হাটে বাজাৰে (ইংৰাজী: Hatey Bazarey) ১৯৬৭ চনত মুক্তিপ্ৰাপ্ত, খ্যাতিমান বঙালী পৰিচালক তপন সিনহা পৰিচালিত এখন কলাত্মক চলচ্চিত্ৰ[1] প্ৰযোজনা কৰিছে অসীম দত্তৰ প্ৰিয়া এণ্টাৰটেইনমেণ্ট প্ৰোডাকচন লিমিটেডে। ছবিৰ গল্পৰ মূল উপজীব্য সৎ আৰু অসতৰ মাজত সংঘাত। মূল চৰিত্ৰত অভিনয় কৰিছে অশোক কুমাৰ আৰু বৈজয়ন্তীমালাই। বৈজয়ন্তীমালাৰ এইখন প্ৰথম বঙালী ছবি।[2] অন্যান্য সহযোগী অভিনেতা-অভিনেত্ৰীসকল হ’ল- অজিতেশ বন্দোপাধ্যায়, ভানু বন্দোপাধ্যায়, সমিত ভঞ্জ, ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত আৰু গীতা দে।[2][3]

হাটে বাজাৰে
পৰিচালক তপন সিনহা
ৰচনা তপন সিনহা (চিত্ৰনাট্য)
বনফুল (কাহিনী)
প্ৰযোজক অসীম দত্ত
অভিনয়ত অশোক কুমাৰ
বৈজয়ন্তীমালা
অজিতেশ বন্দোপাধ্যায়
ভানু বন্দোপাধ্যায়
চিত্ৰগ্ৰহণকাৰী দীনেন গুপ্তা
সম্পাদনা সুবোধ ৰায়
সংগীত পৰিচালক তপন সিনহা
পৰিবেশক প্ৰিয়া ফিল্মছ
নেপচুন ডিষ্ট্ৰিবিউটৰ্ছ
মুক্তি
২৫ জুন ১৯৬৭ (1967-06-25)
দৈৰ্ঘ্য
১৩৩ মিনিট
দেশ ভাৰত
ভাষা বঙালী

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

ডাঃ অনাদি মুখাৰ্জী বীৰভূমৰ এখন সৰু জনজাতীয় অধ্যুষিত বজাৰকেন্দ্ৰিক চহৰৰ চিভিল চাৰ্জন। তেওঁ এজন দেৱতুল্য ব্যক্তি। অঞ্চলটোৰ সাধাৰণ জনজাতীয় লোক, যেনে গাভৰু বিধৱা ছিপলি, পাচলি বিক্ৰেতা জগদম্বা, কমলীদিদি আৰু নানীৰ দৰে বসয়ীয়া মহিলা আৰু লগতে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষক শ্ৰী পাণ্ডেৰ দৰে অঞ্চলটোৰ বিশিষ্ট লোক, উভয়ে তেওঁক ভাল পায় আৰু সন্মান কৰে। ডাঃ মুখাৰ্জী এজন কাম ভাল পোৱা মানুহ আৰু তেওঁ গাভৰু পত্নী মনুৰ সৈতে বাস কৰে, যাৰ ক্ৰ’নিক হৃদৰোগ আছে। .

তেওঁৰ পত্নী মনুৰ মৃত্যুৰ পিছত ডাঃ মুখাৰ্জীয়ে চৰকাৰী চাকৰি এৰি দিয়ে আৰু তেওঁৰ নিজৰ সঞ্চয় খৰত কৰি দৰিদ্ৰ লোকসকলৰ বাবে ভ্ৰাম্যমাণ ঔষধালয় আৰম্ভ কৰে। তেওঁক সহায় কৰে অৱসৰপ্ৰাপ্ত জজ নুতু বানু, গাড়ীচালক আলী আৰু ছিপলিয়ে। তেওঁৰ চিকিৎসা দলত প্ৰশিক্ষাৰ্থী নাৰ্ছ হিচাপে নিযুক্ত হয়। স্থানীয় ব্যৱয়ায়ী এজনৰ পুত্ৰ, দুৰ্বৃত্ত প্ৰকৃতিৰ লকচমলালে ছিপলিৰ সৈতে কামনা চৰিতাৰ্থ কৰিবলৈ প্ৰচেষ্টা চলায়।

