সত্য প্ৰসাদ বৰুৱা

(সত্যপ্ৰসাদ বৰুৱাৰ পৰা পুনঃনিৰ্দেশিত)

সত্য প্ৰসাদ বৰুৱা (ইংৰাজী: Satya Prasad Baruah; ১৯১৯-২০০১) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক হোৱাৰ লগতে এজন সাহিত্যিক, নিবন্ধকাৰ, সাংবাদিক আৰু নাট্য তত্ত্বৰ বিশিষ্ট গৱেষক আছিল।[1] ডেকা বয়সতে তেখেতে নাটকত অভিনয় আৰম্ভ কৰাৰ লগতে লিখিবলৈও লয়। গুৱাহাটীৰ "সুন্দৰ সেৱী সংঘ"ৰ জৰিয়তে তেখেতে নাটকত মহিলা অভিনেত্ৰীৰ প্ৰৱেশত আগভাগ লৈছিল।[1] "শিখা" (১৯৫৭) আৰু "জ্যোতিৰেখা" (১৯৫৮) নাটকেৰে তেখেতে চৰ্চালৈ আহে।[2] তেখেতে ১৯৭৮ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল।[3] তেখেতে জীৱনকালত প্ৰায় বিশখন মৌলিক নাটক, শিশু ৰচনা, মঞ্চতত্ত্বৰ ৰচনা, অনুবাদ নাটক আদি লিখি গৈছে।

সত্য প্ৰসাদ বৰুৱা
জন্ম ২৯ অক্টোবৰ, ১৯১৯
আইজল, মিজোৰাম, ভাৰত
মৃত্যু ২০০১
পেচা সহিত্যিক, নাট্যকাৰ, অভিনেতা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
নাগৰিকত্ব ভাৰতীয়
উল্লেখযোগ্য বঁটা সংগীত নাটক একাডেমী বঁটা, ১৯৮৬

চমু জীৱনী

সম্পাদনা কৰক

১৯১৯ চনৰ ২৯ অক্টোবৰত[উদ্ধৃতিৰ প্ৰয়োজন] মিজোৰামআইজলত জন্মগ্ৰহণ কৰা সত্য প্ৰসাদ বৰুৱাৰ পিতৃ আছিল গুৰু প্ৰসাদ বৰুৱা আৰু মাতৃ আছিল পদ্মৰেখা বৰুৱা। ১৯৩৮ চনত কটন কলেজৰ পৰাই অৰ্থনীতিত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰি সত্য প্ৰসাদ বৰুৱাই লগে লগে ওকালতি শিক্ষা আৰম্ভ কৰে। পিচত শিক্ষা শেষ কৰি আদালতলৈ যায় যদিও ওকালতিৰ কামৰ পৰা বিদায় লয়। জীৱন জীৱিকাৰ কথা চিন্তা কৰি বৰুৱাই মাতৃৰ স্মৃতিত পদ্ম প্ৰকাশ নামেৰে এটি প্ৰকাশন প্ৰতিষ্ঠান মুকলি কৰে। উক্ত প্ৰতিষ্ঠানটোৰ পৰাই কেইবাখনো আপুৰুগীয়া গ্ৰন্থ প্ৰকাশ কৰি উলিয়াই। ১৯৪৮ চনত বৰুৱাই অল ইণ্ডিয়া ৰেডিঅ’ত অনুষ্ঠান কাৰ্যবাহী হিচাপে প্ৰথমে চৰকাৰী চাকৰিত যোগ দিয়ে। ১৯৬৫ চনলৈকে ৰেডিঅ’ত কাম কৰি সেই বছৰতে অসম চৰকাৰ তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক ৰূপে যোগদান কৰি ১৯৭০ চনত বিভাগটোৰ সঞ্চালকো হয়। ১৯৭২ চনত সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিষ্ঠাপক সঞ্চালক ৰূপে দায়িত্ব গ্ৰহণ কৰি ১৯৭৪ চনত চাকৰিৰ পৰা অৱসৰ লয়।[3]

গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ লগত ওতপ্ৰোতভাবে জড়িত থকা সত্য প্ৰসাদ বৰুৱাই অসমীয়া ৰক্ষণশীল সমাজত নাৰীক পুৰুষৰ লগত অভিনয় কৰোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তাৰ ফলস্বৰূপে নাটক সমূহত নাৰী-পুৰুষ সমানে অভিনয় কৰিবলৈ সুবিধা পায়। তদুপৰি সাংবাদিক হিচাপে তেখেতে চাইক্ল’ৰমা নামৰ এটি শিতান লৈ “দ্যা আছাম ট্ৰিবিউন” কাকতত ১৯৭৬ চনৰ পৰা মৃত্যুৰ আগলৈকে নাটক সমালোচনা কৰাৰ লগতে দৈনিক অসম, দি নৰ্থ-ইষ্ট ক্লেৰিয়ন, নতুন দৈনিক, আজিৰ অসম, প্ৰকাশ, দৈনিক জনমভূমি আৰু বিভিন্ন আলোচনীত বিভিন্ন সাংস্কৃতিক দিশত আলোকপাত কৰে। তেখেতে অনাতাঁৰ যোগে পাঁচশ খনতকৈ অধিক নাটকত অংশগ্ৰহণ কৰিছিল। সত্যপ্ৰসাদ বৰুৱাই লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন আছিল অল ইণ্ডিয়া ৰেডিঅ'যোগে প্ৰচাৰ হোৱা (৬ জুলাই, ১৯৪৮) প্ৰথম অসমীয়া অনাতাঁৰ নাটক।[3] তেখেত সংস্কৃত, প্ৰাকৃত আদি প্ৰাচীন ভাৰতীয় ভাষাৰ নাটসমূহৰ উপৰিও বঙালী, পঞ্জাবী, হিন্দী আদি ভালেসংখ্যক ভাৰতীয় আধুনিক ভাষাৰ নাটক অধ্যয়ন কৰিছিল। সেই সমূহৰ বিষয়ে সত্য প্ৰসাদ বৰুৱাই গ্ৰন্থ, প্ৰবন্ধ ৰচনা কৰি অসমীয়া নাট্য সাহিত্যৰ ভৰাঁল চহকী কৰি থৈ গৈছে। তদুপৰি তেওঁ গ্ৰীক, নৰৱেজিয়ান, ইংৰাজী, ৰুছ আদি ভাষাৰ নাটক অধ্যয়ন কৰি সেইসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰি অসমৰ নাট্যপ্ৰেমী ৰাইজক উপকৃত কৰিছিল। ১৯৭৮ চনত তেখেতে ইডিপাছ নাটকত কৰা অভিনয়ৰ বাবে সৰ্বভাৰতীয় সমালোচক সংস্থাৰ "শ্ৰেষ্ঠ অভিনেতা বঁটা" লাভ কৰিছিল।[3]

