মেঠোন (ইংৰাজী: Gaur, Indian bison, বৈজ্ঞানিক নাম-Bos gaurus) দক্ষিণ-পূব এছিয়াৰ এবিধ বৃহৎ আকাৰৰ স্থানীয় প্ৰজাতি৷ এই প্ৰজাতিবিধ আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত হিচাপে স্বীকৃতি দিয়া হৈছে৷[1]৷ মেঠোনৰ দেহৰ উচ্চতা বনৰীয়া Cattle সমূহৰ ভিতৰত সৰ্বাধিক৷[2]

মেঠোন (Gaur)
Bos gaurus
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Artiodactyla
পৰিয়াল: Bovidae
উপপৰিয়াল: Bovinae
গণ: Bos
প্ৰজাতি: B. gaurus
বৈজ্ঞানিক নাম
Bos gaurus
Smith, 1827
সমাৰ্থক

Bos gour Hardwicke, 1827
Bos cavifrons Hodgson, 1837,
Bibos subhemachalanus Hodgson, 1837
Bos gaur Sundevall, 1846
Bos asseel Horsfield, 1851
Bubalibos annamiticus Heude, 1901

দৈহিক গঠন

সম্পাদনা কৰক
 
মতা মেঠোন
 
মেঠোনৰ শিং

মেঠোনৰ দেহটো অতি শক্তিশালী৷ ইয়াৰ কপালত শিঙদুটাৰ মাজেৰে এডাল উত্তল ওখ অংশ (high convex ridge) সন্মুখলৈ আছে আৰু ইয়াৰ বাবে মেঠোনৰ মূৰৰ সন্মুখ অংশত গাঁতৰ দৰে দেখা যায়৷ ইয়াৰ কাণ দুখন বৃহৎ, নেজ চুটি৷ মতা মেঠোনৰ গাৰ বৰণ গাঢ় মটিয়া, বুঢ়া মেঠোনৰ ছাল প্ৰায় ক'লা বৰণীয়া৷ অৱশ্যে মূৰৰ চকুৰ ওপৰৰ অংশ প্ৰায় গাঢ় মুগা বা কেতিয়াবা বগা যেন দেখা যায়৷ ইয়াৰ ঠেঙৰ তলৰ অংশ শুদ্ধ বগা বৰণৰ৷ ইয়াৰ বাহুৰ পৰা পিছফালৰ অংশলৈকে পিঠিয়েদি এডাল থিয় আঁচ (ridge) আছে৷ মেঠোনৰ গাৰ নোম চুটি৷[2]

মেঠোনৰ মূৰৰ পৰা দেহৰ দৈৰ্ঘ্য প্ৰাব ২৫০-৩৩০ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য ৭০-১০৫ ছে:মি: হয়৷ ইয়াৰ দেহৰ উচ্চতা বাহুৰ ওচৰত ১৬৫-২২০ ছে:মি:৷ মেঠোনৰ গড় ওজন প্ৰায় ৬৫০-১০০০ কিলোগ্ৰাম৷[3] মতা মেঠোন মাইকীতকৈ প্ৰায় এক-চতুথাংশ ডাঙৰ আৰু ইয়াৰ ওজনো অধিক৷[4]

মেঠোনৰ মতা আৰু মাইকী উভয়ৰে শিং থাকে৷ শিংযোৰ মূৰৰ দুয়োকাষে বাঢ়ি ওপৰলৈ ঘোৰ খোৱা হয়৷ শিঙৰ মাজত উত্তল অংশ এটা থাকে৷ শিঙৰ বৰণ শেঁতা সেউজীয়া বা হালধীয়া আৰু জোঙা অংশটো ক'লা হয়৷[2] শিঙৰ গড় দৈৰ্ঘ্য প্ৰায় ৬০-১১৫ ছে:মি: পৰ্যন্ত হয়৷[4][5]

মেঠোন বৰ্তমান জীৱিত অৱস্থাত থকা স্থলচৰ প্ৰাণীবোৰৰ ভিতৰতে অন্যতম বৃহৎ আকাৰৰ প্ৰাণী৷ ইয়াৰ বাহিৰে কেৱল হাতী, গঁড় আৰু হিপ্পপটেমাছৰ ওজন অধিক বুলি জনা যায়৷[উদ্ধৃতিৰ প্ৰয়োজন]

