মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ

মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ বা অযোধ্যা মছজিদ হৈছে অযোধ্যা বিবাদ গোচৰৰ সৈতে জড়িত ৰায়দানৰ পিছতে উত্তৰ প্ৰদেশঅযোধ্যাধনীপুৰভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দিষ্ট স্থানত নিৰ্মাধিন এখন মছজিদ।[1][2]

Ayodya Masjid
সাধাৰণ তথ্য
স্থান Dhanipur
মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ is located in India
{{{alt}}}
Shown within India
ভৌগোলিক স্থানাংক 26°45′43″N 82°00′07″E / 26.762°N 82.002°E / 26.762; 82.002স্থানাংক: 26°45′43″N 82°00′07″E / 26.762°N 82.002°E / 26.762; 82.002
ধৰ্মীয় আনুগত্য Muslim
Rite Islam
অঞ্চল Ayodya
ৰাজ্য Uttar Pradesh
Ecclesiastical or organizational status Constraction

মছজিদ আৰু সংশ্লিষ্ট কমপ্লেক্স নিৰ্মাণৰ কাম ভাৰত-ইছলামিক কালচাৰেল ফাউণ্ডেশ্যন (আই আই চি এফ)ৰ ট্ৰাষ্টৰ অধীনত।[3][4] অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দূৰত্বত ধনীপুৰ নামৰ ঠাইত এই মছজিদ নিৰ্মাণ হৈ আছে।[5]

২০২১ চনৰ ২৬ জানুৱাৰীৰ পৰা নিৰ্মাণ আৰম্ভ হয়।[3] ১৮৫৭ চনৰ ভাৰতীয় স্বাধীনতা যুদ্ধৰ নেতা মৌলৱী আহমদুল্লাহ শ্বাহৰ সন্মান হিচাপে এই মছজিদটোৰ নাম আনুষ্ঠানিকভাৱে আহমদুল্লাহ শ্বাহ মছজিদ নামেৰে নামকৰণ কৰা হয় যদিও পিছলৈ মছজিদটোৰ নাম মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ নামেৰে নামকৰণ কৰা হয়।[6]

অৱস্থান সম্পাদনা কৰক

ধনীপুৰ আনুষ্ঠানিকভাৱে অযোধ্যা জিলাফৈজাবাদ জিলাৰ সোহাৱাল তহচিলত অৱস্থিত এখন গাঁও। ৰাম মন্দিৰ স্থানৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত মছজিদৰ বাবে নিৰ্দিষ্ট প্লটটো অৱস্থিত।[7]

নিৰ্মাণ সম্পাদনা কৰক

উত্তৰ প্ৰদেশৰ ছুন্নী কেন্দ্ৰীয় ৱাকফ ব’ৰ্ডে ২০২১ চনৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু গছপুলি ৰোপণ কৰি আনুষ্ঠানিকভাৱে এই প্ৰকল্পটো আৰম্ভ কৰে। মছজিদ কমপ্লেক্সত চিকিৎসালয়, সংগ্ৰহালয়, পুথিভঁৰাল, প্ৰতিদিনে সৰ্বাধিক ২০০০ লোকক খাদ্য যোগান ধৰিব পৰা সামূহিক পাকঘৰ, মছজিদৰ উপৰিও ভাৰত-ইছলামিক সাংস্কৃতিক গৱেষণা কেন্দ্ৰ আৰু প্ৰকাশন ঘৰ আছে।[8]

ট্ৰাষ্টে লাভ কৰা অনুদানৰ প্ৰায় ৪০ শতাংশ হিন্দুসকলে প্ৰদান কৰাৰ বিপৰীতে মুছলমানসকলে ৩০ শতাংশ বৰঙণি আগবঢ়াইছে। মুঠ অনুদানৰ বাকী ৩০ শতাংশই কৰ্পৰেট অনুদান। ফাউণ্ডেশ্যনৰ সম্পাদক অথাৰ হুছেইনে নিশ্চিত কৰিছে যে ট্ৰাষ্টে আজিলৈকে ৪০ লাখ টকাৰ অনুদান লাভ কৰিছে আৰু ইয়াৰে ৪০ শতাংশ হিন্দু সমাজৰ বৰঙণি আগবঢ়াইছে।[9]

মতানৈক্য সম্পাদনা কৰক

অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব'ৰ্ডে এই মছজিদ নিৰ্মাণ ৱাকফ আইন বিৰোধী আৰু শ্বৰীয়ত আইনৰ অধীনত অবৈধ বুলি উল্লেখ কৰিছে।[10] এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়েও দাবী কৰে যে মছজিদটো নিৰ্মাণ আৰু নামাজ পঢ়াৰ বাবে ধন দান কৰাটো ইছলামিক নীতি অনুসৰি হাৰাম (নিষিদ্ধ) যাৰ উত্তৰত মছজিদ ট্ৰাষ্টে উত্তৰ দিছিল যে “মানৱতাৰ সেৱা কৰাটো হাৰাম নহয়”।[11]

মালিকীস্বত্বৰ বিবাদ সম্পাদনা কৰক

দিল্লীৰ দুগৰাকী ভগ্নীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত আবেদন দাখিল কৰি মছজিদৰ বাবে আবণ্টিত মাটিৰ লগতে চাৰিওফালৰ ২৮ একৰ মাটিৰ মালিকীস্বত্ব দাবী কৰে যিটো তেওঁলোকে বিভাজনৰ সময়ত তেওঁলোকৰ পিতৃক দিয়া বুলি কয়।[12]

লগতে চওক সম্পাদনা কৰক

তথ্যসমূহ সম্পাদনা কৰক

  1. "Ayodhya mosque to be named after the Prophet; design finalised" (en ভাষাত). Hindustan Times. 2023-10-13. https://www.hindustantimes.com/cities/lucknow-news/ayodhya-mosque-to-be-named-after-the-prophet-design-finalised-101697139664822.html। আহৰণ কৰা হৈছে: 2023-12-03. 
  2. Mishra, Ishita (2023-10-12). "Proposed mosque in Ayodhya gets a new name and design" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/proposed-mosque-in-ayodhya-gets-a-new-name-and-design/article67413089.ece. 
  3. 3.0 3.1 Razak, Hanie Abdul (2021-01-19). "Construction of Ayodhya mosque to begin with flag-hoisting on Republic Day" (en-GB ভাষাত). The Siasat Daily. https://www.siasat.com/construction-of-ayodhya-mosque-to-begin-with-flag-hoisting-on-republic-day-2070951/। আহৰণ কৰা হৈছে: 2021-01-26. 
  4. "Ayodhya Mosque Work Starts On Republic Day With Tricolour Hoisting". NDTV.com. https://www.ndtv.com/india-news/ayodhya-mosque-work-starts-on-republic-day-with-tricolour-hoisting-tree-plantation-2358171। আহৰণ কৰা হৈছে: 2021-01-26. 
  5. "Dhannipur near Ayodhya already has 15 mosques, local Muslims want hospital and college too". theprint.in. February 7, 2020. https://theprint.in/india/dhannipur-near-ayodhya-already-has-15-mosques-local-muslims-want-hospital-and-college-too/361492/. 
  6. "Ahmadullah Shah: Ayodhya Mosque to be named after the maulana who died for India's Independence" (en ভাষাত). The Times of India. 25 January 2021. https://timesofindia.indiatimes.com/india/ahmadullah-shah-ayodhya-mosque-to-be-named-after-the-maulana-who-died-for-indias-independance/articleshow/80445822.cms। আহৰণ কৰা হৈছে: 2021-01-26. 
  7. 4m10! 1m2! 2m1! 1smuhammad+bin+abdullah+masjid! 3m6! 1s0x399a1b00108555c3:0x5491802082e82db1! 8m2! 3d26.762! 4d82.002! 15sChxtdWhhbW1hZCBiaW4gYWJkdWxsYWggbWFzamlkkgEGbW9zcXVl4AEA! 16s%2Fg%2F11vr_016nd?entry=ttu "Location on Google Maps". google maps. https://www.google.com/maps/place/Mohammed+Bin+Abdullah+Masjid/@26.7619999,81.9929878,16z/data=! 4m10! 1m2! 2m1! 1smuhammad+bin+abdullah+masjid! 3m6! 1s0x399a1b00108555c3:0x5491802082e82db1! 8m2! 3d26.762! 4d82.002! 15sChxtdWhhbW1hZCBiaW4gYWJkdWxsYWggbWFzamlkkgEGbW9zcXVl4AEA! 16s%2Fg%2F11vr_016nd?entry=ttu। আহৰণ কৰা হৈছে: 21 January 2024. 
  8. "Ayodhya's Dhannipur mosque project launched with unfurling of tricolour on Republic day". https://www.hindustantimes.com/india-news/ayodhyas-dhannipur-mosque-project-launched-with-unfurling-of-tricolour-on-rday-101611667926019.html. 
  9. उरमलिया, आशीष (2022-11-11). "अयोध्या मस्जिद निर्माण में सबसे ज्यादा दान हिंदुओं ने दिया: 36 महीने से एक सड़क बनी थी रोड़ा, नक्शा तक पास नहीं हो पाया" (hi ভাষাত). Dainik Bhaskar. https://www.bhaskar.com/local/uttar-pradesh/news/after-36-months-it-was-found-that-the-building-cannot-be-built-on-that-land-application-for-land-use-change-130547730.html। আহৰণ কৰা হৈছে: 2022-11-12. 
  10. "Ayodhya mosque against Waqf Act, illegal under Shariyat law: AIMPLB". https://www.hindustantimes.com/india-news/ayodhya-mosque-against-waqf-act-illegal-under-shariyat-law-aimplb/story-0QrFb4aJkLrQA8HwjzkceJ.html. 
  11. "Contributing for construction and prayers at masjid in Ayodhya is haraam: Owaisi". https://www.deccanchronicle.com/nation/politics/270121/contributing-for-construction-and-prayers-at-masjid-in-ayodhya-is-h.html. 
  12. "Delhi siblings claim ownership of land offered for Ayodhya mosque, move court". https://www.thehindu.com/news/national/delhi-siblings-claim-ownership-of-land-offered-for-ayodhya-mosque-move-court/article33746388.ece/amp/.