সুধীন দাশগুপ্ত

ভাৰতীয় সঙ্গীত পৰিচালক

সুধীন দাশগুপ্ত (ইংৰাজী: Sudhin Dasgupta, ৯ অক্টোবৰ ১৯২৯ – ১০ জানুৱাৰী ১৯৮২) বিশিষ্ট বঙালী সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী আছিল। তেওঁ হিন্দী, অসমীয়া, উৰিয়া আদি বিভিন্ন ভাৰতীয় ভাষাত অৱদান আগবঢ়াইছে। তেওঁ বাঙালী সংগীতৰ ক্ষেত্ৰখনত নতুন দিগন্তৰ সূচনা কৰিছিল।

সুধীন দাশগুপ্ত

আকাশবাণীৰ ষ্টেচন মাষ্টাৰ হিচাপে সুধীন দাশগুপ্ত
প্ৰাথমিক তথ্য
জন্মৰ নাম সুধীন্দ্ৰনাথ দাশগুপ্ত
আন নাম সুধীন দাশগুপ্ত
জন্ম ৯ অক্টোবৰ, ১৯২৯
দাৰ্জিলিং, বৃটিছশাসিত ভাৰত (বৰ্তমান ভাৰত)
মূল পশ্চিমবঙ্গ
মৃত্যু ১০ জানুৱাৰী, ১৯৮২ (৫২ বছৰ)
কলিকতা, পশ্চিমবঙ্গ, ভাৰত
সংগীতৰ প্ৰকাৰ চলচ্চিত্ৰীয় সংগীত, আধুনিক সংগীত
পেচা সংগীত পৰিচালক, গীতিকাৰ, গায়ক
বাদ্যযন্ত্ৰ স্বৰ
কাৰ্যকাল ১৯৫০–১৯৮২

ব্যক্তিগত জীৱন

সম্পাদনা কৰক
 
পত্নীৰে সৈতে সুধীন দাশগুপ্ত

সুধীন্দ্ৰনাথ দাশগুপ্ত ১৯২৯ৰ ৯ অক্টোবৰত জন্ম হৈছিল, সুধীন দাশগুপ্ত নামেৰে অধিক জনাজাত আছিল। তেওঁ দাৰ্জিলিঙত ডাঙৰ-দীঘল হৈছিল।[1] তেওঁৰ পৈতৃক ঘৰ বৰ্তমানৰ বাংলাদেশৰ যশোৰ জিলাৰ কালিয়া গাঁৱত আছিল। দেউতাক মহেন্দ্ৰনাথ দাশগুপ্ত দাৰ্জিলিঙৰ চৰকাৰী স্কুলৰ শিক্ষক আছিল। মাক এগৰাকী সমাজকৰ্মী আছিল। সুধীন দাশগুপ্ত সৰুৰে পৰা সংগীতত পাৰদৰ্শিতা অৰ্জন কৰিছিল। তেওঁ সমান দক্ষতাৰে চেতাৰ, সৰোদ, হাৰমনিয়াম, পিয়ানো, মেণ্ডলিন, গীটাৰ, ভায়োলিন, এচৰাজ, পাৰকিউচন, তবলা, ড্ৰাম আদি বিভিন্ন বাদ্যযন্ত্ৰ বজাব জানিছিল।

তেওঁ লণ্ডনৰ ৰয়েল স্কুল অৱ মিউজিকৰ পৰা সংগীতত স্নাতক উপাধি লৈছিল। তেওঁ বহুবিধ খেলো খেলিব জানিছিল। কলকাতাত থকাৰ সময়ত তেওঁ ভৱানীপুৰ ক্লাৱৰ হকী দলৰ সদস্য আছিল।

১৯৪৯-৫০ত দাশগুপ্তহঁতৰ পৰিয়ালটো কলকাতালৈ স্থায়ীভাবে গুছি আহিছিল। এইখিনি সময়তে তেওঁ ক্ৰমাৎ বাঙালী আধুনিক সংগীতৰ সৈতে জড়িত হৈ পৰিছিল। কিংবদন্তি সংগীত পৰিচালক কমল দাশগুপ্তৰ সহকাৰী হিচাপে দায়িত্ব লোৱাৰ উপৰিও গণনাট্য সংঘৰ কলকাতা উত্তৰ বাহিনীৰ বাবে গীত সৃষ্টি কৰাৰ দায়িত্ব লৈছিল। এইচ এম ভিৰ ক্ষীতিশ বসুক লগ পোৱাৰ পিছত আধুনিক বঙালী গীত সৃষ্টি কৰিবলৈ এটা সুযোগ দিয়ে। ১৯৫৩ চনত প্ৰথমবাৰৰ বাবে বেচু দত্তৰ কতো আশা, কতো ভালোবাসা আৰু কেনো আকাশ হতে শীৰ্ষক দুটি আধুনিক বঙালী গীতৰ সুৰাৰোপ কৰে। দাশগুপ্তৰ বৈচিত্ৰ্যময় সাঙ্গীতিক যাত্ৰা মৃত্যুৰ সময়লৈকে অব্যাহত আছিল।[2]

দাশগুপ্তই মঞ্জুশ্ৰী সেনগুপ্তক বিয়া কৰাইছিল। তেওঁৰ পুত্ৰ সৌম্য এজন আৰ্কিটেক্ট আৰু জীয়ৰী সবেৰী এজনী ফেচন ডিজাইনাৰ।

চলচ্চিত্ৰপঞ্জী

সম্পাদনা কৰক

বঙালী ছবি

সম্পাদনা কৰক
  • উল্কা (১৯৫৭)
  • ডাক হৰকৰা (১৯৫৮)
  • গলি থেকে ৰাজপথ (১৯৫৯)
  • হেডমাষ্টাৰ (১৯৫৯)
  • প্ৰবেশ নিষেধ (১৯৬০)
  • যাত্ৰী (১৯৬০)
  • পঙ্ক তিলক (১৯৬১)
  • কান্না (১৯৬২)
  • নিশিথে (১৯৬৩)
  • তাহলে (১৯৬৪)
  • দুই পৰ্ব (১৯৬৪)
  • আকাশ কুসুম (১৯৬৫)
  • অন্তৰাল (১৯৬৫)
  • শঙ্খবেলা (১৯৬৬)
  • আকাশ চোৱা (১৯৬৭)
  • অভিশপ্ত চম্বল (১৯৬৭)
  • কখনো মেঘ (১৯৬৮)
  • তিন ভুবনেৰ পৰে (১৯৬৯)
  • প্ৰথম কদম ফুল (১৯৭০)
  • মঞ্জৰী অপেৰা (১৯৭০)
  • জয় বাংলা (১৯৭১)
  • ছদ্মবেশী (১৯৭১)
  • জীৱন চৈকতে (১৯৭২)
  • পিকনিক (১৯৭২)
  • জবান (১৯৭২)
  • হাৰ মানা হাৰ (১৯৭২)
  • ৰাতেৰ ৰজনীগন্ধা (১৯৭২)
  • সজাৰুৰ কাঁটা (১৯৭২)
  • সোণাৰ খাঁচা (১৯৭৩)
  • বসন্ত বিলাপ (১৯৭৩)
  • নিশি কনা (১৯৭৩)
  • এক যে ছিল বাঘ (১৯৭৩)
  • এপাৰ ওপৰা (১৯৭৩)
  • জীৱন ৰহস্য (১৯৭৩)
  • প্ৰান্তৰেখা (১৯৭৪)
  • সঙ্গিনী (১৯৭৪)
  • শৰ্মিলা (১৯৭৫)
  • সেদিন দুজনে (১৯৭৫)
  • পালঙ্ক (১৯৭৫)
  • হংসৰাজ (১৯৭৫)
  • অপৰাজিতা (১৯৭৬)
  • কৰুণাময়ী (১৯৭৮)
  • দৌড় (১৯৭৯)
  • জব চাৰ্নকেৰ বিবি (১৯৭৯)
  • শুভ সংবাদ (১৯৭৯)
  • পিপাসা (১৯৮২)
  • অমৰ কুম্ভেৰ সন্ধানে (১৯৮২)
  • সুপৰ্ণা (১৯৮৩)
  • বনশ্ৰী (১৯৮৩)

অসমীয়া ছবি

সম্পাদনা কৰক

দাশগুপ্তই ১৯৭২ চনত বঙালী ছবি পিকনিকৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বেঙ্গল ফিল্ম জাৰ্ণেলিষ্ট এচোচিয়েচন বঁটা লাভ কৰিছিল।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "পূৰ্ব-পশ্চিম মিলেছিল তাঁৰ সুৰে". https://www.anandabazar.com/supplementary/patrika/have-you-ever-heard-these-stories-on-prolific-music-director-lyricist-and-singer-sudhin-dasgupta-1.735369। আহৰণ কৰা হৈছে: 2019-02-24. 
  2. "Sudhin Dasgupta(Bengali)". Aajkaal Publishers. https://books.google.co.in/books?id=DMvqDAAAQBAJ&pg=PT3&lpg=PT3&dq=Sudhin+Dasgupta+-&redir_esc=y। আহৰণ কৰা হৈছে: 20 July 2020. 
  3. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh.