বিদূষী শশীকলা দানী (কন্নড়: ವಿದೂಷಿ ಶಶಿಕಲಾ ದಾನಿ, ইংৰাজী: Vidushi Shashikala Dani) হৈছে ভাৰতীয় হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ এগৰাকী জলতৰংগ বাদক। অল ইণ্ডিয়া ৰেডিঅ'-য়ে এ-গ্ৰেড সন্মান প্ৰদান কৰা ভাৰতৰ খুব কমসংখ্যক জলতৰংগ বাদকসকলৰ ভিতৰত শশীকলা দানী হৈছে অন্যতম।[1][2] তেখেতে জলতৰংগৰ বাহিৰেও হাৰমণিয়াম, তবলা, বেহেলা, দিলৰুবা, চিতাৰ পৰিৱেশন কৰিব জানে। হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ অধীনস্থ 'গমকা' প্ৰকাৰৰ অন্তৰ্গত তেখেত এগৰাকী অল ইণ্ডিয়া ৰেডিঅ'-স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী।[3]

বিদূষী শশীকলা দানী

জলতৰংগ সংগীত অনুষ্ঠানত শশীকলা
প্ৰাথমিক তথ্য
জন্ম ১১ নৱেম্বৰ, ১৯৫৯ (৬৪ বছৰ)
কালাঘাটাগী, কৰ্ণাটক, ভাৰত
সংগীতৰ প্ৰকাৰ হিন্দুস্তানী ধ্ৰুপদী সংগীত, ভাৰতীয় ধ্ৰুপদী সংগীত
পেচা জলতৰংগ সংগীতশিল্পী, ষ্টেট বেংক অৱ মহীশূৰ
বাদ্যযন্ত্ৰ জলতৰংগ, হাৰমণিয়াম, চিতাৰ, বেহেলা, দিলৰূবা, তবলা

সংক্ষিপ্ত জীৱনী সম্পাদনা কৰক

শশীকলাই কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু হোবাল্লীত বাস কৰিবলৈ লয়। তেখেতে ইয়াতেই শ্ৰী অৰুণ দানীৰ সৈতে বৈবাহিক জীৱন আৰম্ভ কৰে। অৰুণ দানী হৈছে সাংবাদিক টি.এছ.আৰ.বঁটাপ্ৰাপ্ত প্ৰয়াত শ্ৰী সুৰেন্দ্ৰ দানীৰ পুত্ৰ।[4]তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে। পুত্ৰ সুগনান দানী এগৰাকী সংগীতশিল্পী। ষ্টেট বেংক অৱ মায়ছোৰত তেত্ৰিশ বছৰ সেৱা আগবঢ়াই শশীকলা দানীয়ে এতিয়া জলতৰংগ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছে।[5][6][7] তেখেতে সমান্তৰালভাৱে এই বাদ্যবিধৰ সংৰক্ষণ, বিকাশ আৰু প্ৰসাৰৰ বাবেও কাম কৰি আছে।[8]

সাংগীতিক জীৱন সম্পাদনা কৰক

জলতৰংগ বাদ্যটিৰ দ্বাৰা অভিভূত হোৱা শশীকলা দানীয়ে এইবিধ বাদ্যৰ জৰিয়তেই ভাৰতীয় ধ্ৰুপদী সংগীতৰ জগতখনত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লয়।[9]

জলতৰংগৰ লগত তেখেতে বহুকেইটা সম্পৰীক্ষা কৰে। শশীকলাই "গায়কী" আৰু "তন্ত্ৰাকাৰী অংগ"ৰ লগত ঘনিষ্ঠ হৈ পৰে।[10] ইয়াৰ প্ৰভাৱ তেখেতৰ বাদনশৈলীত প্ৰকাশিত হয়। তেখেত ভাৰতীয় ধ্ৰপদী সংগীতৰ গোৱালিয়ৰ ঘাৰানাত প্ৰশিক্ষিত। পৰৱৰ্তী সময়ত তেখেতে বহুকেইটা শৈলীৰ বিকাশ সাধন কৰিছে। তেখেতৰ বিশিষ্টতা হৈছে -"লয়কাৰী। "[11]

বৰ্তমান সময়ত তেখেতে নতুন প্ৰজন্মক এইবিধ বাদ্যৰ লগত পৰিচয় কৰাই দিবৰ বাবে কিছুমান প্ৰয়াস হাতত লৈছে। তেখেতৰ সাংগীতিক প্ৰতিষ্ঠানখনৰ হৈছে স্বৰা নন্দা সংগীত বিদ্যালয়