বিস্তৃতি

সম্পাদনা কৰক
 
বৰ্ত্তমানৰ বিস্তৃতি
 
Malayan gaur locally called seladang
 
নাগাৰহোলে ৰাষ্ট্ৰীয় উদ্যানত মতা মেঠোন
 
বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানত মেঠোন

ঐতিহাসিকভাৱে মেঠোন সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াতে পোৱা গৈছিল৷ ইয়াৰ ভিতৰত ভিয়াটনাম, কম্বোডিয়া, লাওছ, চীন, থাইলেণ্ড, মালয়েছিয়া, ম্যানমাৰ, ভাৰত, বাংলাদেশ, ভূটান, নেপাল আদিয়ে প্ৰধান৷ বৰ্ত্মান এই প্ৰজাতিটো কেইটামান বিভক্ত অঞ্চল (fragmented)ত হে বিস্তৃত হৈ আছে৷ ই শ্ৰীলংকাৰ পৰা সম্পূৰ্ণকৈ নিশ্চিহ্ন হৈ পৰিল৷ [1]

বাসস্থান

সম্পাদনা কৰক

মেঠোন ঘাইকৈ অৰ্ধ সেউজীয়া, সেউজীয়া আৰু সেমেকা পৰ্ণপাতী অৰণ্যত দেখা পোৱা যায়৷ ইয়াক সাগৰপৃষ্ঠৰ পৰা ৫০০০-৬০০০ মিটাৰ উচ্চতাৰ বনাঞ্চল সমূহত দেখা যায়৷ পৰ্যাপ্ত পানী, ঘাঁহ, বাঁহজাতীয় উদ্ভিদ, গুল্ম আৰু বৃক্ষজাতীয়া উদ্ভিদ থকা বনাঞ্চল মেঠোনে অধিক পছন্দ কৰে৷[6]

ভাৰতবৰ্ষত মেঠোনৰ জনসংখ্যা নব্বৈৰ দশকত প্ৰায় ১২,০০০-২২,০০০ বুলি ঠাৱৰ কৰা হৈছিল৷ দাক্ষিণাত্যৰ পৰ্বতীয়া অঞ্চলত ইয়াৰ এটা বৃহৎ গোট বাস কৰে বুলি জনা যায়৷ বিশেষকৈ নাগাৰহোলে ৰাষ্ট্ৰীয় উদ্যান, মুডুমালাই ৰাষ্ট্ৰীয় উদ্যান, বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান আদিত মেঠোনৰ বসতি অধিক৷[7] ভাৰত,ভূটান, বাংলাদেশত ইয়াৰ জনসংখ্যা প্ৰায় ২৩,০০০-৩৪,০০০ বুলি অনুমান কৰা হৈছে৷ [6][1] [8]

 
Wild gaur at a salt lick in Nagarhole National Park at Kabini

মেঠোন সাধাৰণতে দিনৰ ভাগত অধিক সক্ৰিয় হৈ থাকে৷ কিন্তু মানুহৰ বসতিৰ আশে পাশে ই নিশাচৰ স্বভাৱো লয়৷ খৰালি কালত ই গোট গঠন কৰি সৰু এলেকাত কটায় বাৰিষা অহাৰ লগে লগে পৰ্বতীয়া অঞ্চললৈ প্ৰব্ৰজন কৰে৷ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত মেঠোনে ৮-১১ টা জন্তু লগ হৈ গোটত বাস কৰে৷ এপ্ৰিল মে মাহত অধিক মতা মাহে প্ৰজননৰ বাবে গোটত লগ হয়৷ মে-জুন মাহত ইহঁতে এই ডাঙৰ গোট এৰি কেৱল মতা মেঠোনৰ গোট গঠন কৰে৷ এনে গোট সমূহে দিনে ২-৫ কিলোমিটাৰ কৈ অঞ্চলত চৰি ফুৰে৷[9]

মেঠোনৰ দল সাধাৰণতে পূৰ্ণবয়স্ক মাইকী মেঠোনে নেতৃত্ব দিয়ে৷ পূৰ্ণবয়স্ক মতা মেঠোন প্ৰায়ে অকলশৰীয়াকৈ থাকে৷ শত্ৰুৰ উপস্থিতিত ই এক বিশেষ ধৰণৰ এলাৰ্ম দিয়ে৷[10]

 
Adina cordifolia (Haldina) tree leaves

মেঠোনে ঘাইকৈ বিভিন্ন উদ্ভিদ খাই জীয়াই থাকে৷ ই গছৰ ওপৰৰ অংশ অৰ্থাৎ পাতৰ আগ, কাণ্ড, গুটি আৰু ফুল আদি খাই জীয়াই থাকে৷ [11]

