শোভা গুৰ্টু

সংগীত শিল্পী

শোভা গুৰ্টু (ইংৰাজী: Shobha Gurtu; ১৯২৫–২০০৪) লঘু হিন্দুস্তানী শাস্ত্ৰীয় শৈলীৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আছিল। বিশুদ্ধ শাস্ত্ৰীয় শৈলীৰ ওপৰতো সমান আধিপত্য আছিল যদিও লঘু শাস্ত্ৰীয় সংগীতৰ দ্বাৰাহে তেওঁ খ্যাতি লাভ কৰিছিল। এটা সমৃদ্ধ কণ্ঠৰ বাবে তেওঁ থুমৰী ৰাণী[1] হিচাপে পৰিচিত হৈছিল।[2][3]

শোভা গুৰ্টু
জন্ম ভানুমতী শিৰোদকাৰ
৮ ফেব্ৰুৱাৰী, ১৯২৫
বেলগাম, কৰ্ণাটক, ভাৰত
মৃত্যু ২৭ ছেপ্টেম্বৰ, ২০০৪ (৭৯ বছৰ)
মুম্বাই, ভাৰত
পেচা কণ্ঠশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৪০ দশকৰ পৰা ২০০৪ চনলৈ

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

১৯২৫ চনত বেলগাঁওত (বৰ্তমান কৰ্ণাটকত) জন্মগ্ৰহণ কৰা ভানুমতী শিৰোদকাৰৰ মাতৃ মেনেকাবাই শিৰোদকাৰ এগৰাকী পেছাদাৰী নৃত্যশিল্পী আছিল। মেনাকাবাই জয়পুৰ-আত্ৰাউলি ঘৰানাৰ উস্তাদ আল্লাদিয়া খানৰ এগৰাকী গায়কী শিষ্যা আছিল। অতি কম বয়সৰ পৰাই শোভাই গুৰুৰ ওচৰত সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।[4]

শোভাই কাশ্মীৰী ব্ৰাহ্মণ পৰিয়াল এটাৰ বিশ্বনাথ গুৰ্টুৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু শোভা গুৰ্টু নামেৰে পৰিচিত হয়। তেওঁৰ শহুৰেক পণ্ডিত নাৰায়ণ নাথ গুৰ্টু আছিল আৰক্ষীৰ এজন উচ্চ পদস্থ বিষয়া আৰু পণ্ডিত। লগতে তেওঁ চখ হিচাপে চেতাৰো বজাইছিল।[4] তেওঁ কেইবাবছৰ ধৰি বেলগাম জিলাত চাকৰি সূত্ৰে আছিল। এনেদৰেই শোভা আৰু বিশ্বনাথৰ চিনাকি হৈছিল। দম্পতীহালৰ ৰবি, ত্ৰিলোক আৰু নৰেন্দ্ৰ নামৰ তিনিজন পুত্ৰ সন্তান আছিল। তেওঁলোকৰ ডাঙৰ পুত্ৰ ৰবি গুৰ্টু আছিল ৰিদম বাদক। আন এজন পুত্ৰ ত্ৰিলোক গুৰ্টু বিখ্যাত পাৰ্কাচনিষ্ট।[5]

কৰ্মজীৱন

সম্পাদনা কৰক

যদিও শোভাৰ কোলহাপুৰৰ জয়পুৰ-আত্ৰাউলি ঘৰানাৰ প্ৰতিষ্ঠাপক উস্তাদ আল্লাদিয়া খানৰ কনিষ্ঠ পুত্ৰ উস্তাদ ভূৰজী খানৰ ওচৰত আনুষ্ঠানিক সংগীত প্ৰশিক্ষণ আৰম্ভ হৈছিল, তেতিয়া তেওঁ যথেষ্ঠ সৰু। শোভাৰ মাকেও এসময়ত উস্তাদ ভূৰজী খানৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। শোভাৰ প্ৰতিভা দেখি উস্তাদ ভূৰজী খানৰ পৰিয়াল যথেষ্ঠ আনন্দিত হয়। জয়পুৰ-আত্ৰাউলি ঘৰানাৰ লগত তেওঁৰ সম্পৰ্ক আৰু শক্তিশালী হয়, যেতিয়া তেওঁ উস্তাদ আল্লাদিয়া খানৰ ভতিজা উস্তাদ নত্থন খানৰ পৰা শিকিবলৈ লৈছিল।[6][7]

শোভাই থুমৰি, দাদ্ৰা, কাজৰী, হৰি আদি অৰ্ধশাস্ত্ৰীয় সংগীত শৈলীত বিশেষজ্ঞতা লাভ কৰিছিল। অনায়াসে তেওঁৰ গায়নত বিশুদ্ধ শাস্ত্ৰীয় অংশ সংযোজন কৰিছিল, যাৰ ফলত এক নতুন শৈলীৰ সৃষ্টি হৈছিল। তেওঁ বেগম আখতাৰ খান আৰু বড়ে গুলাম আলী খানৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[8]

মাৰাঠী আৰু হিন্দী চিনেমাতো তেওঁ সংগীত পৰিবেশন কৰিছিল। নেপথ্য কণ্ঠশিল্পী হিচাপে কাম কৰা তেওঁৰ প্ৰথম ছবি কামাল আমৰোহীৰ পাকিজা (১৯৭২)।[9][10] তাৰ পিছত কণ্ঠদান কৰে ফাগুনত (১৯৭৩); য'ত তেওঁ গাইছিল, ‘বেদৰ্দী বন গয়ে কোই যাও মানাও মোৰে চাইয়াঁ’। হিট ছবি মেঁই তুলসী তেৰে আংগন কীত গোৱা (১৯৭৮) ‘চাইয়াঁ ৰুথ গয়ে’ গীতটোৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে।[11] সামনা, লালমাটি আদি মাৰাঠী চলচ্চিত্ৰৰ বাবেও তেওঁ গীত গাইছিল। ১৯৭৯ চনত ‘দ্য গ্ৰামোফোন কোম্পানী অফ ইণ্ডিয়া’ই (EMI) তেওঁৰ প্ৰথম এলবাম এট হাৰ বেষ্ট... শ্বোভা গুৰ্টু প্ৰকাশ কৰে; যিটোক ১৯ শতিকাত গা কৰি উঠা পূৰ্বীয় উত্তৰ প্ৰদেশৰ (পূৰ্বী গায়কী) সংগীত পৰম্পৰাত উচ্চ স্তৰৰ ক্লাছিক ৰেকৰ্ডিং বুলি গণ্য কৰা হয়। শতিকা.

বঁটা আৰু সন্মান

সম্পাদনা কৰক

সংগীত নাটক একাডেমী বঁটা (১৯৮৭)
পদ্মভূষণ (২০০২)[12]
লতা মংগেষকাৰ পুৰস্কাৰ
সাহু মহাৰাজ পুৰস্কাৰ
মহাৰাষ্ট্ৰ গৌৰৱ পুৰস্কাৰ

বাহ্যিক সংযোগ

সম্পাদনা কৰক