Dasdipankar2005
নমস্কাৰ, Dasdipankar2005
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
তথ্যসূত্ৰ আৰু যান্ত্ৰিক অনুবাদ
সম্পাদনা কৰকনমস্কাৰ Dasdipankar2005, অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ জনাইছোঁ। অনুগ্ৰহ কৰি মন কৰিব যে ৱিকিপিডিয়াত তথ্যসূত্ৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়। উপযুক্ত তথ্যসূত্ৰ নথকা প্ৰবন্ধসমূহ বিলোপ কৰা হ'ব পাৰে। তাৰোপৰি যথাযথ সম্পাদনা নকৰাকৈ ৰখা যান্ত্ৰিক অনুবাদক ৱিকিপিডিয়াত উৎসাহিত কৰা নহয়। সেয়েহে শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াত আপুনি সৃষ্টি কৰা ৰেপাৰ, এমিৱে বান্টাই, ৰাফতাৰ আদি প্ৰবন্ধসমূহত প্ৰয়োজন অনুসাৰে হাত ফুৰাই আৰু তথ্যসূত্ৰ যোগ দি উন্নত মানৰ কৰি তুলিবলৈ আহ্বান জনালোঁ। এই বিষয়ে সহায়ৰ প্ৰয়োজন হ'লে জনাব। আশাকৰোঁ আপুনি ৱিকিপিডিয়ালৈ আগলৈয়ো যোগাত্মক বৰঙনি আগবঢ়াই যাব। -Chandan Chiring Phukon Chat 06:52, 26 March 2023 (ইউ.টি.চি.)
- @Dasdipankar2005 মাননীয় সদস্য, পূৰ্বতে বাৰ্তা দিয়াৰ পিছতো আপুনি যান্ত্ৰিক অনুবাদৰ ওপৰতেই নিৰ্ভৰশীল হৈ উপযুক্ত তথ্যসূত্ৰ অবিহনে এটাৰ পিছত আনটো প্ৰবন্ধ সৃষ্টি কৰি গৈছে (পাগলাঝোৰা জলপ্ৰপাত, নগেন্দ্ৰ প্ৰসাদ সৰ্বাধিকাৰী, গোলন্দাজ আদি)। ইয়াৰে বহুকেইটা প্ৰবন্ধত আপুনি উপসংহাৰ নামেৰে মূলতঃ প্ৰশংসামূলক বা বিজ্ঞাপনধৰ্মী একোটা অনুচ্ছেদ যোগ কৰিছে। মন কৰিব যে ৱিকিপিডিয়া কোনো বিজ্ঞাপন বা ব্যক্তিগত মতামতৰ স্থান নহয়। আশাকৰোঁ আপুনি নতুন প্ৰবন্ধ পুনৰাই সৃষ্টি কৰাৰ আগতে আন সদস্যই সৃষ্টি তথা সম্পাদনা কৰা পুৰণি প্ৰবন্ধসমূহত চকু ফুৰাব আৰু ৱিকিপিডিয়াৰ লিখনশৈলী শিকিবলৈ যত্ন কৰিব। শুভেচ্ছা!-Chandan Chiring Phukon Chat 14:38, 19 April 2023 (ইউ.টি.চি.)
- @Dasdipankar2005 পুনৰাই চুন্নু জলপ্ৰপাত প্ৰবন্ধটোৰ সন্দৰ্ভত এই কথা ক'ব লগা হোৱাৰ বাবে দুঃখিত। ৱিকিপিডিয়াত "এখন সুন্দৰ শিলৰ বাগিচা আছে'", '"ফটোগ্ৰাফীৰ বাবে আদৰ্শ স্থান'" এনে বাক্য পোনপটীয়াকৈ ব্যৱহাৰ কৰা নহয়। ইয়াৰ সলনি "এখন শিলৰ বাগিচা আছে" আৰু "ফটোগ্ৰাফীৰ বাবে আদৰ্শ স্থান হিচাপে গণ্য কৰা হয়" বুলি লিখিব পাৰে। ইয়াৰ লগতে তথ্যসূত্ৰ অবিহনে কোনো প্ৰবন্ধৰ তথ্যক নিৰ্ভৰযোগ্য বুলি ধৰা নহয় আৰু ইয়াক পক্ষপাতদুষ্ট বুলি ভবা হয়। আশাকৰোঁ আপুনি নতুন প্ৰবন্ধ পুনৰাই সৃষ্টি কৰাৰ আগতে আন সদস্যই সৃষ্টি তথা সম্পাদনা কৰা পুৰণি প্ৰবন্ধসমূহত চকু ফুৰাব আৰু ৱিকিপিডিয়াৰ লিখনশৈলী শিকিবলৈ যত্ন কৰিব। লগতে, ৱিকিপিডিয়াৰ সাধাৰণ নীতিসমূহ জানি-বুজি লৈ তাক মানি চলি অসমীয়া ৱিকিমিডিয়া সমাজৰ সৈতে সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ। -Chandan Chiring Phukon Chat 05:07, 21 April 2023 (ইউ.টি.চি.)
