সদস্য:Joli/মিথুন
মেঠোন (Gaur) | |
---|---|
Bos gaurus | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
পৰিয়াল: | Bovidae |
উপপৰিয়াল: | Bovinae |
গণ: | Bos |
প্ৰজাতি: | B. gaurus |
বৈজ্ঞানিক নাম | |
Bos gaurus Smith, 1827 | |
সমাৰ্থক | |
Bos gour Hardwicke, 1827 |
মেঠোন (ইংৰাজী: Gaur, Indian bison, বৈজ্ঞানিক নাম-Bos gaurus) দক্ষিণ-পূব এছিয়াৰ এবিধ বৃহৎ আকাৰৰ স্থানীয় প্ৰজাতি৷ এই প্ৰজাতিবিধ আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত হিচাপে স্বীকৃতি দিয়া হৈছে৷[1]৷ মেঠোনৰ দেহৰ উচ্চতা বনৰীয়া Cattle সমূহৰ ভিতৰত সৰ্বাধিক৷[2]
দৈহিক গঠন
সম্পাদনা কৰকমেঠোনৰ দেহটো অতি শক্তিশালী৷ ইয়াৰ কপালত শিঙদুটাৰ মাজেৰে এডাল উত্তল ওখ অংশ (high convex ridge) সন্মুখলৈ আছে আৰু ইয়াৰ বাবে মেঠোনৰ মূৰৰ সন্মুখ অংশত গাঁতৰ দৰে দেখা যায়৷ ইয়াৰ কাণ দুখন বৃহৎ, নেজ চুটি ৷ মতা মেঠোনৰ গাৰ বৰণ গাঢ় মটিয়া, বুঢ়া মেঠোনৰ ছাল প্ৰায় ক'লা বৰণীয়া৷ অৱশ্যে মূৰৰ চকুৰ ওপৰৰ অংশ প্ৰায় গাঢ় মুগা বা কেতিয়াবা বগা যেন দেখা যায়৷ ইয়াৰ ঠেঙৰ তলৰ অংশ শুদ্ধ বগা বৰণৰ৷ ইয়াৰ বাহুৰ পৰা পিছফালৰ অংশলৈকে পিঠিয়েদি এডাল থিয় আঁচ (ridge) আছে৷ মেঠোনৰ গাৰ নোম চুটি[2]
মেঠোনৰ মূৰৰ পৰা দেহৰ দৈৰ্ঘ্য প্ৰাব ২৫০-৩৩০ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য ৭০-১০৫ ছে:মি: হয়৷ ইয়াৰ দেহৰ উচ্চতা বাহুৰ ওচৰত ১৬৫-২২০ ছে:মি:৷ মেঠোনৰ গড় ওজন প্ৰায় ৬৫০-১০০০ কিলোগ্ৰাম৷[3] Males are about one-fourth larger and heavier than females.[4]
মেঠোনৰ মতা আৰু মাইকী উভয়ৰে শিং থাকে৷ শিংযোৰ মূৰৰ দুয়োকাষে বাঢ়ি ওপৰলৈ ঘোৰ খোৱা হয়৷ শিঙৰ মাজত উত্তল অংশ এটা থাকে৷ শিঙৰ বৰণ শেঁতা সেউজীয়া বা হালধীয়া আৰু জোঙা অংশটো ক'লা হয়৷[2] The horns, of medium size by large bovid standards, grow to a length of 60 ৰ পৰা 115 cm (24 ৰ পৰা 45 in).[4][5]
মেঠোন বৰ্তমান জীৱিত অৱস্থাত থকা স্থলচৰ প্ৰাণীবোৰৰ ভিতৰতে অন্যতম বৃহৎ আকাৰৰ প্ৰাণী৷ ইয়াৰ বাহিৰে কেৱল হাতী, গঁড় আৰু হিপ্পপটেমাছৰ ওজন অধিক বুলি জনা যায়৷[উদ্ধৃতিৰ প্ৰয়োজন]
বিস্তৃতি
সম্পাদনা কৰকঐতিহাসিকভাৱে মেঠোন সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াতে পোৱা গৈছিল৷ ইয়াৰ ভিতৰত ভিয়াটনাম, কম্বোডিয়া, লাওছ, চীন, থাইলেণ্ড, মালয়েছিয়া, ম্যানমাৰ, ভাৰত, বাংলাদেশ, ভূটান, নেপাল আদিয়ে প্ৰধান৷ বৰ্ত্মান এই প্ৰজাতিটো কেইটামান বিভক্ত অঞ্চল (fragmented)ত হে বিস্তৃত হৈ আছে৷ ই শ্ৰীলংকাৰ পৰা সম্পূৰ্ণকৈ নিশ্চিহ্ন হৈ পৰিল৷ [1]
বাসস্থান
সম্পাদনা কৰকমেঠোন ঘাইকৈ অৰ্ধ সেউজীয়া, সেউজীয়া আৰু সেমেকা পৰ্ণপাতী অৰণ্যত দেখা পোৱা যায়৷ ইয়াক সাগৰপৃষ্ঠৰ পৰা ৫০০০-৬০০০ মিটাৰ উচ্চতাৰ বনাঞ্চল সমূহত দেখা যায়৷ পৰ্যাপ্ত পানী, ঘাঁহ, বাঁহজাতীয় উদ্ভিদ, গুল্ম আৰু বৃক্ষজাতীয়া উদ্ভিদ থকা বনাঞ্চল মেঠোনে অধিক পছন্দ কৰে৷[6]
ভাৰতবৰ্ষত মেঠোনৰ জনসংখ্যা নব্বৈৰ দশকত প্ৰায় ১২,০০০-২২,০০০ বুলি ঠাৱৰ কৰা হৈছিল৷ দাক্ষিণাত্যৰ পৰ্বতীয়া অঞ্চলত ইয়াৰ এটা বৃহৎ গোট বাস কৰে বুলি জনা যায়৷ বিশেষকৈ নাগাৰহোলে ৰাষ্ট্ৰীয় উদ্যান, মুডুমালাই ৰাষ্ট্ৰীয় উদ্যান, বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান আদিত মেঠোনৰ বসতি অধিক৷[7] The populations in India, Bhutan and Bangladesh are estimated to comprise 23,000–34,000 individuals.[6][1] [8]
আচৰণ
সম্পাদনা কৰকমেঠোন সাধাৰণতে দিনৰ ভাগত অধিক সক্ৰিয় হৈ থাকে৷ কিন্তু মানুহৰ বসতিৰ আশে পাশে ই নিশাচৰ স্বভাৱো লয়৷ খৰালি কালত ই গোট গঠন কৰি সৰু এলেকাত কটায় বাৰিষা অহাৰ লগে লগে পৰ্বতীয়া অঞ্চললৈ প্ৰব্ৰজন কৰে৷ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত মেঠোনে ৮-১১ টা জন্তু লগ হৈ গোটত বাস কৰে৷ এপ্ৰিল মে মাহত অধিক মতা মাহে প্ৰজননৰ বাবে গোটত লগ হয়৷ মে-জুন মাহত ইহঁতে এই ডাঙৰ গোট এৰি কেৱল মতা মেঠোনৰ গোট গঠন কৰে৷ এনে গোট সমূহে দিনে ২-৫ কিলোমিটাৰ কৈ অঞ্চলত চৰি ফুৰে৷[9]
মেঠোনৰ দল সাধাৰণতে পূৰ্ণবয়স্ক মাইকী মেঠোনে নেতৃত্ব দিয়ে৷ পূৰ্ণবয়স্ক মতা মেঠোন প্ৰায়ে অকলশৰীয়াকৈ থাকে৷ শত্ৰুৰ উপস্থিতিত ই এক বিশেষ ধৰণৰ এলাৰ্ম দিয়ে৷[10]
খাদ্য
সম্পাদনা কৰকমেঠোনে ঘাইকৈ বিভিন্ন উদ্ভিদ খাই জীয়াই থাকে৷ ই গছৰ ওপৰৰ অংশ অৰ্থাৎ পাতৰ আগ, কাণ্ড, গুটি আৰু ফুল আদি খাই জীয়াই থাকে৷ [11]
প্ৰজনন
সম্পাদনা কৰকমেঠোনৰ প্ৰজনন সমগ্ৰ বছৰ জুৰি হয়৷ জুনমাহৰ পৰা ডিচেম্বৰৰ ভিতৰত সৰ্বাধিক প্ৰজনন হয়৷ প্ৰায় ২৭৫ দিনৰ গৰ্ভধাৰণৰ অন্তত মেঠোনে এটাকৈ পোৱালিৰ জন্ম দিয়ে৷ দ্বিতীয় বা তৃতীয় বছৰৰ ভিতৰত মেঠোন পূৰ্নবয়স্ক হৈ উঠে৷ মেঠোনৰ গড়ৱ আয়ুস প্ৰায় ৩০ বছৰ৷[9]
স্থিতি
সম্পাদনা কৰকলাওছত চোৰাংচিকাৰৰ বাবে মেঠোনৰ জনসংখ্যা ঘোৰ সংকটৰ মুখামুখি হৈছে৷[12] তেনেদৰে থাইলেণ্ডতো ইয়াৰ মাংসৰ বৰ্ধিত বজাৰমূল্যৰ বাবে হোৱা চোৰাংচিকাৰে জনসংখ্যাৰ ক্ষতি কৰিছে৷
সংৰক্ষণ
সম্পাদনা কৰকমেঠোনক ইতিমধ্যে CITES Appendix I ত স্থান দিয়া হৈছে৷ ই বিস্তৃত হৈ থকা প্ৰায়বোৰ অম্চলতে ইয়াৰ প্ৰতিৰক্ষাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে৷[1]
লগতে চাওক
সম্পাদনা কৰক- Anoa
- Wild water buffalo
- Drawings by Douglas Hamilton
- Domestic Asian water buffalo
- Banteng
- Zebu, the common type of cattle from India: gaur may have contributed to some breeds.
- Aurochs
- Largest organisms
- Manjampatti white bison
তথ্যসুত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4
