যাদুৰাম ডেকা বৰুৱা (ইংৰাজী: Jaduram Deka Baruah) অসমৰ প্ৰথম অভিধান প্ৰণেতা।[1] লখিমপুৰত জন্ম। তেওঁ ১৮৩৯ চনত বঙলা-অসমীয়া অভিধান এখন প্ৰণয়ন কৰিছিল।[2] অৱশ্যে অভিধানখন প্ৰকাশ নহ’ল। তেওঁ হাতে লিখা অভিধানখন তেতিয়াৰ গৱৰ্ণৰ জেনকিন্সক দিছিল। জেনকিন্সে সেইখন বেপ্তিষ্ট মিছনেৰী সকলক দিয়ে। অনুমান কৰা হৈছে যে, এই অভিধানখনৰ আধাৰতে মাইলচ্‌ ব্ৰনছনে ১৮৬৭ চনত তেওঁৰ ‘অসমিয়া-ইংৰাজী অভিধান’খন লিখে।[1]

যাদুৰাম ডেকা বৰুৱা
জন্ম এপ্ৰিল, ১৮০১
লখিমপুৰ, শালকটা ঘিলামাৰী
মৃত্যু অক্টোবৰ, ১৮৬৯
শিৱসাগৰ
পেচা অভিধান প্ৰণেতা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় অভিধান প্ৰণেতা

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৮০১ চনত উত্তৰ লখিমপুৰৰ ঘিলামাৰীত যাদুৰাম ডেকা বৰুৱাৰ জন্ম হয়।[3] পিতৃ কৃষ্ণদাস উত্তৰপাৰৰ বৰ বাৰভূঞাৰ লহকৰ ভূঞাৰ সন্ততি৷ সৰ্বশ্ৰান্ত হৈ যোৰহাট নগৰলৈ আহি স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ আশ্ৰয় লয়৷ তেওঁ চন্দ্ৰকান্ত সিংহৰ সমবয়সীয়া আছিল আৰু কিছুদিনৰ পাছতে ভঁৰালী বৰুৱা বিষয়বাব পায়৷[4] চন্দ্ৰকান্ত সিংহৰ দিনতে পুতেক যাদুৰামে ‘বৰ ভাণ্ডাৰ বৰুৱা’ বাব পোৱাত যাদুৰামে ‘ডেকা বৰুৱা’ও বোলা হৈছিল৷ ক্ষীণ আছিল বাবে তেওঁৰ আন এটি নাম আছিল ‘লেৰেলী ডেকা বৰুৱা’।[5] চাৰিজন ককাই-ভাইৰ ভিতৰত এওঁ আছিল বৰ-মাজু৷ যাদুৰামৰ পুত্ৰ দুজন- কৃষ্ণপ্ৰসাদ আৰু দুৰ্গাপ্ৰসাদ৷

কৰ্ম জীৱন সম্পাদনা কৰক

যোহাটত চাকৰি কৰাৰ পাছত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ কালত যাদুৰামে উত্তৰ লখিমপুৰৰ গৰাকীৰ বাব পালন কৰিছিল৷ ১৮৬০ চনৰ ১৫ জুনত বৰপেটালৈ গৈ তাত সদৰামিনৰ দায়িত্ব লয়৷ একে বছৰৰে ৩ নৱেম্বৰত ডিব্ৰুগড়ৰ সদৰামিন হিচাপে দায়িত্ব লয়৷ ডিব্ৰুগড় জিলাতে তেওঁৰ কৰ্ম জীৱনৰ সামৰণি পৰে। সদৰামীনৰ দায়িত্বত থকা কালত ডেকাবৰুৱাই ব্যৱহাৰ কৰা মোহৰটো আছিল— ‘মোহৰ আদালত পঞ্জাৱতি মোকাম বিশ্বনাথ মলুক য়াচাম।[6] আদম হোৱাইটে ১৮৩২ চনত তেওঁক ঘিলামাৰীত "ৰাজখোৱা" পাতিছিল আৰু কলাবাৰীত তেওঁ ৩০০ পুৰা মাটিৰ এটি গ্ৰাণ্ট পাইছিল। তেওঁ সতী প্ৰথাৰ বিৰোধিতা কৰিছিল আৰু বিধবা বিবাহৰ সমৰ্থন কৰি নিজে বিধবা বিবাহ কৰিছিল। গোমধৰ কোঁৱৰৰ ৰাজদ্ৰোহীতাৰ বিচাৰত বৰুৱা জুৰীৰ সদস্য আছিল।[1]

ভাষা চৰ্চা সম্পাদনা কৰক

চৰকাৰী চাকৰিতে ব্যস্ত নাথাকি তেওঁ সাহিত্য চৰ্চাও কৰিছিল আৰু ‘সমাচাৰ চন্দ্ৰিকা’, ‘সমাচাৰ দৰ্পণ’ আদি বাংলা কাকতত প্ৰৱন্ধ লিখিছিল। সেই সময়ত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে তেওঁ আনন্দৰাম ঢেকিয়াল ফুকনৰ লগ লাগি বৃটিছ চৰকাৰৰ বিৰোধিতা কৰিছিল৷ ঢেকিয়াল ফুকনে লিখা অসমীয়া ল’ৰাৰ মিত্ৰ কিতাপখন ছপাবলৈ ডেকাবৰুৱাই অৰ্থ-সাহায্য দিছিল৷[4]

১৮৩৯ চনত যাদুৰাম ডেকা বৰুৱাই তেওঁৰ হাতে লিখা ‘অসমীয়া-বাংলা’ (কোনো কোনোৰ মতে ‘বাংলা-অসমীয়া’) অভিধানখন জেনকিন্স চাহাবক দিছিল। জেনকিন্সে তাকে শিৱসাগৰৰ আমেৰিকান বেপ্টিষ্ট মিছনক দিছিল। ১৮৬৭ চনত যাদুৰাম বৰুৱাৰ বৰ্ণ বিন্যাসৰ ৰীতিকে অনুসৰণ কৰি মাইলচ্‌ ব্ৰনছনে ১৪০০০ শব্দৰে ‘অসমিয়া-ইংৰাজী অভিধান’ ৰচনা কৰে৷ ব্ৰনছনে তেওঁৰ অভিধানৰ পাতনিত উল্লেখ কৰিছে -“The system of Orthography adopted in this work, is that of Joduram Borua, a learned Assamese Pundit, which it is believed much better corresponds with the actual pronunciation of the people than any other system met with.’’[7]

১৮৬৯ চনত শিৱসাগৰত তেওঁৰ মৃত্যু ঘটে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 শিৱনাথ বৰ্মন (১৯৯২). "অসমীয়া জীৱনী অভিধান". ছ'ফিয়া পাব্লিছাৰ্ছ. https://archive.org/details/in.ernet.dli.2015.451337/page/n105/mode/2up। আহৰণ কৰা হৈছে: ৩১ মে', ২০২২. 
  2. SMITA BHATTACHARYYA (১৩ এপ্ৰিল ২০১৪). "Lexicon on 9 NE languages". telegraphindia. https://m.telegraphindia.com/states/north-east/lexicon-on-9-ne-languages/cid/195438। আহৰণ কৰা হৈছে: ৪ জুন ২০১৯. 
  3. সম্পাদনা-শান্তনু কৌশিক বৰুৱা (2014). পৃষ্ঠা. ২২৫. অসম অভিধান. 
  4. 4.0 4.1 শৰ্মা, পবনাথ (২০০৪). পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ কৃতি আৰু কৃতিত্ব. প্ৰকাশক গুৱাহাটী: অসম সাহিত্য সভা. পৃষ্ঠা. ১. 
  5. নেওগ, ডিম্বেশ্বৰ (১৯৯৩). নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী. প্ৰকাশক গুৱাহাটী: শুৱনী প্ৰকাশ. পৃষ্ঠা. ২৯২-৯৩. 
  6. গোস্বামী, গকুল (15 Mar 2012). "লিপিবদ্ধ ‘অসম-অসমীয়া’ শব্দৰ উদ্ভৱৰ সন্ধানত". নীলা চৰাই. https://nilacharai.com/lipibaddha-axam-axamiya/। আহৰণ কৰা হৈছে: 25 May 2023. 
  7. Bronson, Miles (1867). অসমিয়া আৰু ইংৰাজি অভিধান. প্ৰকাশক Sibsagor: American baptist mission press. পৃষ্ঠা. V. https://w.wiki/5GVs.