- @Chiring chandan ভুলবোৰ দেখুৱাই দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ।
- মহোদয়, অনুগ্রহ কৰি অনুবাদ কাৰ্য্য তথা অন্যান্য ভুল শুধৰণি আৰু তথ্য সংগ্রহ কাৰ্য্যত সহায় কৰক। Dasdipankar2005 (বাৰ্তা) 07:22, 21 April 2023 (ইউ.টি.চি.)
- @Dasdipankar2005 মাননীয় সদস্য, প্ৰবন্ধকেইটা যিহেতু আপুনি লিখিছে গতিকে ইয়াৰ অনুবাদ আৰু তথ্য সংগ্ৰহ আপুনিয়েই কৰাটো বাঞ্ছনীয়। অসমীয়া ৱিকিপিডিয়াৰ দৰে মুষ্টিমেয় স্বেচ্ছাসেৱক থকা এক ৱিকিপ্ৰকল্পত এজনে যান্ত্ৰিক অনুবাদৰ যথাযথ সম্পাদনা নকৰাকৈ, তথ্যসূত্ৰ নিদিয়াকৈ প্ৰবন্ধৰ সৃষ্টি কৰি যাব আৰু আন এজনে ইয়াক হাত ফুৰাই ঠিক কৰিব বুলি আশা কৰাটো মুঠেই যুক্তিকৰ কথা নহয়। -Chandan Chiring Phukon Chat 11:29, 21 April 2023 (ইউ.টি.চি.)
- @Chiring chandan ঠিক আছে। আপোনাক ধন্যবাদ। Dasdipankar2005 (বাৰ্তা) 11:49, 21 April 2023 (ইউ.টি.চি.)
- @Dasdipankar2005 মাননীয় সদস্য, প্ৰবন্ধকেইটা যিহেতু আপুনি লিখিছে গতিকে ইয়াৰ অনুবাদ আৰু তথ্য সংগ্ৰহ আপুনিয়েই কৰাটো বাঞ্ছনীয়। অসমীয়া ৱিকিপিডিয়াৰ দৰে মুষ্টিমেয় স্বেচ্ছাসেৱক থকা এক ৱিকিপ্ৰকল্পত এজনে যান্ত্ৰিক অনুবাদৰ যথাযথ সম্পাদনা নকৰাকৈ, তথ্যসূত্ৰ নিদিয়াকৈ প্ৰবন্ধৰ সৃষ্টি কৰি যাব আৰু আন এজনে ইয়াক হাত ফুৰাই ঠিক কৰিব বুলি আশা কৰাটো মুঠেই যুক্তিকৰ কথা নহয়। -Chandan Chiring Phukon Chat 11:29, 21 April 2023 (ইউ.টি.চি.)
- @Dasdipankar2005 পুনৰাই চুন্নু জলপ্ৰপাত প্ৰবন্ধটোৰ সন্দৰ্ভত এই কথা ক'ব লগা হোৱাৰ বাবে দুঃখিত। ৱিকিপিডিয়াত "এখন সুন্দৰ শিলৰ বাগিচা আছে'", '"ফটোগ্ৰাফীৰ বাবে আদৰ্শ স্থান'" এনে বাক্য পোনপটীয়াকৈ ব্যৱহাৰ কৰা নহয়। ইয়াৰ সলনি "এখন শিলৰ বাগিচা আছে" আৰু "ফটোগ্ৰাফীৰ বাবে আদৰ্শ স্থান হিচাপে গণ্য কৰা হয়" বুলি লিখিব পাৰে। ইয়াৰ লগতে তথ্যসূত্ৰ অবিহনে কোনো প্ৰবন্ধৰ তথ্যক নিৰ্ভৰযোগ্য বুলি ধৰা নহয় আৰু ইয়াক পক্ষপাতদুষ্ট বুলি ভবা হয়। আশাকৰোঁ আপুনি নতুন প্ৰবন্ধ পুনৰাই সৃষ্টি কৰাৰ আগতে আন সদস্যই সৃষ্টি তথা সম্পাদনা কৰা পুৰণি প্ৰবন্ধসমূহত চকু ফুৰাব আৰু ৱিকিপিডিয়াৰ লিখনশৈলী শিকিবলৈ যত্ন কৰিব। লগতে, ৱিকিপিডিয়াৰ সাধাৰণ নীতিসমূহ জানি-বুজি লৈ তাক মানি চলি অসমীয়া ৱিকিমিডিয়া সমাজৰ সৈতে সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ। -Chandan Chiring Phukon Chat 05:07, 21 April 2023 (ইউ.টি.চি.)
