লীলা শেঠ (ইংৰাজী: Leila Seth, ২০ অক্টোবৰ ১৯৩০ – ৫ মে' ২০১৭) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ত প্ৰথম মহিলা ন্যায়াধীশ হিচাপে কাম কৰিছিল আৰু ৫ আগষ্ট ১৯৯১ চনত হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি লাভ কৰাৰ পিছত তেওঁ এখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদবী লাভ কৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়।[1] তেওঁ 'বিস্কুট বেৰন' ৰাজন পিল্লাইৰ মৃত্যুকে ধৰি কেইবাখনো অনুসন্ধান আয়োগত গঠন কৰিছিল। তেওঁ ২০১২ চনৰ কুখ্যাত দিল্লী দল-ধৰ্ষণৰ গোচৰৰ পিছত ভাৰতৰ ধৰ্ষণ আইনৰ বাবে স্থাপন কৰা ন্যায়াধীশ বাৰ্মা সমিতিৰ তিনিজনীয়া বিচাৰপীঠৰ অংশ আছিল। তেওঁ ১৯৯৭ চনৰ পৰা ২০ চনলৈ ভাৰতৰ ১৫তম আইন আয়োগৰ সদস্য আছিল আৰু যৌথ পাৰিবাৰিক সম্পত্তিত কন্যাসকলক সমান অধিকাৰ দিয়া হিন্দু উত্তৰাধিকাৰ আইনৰ সংশোধনৰ বাবে দায়বদ্ধ আছিল।[2]

মাননীয় ন্যায়াধীশ

লীলা শেঠ

২০১১ চনত লীলা শেঠ
অষ্টম মুখ্য ন্যায়াধীশ, হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়
কাৰ্যকাল
৫ আগষ্ট ১৯৯১ – ২০ অক্টোবৰ ১৯৯২
পূৰ্বসূৰী পি. চি. বি. মেনন
উত্তৰসূৰী শশী কান্ত শেঠ
ন্যায়াধীশ, দিল্লী উচ্চ ন্যায়ালয়
কাৰ্যকাল
২৫ জুলাই ১৯৭৮ – ৪ আগষ্ট ১৯৯১
ব্যক্তিগত তথ্য
জন্ম ২০ অক্টোবৰ, ১৯৩০
লক্ষ্ণৌ, ইউনাইটেড প্ৰভিন্সেছ, ব্ৰিটিছ ভাৰত
মৃত্যু ৫ মে', ২০১৭ (৮৬ বছৰ)
নয়ডা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
দাম্পত্যসঙ্গী প্ৰেম নাথ শেঠ
সন্তান
পেচা ন্যায়াধীশ

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৩০ চনৰ ২০ অক্টোবৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ইউনাইটেড প্ৰভিন্সেছৰ লক্ষ্ণৌত লীলা শেঠৰ জন্ম হৈছিল। তেওঁ পৰিয়ালত দুজন পুত্ৰৰ পিছত প্ৰথম কন্যা আছিল। লীলা তেওঁৰ লগত দেউতাকৰ সৈতে অতি ঘনিষ্ঠ আছিল। তেওঁ ইম্পেৰিয়েল ৰেলৱে সেৱাত কাম কৰিছিল আৰু মাত্ৰ ১১ বছৰ বয়সত মৃত্যুহোৱাৰ সময়ত তেওঁ দুখত ভাঙি পৰিছিল।[3]

দেউতাকৰ মৃত্যুৰ পিছত পৰিয়ালটোৱে আৰ্থিকভাৱে সংগ্ৰাম কৰিছিল। কিন্তু লীলাৰ মাকে তেওঁক দাৰ্জিলিংৰ লোৰেটো কনভেণ্ট স্কুলত শিক্ষিত কৰিবলৈ সক্ষম হৈছিল। স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত তেওঁ কলকাতাত এজন ষ্টেনোগ্ৰাফৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াত তেওঁ তেওঁৰ স্বামী প্ৰেম শেঠৰ সৈতে পৰিচয় হৈছিল আৰু তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল।[4]

বিয়াৰ পিছত তেওঁ বাটাত কাম কৰি থকা স্বামীৰ সৈতে লণ্ডনলৈ গৈছিল। তেওঁ লণ্ডনলৈ যোৱাটোৱে আইন অধ্যয়ন আৰম্ভ কৰাৰ সুযোগ দিছিল। এক সাক্ষাৎকাৰত, তেওঁ কৈছিল যে তেওঁ সাধাৰণ কাৰণৰ বাবে আইন বাছনি কৰিছিল যে শ্ৰেণীত উপস্থিত থকাৰ প্ৰয়োজন নাছিল, যিটো সেই সময়ত কেঁচুৱা থকাৰ বাবে প্ৰাথমিকতা আছিল।[4]

