সৰলা ৰয় (ইংৰাজী: Sarala Roy; ১৮৬১-১৯৪৬) এগৰাকী ভাৰতীয় শিক্ষাবিদ, নাৰীবাদী আৰু সমাজ কৰ্মী আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম, আৰু বিশ্ববিদ্যালয়ৰ চেনেটৰ সদস্য হোৱা প্ৰথম মহিলা। ছোৱালীৰ বাবে এখন বিদ্যালয় আৰু কেইবাখনো মহিলা শিক্ষামূলক দাতব্য সংস্থা প্ৰতিষ্ঠা কৰিছিল, আৰু সৰ্ব ভাৰতীয় মহিলা সন্মিলনৰ প্ৰতিষ্ঠাপক সদস্য আৰু পিছলৈ সভানেত্ৰী হৈছিল। ১৯৩২ চনত সৰ্ব ভাৰতীয় মহিলা সন্মিলনৰ সভানেত্ৰী হিচাপে তেওঁ মহিলাৰ ভোটাধিকাৰৰ দিশত, আৰু বাল্যবিবাহৰ বিৰুদ্ধে প্ৰচেষ্টা সংগঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ মহিলা আৰু ছোৱালীৰ শৈক্ষিক অধিকাৰৰ প্ৰবল সমৰ্থক আছিল।

সৰলা ৰয়
জন্ম ১৮৬১
কলিকতা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ১৯৪৬
কলিকতা, ভাৰত
পেচা সমাজকৰ্মী
সংস্থা সৰ্ব ভাৰতীয় মহিলা সন্মিলন
জনা যায় নাৰীবাদী আন্দোলন
দাম্পত্যসঙ্গী প্ৰসন্ন কুমাৰ ৰয়

জীৱন আৰু শিক্ষা

সম্পাদনা কৰক

সৰলা ৰয় এগৰাকী বিশিষ্ট সমাজ সংস্কাৰক দুৰ্গা মোহন দাসৰ কন্যা আছিল আৰু তেওঁৰ ভগ্নী অবলা বসু এগৰাকী শিক্ষাবিদ আছিল।[1] চিকিৎসক কাদম্বিনী গাংগুলীৰ সৈতে ৰয় কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হ'বলৈ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম আছিল[2] আৰু তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ চেনেটৰ সদস্য হোৱা প্ৰথমগৰাকী মহিলা।[1][3]

কলিকাতাৰ প্ৰেচিডেন্সি কলেজৰ প্ৰথম অধ্যক্ষ তথা শিক্ষাবিদ প্ৰসন্ন কুমাৰ ৰয়ৰ সৈতে সৰলা ৰয় বিবাহ পাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ এজন পুত্ৰৰ অতি কম বয়সতে মৃত্যু হৈছিল।[1] পিছলৈ তেওঁলোকৰ দুগৰাকী কন্যা স্বৰ্ণলতা বসু আৰু চাৰুলতা মুখাৰ্জীও সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈছিল।[1]

কৰ্মজীৱন

সম্পাদনা কৰক

১৯২০ চনত সৰলা ৰয়ে মহিলা আৰু ছোৱালীৰ শিক্ষাৰ সুবিধা উন্নত কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছিল।[4]

১৯০৫ চনত তেওঁ বংগত মহিলা সমিতি নামৰ স্থানীয় মহিলা সংগঠন এটা প্ৰতিষ্ঠা কৰে। আৰু ১৯১৪ চনত “ইণ্ডিয়ান উইমেনছ এডুকেচন ছ'চাইটি” নামৰ আন এটা সংস্থা গঠন কৰে, যিটো যুক্তৰাজ্যত মহিলাসকলৰ বাবে বৃত্তিৰ বাবে ধন আগবঢ়োৱাৰ বাবে উৎসৰ্গিত আছিল।[5][3] ১৯২০ চনত কলকাতাত “গোখলে মেম'ৰিয়েল গাৰ্লছ স্কুল” প্ৰতিষ্ঠা কৰে, যাৰ নাম ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা গোপাল কৃষ্ণ গোখলেৰ নামেৰে ৰখা হয়, যাৰ সৈতে তেওঁৰ ঘনিষ্ঠ বন্ধুৰ সম্পৰ্ক আছিল।[1] ৰয়ে নিজেই বিদ্যালয়খনৰ শিক্ষকসকলক প্ৰশিক্ষণ দিছিল আৰু বিদ্যালয়খনে পাঠ্যক্ৰমৰ বহুতো উদ্ভাৱনীমূলক বিকাশ সাধন কৰিছিল। বিদ্যালয়খনত তেওঁলোকৰ সকলো ছাত্ৰ-ছাত্ৰীক বাংলা, হিন্দী আৰু ইংৰাজী তিনিটা ভাষাত শিক্ষা প্ৰদান কৰিছিল।[1] বিদ্যালয়খনত ক্ৰীড়া, সংগীত আৰু নাট্যক সামৰি লোৱা একাধিক পাঠ্যক্ৰম বহিঃভূত শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰিছিল। বিদ্যালয়খনত লেখক তথা নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ সংগীত আৰু গীত পৰিবেশন কৰাটো সাধাৰণ কথা আছিল।[1] কবি, ঔপন্যাসিক আৰু সমাজকৰ্মী স্বৰ্ণকুমাৰী দেৱীয়ে প্ৰতিষ্ঠা কৰা ‘সখী’ সমিতিৰ সৈতেও তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। তেওঁলোকে ভাৰতীয় হস্তশিল্পক প্ৰচাৰ কৰিছিল আৰু বাংলা আৰু ইংৰাজী ভাষাত কেইবাখনো আলোচনী আৰু সাহিত্য আলোচনী প্ৰকাশ কৰিছিল।[6] ঠাকুৰ পৰিয়ালৰ সৈতে তেওঁৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ নাটক “মায়াৰ খেলা” সৰলা ৰয়ৰ নামত উৎসৰ্গা কৰিছিল।[7]

বঙালী কল্পবিজ্ঞান লেখিকা আৰু কৰ্মী ৰোকেয়া চেখাৱত হুছেইনৰ সৈতে সৰলা ৰায় আৰু তেওঁৰ ভগ্নী শিক্ষয়িত্ৰী অবলা বসুৱে ১৯২০ চনত মহিলা আৰু শিশুসকলক উন্নত শিক্ষাৰ সুবিধা প্ৰদান কৰাৰ বাবে “বংগ মহিলা শিক্ষা লীগ”ৰ সৈতে কাম কৰিছিল। ১৯২৭ চনত তেওঁলোকে ১৬ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈকে বংগ শিক্ষা সন্মিলনৰ আয়োজন কৰে আৰু এই সন্মিলনৰ সময়ত ৰয়, বসু আৰু হুছেইনে বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰিৱৰ্তনৰ আহ্বান জনাই ভাষণ দিয়ে, বিশেষকৈ মহিলাৰ ব্যক্তিগত অধিকাৰৰ প্ৰতি সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[8] সেই বছৰতে ঔপনিৱেশিক ভাৰতৰ উল্লেখযোগ্য আৰু শক্তিশালী নাৰী অধিকাৰ সংগঠন সৰ্ব ভাৰতীয় মহিলা সন্মিলনৰ প্ৰতিস্থা কৰা হয়। সৰোজিনী নাইডু, কমলাদেৱী চট্টোপাধ্যায়, মুথুলক্ষ্মী ৰেড্ডী আৰু ৰাজকুমাৰী অমৃত কৌৰৰ সৈতে সৰলা ৰয় আছিল এই সংগঠনটোৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত অন্যতম।[9]

১৯৩২ চনত সৰলা ৰয় সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সভানেত্ৰী হয়।[10] ভাৰতীয় মহিলাসকলৰ সামাজিক সংস্কাৰৰ দিশত যথেষ্ট গতি লাভ কৰা সময়তে ৰয় সন্মিলনৰ সভানেত্ৰী হৈছিল।[4]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 Basu, Aparna (2001) (en ভাষাত). G.L. Mehta, a Many Splendoured Man. Concept Publishing Company. ISBN 978-81-7022-891-2. https://books.google.com/books?id=0P9ahUa7wrgC&pg=PA87. 
  2. (en ভাষাত) Women in India. Department of Anthropology, College of William and Mary. 1996. https://books.google.com/books?id=gGUFAQAAIAAJ&q=%22Sarala+Ray%22+India+women. 
  3. 3.0 3.1 Basu, Aparna; Ray, Bharati (2003) (en ভাষাত). Women's Struggle: A History of the All India Women's Conference, 1927-2002. Manohar. পৃষ্ঠা. 187. ISBN 978-81-7304-476-2. https://books.google.com/books?id=foK0AAAAIAAJ&q=All+India+Women's+Conference. 
  4. 4.0 4.1 Sinha, Mrinalini (2006-07-12) (en ভাষাত). Specters of Mother India: The Global Restructuring of an Empire. Duke University Press. ISBN 978-0-8223-3795-9. https://books.google.com/books?id=xI2LClkTrFIC&pg=PA217. 
  5. Shukla (2007) (en ভাষাত). Women Chief Ministers in Contemporary India. APH Publishing. ISBN 978-81-313-0151-7. https://books.google.com/books?id=NMocKFODKxkC&pg=PA16. 
  6. Deb, Chitra (2010-04-06) (en ভাষাত). Women of The Tagore Household. Penguin UK. ISBN 978-93-5214-187-6. https://books.google.com/books?id=HvU6CwAAQBAJ&pg=PT61. 
  7. Chakravarty, Chandrava; Chaudhuri, Sneha Kar (2017-05-22) (en ভাষাত). Tagore′s Ideas of the New Woman: The Making and Unmaking of Female Subjectivity. SAGE Publishing India. ISBN 978-93-81345-28-3. https://books.google.com/books?id=7xpBDwAAQBAJ&pg=PT30. 
  8. Rani, K. Suneetha (2017-09-25) (en ভাষাত). Influence of English on Indian Women Writers: Voices from Regional Languages. SAGE Publishing India. ISBN 978-93-81345-34-4. https://books.google.com/books?id=8RpBDwAAQBAJ&pg=PT66. 
  9. Sandell, Marie (2015-01-26) (en ভাষাত). The Rise of Women's Transnational Activism: Identity and Sisterhood Between the World Wars. Bloomsbury Publishing. ISBN 978-0-85773-730-4. https://books.google.com/books?id=J9SLDwAAQBAJ&pg=PT200. 
  10. "AIWC : All India Women's Conference". aiwc.org.in. http://aiwc.org.in/past_president.html। আহৰণ কৰা হৈছে: 2022-01-25.