unreferenced tag মুছি দিয়া সন্দৰ্ভত
সম্পাদনা কৰকনমস্কাৰ Dasdipankar2005,
অনুগ্ৰহ কৰি এয়া মন কৰিব যে ৱিকিপিডিয়াত তথ্যসূত্ৰৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়। উপযুক্ত তথ্যসূত্ৰ নথকা প্ৰবন্ধসমূহ যিকোনো মূহুৰ্ততে বিলোপ কৰা হ'ব পাৰে। কিন্তু, বাৰেপতি কোৱাৰ পিছতো আপুনি unreferenced টো কোনো তথ্যসূত্ৰ বা উদ্ধৃতি যোগ নকৰি গুচাই দিছে, সাল-সলনি ইয়াতে চাওঁক
সেই গতিকে, আপোনাক ভৱিষ্যতে এনেকে নকৰিবলৈ সকিয়াই দিয়া হ'ল।
এছিয়ান মাহৰ সহযোগী
সম্পাদনা কৰকএছিয়ান মাহৰ সহযোগী | ||
হে ৱিকিসতীৰ্থ,
বৰ্তমান ৱিকিপিডিয়াত চলি থকা এছিয়ান মাহ ২০২৩ এডিটাথনত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -অসমীয়া ৱিকিমিডিয়া সমাজ |
অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪
সম্পাদনা কৰকপ্রিয় Dasdipankar2005,
আশাকৰোঁ কুশলে আছে৷ এই বছৰৰে জানুৱাৰী মাহত ৪ তাৰিখৰ পৰা ১০ তাৰিখলৈ আয়োজিত “অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪’’ ত সম্পাদনা কৰি ৱিকিপিডিয়াক অধিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ উৎসৰ্গীকৃত সেৱাৰ বাবে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷
এই সম্পাদনা মেলাৰ এগৰাকী অংশগ্ৰহণকাৰী হিচাপে আপোনাৰ প্ৰাপ্য মানপত্ৰৰ বাবে আমি আপোনাৰ বিষয়ে কিছু তথ্য জনাৰ প্ৰয়োজন৷ অনুগ্ৰহ কৰি তলত সন্নিৱিষ্ট ফৰ্মখন ভৰ্তি কৰি আমাক পৰৱৰ্তী কাৰ্যসূচী পালন কৰিবলৈ সহযোগ কৰক৷ আপোনাৰ সহযোগিতাই আমাৰ প্ৰেৰণা৷ (ইতিমধ্যেই যদি ফৰ্মখন পূৰণ কৰা হৈছে, তেন্তে দ্বিতীয়বাৰ পূৰণ কৰাৰ প্ৰয়োজন নাই)
আন্তৰিক শুভকামনা জানিব৷
ধন্যবাদ৷
Dolon Prova (বাৰ্তা) 04:10, 15 January 2024 (ইউ.টি.চি.)
সংগঠক,
অসমীয়া - বাংলা আন্তঃৱিকি সম্পাদনা মেলা ২০২৪
অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক
সম্পাদনা কৰকঅসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক | |
হে ৱিকিসতীৰ্থ, অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪-ত আপুনি দেখুওৱা আন্তৰিক উৎসাহ আৰু নিস্বাৰ্থ অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাৰ শলাগ ল'লোঁ। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। - দিব্য দত্ত (বাৰ্তা) 11:06, 19 January 2024 (ইউ.টি.চি.) |
যান্ত্ৰিক অনুবাদ
সম্পাদনা কৰকপ্ৰথমতে অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়োৱাৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি আপুনি সৃষ্টি কৰা পৃষ্ঠাসমূহ পোনে পোনে যান্ত্ৰিক অনুবাদ কৰি প্ৰকাশ কৰাৰ আগতে অকণমান হাত ফুৰাই ঠিক কৰি প্ৰকাশ কৰিবলৈ অনুৰোধ জনালোঁ। শেহতীয়াকৈ আপুনি সৃষ্টি কৰা পৃষ্ঠাসমূহত ভুল বাক্য, ঠৰঙা অনুবাদ আদি যান্ত্ৰিক অনুবাদৰ আসোঁৱাহসমূহ দৃষ্টিকটুভাৱে পৰিলক্ষিত হৈছে। যিহেতু অসমীয়া ৱিকিপিডিয়াত সক্ৰিয় সদস্যৰ সংখ্যা নিচেই তাকৰ, সেয়ে পৰাপক্ষত নিজে সৃষ্টি কৰা পৃষ্ঠাৰ আসোঁৱাহ নিজেই ঠিক কৰা কাম্য। শুভেচ্ছাৰে - অজয় কথা-বতৰা 15:37, 28 April 2024 (ইউ.টি.চি.)
- @অজয় দাস বাৰু, আগলৈ মনত ৰাখিম। পৰামৰ্শৰ বাবে ধন্যবাদ। দিপাংকৰ দাস (বাৰ্তা) 03:35, 16 July 2024 (ইউ.টি.চি.)