মেঠোনৰ প্ৰজনন সমগ্ৰ বছৰ জুৰি হয়৷ জুনমাহৰ পৰা ডিচেম্বৰৰ ভিতৰত সৰ্বাধিক প্ৰজনন হয়৷ প্ৰায় ২৭৫ দিনৰ গৰ্ভধাৰণৰ অন্তত মেঠোনে এটাকৈ পোৱালিৰ জন্ম দিয়ে৷ দ্বিতীয় বা তৃতীয় বছৰৰ ভিতৰত মেঠোন পূৰ্নবয়স্ক হৈ উঠে৷ মেঠোনৰ গড়ৱ আয়ুস প্ৰায় ৩০ বছৰ৷[9]

লাওছত চোৰাংচিকাৰৰ বাবে মেঠোনৰ জনসংখ্যা ঘোৰ সংকটৰ মুখামুখি হৈছে৷[12] তেনেদৰে থাইলেণ্ডতো ইয়াৰ মাংসৰ বৰ্ধিত বজাৰমূল্যৰ বাবে হোৱা চোৰাংচিকাৰে জনসংখ্যাৰ ক্ষতি কৰিছে৷

মেঠোনক ইতিমধ্যে CITES Appendix I ত স্থান দিয়া হৈছে৷ ই বিস্তৃত হৈ থকা প্ৰায়বোৰ অম্চলতে ইয়াৰ প্ৰতিৰক্ষাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে৷[1]

লগতে চাওক

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 Duckworth, J.W., Steinmetz, R., Timmins, R.J., Pattanavibool, A., Than Zaw, Do Tuoc, Hedges, S. (2008). "Bos gaurus". IUCN Red List of Threatened Species. Version 2012.2. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/2891. 
  2. 2.0 2.1 2.2 Lydekker, R. (1888–1890). The new natural history Volume 2. Printed by order of the Trustees of the British Museum (Natural History), London.
  3. Smith, A. T., Xie, Y. (eds.) (2008). A Guide to the Mammals of China. Princeton University Press, Princeton Oxforshire. Page 472.
  4. 4.0 4.1 Nowak, R. M. (1999). "Gaur". Walker's Mammals of the World. 1. প্ৰকাশক Baltimore, USA and London, UK: The Johns Hopkins University Press. পৃষ্ঠা. 1158–1159. https://books.google.com/books?id=7W-DGRILSBoC&lpg=PP1&pg=PA1158#v=onepage&q&f=false. 
  5. Sanderson, G. P. (1907). "XVIII, XVIV". Thirteen Years Among the Wild Beasts of India: Their Haunts and Habits from Personal Observation (6th সম্পাদনা). প্ৰকাশক Edinburgh: John Grant. পৃষ্ঠা. 243–265. http://archive.org/stream/thirteenyearsamo029922mbp#page/n273/mode/2up. 
  6. 6.0 6.1 Choudhury, A. (2002). Distribution and conservation of the Gaur Bos gaurus in the Indian Subcontinent. Mammal Review 32: 199–226.
  7. Ranjitsinh, M. K. (1997) Beyond the Tiger: Portraits of Asian Wildlife. Birajbasi Printers, New Delhi, India.
  8. http://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/bison-recolonising-jawadhu-hills-says-forest-official/article1151993.ece
  9. 9.0 9.1 Burton, R. (2002). International Wildlife Encyclopedia (3 সম্পাদনা). Marshall Cavendish. পৃষ্ঠা. 936–938. ISBN 978-0-7614-7266-7. http://books.google.com/books?id=P0_AD0v7vl0C&lpg=PA937&pg=PA937#v=onepage&q&f=false. 
  10. Huffman, B. (2004). "Bos frontalis – Gaur". ultimateungulate.com. http://www.ultimateungulate.com/Artiodactyla/Bos_frontalis.html. 
  11. Shukla, R., Khare, P. K. (1998). Food habits of wild ungulates and their competition with live stock in Pench Wildlife Reserve central India. Journal of the Bombay Natural History Society 95(3): 418–421.
  12. Duckworth, J. W.; Salter, R. E.; Khounboline, K. (1999). Wildlife in Lao PDR: 1999 Status Report. প্ৰকাশক Vientiane: IUCN – The World Conservation Union / Wildlife Conservation Society / Centre for Protected Areas and Watershed Management. Archived from the original on 4 October 2011. https://web.archive.org/web/20111004230630/http://cmsdata.iucn.org/downloads/lao_wildlife_status_report_1999.pdf। আহৰণ কৰা হৈছে: 27 March 2011. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক