মৌ-মাখি
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মৌ-মাখি (ইংৰাজী: Honey bee) এবিধ সন্ধিপদী প্ৰাণী। সমাজ পাতি বাস কৰা মৌ-মাখিবোৰক পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়। ইহঁতে ফুলে ফুলে ৰস বিচাৰি উৰি ফুৰে। শৰীৰৰ গঠন আৰু কামৰ দিশৰ পৰা এইবোৰক উচ্চস্তৰৰ পতংগ ৰূপে জনা যায়। ইহঁতে মৌবাহ সাজি থাকে। এই মৌবাহবোৰক মৌচাক বোলা হয়। পৰাগৰেণু আৰু ফুলৰ ৰসৰপৰা ইহঁতে সুস্বাদু মৌ-জোল তৈয়াৰ কৰে।
মৌ-মাখি | |
---|---|
এটা ইউৰোপীয়ান মৌ-মাখি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Hymenoptera |
পৰিয়াল: | Apidae |
উপপৰিয়াল: | Apinae |
গোত্ৰ: | Apini Latreille, 1802 |
গণ: | Apis |
মৌ-মাখিৰ প্ৰকাৰ
সম্পাদনা কৰকমৌ-মাখি তিনি প্ৰকাৰৰ পোৱা যায়:
- কৰ্মী মৌ-মাখি
- ৰাণী মৌ-মাখি
- পুং মৌ-মাখি
কৰ্মী মৌ-ৰ শৰীৰৰ পিছঅংশত এডাল বিষধৰ শুং থাকে আৰু ই ইয়াক মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰে। ৰাণী মৌৰ শৰীৰটো এডাল শুং থাকে আৰু ই ইয়াক কেইবাৰু ব্যৱহাৰ কৰিব পাৰে। পুং মৌ-ৰ শৰীৰত কোনো শুং নাথাকে।
কৰ্মী মৌ-মাখি
সম্পাদনা কৰকনিষিক্ত কণীৰপৰা কৰ্মী মৌ বা মাইকী মৌ-ৰ জন্ম হয়। ই দেখাত ক'লা আৰু মুগা বৰণৰ। ইহঁতৰ কাম হ'ল ফুলৰ পৰা ফুলৰ পৰাগৰেণু আৰু ৰস সংগ্ৰহ কৰি মৌ-জোল তৈয়াৰ কৰা। পোৱালি আৰু ৰাণী মৌ-মাখিৰ আলপৈচান ধৰাৰ উপৰিও বাহটোৰ সকলো যাবতীয় কাম কৰ্মী মৌ-মাখিয়ে কৰে। কৰ্মী মৌ-মাখিয়ে খাদ্যৰ উৎস বিচাৰি বহু দূৰলৈকে ভ্ৰমণ কৰে আৰু ঘূৰি আহি বিশেষ প্ৰকাৰৰ নাচ সংগী মৌ-ৰ আগত প্ৰৰ্দশন কৰে। খাদ্যৰ উৎস ওচৰত হ'লে খৰকৈ গোল গোলকৈ ঘূৰি ঘূৰি, খাদ্যৰ উৎস অলপ দূৰত হ'লে (৮০ মিটাৰমান) শৰীৰৰ কেৱল পিচফালৰ অংশ লৰাই আৰু খাদ্যৰ উৎস বহু দূৰত হ'লে লাহে লাহে নাচ প্ৰদৰ্শন কৰে। ইয়াৰ দ্বাৰাই কৰ্মী মৌয়ে খাদ্যৰ উৎসৰ বিষয়ে সংগী মৌক অৱগত কৰে।
ৰাণী মৌ-মাখি
সম্পাদনা কৰকৰাণীজনীৰ দেহাটো লাহি আৰু দীঘলীয়া (১৫-২০ মিলিমিটাৰমান)। আনবোৰ মৌ-মাখিৰ পৰা ৰাণীজনীক সহজে চিনিব পাৰি। পেটৰ অংশ দীঘলীয়া আৰু ক্ৰমান্নয়ে জোঙা। ঠেং আৰু পাখিবোৰ চুটি। পলু অৱস্থাত থাকোঁতেই কৰ্মী মৌবোৰে স্বাহ্যবান পলু এটাক ৰাণীৰ বাবে নিৰ্বাচিত কৰি উলিয়াই আৰু পলু অৱস্থাৰ পৰাই বিশেষ আলপৈচান আৰু খাদ্য যোগানেৰে টনকিয়াল কৰি তোলে। এনেকৈয়ে এই বিশেষ মৌ-জনী অন্যবোৰ মৌ-ৰপৰা পৃথক হৈ প্ৰজনন ক্ষমতাসম্পন্ন হৈ ৰাণী মৌ-লৈ পৰিবৰ্তীত হয়। এজনী ৰাণী মৌৱে এদিনত প্ৰায় ২০০০টা কণী পাৰে আৰু কেৱল ৰাণী মৌৱেহে কণী পাৰিব পাৰে। সাধাৰণতে এবাহ মৌ-ত এজনীহে ৰাণী থাকে।
পুং মৌ-মাখি
সম্পাদনা কৰকঅনিষিক্ত কণীৰপৰা পুং মৌৰ জন্ম হয়। এইবিধ মৌ-মাখি ১৫-১৭ মিলিমিটাৰমান দীঘল। দেখাত দেহাটো মজবুত আৰু বহল। ইয়াৰ বৰণ ক'লা। ইহঁত একেবাৰে এলেহুৱা। মৌবাহৰ বাবে কোনো কাম ইহঁতে নকৰে। যৌন সংগমৰ সময়ত পুং মৌৰ শৰীৰৰ এটা অংশ (endophallus) ৰাণী মৌৰ শৰীৰত সংলগ্ন হৈ থাকি আহে। সেয়ে যৌন সংগমৰ অলপ সময়ৰ পাছেত পুং মৌ-টোৰ মৃত্যু হয়।
গেলেৰী
সম্পাদনা কৰক-
কৰ্মী মৌ
-
পুং মৌ
-
ৰাণী মৌ
-
মৌ-ৰ জীৱন ক্ৰম
-
মৌলিক-মাখি (অনুশীলন) সম্পাদনা যন্ত্ৰটি
তথ্যসূত্ৰ
সম্পাদনা কৰকসহায়ক গ্ৰন্থ
সম্পাদনা কৰক- Engel, Michael S. & Grimaldi, David (2005): Evolution of the Insects. Cambridge University Press.
- Kak, Subhash C. (1991): The Honey Bee Dance Language Controversy. The Mankind Quarterly Summer 1991: 357-365. HTML fulltext Archived 2008-02-28 at the Wayback Machine
- Lindauer, Martin (1971): Communication among social bees. Harvard University Press.