তেখেতে ভাৰতৰ বিভিন্ন ঠাইত আৰু বহুতো কলানুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিছে। ২০১৭ চনত তেখেতে হাম্পী উৎসৱত তেখেতে অনুষ্ঠান পৰিৱেশন কৰে।[12] ২০১৭ চনত ৰাজস্থানৰ মাউণ্ট আবুত অনুষ্ঠিত হোৱা ব্ৰহ্মাকুমাৰীৰ সংগীতানুষ্ঠানত তেখেতে অনুষ্ঠান পৰিৱেশন কৰে। ২০১৬ চনত সোলাপুৰত আয়োজিত হোৱা সংগীত মহোৎসৱত শশীকলা দানীয়ে অনুষ্ঠান পৰিৱেশন কৰে।[13][14] ধাৰৱাড়ত আয়োজিত হোৱা ধাৰৱাড় উৎসৱত তেখেতে ২০০৬ আৰু ২০১৪ চনত দুবাৰকৈ অনুষ্ঠান পৰিৱেশন কৰাৰ আমন্ত্ৰণ লাভ কৰে।[15] ২০১৪ চনত হুবলীত আয়োজিত হোৱা তৃতীয় কন্নড় সাহিত্য সন্মিলনীতো তেখেতে নিজৰ কলা প্ৰদৰ্শন কৰে। ২০১৩ চনত হুব্বাল্লীত আয়োজিত হোৱা ষ্টেট বেংক অৱ মায়ছোৰৰ এক অনুষ্ঠানত, ২০১৩ চনত বিজয়াপুৰত আয়োজিত ৭৯তম সৰ্বভাৰতীয় কন্নড় সাহিত্য সন্মিলনীত শশীকলা দানীয়ে অনুষ্ঠান পৰিৱেশন কৰে। ২০১২ চনত বাংগালোৰত আয়োজিত হোৱা 'Rare Instrumental Concert' নামৰ এক অনুষ্ঠানলৈ তেখেত নিমন্ত্ৰিত হয়।[16]

বঁটা আৰু স্বীকৃতি সম্পাদনা কৰক

  • "কৰ্ণাতক কলাশ্ৰী" বঁটা, কৰ্ণাটক সংগীত নাটক একাডেমী তৰফৰ পৰা, কৰ্ণাটক চৰকাৰ,-২০২০ চনত।[17][18][19][20]
 
কৰ্ণাটক চৰকাৰৰ পৰা বঁটা গ্ৰহণ কৰাৰ সময়ত
  • প্ৰসাৰ ভাৰতী, অল ইণ্ডিয়া ৰেডিঅ'ৰ তৰফৰ পৰা গমক সংগীতত "বি গ্ৰেড" স্বীকৃতি- ২০১৮ চনত।
  • বীৰা ৰাণী কিট্টোৰ চেন্নাম্মা বঁটা-২০১৬ চনত।[21]
 
'ৰাণী চেন্নাম্মা' বঁটা গ্ৰহণৰ সময়ত।
  • প্ৰসাৰ ভাৰতীৰ তৰফৰ পৰা জলতৰংগত "বি-হাই গ্ৰেড" সন্মান, ২০০২ চনত।
  • "গায়ন গংগা" জীৱনজোৰা সাধনা বঁটা, ডা০ গংগুবাই হাংগালৰ পৰা, ২০০৯ চনত।[22]
 
'গায়ন গংগা' সন্মান লাভৰ মুহূৰ্তত

অনুষ্ঠানসমূহ[23] সম্পাদনা কৰক

  • হুবাল্লীৰ এছ.জে.এম.ভি.এছ. মহিলা কলেজত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ অনুষ্ঠান
  • হুবাল্লীৰ বেংকাৰছ কলনী, ২০২০ চনত
  • গাদাগ জিলাত ৰামকৃষ্ণ-বিবেকানন্দ আশ্ৰমৰ নৱৰাত্ৰি উৎসৱত, ২০১৯ চনত।
  • ৪০তম সংগীত সম্মেলনা, ৰায়সুৰ জিলাত-২০১৯ চনত।[24]
  • শিৱৰাত্ৰী উৎসৱ, সিদ্ধৰুধ মথ, ২০১৯ চনত
  • 'সংগীত নৃত্যোসৱ', কৰ্ণাটক সংগীত নৃত্য একাডেমী, ২০১৯ চনত।
  • কন্নড় সাহিত্য সম্মেলনা, ধাৰৱাড়, ২০১৯ চনত।
  • সৰ্বভাৰতীয় সংগীত মহোৎসৱ, বিনায়ক তোৰভীৰ দ্বাৰা, ২০১৯ চনত।
  • ৰাষ্ট্ৰীয় সংগীত মহোৎসৱ, কাৰকালা, ২০১৮ চনত
  • কাদম্বোৎসত, ২০১৮ চনত।[25]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "ಪಿಂಗಾಣಿ ಬಟ್ಟಲುಗಳ ಆಟ - ಪ್ರಜಾವಾಣಿ". epaper.prajavani.net. http://epaper.prajavani.net/?pub=pp3-20200217_24&article=1478182594। আহৰণ কৰা হৈছে: 2020-02-17. 
  2. "shashikala-dani-the-only-air-and-dd-recognised-classical-jaltarang-female-instrumentalist". https://wegotguru.com/post/shashikala-dani-the-only-air-amp-dd-recognised-classical-jaltarang-female-instrumentalist/9f8f593af6b09a7d68c36ed5a2a56b3e#.XnINbqj7S02. [সংযোগবিহীন উৎস]
  3. "Prajavani E-Paper". epaper.prajavani.net. http://epaper.prajavani.net/?pub=pp3-20200217_24&article=1478182594। আহৰণ কৰা হৈছে: 2020-02-17. 
  4. "Surendra Dani bags prestigious TSR award". www.oneindia.com. 2006-12-20. http://www.oneindia.com/2006/12/20/surendra-dani-bags-prestigious-tsr-award-1166634236.html। আহৰণ কৰা হৈছে: 2017-02-04. 
  5. Dalal, Roshen (2017-08-23) (en ভাষাত). India at 70: snapshots since Independence. Penguin Random House India Private Limited. ISBN 978-93-86815-37-8. https://books.google.com/books?id=JYswDwAAQBAJ&q=shashikala+dani&pg=PT112. 
  6. Reviews, Virtuous. "Notable Jaltarang Artists" (en-US ভাষাত). Virtuous Reviews. https://www.virtuousreviews.com/top/musical-instruments/jal-tarang-lessons। আহৰণ কৰা হৈছে: 2020-03-18. 
  7. "Jalatarang |" (en-US ভাষাত). Hindu Scriptures | Vedic lifestyle, Scriptures, Vedas, Upanishads, Itihaas, Smrutis, Sanskrit.. 2017-12-27. Archived from the original on 2020-03-26. https://web.archive.org/web/20200326054811/https://www.hinduscriptures.com/hindu-lifestyle/arts/musical-instruments/jalatarang/2013/। আহৰণ কৰা হৈছে: 2020-03-18. 
  8. "Meet the Artists Preserving Jalatarangam, the Ancient Art of Creating Music From Water Waves" (en-US ভাষাত). The Better India. 2017-02-20. https://www.thebetterindia.com/87519/meet-ancient-art-jalatarangam-talented-proponents/। আহৰণ কৰা হৈছে: 2020-03-18. 
  9. "Jaltarang in Film Music" (en-GB ভাষাত). Sunbyanyname. 2017-07-28. https://www.sunbyanyname.com/2017/07/28/raaga-based-song-of-the-day-51/। আহৰণ কৰা হৈছে: 2020-03-18. 
  10. "Indian Music Glossary". culturalindia.net. https://www.culturalindia.net/indian-music/music-glossary.html। আহৰণ কৰা হৈছে: 28 October 2019. 
  11. "Jal Tarang: How Well Does It Irrigate The Classical Music Scenario?". https://www.outlookindia.com/website/story/jal-tarang-how-well-does-it-irrigate-the-classical-music-scenario/309820। আহৰণ কৰা হৈছে: 2020-03-18. 
  12. "Jaltarang performance at Hampi Utsava - ಸಂಯುಕ್ತ ಕರ್ನಾಟಕ ಹುಬ್ಬಳ್ಳಿ". Archived from the original on 2017-11-08. https://web.archive.org/web/20171108151947/http://epaper.samyukthakarnataka.com/c/23548876. 
  13. "Sangeet Mahotsav". epaperdivyamarathi.bhaskar.com. http://epaperdivyamarathi.bhaskar.com/solapurcity/261/06112016/0/2/। আহৰণ কৰা হৈছে: 2016-12-08. 
  14. "'Sangeet Mahotsav' organised at Bhandarakavate, Solapur". www.esanchar.co.in. Archived from the original on 2016-12-20. https://web.archive.org/web/20161220074722/http://www.esanchar.co.in/Details.aspx?id=322571&boxid=97908। আহৰণ কৰা হৈছে: 2016-12-08. 
  15. "ಹುಬ್ಬಳ್ಳಿ - ಧಾರವಾಡ ಉತ್ಸವದಲ್ಲಿ ಇಂದಿನ ವಿಶೇಷ -Vijaykarnatka" (kn ভাষাত). Vijaykarnatka. 2014-12-27. http://vijaykarnataka.indiatimes.com/district/dharwada/-/articleshow/45653615.cms. 
  16. "ನಗರದಲ್ಲಿ ಇಂದು, ನಾಳೆ (ಜ.28 ಶನಿವಾರ ಜ.29ಭಾನುವಾರ) - ಪ್ರಜಾವಾಣಿ" (kn ভাষাত). ಪ್ರಜಾವಾಣಿ. Archived from the original on 2017-02-02. https://web.archive.org/web/20170202024718/http://www.prajavani.net/news/article/2012/01/28/116488.html. 
  17. "ಕರ್ನಾಟಕ ಕಲಾಶ್ರೀ ಪ್ರಶಸ್ತಿ ಪ್ರಕಟ". ವಿಜಯವಾಣಿ - ದಿನಪತ್ರಿಕೆ. http://epapervijayavani.in/ArticlePage/APpage.php?edn=Bengaluru&articleid=VVAANINEW_BEN_20191221_4_9&artwidth=98px. 
  18. "18 ಮಂದಿಗೆ ಕರ್ನಾಟಕ ಕಲಾಶ್ರೀ ಪ್ರಶಸ್ತಿ". ವಿಜಯ ಕರ್ನಾಟಕ - ದಿನಪತ್ರಿಕೆ. https://m.vijaykarnatakaepaper.com/imageview_47248_14456270_4_1_21-12-2019_14_i_1_sf.html. 
  19. "18 ಸಾಧಕರಿಗೆ ಸಂಗೀತ ನೃತ್ಯ ಅಕಾಡೆಮಿ ಪ್ರಶಸ್ತಿ". ಸಂಯುಕ್ತ ಕರ್ನಾಟಕ - ದಿನಪತ್ರಿಕೆ. Archived from the original on 2021-02-13. https://web.archive.org/web/20210213011420/http://epaper.samyukthakarnataka.com/c/47094745. 
  20. "ಸಂಗೀತ ನೃತ್ಯ ಅಕಾಡೆಮಿ ಪ್ರಶಸ್ತಿ ಪ್ರಕಟ". ಕನ್ನಡಪ್ರಭ - ದಿನಪತ್ರಿಕೆ. Archived from the original on 2021-11-28. https://web.archive.org/web/20211128211844/https://kpepaper.asianetnews.com/c/47120375. 
  21. "JALTARANG RECITAL PROGRAM By: Shashikala Dani Nov 30 | Institute Menezes Braganza Hall, Panaji, Goa - Picuki.com" (en ভাষাত). www.picuki.com. https://www.picuki.com/media/2187711467661381703। আহৰণ কৰা হৈছে: 2020-03-18. 
  22. "Gangubai to honour musicians". Times of India. 3 March 2009. http://timesofindia.indiatimes.com/city/hubballi/Gangubai-to-honour-musicians/articleshow/4220101.cms। আহৰণ কৰা হৈছে: 24 March 2016. 
  23. "Shashikala Dani Jal-Tarang Concerts - YouTube" (en ভাষাত). YouTube. https://www.youtube.com/playlist?list=PLreHBqiG9K3uuGBvmZjAdGgp6PFnX7zcB। আহৰণ কৰা হৈছে: 2017-01-25. 
  24. "ಪಂಚಾಕ್ಷರಿ ಗವಾಯಿಗಳ ಪುಣ್ಯ ಸ್ಮರಣೆ: ಅಹೋರಾತ್ರಿ ಸಂಗೀತ" (en ভাষাত). Prajavani. 2019-07-31. https://www.prajavani.net/district/raichur/whole-night-music-654848.html। আহৰণ কৰা হৈছে: 2019-08-10. 
  25. "ಬನವಾಸಿ ಉತ್ಸವ ರಸದೌತಣ" (kn ভাষাত). Vijaya Karnataka. 2018-01-29. https://vijaykarnataka.com/news/uttara-kannada/banavasi-festival-juice/articleshow/62683652.cms। আহৰণ কৰা হৈছে: 2020-01-08.