্মিং আৰ্টছ[16] আৰু চিকাগোতো তেখেতে নৃত্যানুষ্ঠান সম্পন্ন হৈছে।[17] তেখেতৰ কৰ্ম আৰু জীৱনক সাঙুৰি এখন বিশেষ তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে। নাম হৈছে 'সমৰ্পণম'। এইখনৰ নিৰ্মাণত উদ্যোগ লৈছিল ভাৰত চৰকাৰে।[7][8][13] বিবিচি/ডব্লিউনেটৰ জৰিয়তে সম্প্ৰচাৰিত হৈ থকা 'Dancing' নামৰ এখনি দূৰদৰ্শনৰ তথ্যচিত্ৰতো তেখেতৰ কৰ্মৰাজিক উপস্থাপন কৰা হৈছে। উল্লেখনীয় যে, এইখন তথ্যচিত্ৰৰ দৈৰ্ঘ্য নঘণ্টা।[7][8][10] মুম্বাইত থকা 'নেশ্যনেল চেণ্টাৰ ফ'ৰ দ্য পাৰফৰ্মিং আৰ্টছ'ত প্ৰদৰ্শিত হোৱা এখন বিশেষ তথ্যচিত্ৰ 'The Unseen Sequence – Exploring Bharatanatyam Through the Art of Malavika Sarukkai'তো মালবিকাৰ কৰ্মৰাজি আৰু বিশিষ্টতাক দেখুওৱা হৈছে।[10]

বঁটা আৰু স্বীকৃতি সম্পাদনা কৰক

২০০২ চনত ভাৰত চৰকাৰে মালবিকা চাৰুক্কাইক সংগীত নাটক একাডেমী বঁটাৰে সন্মানীত কৰে।[4][7] তামিলনাডুৰ চৰকাৰৰ পৰা মালবিকাই 'কালাইমামণি' উপাধি লাভ কৰে। ইয়াৰ লগতে 'মৃণালিনী চাৰাভাই বঁটা'ৰ দৰে অইন একাধিক গুৰুত্বপূৰ্ণ সন্মানেৰেও তেখেতক স্বীকৃতি প্ৰদান কৰা হৈছে।[13] নৃত্যচূড়ামণি উপাধি, সংস্কৃতি বঁটা আৰু হৰিদাস সন্মিলনী বঁটা হৈছে এইসমূহৰ ভিতৰত অন্যতম।[2][7] ২০০৩ চনত ভাৰত চৰকাৰে তেখেতক পুনৰবাৰ সন্মানীত কৰে। দেশৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰীৰে তেখেতলৈ সন্মান যঁচা হয়।[2][5][7]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "INK Talks". INK Talks. 2015. http://www.inktalks.com/people/malavikasarukkai। আহৰণ কৰা হৈছে: 8 February 2015. 
  2. 2.0 2.1 2.2 "Kennedy Center". Kennedy Center. 2015. https://www.kennedy-center.org/explorer/artists/?entity_id=62204&source_type=A##। আহৰণ কৰা হৈছে: 8 February 2015. 
  3. "Walk The Talk with Malavika Sarukkai". NDTV. February 2006. http://www.ndtv.com/video/player/walk-the-talk/walk-the-talk-with-malavika-sarukkai-aired-february-2006/294826। আহৰণ কৰা হৈছে: 8 February 2015. 
  4. 4.0 4.1 "Sangeet Natak AKademi Award". Sangeet Natak AKademi. 2015. Archived from the original on 30 May 2015. https://web.archive.org/web/20150530204253/http://sangeetnatak.gov.in/sna/awardeeslist.htm। আহৰণ কৰা হৈছে: 8 February 2015. 
  5. 5.0 5.1 "Padma Awards". Padma Awards. 2015. Archived from the original on 15 November 2014. https://www.webcitation.org/6U68ulwpb?url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 6 February 2015. 
  6. Vijaya Ramaswamy (2007). Historical dictionary of the Tamils. Lanham, Md. : Scarecrow Press. ISBN 9780810853799. http://www.worldcat.org/search?q=9780810853799&qt=owc_search. 
  7. 7.0 7.1 7.2 7.3 7.4 7.5 7.6 7.7 "Indian Arts". Indian Arts. 2015. http://www.indiansarts.com/malavikapage.htm। আহৰণ কৰা হৈছে: 8 February 2015. 
  8. 8.0 8.1 8.2 8.3 "Bengal Foundation". Bengal Foundation. 2015. Archived from the original on 8 February 2015. https://web.archive.org/web/20150208202920/http://www.bengalfoundation.org/?post_type=singer&p=33886। আহৰণ কৰা হৈছে: 8 February 2015. 
  9. 9.0 9.1 Malavika Sarukkai (2015). Interview. Veejay Saiৰ সৈতে সাক্ষাৎকাৰ. 
  10. 10.0 10.1 10.2 "Blouin Art Info". Blouin Art Info. 2015. Archived from the original on 8 February 2015. https://web.archive.org/web/20150208211805/http://in.blouinartinfo.com/news/story/958960/dancer-malavika-sarukkai-in-the-unseen-sequence। আহৰণ কৰা হৈছে: 8 February 2015. 
  11. "Malavika Sarukkai: A tribute to Thimmakka". INKTalks. 13 November 2013. https://www.youtube.com/watch?v=iIfmI27Nh_Q। আহৰণ কৰা হৈছে: 8 February 2015. 
  12. "Padmashri Malavika Sarukkai Performs Bharatanatyam - Yaksha 2014". Isha Foundation. 21 February 2014. https://www.youtube.com/watch?v=FCqj77FcSLU। আহৰণ কৰা হৈছে: 8 February 2015. 
  13. 13.0 13.1 13.2 "Canary Promo". Canary Promo. 2015. Archived from the original on 8 February 2015. https://web.archive.org/web/20150208203152/http://www.canarypromo.com/pressrelease/MalavikaSarukkai। আহৰণ কৰা হৈছে: 8 February 2015. 
  14. "TOI India performance". TOI. 27 June 2012. http://timesofindia.indiatimes.com/city/chennai/Dance-has-been-my-life-since-I-was-7-Malavika-Sarukkai/articleshow/14422225.cms। আহৰণ কৰা হৈছে: 8 February 2015. 
  15. "Huffington Post". Huffington Post. 21 December 2013. http://www.huffingtonpost.com/ramaa-reddy-raghavan/malavika-sarukkai-achievi_b_4486246.html। আহৰণ কৰা হৈছে: 8 February 2015. 
  16. Seibert, Brian (18 November 2012). "Stories Told With a Leap, Even a Shake". New York Times. https://www.nytimes.com/2012/11/19/arts/dance/malavika-sarukkai-at-the-baryshnikov-arts-center.html?_r=0। আহৰণ কৰা হৈছে: 18 May 2017. 
  17. "Pulse Connects". Pulse Connects. 2015. Archived from the original on 8 February 2015. https://web.archive.org/web/20150208202800/http://www.pulseconnects.com/content/ConversationMalavikaSarukkai। আহৰণ কৰা হৈছে: 8 February 2015.