- ↑ 2.0 2.1 2.2 Lydekker, R. (1888–1890). The new natural history Volume 2. Printed by order of the Trustees of the British Museum (Natural History), London.
- ↑ Smith, A. T., Xie, Y. (eds.) (2008). A Guide to the Mammals of China. Princeton University Press, Princeton Oxforshire. Page 472.
- ↑ 4.0 4.1 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;Nowak1999
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Sanderson, G. P. (1907). "XVIII, XVIV". Thirteen Years Among the Wild Beasts of India: Their Haunts and Habits from Personal Observation (6th সম্পাদনা). প্ৰকাশক Edinburgh: John Grant. পৃষ্ঠা. 243–265. http://archive.org/stream/thirteenyearsamo029922mbp#page/n273/mode/2up.
- ↑ 6.0 6.1 Choudhury, A. (2002). Distribution and conservation of the Gaur Bos gaurus in the Indian Subcontinent. Mammal Review 32: 199–226.
- ↑ Ranjitsinh, M. K. (1997) Beyond the Tiger: Portraits of Asian Wildlife. Birajbasi Printers, New Delhi, India.
- ↑ http://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/bison-recolonising-jawadhu-hills-says-forest-official/article1151993.ece
- ↑ 9.0 9.1 Burton, R. (2002). International Wildlife Encyclopedia (3 সম্পাদনা). Marshall Cavendish. পৃষ্ঠা. 936–938. ISBN 978-0-7614-7266-7. http://books.google.com/books?id=P0_AD0v7vl0C&lpg=PA937&pg=PA937#v=onepage&q&f=false.
- ↑ Huffman, B. (2004). "Bos frontalis – Gaur". ultimateungulate.com. http://www.ultimateungulate.com/Artiodactyla/Bos_frontalis.html.
- ↑ Shukla, R., Khare, P. K. (1998). Food habits of wild ungulates and their competition with live stock in Pench Wildlife Reserve central India. Journal of the Bombay Natural History Society 95(3): 418–421.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;duckworth99
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Bos gaurus সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিপ্ৰজাতিত Bos frontalis সম্পৰ্কে অধিক তথ্য আছে |
- Herd of about 30 Indian Gaur at Sathyamangalam Forests
- Tigers hunt Largest Wild Cattle Gaurs !
- Video of tigers and gaurs
- Video of gaur
- ARKive: images and movies of the gaur (Bos frontalis)
- Images of Indian gaur
- Gaur in Bandhipur
- Tiger kills adult Gaur
- The Hindu.com: A date with bisons in Madurai
- The Hindu.com: Bison recolonising Jawadhu Hills, says forest official