সঞ্জীৱ পল ডেকা
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
ড° সঞ্জীৱ পল ডেকা (ইংৰাজী: Sanjib Pol Deka) একাধাৰে গল্পকাৰ, আলোচনী সম্পাদক। বৰ্তমান তেওঁ ‘আলাপ’ আলোচনীৰ অবৈতনিক সম্পাদক। কৰ্মসূত্ৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। তেখেতে ২০১৯ বৰ্ষৰ জুন মাহত এইপিনে কি আছে শীৰ্ষক গল্পগ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।[1] একেখন গল্পপুথিৰ বাবে তেওঁ ২০১১ চনত তেওঁ মুনীন বৰকটকী বঁটা আৰু ২০১৫-১৬ চনৰ ভাৰতীয় ভাষা পৰিষদৰ যুৱ বঁটা লাভ কৰে।
ড° সঞ্জীৱ পল ডেকা | |
---|---|
![]() | |
জন্ম | দৰং, দিঘিৰিপাৰৰ বটাবাৰী গাঁও |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী। |
বিষয় | গল্পকাৰ, অধ্যাপক |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাদেমিৰ যুৱ বঁটা (২০১৯) |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰকসঞ্জীৱ পল ডেকাৰ জন্ম হয় দৰং জিলাৰ দীঘিৰপাৰৰ বটাবাৰী গাঁৱত ১৯৮৬ চনৰ ২৪ নৱেম্বৰত। পিতৃৰ নাম ঘটেশ্বৰ ডেকা আৰু মাতৃৰ নাম নিৰ্মালি ডেকা।
শিক্ষা আৰু কৰ্মজীৱন
সম্পাদনা কৰকতেখেতে ২০০২ চনত দীঘিৰপাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে আৰু তাৰ পাছত কটন কলেজৰ পৰা অসমীয়া বিষয়ত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১৮ চনত পিএইচ ডি লাভ কৰে। ২০১৭ চনৰ আগষ্ট মাহৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। বৰ্তমান তেখেত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত।[2] অৱশ্যে, তেখেতে অসমৰ আগশাৰীৰ সাহিত্য আলোচনী 'সাতসৰী'ত উপ-সম্পাদকৰূপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। সেইদৰে তেজপুৰ বিশ্ববিদ্যায়ৰ অসমীয়া অধ্যয়ন কেন্দ্ৰত গৱেষণা-সহযোগী হিচাপে দুইবছৰৰো অধিক কাল কাৰ্যনিৰ্বাহ কৰে।
সাহিত্যৰাজি
সম্পাদনা কৰক- এইপিনে কি আছে, গল্পগ্ৰন্থ
- স্বৰ্ণলতা ৰায়ৰ "আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা" (২০১৯), সম্পাদনাঃ সঞ্জীৱ পল ডেকা
- বৰমঝিলী, গল্প সংকলন(২০২০)
সম্পাদিত আলোচনী
সম্পাদনা কৰক- আলাপ
বঁটা আৰু সন্মান
সম্পাদনা কৰক- মুনীন বৰকটকী বঁটা, ২০১১
- ভাৰতীয় ভাষা পৰিষদৰ যুৱ বঁটা, ২০১৫-১৬
- সাহিত্য অকাডেমিৰ যুৱ বঁটা, ২০১৯
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "সঞ্জীৱ পল ডেকা, ৰুজব মুচাহাৰী লৈ যুৱ সাহিত্য অকাদেমি যুৱ বঁটা". গণ অধিকাৰ. ১৩ জুন ২০১৯. http://ganaadhikar.com/beta/?p=10435। আহৰণ কৰা হৈছে: ১৬ জুন ২০১৯.[সংযোগবিহীন উৎস]
- ↑ "Sanjib Pol Deka wins Sahitya Akademi award". The Assam Tribune. 14 June 2019. Archived from the original on 15 June 2019. https://web.archive.org/web/20190615142939/http://www.assamtribune.com/scripts/detailsnew.asp?id=jun1519/state053। আহৰণ কৰা হৈছে: 16 June 2019.