কেলুচৰণ মহাপাত্ৰ

এগৰাকী প্ৰথিতযশা ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, গুৰু আৰু ওদিছি নৃত্যৰ প্ৰসাৰক

কেলুচৰণ মহাপাত্ৰ (ইংৰাজী: Kelucharan Mohapatra; ৮ জানুৱাৰী ১৯২৬  – ৭ এপ্ৰিল ২০০৪) আছিল এগৰাকী প্ৰথিতযশা ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, গুৰু আৰু ওড়িছী নৃত্যৰ প্ৰসাৰক। এই ধ্ৰুপদী নৃত্যশৈলীটোক বিংশ শতিকাত জনপ্ৰিয় আৰু পুনৰোজ্জীৱিত কৰাৰ বাবে তেখেত স্মৰণীয়।[2] তেখেত হৈছে উৰিষ্যাৰ পৰা পদ্মবিভূষণ সন্মান লাভ কৰা কৰা প্ৰথমগৰাকী ব্যক্তি।[3]

কেলুচৰণ মহাপাত্ৰ
জন্ম ৮ জানুৱাৰী, ১৯২৬
ৰঘুৰাজপুৰ, পুৰী, উৰিষ্যা, ভাৰত
মৃত্যু ৭ এপ্ৰিল, ২০০৪ (৭৮ বছৰ)
ভুৱনেশ্বৰ, উৰিষ্যা, ভাৰত
পেচা ভাৰতৰ ধ্ৰুপদী নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ
সক্ৰিয় হৈ থকা সময় ১৯৩৫–২০০৪
দাম্পত্যসঙ্গী লক্ষ্মীপ্ৰিয়া মহাপাত্ৰ[1]
সন্তান ৰতীকান্ত মহাপাত্ৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মবিভূষণ,
পদ্মভূষণ,
পদ্মশ্ৰী,
সংগীত নাটক একাডেমী বঁটা,
শ্ৰীমন্ত শংকৰদেৱ বঁটা

এগৰাকী প্ৰখ্যাত সংস্কৃত কবিয়ে তেওঁৰ বিষয়ে লিখিছে এইদৰে গুৰু : সাংগো-পাংগা-শুভাংগী-লাস্য-মধুৰম সমতীৰ্ণা-নৃত্যৰাণৱম, যাৰ অৰ্থ হৈছে- "তেখেতৰ নৃত্যৰত শৰীৰৰ প্ৰতিটো ভাঁজেই চমৎকাৰী ভংগিমা আৰু অংগবিন্যাসৰ জৰিয়তে এক পৰম মাধুৰ্যলৈ ৰূপান্তৰিত হয়। আচলতে গুৰু কেলুচৰণ মহাপাত্ৰই শৈলীৰ সমুদ্ৰ অতিক্ৰম কৰি গৈছিল। "[4]

যুৱকালত কেলুচৰণ মহাপাত্ৰই, গোটিপুৱা প্ৰদৰ্শন কৰিছিল-যিটো আছিল উৰিষ্যাৰে এক পৰম্পৰাগত নৃত্য। এইবিষ নৃত্যত যুৱকসকলে মহিলাৰ দৰে সাজ-সজ্জা কৰি প্ৰভু জগন্নাথৰ গুণানুকীৰ্ত্তন কৰে। পৰৱৰ্তী পৰ্যায়ত তেখেতে এইবিধ নৃত্যৰ বিষয়ে গভীৰ গৱেষণা কৰিছিল। তাৰ লগতে গৱেষণা কৰিছিল মাহাৰী নৃত্যৰো। এই কাৰ্যৰ ফলত তেখেতে ওড়িছী নৃত্যক পুনৰ্গঠন কৰিবলৈ সমৰ্থৱান হৈছিল। গুৰু কেলুচৰণ মহাপাত্ৰই মৃদংগম, পাখোৱাজ আৰু তবলাত নৈপুণ্য অৰ্জন কৰিছিল-যাৰ স্পষ্ট প্ৰতিফলন দেখিবলৈ পোৱা যায় তেখেতৰ নৃত্যত। পৰম্পৰাগত পটচিত্ৰ অংকনতো তেখেতে পাৰদৰ্শিতা অৰ্জন কৰিছিল।

নৃত্যশিল্পী আৰু তেখেতৰ পত্নী লক্ষ্মীপ্ৰিয়া, পুত্ৰ ৰতীকান্তৰ সৈতে কেলুচৰণ মহাপাত্ৰই ১৯৯৩ চনত ভুৱনেশ্বৰত শ্ৰজন নামৰ নৃত্য-বিদ্যালয়খন গঢ়ি তুলিছিল। বৰ্তমান ৰতীকান্ত মহাপাত্ৰৰ নেতৃত্বত চলি থকা এই শিক্ষানুষ্ঠানখনে ওড়িছী নৃত্যৰ শিক্ষা, প্ৰসাৰ আৰু ৰক্ষণাবেক্ষণৰ কাম কৰি আছে।[5]

 
গুৰু কেলুচৰণ মহাপাত্ৰৰ জন্মঠাই, উৰিষ্যাৰ ৰঘুৰাজপুৰত
 
ভুৱনেশ্বৰত কেলুচৰণ মহাপাত্ৰৰ মূৰ্তি
  • "Odissi is not a mere dance form to entertain people but to inspire and elevate. I don't actually dance but pray in compassion and the spectators say that this `form' is dancing."[8]
  • "The real dance must convey the feeling of undivided existence, that a spectator can feel that he is not different from the thing observed".[8]

বাহ্যিক সংযোগ

সম্পাদনা কৰক
ভিডিঅ' লিংক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Remembering the maestro[সংযোগবিহীন উৎস] Leela Venkatraman, The Hindu, 15 April 2005.
  2. DANCE REVIEW; Sculptural And Sensual, It's Odissi by Anna Kisselgoff, New York Times, 19 October 2000.
  3. Sampad, Shilpi (26 January 2013). "Sun dreamer gets Padma". telegraphindia.com (Calcutta, India). http://www.telegraphindia.com/1130126/jsp/odisha/story_16487304.jsp#.URDi_GduBtY। আহৰণ কৰা হৈছে: 5 February 2013. "after late Odissi dancer Guru Kelucharan Mohapatra" 
  4. Vanikavi Dr.Manmohan Acharya (1926-01-08). "SRJAN, Guru Kelucharan Mohapatra Odissi Nrityabasa". Srjan.com. Archived from the original on 2012-09-10. https://web.archive.org/web/20120910021257/http://www.srjan.com/GuruKelucharanMohapatra.php। আহৰণ কৰা হৈছে: 2012-08-22. 
  5. "History Of Srjan". Srjan. http://www.srjan.com/history_srjan_odissinrityabasa.php। আহৰণ কৰা হৈছে: 3 June 2018. 
  6. 6.0 6.1 6.2 "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  7. https://culturalaffairs.assam.gov.in/information-services/awards-0
  8. 8.0 8.1 "Glimpses of eternity". The Hindu (Chennai, India). 7 April 2006. http://www.hindu.com/fr/2006/04/07/stories/2006040701270300.htm.