সৰনাবাদ বা সৰনা ধৰ্ম ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰচলিত এক ধৰ্মীয় বিশ্বাস।[2] এই বিশ্বাস ঝাৰখণ্ড, ছত্তীশগড় আৰু ওড়িশা ৰাজ্যৰ ছোটনাগপুৰ মালভূমি অঞ্চলৰ সৰনাত অৱস্থিত পবিত্ৰ গছৰ জোপাৰ পূজাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।[3] স্থানীয় বিশ্বাস অনুযায়ী সৰনাত গ্ৰাম দেওতি বা গাঁৱৰ এক দেৱতাই বাস কৰে। এই ঠাইত বছৰত দুবাৰকৈ উছৰ্গা আগবঢ়োৱা হয়। তেওঁলোকৰ বিশ্বাস পদ্ধতিক বিকল্পভাৱে "পবিত্ৰ অৰণ্যৰ ধৰ্ম" বুলিও জনা যায়। [4] বহুতো জনজাতীয় সংগঠনে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে এক সুকীয়া ধৰ্মীয় শ্ৰেণী হিচাপে ইয়াৰ স্বীকৃতি বিচাৰে।[5]

সৰনাবাদ

সৰনা ধৰ্মধ্বজ

চাওঁতালসকলে ব্যৱহাৰ কৰা সৰনাবাদৰ চিহ্ন
মুঠ জনসংখ্যা
প্ৰায় ৭৮,৪১,৮৭০ - ৯৩,৪১,৮৭০[1]
সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল
 ভাৰত  বাংলাদেশ  নেপাল  ভূটান
ঝাৰখণ্ড ৪২,২৩,৫০০
পশ্চিম বংগ ২৫,১২,৩৩১
বিহাৰ ১৩,৪৯,৪৬০
ছত্তীসগঢ় ৭,৬৮,৯১০
উৰিষ্যা ৪,৭৮,৩১৭
 বাংলাদেশ ৫,০০,০০০

সৰনাৰ অৰ্থ হৈছে "গছৰ জোপা" আৰু ই ব্যুৎপত্তিগতভাৱে শাল গছৰ নামৰ সৈতে সম্পৰ্কিত। চাওঁতালি পৌৰাণিক বিশ্বাসত ‘সৰনা’ৰ অৰ্থ হৈছে ‘এয়া কাঁড়’ (সৰ- কাঁড়, না- এয়া)।

ধৰ্মতত্ত্ব

সম্পাদনা কৰক

সৰনা ধৰ্মৰ অনুগামীসকলে গাঁৱৰ ৰক্ষক হিচাপে গাঁৱৰ এগৰাকী দেৱতাক বিশ্বাস কৰাৰ লগতে পূজা আৰু শ্ৰদ্ধা কৰে। তেওঁক গাওঁ খুন্ত, গ্ৰাম দেওতি, ধৰ্মেছ, মৰাং বুৰু, সিংবংগা, বা বিভিন্ন জনগোষ্ঠী অনুসৰি আন নামেৰে জনা যায়।[6] লগতে অনুগামীসকলে ধৰতি আয়ো বা চলিপাচো দেৱী নামৰ পৃথিৱী বা প্ৰকৃতি হিচাপে চিনাক্ত কৰা এগৰাকী মাতৃ দেৱীকো বিশ্বাস কৰাৰ লগতে পূজা-সেৱা আগবঢ়ায়।

পূজাৰ স্থান আৰু ৰীতি-নীতি

সম্পাদনা কৰক
 
জাহেৰ গাড়

সৰনা হৈছে ছোটনাগপুৰত অৱস্থিত শাল গছৰ জোপাৰ এক পবিত্ৰ পূজাস্থলী। ইয়াক কুডুমি মাহাতোসকলে গ্ৰাম থান আৰু চাওঁতালসকলে জাহেৰ থান বা জাহেৰ গাড় বুলি কয়। ছোটনাগপুৰত গাঁৱৰ পুৰোহিত, পাহান আৰু সহকাৰীপূজাৰৰ সক্ৰিয় অংশগ্ৰহণেৰে এক ৰাজহুৱা সভাত সমগ্ৰ গাঁওবাসীয়ে লোকাচাৰসমূহ পালন কৰে। চাওঁতালসকলৰ পুৰোহিতজনক নাইকে বোলা হয়। পূজা স্থলত সাধাৰণতে শাল, মহুৱা, নিম, আৰু বড়গছৰ দৰে একাধিক গছ থাকে।

সৰনা ধৰ্মৰ প্ৰধান উৎসৱ হৈছে সৰহুল। চ'ত মাহৰ শুক্ল পক্ষত অনুষ্ঠিত এই উৎসৱত ভক্তসকলে নিজৰ পূৰ্বপুৰুষক পূজা-অৰ্চনা আগবঢ়ায়। উৎসৱৰ সময়তপাহানে সৰনালৈ তিনিটা পানীৰ পাত্ৰ লৈ আহে। যদি পানীৰ পাত্ৰবোৰৰ স্তৰ কমি যায় তেন্তে তেওঁলোকে বিশ্বাস কৰে যে বাৰিষা ফলপ্ৰসূ নহ’ব। যদিহে স্তৰ একেই থাকে তেন্তে বাৰিষা স্বাভাৱিক হোৱাৰ পূৰ্বানুমান কৰা হয়। তেতিয়া পুৰুষসকলে সকুৱা ফুল আৰু পাত আগবঢ়ায়।[7]

ধৰ্মীয় মৰ্যাদা

সম্পাদনা কৰক

এছিয়াত পশ্চিমীয়া ঔপনিবেশবাদ আৰু সাম্ৰাজ্যবাদৰ ফলস্বৰূপে ঔপনিৱেশিক ভাৰতত পশ্চিমীয়া খ্ৰীষ্টান মিছনেৰীসকলে কেইবাবাৰো ধৰ্মতত্ত্ব প্ৰক্ষেপণ আৰু বলপূৰ্বক ধৰ্মান্তৰকৰণৰ প্ৰচেষ্টা চলাইছিল। এই প্ৰক্ৰিয়া প্ৰায় শতিকা জুৰি চলিছিল আৰু ছোটনাগপুৰ অঞ্চলৰ জনজাতীয় অঞ্চলত সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিছিল। ব্ৰিটিছ ঔপনিৱেশিক শাসকসকলে ভাৰত এৰি যোৱাৰ সময়ত ১৮৪৫ চনত প্ৰথম জাৰ্মান প্ৰটেষ্টাণ্ট মিছনেৰীসকলৰ পিছতেই ৰোমান কেথলিক মিছনেৰীসকলৰ আগমন ঘটাৰ পিছত ১৯৪৭–১৯৪৮ চনত জনজাতীয় খ্ৰীষ্টান আৰু অখ্ৰীষ্টান লোকসকলৰ মাজত সংঘাত স্পষ্ট হৈ পৰে।[8]

ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগে ভাৰতৰ লোকপিয়লৰ ধৰ্ম সংহিতাত সৰনা ধৰ্মক স্বতন্ত্ৰ শ্ৰেণী প্ৰদান কৰিবলৈ পৰামৰ্শ দিছে।[9] কেইবাটাও জনজাতীয় সংগঠন আৰু খ্ৰীষ্টান মিছনেৰীয়ে সৰনা ধৰ্মৰ বাবে সুকীয়া লোকপিয়ল সংহিতাৰ দাবী জনাইছে।[10][11] তেতিয়াৰ ভাৰতীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱাল ওৰামে অৱশ্যে ২০১৫ চনত দাবী কৰিছিল,"আদিবাসীসকল যে হিন্দু সেই কথা অস্বীকাৰ কৰিব নোৱাৰি।" [12] এই মন্তব্যৰ ফলত প্ৰায় তিনিশগৰাকী আদিবাসী লোকে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰে এশৰো অধিক জনজাতীয় লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।[13] আদিবাসী সৰনা মহাসভাৰ নেতা তথা প্ৰাক্তন বিধায়ক দেৱ কুমাৰ ধনে ওৰামৰ বক্তব্যত সৰনা ধৰ্মৰ অনুগামীসকল সুখী নহয় বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে, "প্ৰায় ৬০ লাখ জনসংখ্যা থকা জৈন ধৰ্মই যদি লোকপিয়লত সুকীয়া ধৰ্ম সংহিতা লাভ কৰিব পাৰে, সৰনাই কিয় নোৱাৰে?"[14]

২০২০ চনত ঝাৰখণ্ডত ক্ষমতাত থকা ঝাৰখণ্ড মুক্তি মৰ্চাই ২০২১ চনৰ লোকপিয়লত সৰনাক পৃথক ধৰ্ম হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে 'সৰনা কোড' সম্পৰ্কে সৰ্বসন্মতিক্ৰমে বিধানসভাৰ প্ৰস্তাৱ গৃহীত কৰে। এই প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ অনুমোদনৰ বাবেও প্ৰেৰণ কৰা হয়।[15] [16]

কেইবাটাও জনজাতীয় সংগঠনে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে এক সুকীয়া ধৰ্মীয় শ্ৰেণী হিচাপে সৰনা ধৰ্মৰ স্বীকৃতি বিচাৰে।[5]ক্কিছুসংখ্যক খ্ৰীষ্টান গীৰ্জায়ো সৰনা ধৰ্মাবিশ্বাসক হিন্দু ধৰ্মৰ পৰা পৃথক ধৰ্ম হিচাপে স্বীকৃতি দিয়াৰ প্ৰতি সমৰ্থন আগবঢ়ায়।[17] আৰ এছ এছে জনজাতীয় লোকক হিন্দু বুলি বিশ্বাস কৰে আৰু সেয়ে সৰনাক পৃথক ধৰ্ম হিচাপে স্বীকৃতি দিয়াৰ বিৰোধিতা কৰে।[12]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Fewer minor faiths in India now, finds Census; number of their adherents up" (en ভাষাত). The Indian Express. 2016-08-01. https://indianexpress.com/article/explained/india-religion-census-fewer-minor-faiths-in-india-now-finds-census-number-of-their-adherents-up-2946824/। আহৰণ কৰা হৈছে: 2021-06-12. 
  2. "Explained: What Is The Sarna Religious Code And What Are Its Followers Demanding?". outlookindia.com. 18 October 2022. https://www.outlookindia.com/national/explained-what-is-the-sarna-religious-code-and-what-are-its-followers-demanding--news-230860. 
  3. "Religious Complexity in Northeastern South Asia". GeoCurrents. https://www.geocurrents.info/cultural-geography/religion/religious-complexity-in-northeastern-south-asia। আহৰণ কৰা হৈছে: 2021-10-21. 
  4. "Clinging to ancient faith India tribes seek religion status". latimes.com. https://www.latimes.com/world-nation/story/2022-11-24/clinging-to-ancient-faith-india-tribes-seek-religion-status. 
  5. 5.0 5.1 "Explained: What Is The Sarna Religious Code And What Are Its Followers Demanding?". outlook india. 18 October 2022. https://www.outlookindia.com/national/explained-what-is-the-sarna-religious-code-and-what-are-its-followers-demanding--news-230860. 
  6. Amit Jha (2009). Contemporary Religious Institutions in Tribal India. ISBN 9780557090532. https://books.google.com/books?id=zgLCCQAAQBAJ&q=sarnaism+belief&pg=PT121. 
  7. Srivastava, Malini (2007-10-01). "The Sacred Complex of Munda Tribe". The Anthropologist খণ্ড 9 (4): 327–330. doi:10.1080/09720073.2007.11891020. ISSN 0972-0073. 
  8. Tribals torn apart by religion, The Hindu. 014.
  9. "ST panel for independent religion status to Sarna" (en-IN ভাষাত). The Times of India. 6 February 2011. http://timesofindia.indiatimes.com/articleshow/7433842.cms?utm_source=contentofinterest&utm_medium=text&utm_campaign=cppst. 
  10. . 2013. Archived from the original on January 3, 2014. https://archive.today/20140103232048/http://www.telegraphindia.com/1130819/jsp/jharkhand/story_17245599.jsp. 
  11. . 2013-03-30. Archived from the original on 2013-10-02. https://web.archive.org/web/20131002175305/http://articles.timesofindia.indiatimes.com/2013-03-30/ranchi/38144883_1_census-format-separate-sarna-religion-code-rally. 
  12. 12.0 12.1 All tribals are Hindus, no need for Sarna code: RSS, Times of India, 1 May 2015.
  13. "Minister faces ire for Sarna row". https://www.telegraphindia.com/jharkhand/minister-faces-ire-for-sarna-row/cid/1377629. 
  14. "Minister faces ire for Sarna row". https://www.telegraphindia.com/jharkhand/minister-faces-ire-for-sarna-row/cid/1377629. 
  15. "Jharkhand Assembly passes resolution on Sarna Code" (en-IN ভাষাত). The Hindu. 12 November 2020. https://www.thehindu.com/news/national/other-states/jharkhand-assembly-passes-resolution-on-sarna-code/article33081116.ece. 
  16. . 25 September 2021. https://www.telegraphindia.com/jharkhand/tribals-seek-sarna-code-from-centre-in-2021-census/cid/1832132. 
  17. Church writes to Hemant demanding Sarna code for tribals, Telegraph India, 19.09.2020.