২৭ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২১ |
২৭ ছেপ্টেম্বৰ (ইংৰাজী: 27 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭০তম (অধিবৰ্ষত ২৭১তম) দিন। বছৰ শেষ হ'বলৈ ৯৫ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৯২২ চনৰ আজিৰ দিনটোতে সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ জন্ম হয়।
- ১৭৬০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাচিম বংগৰ নৱাব হয়।
- ১৮৩৩ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হয়।
- ১৯০৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতা ভগৎ সিঙৰ জন্ম হয়।
- ১৯৫৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰে। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেই প্ৰথম ভাৰতীয়।
- ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ পৰিচালক য়শ চোপ্ৰাৰ জন্ম হয়।
- ১৮২৫ খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখতে ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰে'লগাড়ীৰ চলাচল আৰম্ভ হয়।
- ইটালীৰ গল্প লেখিকা আৰু ঔপন্যাসিক গ্ৰাছিয়া ডেলেড্ডাৰ জন্ম হয় ১৮৭০ চনৰ আজিৰ দিনটোতে। ১৯২৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
- ২০০৩ চনৰ আজিৰ দিনটোতে প্ৰথম বাৰৰ বাবে বিশ্বত বিজ্ঞানীসকলৰ দ্বাৰা নিগনিৰ ক্ল’ন সম্পন্ন হয়।
- ১২৯০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত এক লাখ লোকৰ মৃত্যু হয়।
- তালিবানৰ দ্বাৰা কাবুল দখল হৈছিল ১৯৯৬ চনৰ আজিৰ দিনটোতে।
- আজি বিশ্ব পৰ্যটন দিৱস।