এদিন নিশা জনজাতীয় উৎসৱ এটা চলি থাকোঁতে লচমনলালে ছিপলিক ধৰ্ষণ কৰে আৰু ডাঃ মুখাৰ্জীয়ে বচাবলৈ যাওঁতে তেওঁক হত্যা কৰে।

যদিও দেৱতুল্য ডাক্তৰগৰাকীৰ মৃত্যু হয়, তেওঁৰ দলৰ বাকীসকলে কিন্তু তেওঁৰ মিচন কিন্তু থমকি ৰবলৈ নিদিলে।[4]

অভিনয় শিল্পী সম্পাদনা কৰক

  • অশোক কুমাৰ (ডাঃ মুখাৰ্জী)
  • বৈজয়ন্তীমালা (ছিপলি)
  • অজিতেশ বন্দোপাধ্যায় (লচমনলাল)
  • ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত
  • সমিত ভঞ্জ
  • গীতা দে (মিচেচ পাণ্ডে- অতিথিশিল্পী)
  • সমিতা বিশ্বাস
  • ছায়া দেৱী (নানী)
  • পাৰ্থ মুখাৰ্জী
  • চিন্ময় ৰায়

বঁটা আৰু সন্মান সম্পাদনা কৰক

  1. ১৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৭): শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ স্বৰ্ণ পদক।
  2. ১৩তম এছিয়া পেচিফিক চলচ্চিত্ৰ মহোংসৱ: শ্ৰেষ্ঠ ছবি।
  3. ১ম নমপেন চলচ্চিত্ৰ মহোৎসৱ: চিলভাৰ ট্ৰ’ফী (কাপ অফ অনাৰ)।
  4. ৩২তম বাৰ্ষিক বেংগল ফেডাৰেচন অফ জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা: শ্ৰেষ্ঠ ভাৰতীয় ছবি।[2][5][6]
    [7][8]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Film-maker Tapan Sinha passes away". Rediff. 2009-01-15. http://www.rediff.com/movies/2009/jan/15filmmaker-tapan-sinha-passes-away.htm. 
  2. 2.0 2.1 2.2 "Tapan Sinha". upperstall.com. https://upperstall.com/profile/tapan-sinha/। আহৰণ কৰা হৈছে: 12 August 2021. 
  3. Ashish Mitra (2009-11-17). "Priya Entertainment to venture into multiplexes in Bengal and Bhutan". Indiantelevision.com. http://www.indiantelevision.com/aac/y2k9/aac740.php. 
  4. "National Film Awards Archives". Directorate of Film Festivals, Govt. of India. Archived from the original on 28 September 2021. https://web.archive.org/web/20210928042908/http://dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 10 August 2021. 
  5. Ranjan Das Gupta (2010-10-22). "Romancing the camera". The Hindu (Coimbatore). Archived from the original on 2012-11-10. https://web.archive.org/web/20121110120257/http://www.hindu.com/mp/2010/10/22/stories/2010102250871300.htm. 
  6. Pandit Shimpi (04-05-2001). "Films: 1968 files". Screen. http://www.screenindia.com/old/20010504/f1968.html. 
  7. "BFJA Awards (1968)". Gomolo.com. http://www.gomolo.in/Awards/Awards.aspx?AwardCode=7&YearCode=1968. [সংযোগবিহীন উৎস]
  8. The Times of India, Entertainment. "National Awards Winners 1967: Complete list of winners of National Awards 1967". timesofindia.indiatimes.com. Archived from the original on 24 March 2020. https://web.archive.org/web/20200324034914/https://timesofindia.indiatimes.com/entertainment/movie-awards/national-awards-winners/1967/108। আহৰণ কৰা হৈছে: 11 August 2021. 

বাহ্যিক সংযোগ সম্পাদনা কৰক