প্ৰায় ছটা দশক ধৰি অসমৰ নাট্য জগতখনৰ সৈতে নিবিড়ভাবে জড়িত অসমৰ আধুনিক নাট্য আন্দোলনৰ পিতৃ স্বৰূপ নাট্যপ্ৰভাকৰ[4] সত্য প্ৰসাদ বৰুৱাৰ ২০০১ চনৰ ২৬ জুন তাৰিখে জীৱন নাটৰ সামৰণি পৰে।

সাংস্কৃতিক কৰ্মৰাজী

সম্পাদনা কৰক

পূৰ্ণাঙ্গ নাটক[3]

  • চাকৈচকোৱা (১৯৪০)
  • শিখা (১৯৫৭)
  • জ্যোতি-ৰেখা (১৯৫৮)
  • জবালা (১৯৭৬)
  • নায়িকা নাট্যকাৰ (১৯৭৬)
  • মৃণালমাহী (১৯৭৭)
  • দেবা: নজানন্তী (১৯৮৬)
  • ক্ৰুছ ফায়াৰ Cross Fire (১৯৮৪)

চুটি নাট/ একাংক সংকলন

  • চুটি নাট সংকলন (১৯৫৭)
  • আনাৰকলি
  • কুণাল কাঞ্চন
  • ৰাণাদিল
  • শাশ্বতী (১৯৬৬)
  • ভাস্বতী
  • দুপৰনিশা

উল্লেখযোগ্য যে ভাস্বতীখন ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰাৰ বাবে নেশ্বনেল বুক ট্ৰাষ্টে গ্ৰহণ কৰিছে।

নাটিকা

  • আশা
  • কল্পনাৰ মৃত্যু
  • ধৰালৈ যিদিনা নামিব সৰগ
  • ওভাৰকোট
  • অন্তিম সংগীত
  • বৰাহ-মিহিৰ
  • সংলাপ-বিহিন কাৰ্য।

উপন্যাস/গল্প/কবিতা

  • অনাগত (১৯৫৮)
  • আকৌ যাত্ৰা আৰম্ভ কৰো (১৯৯২)
  • ছোভিয়েট কবিতাত লেলিন (১৯৮৭)

মননশীল ৰচনা

  • পোহৰ প্ৰয়াসী মন (১৯৯২)

পূৰ্ণাংগ নাট অনুবাদ/অভিযোজনা/ৰূপান্তৰ

  • বনহংসী(১৯৬১)
  • ৰজা ইডিপাছ (১৯৬৪)
  • অ’থেলো (১৯৭৪)
  • মেকবেথ (১৯৮০)
  • তিনিখন পঞ্জাবী পূৰ্ণাঙ্গ নাটক (১৯৮৬)
  • সাগৰ চিলনী (১৯৯০)
  • এণ্টিগনি (১৯৯২)
  • দ্যা এনিমি অৱ দ্যা পিপ’ল

মঞ্চতত্ত্ব[3]

  • নাটক আৰু অভিনয় প্ৰসংগ (যোৱা কুৰি বছৰো অধিক কাল গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ত অনাৰ্ছৰ আনুমোদিত পুথি)
  • নাট্যকাৰ ৰবিন্দ্ৰনাথ (১৯৬৫)
  • মঞ্চপ্ৰতিভা (১৯৮০)
  • বাৰটোলট্ ব্ৰেখট (১৯৮০)
  • আধুনিক নাট চিন্তা (১৯৮৮)
  • অসমীয়া নাটকত দেশপ্ৰেম

কিশোৰ আৰু শিশু সাহিত্য

  • পঞ্জাবৰ লোককথা
  • আমাৰ নৌসেনা
  • হাবিৰ এই ঘুলিটো।

বিবিধ সম্পাদনা

  • বিশ্ববিখ্যাত চুটি গল্প নটা-পদ্মপ্ৰকাশ
  • জ্যোতিপ্ৰসাদ ৰচনাৱলী (সম্পাদক মণ্ডলীৰ সদস্য)
  • প্ৰকাশন পৰিষদৰ প্ৰকাশ, নামৰ আলোচনী খনৰ সম্পাদক মণ্ডলীৰ সদস্য
  • সাহিত্য অকাডেমিৰ হৈ ২৫খন একাংক নাটৰ সম্পাদনা
  • বিবিধ ৰচনা: সংবাদ সেৱাৰ

সংগঠিত নাট্য সংঘ

সম্পাদনা কৰক
  • সুন্দৰ সেৱী সংঘ (১৯৩৫)
  • শৌভিক (১৯৬৮)
  • থিয়েটাৰ ফাউণ্ডেছন (১৯৯৪)

সন্মান আৰু পদৱী

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক