সুমথিৰা টেঙা
সুমথিৰা টেঙা বা কমলা টেঙা (ইংৰাজী: Orange) বৈজ্ঞানিক নাম - Citrus Sinensis ৷ সুমথিৰা টেঙাৰ ভিতৰত 'খাছি মান্দাৰিন' (Khasi mandarin) নামৰ জাতটো অসমত অতি জনপ্ৰিয় আৰু অসমৰ ঠাই বিশেষে এই জাতৰ সুমথিৰাৰ খেতি ব্যাপক মাত্ৰাত কৰা হয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু আৰু মাটি সুমথিৰা বা কমলা খেতিৰ বাবে উপযোগী৷ [2] সুমথিৰা টেঙা উদ্ভিদ জগতৰ Rutaceae গোত্ৰৰ (family) Citrus জাতিৰ (genus) অন্তৰ্ভুক্ত । এই ফলবোৰৰ অনেক প্ৰকাৰ (species) পৃথীৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে।
সুমথিৰা টেঙা | |
---|---|
![]() | |
Orange blossoms and oranges on tree | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Sapindales |
পৰিয়াল: | Rutaceae |
গণ: | Citrus |
প্ৰজাতি: | C. × sinensis |
বৈজ্ঞানিক নাম | |
Citrus × sinensis (L.) Osbeck[1] |
অসমত যিবিধ ফলক সুমথিৰা বা কমলা টেঙা বুলি কওঁ , সেইবিধ মান্দাৰিণ অৰেঞ্জ গোটৰ ফল। ভাৰতত অঞ্চলভেদে এই গোটটোৰ বহুকেইটা প্ৰকাৰ আছে। উত্তৰ-পূৰ্বাঞ্চলত পোৱা বিধক ইংৰাজীত খাছি মান্দাৰিণ কোৱা হয়। সেইদৰে নাগপুৰ অঞ্চলত পোৱা বিধৰ ইংৰাজী নাম নাগপুৰ মান্দাৰিণ । অসমৰ কোনো কোনো অঞ্চলত এই গোটৰ ফলৰ আকাৰ সৰু, বাকলি পাতল আৰু মিহি হোৱালৈ লক্ষ্য কৰি এনেবোৰ ফল Loose –skinned orangeৰ অন্য এটা প্ৰকাৰ নতুবা প্ৰাকৃতিক বৰ্ণ সংকৰ (natural hybrid) যেন অনুমান হয়। ভাৰতৰ বিভিন্ন অঞ্চলত মান্দাৰিন গোটৰ বহুকেইটা প্ৰকাৰ ইতিমধ্যে পোৱা গৈছে। সেয়েহে এই দিশত গৱেষণাৰ প্ৰয়োজন আছে।
বৈশিষ্ট্যসম্পাদনা কৰক
সুমথিৰা টেঙাৰ বাকলি সহজে এৰুৱাব পাৰি,সেইবাবে এই টেঙাক Loose-skinned orange বুলিও জনা যায়৷ আন ছাইট্ৰাছ ফলৰ ক্ষেত্ৰত বাকলি হাতেৰে গুচাবলৈ ইমান সহজ নহয়৷ সেয়ে সুমথিৰা টেঙাৰ জনপ্ৰিয়তা অধিক৷ সুমথিৰা টেঙাৰ গা-গছডাল চিৰ-সেউজীয়া আৰু অলপ ওখ৷ গা-গছত কিছু পৰিমানে কাঁইট থাকে৷ ফল এটা এটাকৈ হে লাগে৷ ঋতুজনিত ফল৷ শীতকালত প্ৰচুৰ পৰিমানে পোৱা যায়৷
উৎপত্তি স্থলসম্পাদনা কৰক
অসমৰ কামৰূপ জিলাৰ সোনাপুৰ আৰু বকো,গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্ত,যোৰহাট জিলাৰ মৰিয়নি,তিনিচুকীয়াৰ উপকণ্ঠ অঞ্চল,কাৰ্বি আংলং,উত্তৰ কাছাৰ পাৰ্বত্য জিলাত যথেষ্ট পৰিমানে সুমথিৰা উৎপন্ন হয়৷ অৰুণাচল প্ৰদেশৰ আলং,পাছিঘাট আদি অঞ্চলত সুমথিৰাৰ খেতি ভাল হয়৷
অৰ্থনৈতিক মূল্যসম্পাদনা কৰক
ৰবাব টেঙাৰ প্ৰতি ১০০ মিলিলিটাৰ ৰসত ২৫-৮৫ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন 'ছি' পোৱা যায়৷
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "Citrus sinensis information from NPGS/GRIN". www.ars-grin.gov. http://www.ars-grin.gov/cgi-bin/npgs/html/taxon.pl?10782। আহৰণ কৰা হৈছে: 2008-03-17.
- ↑ ড° অন্নজ্যোতি গগৈ (১৬ - ৩০ জুন ২০০৮). "অসমত পোৱা কেইবিধমান ছাইট্ৰাছ ফলৰ পৰিচয় আৰু ব্যৱহাৰ". প্ৰান্তিক খণ্ড ২৭শ বছৰ (১৪শ সংখ্যা): পৃষ্ঠা ৩৬.
ড° চাদিকুল হুছেইন (১৬ - ৩১ আগষ্ট ২০১১). "বিলুপ্তিৰ পথত অসমৰ নেমুজাতীয় ফলসমূহ". প্ৰান্তিক.<ref> ৷