১৯৫৮ চনত লীলা শেঠে লণ্ডন বাৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু ২৭ বছৰ বয়সত শীৰ্ষস্থান লাভ কৰে। এনে কৰা তেওঁ প্ৰথম মহিলা। তেওঁ ১৯৫৯ চনত বাৰত যোগদান কৰিছিল। একে বছৰতে তেওঁ অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হয়। ইংলেণ্ডৰ বাৰত শীৰ্ষস্থান লাভ কৰাৰ পিছত, তেওঁক লণ্ডনৰ এখন বাতৰি কাকতৰ দ্বাৰা মাদাৰ ইন ল' বুলি কোৱা হৈছিল, য'ত পৰীক্ষাৰ মাত্ৰ কেইমাহমান আগতে জন্ম হোৱা তেওঁৰ নৱজাতকৰ লীলা শেঠৰ ফটো বহন কৰা হৈছিল। একে সময়তে, আন বাতৰি কাকতবোৰে বাৰ পৰীক্ষা দিয়া ৫৮০জন শিক্ষাৰ্থীৰ ভিতৰত এগৰাকী বিবাহিত মহিলাই কেনেকৈ ইয়াৰ শীৰ্ষস্থান লাভ কৰিছিল সেই বিষয়ে আশ্চৰ্য প্ৰকাশ কৰিছিল।[1]

কৰ্মজীৱন সম্পাদনা কৰক

লণ্ডন বাৰত যোগদান কৰাৰ পিছত লীলা আৰু প্ৰেম শেঠ ভাৰতলৈ উভতি আহে। লীলাই পাটনালৈ আহি আইন অনুশীলন কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ প্ৰথমতে শচীন চৌধুৰী নামৰ এজন জ্যেষ্ঠ অধিবক্তাৰ অধীনত কাম কৰিছিল। তেওঁ অশোক কুমাৰ সেনৰ কনিষ্ঠ হিচাপেও কাম কৰিছিল। তেওঁ ১০ বছৰৰ বাবে পাটনা উচ্চ ন্যায়ালয়ত কাম কৰিছিল। তেওঁ পুৰুষ-আধিপত্য থকা আইনৰ ক্ষেত্ৰত এগৰাকী মহিলা হোৱাৰ বাবে সন্মুখীন হোৱা বৈষম্যমূলক মনোভাৱৰ বিষয়ে মাত মাতিছিল।[5] তেওঁ বৰ্ণনা কৰিছিল যে কেনেকৈ তেওঁ প্ৰথমতে যথেষ্ট কাম পোৱা নাছিল। কিয়নো মানুহে ভাবিছিল যে এগৰাকী মহিলা উকীলে গোচৰ পৰিচালনা কৰিবলৈ সক্ষম নহয়।[6]

লীলা শেঠে কৰ বিষয়ৰ (আয়কৰ, বিক্ৰী কৰ, আবকাৰী আৰু শুল্ক) পৰা কোম্পানী আইন, সাংবিধানিক আইন, অসামৰিক, অপৰাধী গোচৰ আৰু বিবাহৰ মামলা আৰু ৰাজহুৱা স্বাৰ্থৰ গোচৰলৈ বিভিন্ন গোচৰ পৰিচালনা কৰিছিল।[3][2] ১০ বছৰ পাটনা উচ্চ ন্যায়ালয়ত অনুশীলন কৰাৰ পিছত, লীলা শেঠে ১৯৭২ চনত দিল্লী উচ্চ ন্যায়ালয়লৈ যায় আৰু মূল অসামৰিক আবেদন, অপৰাধী বিষয়, কোম্পানীৰ আবেদন, সংশোধন আৰু আবেদনৰ সৈতে কাম কৰিছিল। একে বছৰতে, তেওঁ কৰৰ বিষয়, ৰিট আবেদন আৰু সাংবিধানিক অসামৰিক আৰু অপৰাধী আবেদন ৰখাৰ বাবে তেওঁৰ উচ্চতম ন্যায়ালয়ত অনুশীলন আৰম্ভ কৰে। তেওঁ ১৯৭৪ চনৰ জুন মাহৰ পৰা উচ্চতম ন্যায়ালয়ত পশ্চিম বংগ চৰকাৰৰ বাবে অধিবক্তাৰ পেনেলত আছিল। ১৯৭৭ চনৰ ১০ জানুৱাৰীত তেওঁক উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হৈছিল।[2]

১৯৭৮ চনত লীলা শেঠ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ। তেওঁ হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ লগে লগে তেওঁ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়।

লীলা শেঠে বিভিন্ন ন্যায়িক আৰু মানৱীয় প্ৰতিষ্ঠানৰ অধ্যক্ষতা কৰিছিল। তেওঁ ১৯৯৭ চনৰ পৰা ২০ চনলৈ ভাৰতৰ ১৫তম আইন আয়োগৰ সদস্য আছিল, সেই সময়ত তেওঁ হিন্দু উত্তৰাধিকাৰ আইনত (১৯৫৬) সম্পত্তিৰ ওপৰত কন্যাসকলক উত্তৰাধিকাৰ ৰখাৰ অভিযানৰ নেতৃত্ব দিছিল।[7] তেওঁ কেইবা বছৰধৰি কমনৱেলথ মানৱ অধিকাৰ উদ্যোগৰ (চিএইচআৰআই) অধ্যক্ষ আছিল। তেওঁ ২০১২ চনৰ পৰা ২০১৬ লৈ ইনফোচিছ পুৰস্কাৰৰ মানৱিকি শিতানৰ জুৰী আছিল।[8]

ন্যায়াধীশ শেঠ বিভিন্ন অনুসন্ধান আয়োগৰ অংশ আছিল। ইয়াৰে ভিতৰত উল্লেখযোগ্য এটা হল দূৰদৰ্শন ধাৰাবাহিক শক্তিমানৰ (এজন জনপ্ৰিয় চুপাৰহিৰোৰ বিষয়ে) শিশুৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰাৰ বাবে দায়বদ্ধ আছিল। শক্তিমান শিশুৰ বাবে এটা জনপ্ৰিয় টিভি শৃংখলা আছিল। ই বিতৰ্কৰ কেন্দ্ৰ আছিল কাৰণ বহুতো শিশোৱে নিজকে জুই লগাই বা শক্তিমান আহি তেওঁলোকক উদ্ধাৰ কৰিব বুলি আশা কৰি নিজকে অট্টালিকাৰ পৰা জঁপিয়াইছিল।[9] তেওঁ ন্যায়াধীশ লীলা শেঠ "বিস্কুট বেৰন" বুলি জনাজাত ব্যৱসায়ী ৰাজন পিল্লাইৰ আৰক্ষীৰ জিম্মাত মৃত্যুৰ বিষয়ে অনুসন্ধান কৰিছিল।[3]

তাৎপৰ্যপূৰ্ণভাৱে, ন্যায়াধীশ শেঠ ভাৰতত ধৰ্ষণ আইনৰ পৰিৱৰ্তনৰ বাবে ২০১২ চনৰ দিল্লী দলবদ্ধ ধৰ্ষণৰ গোচৰৰ পিছত স্থাপন কৰা তিনিজনীয়া সদস্যৰ ন্যায়াধীশ বাৰ্মা আয়োগৰ সদস্য আছিল।[10]

পৰিয়াল সম্পাদনা কৰক

ন্যায়াধীশ লীলা শেঠে ২০ বছৰ বয়সত প্ৰেম শেঠৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ একেলগে তিনিটা সন্তান - বিক্ৰম শেঠ, শান্তম শেঠ আৰু আৰাধনা শেঠ। বিক্ৰম শেঠ এজন কবি আৰু লেখক হ'ল, শান্তম শেঠ এজন বৌদ্ধ শিক্ষক, আৰু আৰাধানা এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা।

লীলা শেঠে তেওঁৰ পুতেক বিক্ৰম শেঠক সমৰ্থন কৰিছিল যেতিয়া তেওঁ গে হিচাপে নিজকে প্ৰকাশ কৰিছিল। ২০১৩ চনত কৌশলৰ ৰায়দানৰ পিছত টাইমছ অফ ইণ্ডিয়াত এটা অপ-এডসহ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ আৰু এলজিবিটিকিউআইএ অধিকাৰৰ পক্ষত ব্যাপকভাৱে সমৰ্থন কৰি লিখিছিল।[11][12]

মৃত্যু সম্পাদনা কৰক

২০১৭ চনৰ ৫ মে'ৰ নিশা ৮৬ বছৰ বয়সত নয়ডাত থকা নিজবাসগৃহত হৃদযন্ত্ৰ আৰু শ্বাস-প্ৰশ্বাসজনীত ৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যু হয়। তেওঁ স্বামী, দুজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি যায়। তেওঁৰ ইচ্ছা অনুসৰি কোনো অন্ত্যেষ্টি ক্ৰিয়া অনুষ্ঠিত হোৱা নাছিল যিহেতু তেওঁ সংৰোপণ বা চিকিৎসা গৱেষণাৰ উদ্দেশ্যে চকু আৰু অন্যান্য অংগ দান কৰিছিল।[13][14]

অধিক পঢ়ক সম্পাদনা কৰক

  • Seth, Leila. On Balance. New Delhi: Viking, 2003. আই.এচ.বি.এন. 0-670-04988-3
  • Seth, Vikram. Two Lives. HarperCollins, 2005. আই.এচ.বি.এন. 0-06-059966-9

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "5th August 1991: Justice Leila Seth Becomes the First Indian Woman Chief Justice of a state High Court". http://www.mapsofindia.com/on-this-day/5th-august-1991-justice-leila-seth-becomes-the-first-indian-woman-chief-justice-of-a-state-high-court. 
  2. 2.0 2.1 2.2 Perappadan, Bindu Shajan (2017-05-06). "Leila Seth, Delhi High Court's first woman judge, passes away" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. http://www.thehindu.com/news/cities/Delhi/leila-seth-delhi-high-courts-first-woman-judge-passes-away/article18400429.ece. 
  3. 3.0 3.1 3.2 "The Lady of Law and Love: A Tribute to Justice Leila Seth" (en-US ভাষাত). Feminism in India. 2017-07-18. https://feminisminindia.com/2017/07/18/justice-leila-seth-tribute/. 
  4. 4.0 4.1 "Justice Leila Seth: an illustrious life" (en ভাষাত). femina.in. https://www.femina.in/achievers/justice-leila-seth-an-illustrious-life-46977.html. 
  5. Zaman, Rana Siddiqui (2014-11-03). "Çapital Chronicles: 'Delhi now loves money and chamak-dhamak'" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. http://www.thehindu.com/news/cities/Delhi/delhi-now-loves-money-and-chamak-dhamak-says-justice-leila-seth/article10994169.ece. 
  6. "Interview with Leila Seth - Former Chief Justice of India | Free Press Journal" (en-GB ভাষাত). www.freepressjournal.in. http://www.freepressjournal.in/india/leila-seth-former-chief-justice-of-india/595175। আহৰণ কৰা হৈছে: 2017-11-25. 
  7. "Watch Justice Leila Seth Deliver an Arresting Talk on Women and Inheritance - The Ladies FingerThe Ladies Finger" (en-US ভাষাত). theladiesfinger.com. Archived from the original on 2017-09-30. https://web.archive.org/web/20170930072435/http://theladiesfinger.com/justice-leila-seth/। আহৰণ কৰা হৈছে: 2017-11-25. 
  8. Humanities Jury, Infosys Science Foundation. "Infosys Prize - Jury 2016". Infosys Science Foundation. https://www.infosys-science-foundation.com/prize/jury/jury-2016.asp#Humanities. 
  9. "Rajan Pillai death: Advani rejects probe plea". Rediff.com. Archived from the original on 11 November 2013. https://web.archive.org/web/20131111035857/http://mypage.rediff.com/money/1998/aug/04rajan.htm। আহৰণ কৰা হৈছে: 27 February 2012. 
  10. Seth, Leila. "How Leila Seth co-wrote the law that convicted the Delhi gang rape and murder criminals" (en-US ভাষাত). Scroll.in. https://scroll.in/article/836802/how-leila-seth-co-wrote-the-law-that-convicted-the-delhi-gang-rape-and-murder-criminals. 
  11. "Justice Leila Seth Chose To Put Herself Out There, In A World Where Social Stigma Often Outweighs The Law" (en-IN ভাষাত). Huffington Post India. 2017-05-07. http://www.huffingtonpost.in/2017/05/06/justice-leila-seth-chose-to-put-herself-out-there-in-a-world-w_a_22073322/. 
  12. "A mother and a judge speaks out on section 377 - Times of India". The Times of India. https://timesofindia.indiatimes.com/home/sunday-times/deep-focus/A-mother-and-a-judge-speaks-out-on-section-377/articleshow/29383723.cms. 
  13. Leila Seth, first woman judge of Delhi high court, dies at 86
  14. Justice Leila Seth, First Woman Judge Of Delhi High Court, Dies At 86

বাহ্যিক সংযোগ সম্পাদনা কৰক