বৈজয়ন্তীমালা
বৈজয়ন্তীমালা (ইংৰাজী: Vyjayanthimala ; জন্ম ১৩ আগষ্ট ১৯৩৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, ভাৰতনাট্যম শিল্পী, কৰ্ণাটকী কণ্ঠশিল্পী, কোৰিঅ’গ্ৰাফাৰ আৰু সাংসদ।ত বৈজয়ন্তীমাল তেওঁৰ সময়ৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী আছিল।তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ ‘প্ৰথম মহিলা মহাতাৰকা’ গণ্য কৰা হয়। ১৯৪৯ চনত তামিল ছবি বাঝকাই আৰু ১৯৫০ চনত তেলেগু ছবি জীৱিতমৰ যোগেদি তেওঁ আত্মপ্ৰকাশ কৰিছিল। পিছলৈ তেওঁ দক্ষিণ ভাৰতীয় আৰু সোণালী যুগৰ বলীউডী চলচ্চিত্ৰৰ অন্যতম বিশিষ্ট অভিনেত্ৰীত পৰিণত হৈছিল। তেওঁক এগৰাকী সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ‘আইকণিক’ নায়িকা বুলি জনা যায়। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ নৃত্যৰ শৈলী আৰু মান সম্পূৰ্ণৰূপে সলনি কৰি দিয়া প্ৰথম তাৰকা। তেওঁৰ বাবেই পিছলৈ ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰীসকলৰ ধ্ৰুপদী নৃত্যত পাৰদৰ্শিতা আশা কৰা হৈছিল। বলীউডত এগৰাকী তাৰকা হিচাপে প্ৰতিষ্ঠিত হোৱা তেৱেঁ প্ৰথম দক্ষিণ ভাৰতীয় অভিনেত্ৰী আৰু তেওঁৱেই অন্যান্য দক্ষিণ ভাৰতীয় অভিনেত্ৰীসকলক বলীউডলৈ বাট মুকলি কৰি দিছিল। এগৰাকী দক্ষ নৃত্যশিল্পী বৈজয়ন্তীমালাই বলীউডক অৰ্ধ-শাস্ত্ৰীয় নৃত্যৰ সৈতে পৰিচিত কৰাই দিছিল।[2][3]
বৈজয়ন্তীমালা | |
---|---|
![]() বৈজয়ন্তীমালা ২০১২ চনত | |
জন্ম | বৈজয়ন্তীমালা ৰমণ ১৩ আগষ্ট, ১৯৩৬ (৮৬ বছৰ) মাদ্ৰাছ, মাদ্ৰাছ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ তামিলনাডুত) |
পেচা | অভিনেত্ৰী, শাস্ত্ৰীয় নৃত্যশিল্পী, কৰ্ণাটকী সংগীতৰ কণ্ঠশিল্পী |
সক্ৰিয় হৈ থকা সময় | ১৯৪৯-১৯৬৮ |
দাম্পত্যসঙ্গী | চমনলাল বালি (বি. ১৯৬৮; মৃ. ১৯৮৬)[উদ্ধৃতিৰ প্ৰয়োজন] |
পিতৃ-মাতৃ | এম.ডি. ৰমণ (পিতৃ) বসুন্ধৰা দেৱী (মাতৃ) |
সন্তান | সুচীন্দ্ৰ বালি[1] |
লোকসভাৰ সদস্য | |
কাৰ্যকাল ১৯৮৪ – ১৯৯১ | |
পূৰ্বসূৰী | ৰামস্বামী ভেংকটাৰমণ |
উত্তৰসূৰী | আৰ. সিদ্ধাৰ্থ |
সমষ্টি | চেন্নাই দক্ষিণ লোকসভা সমষ্টি |
ৰাজ্যসভাৰ সদস্য | |
কাৰ্যকাল ২৭ আগষ্ট ১৯৯৩ – ২৬ আগষ্ট ১৯৯৯ | |
ব্যক্তিগত তথ্য | |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি (১৯৯৯- বৰ্তমান) |
আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৮৪- ১৯৯৯) |
স্বাক্ষৰ | |
![]() |
কৰ্মজীৱনসম্পাদনা কৰক
বৈজয়ন্তীমালাই ১৩ বছৰ বয়সত তামিল ছবি বাঝকাই (১৯৪৯) আৰু তেলেগু ছবি জীৱিতমৰ (১৯৫০) জৰিয়তে চনত পৰ্দাত আত্মপ্ৰকাশ কৰে। বাঝকাইৰ সফলতাৰ পিছত ইয়াক হিন্দী ভাষাত বহাৰ (১৯৫১) নামেৰে ৰিমেক কৰা হৈছিল আৰু ইয়াতো বৈজয়ন্তীমালায়েই মূল নাৰী চৰিত্ৰটোত অভিনয় কৰিছিল।[4] ১৯৫৪ চনত তেওঁ প্ৰদীপ কুমাৰৰ সৈতে নাগিনত অভিনয় কৰে। ছবিখনে দৰ্শকৰ পৰা অনুকূল সঁহাৰি পাইছিল আৰু ই আছিল ১৯৫৪ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰ। নাগিনৰ এনে সফলতাই তেওঁক বলীউডৰ এগৰাকী শীৰ্ষস্থানীয় অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল। হেমন্ত কুমাৰৰ সঙ্গীত আৰু লতা মংগেশকাৰে গোৱা মন দোলে, মেৰা তন দোলে শীৰ্ষক গীতত তেওঁৰ নৃত্য ছবিখনৰ বিশেষ আকৰ্ষণ আছিল।[5] একে বছৰতে তেওঁ কিশোৰ কুমাৰৰ সৈতে মিচ মালা কৰে; যিখন এখন বক্স অফিচ সফল ছবি আছিল। কন্নড় ভাষাৰ চলচ্চিত্ৰত তেওঁ পদাৰ্পন কৰিছিল আশা নিৰাশা ছবিৰ যোগে। লতা মংগেশকাৰ, আশা ভোঁচলে, মহম্মদ ৰফিয়ে নেপথ্য কণ্ঠ দিয়া এই ছবিখন মুক্তি নাপালে।[6] অৱশ্যে ছবিখনৰ প্ৰযোজকৰ পুত্ৰ শ্ৰীকান্ত ভেংকটৰমণৰ মতে ছবিখনে মুক্তি পাইছিল যদিও বক্স অফিচত বেয়াকৈ মুখ থেকেচা খাইছিল।[7]
ৰাজনৈতিক জীৱনসম্পাদনা কৰক
১৯৮৪ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত দক্ষিণ চেন্নাই লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হিচাপে ৫১.৯২% ভোট পাই জয়লাভ কৰে আৰু তেওঁৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি হয়।[8] ১৯৮৯ চনত সাধাৰণ নিৰ্বাচনত তেওঁ পুনৰ দ্ৰাবিড়া মুন্নাত্ৰা কাঝাগমৰ আলাদি অৰুণাক ১২,৫৮৪ টা ভোটত হৰুৱাই সমষ্টিটো দখলত ৰাখিবলৈ সক্ষম হয়। ১৯৯৩ চনত তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। ১৯৯৯ চনত তেওঁ সাংসদ পদৰ পৰা পদত্যাগ কৰে। পিছত তেওঁ একে বছৰৰে ৬ চেপ্তেম্বৰত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।[9]
তথ্য উৎসসম্পাদনা কৰক
- ↑ "An ageless icon" (en ভাষাত). Deccan Herald. 4 November 2017. https://www.deccanherald.com/content/641014/an-ageless-icon.html.
- ↑ "Many told me that I had gotten the award too late, but I believe I'm just getting started: Bala Kondala Rao - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/visakhapatnam/many-told-me-that-i-had-gotten-the-award-too-late-but-i-believe-im-just-getting-started-bala-kondala-rao/articleshow/62836065.cms.
- ↑ Kumar, Divya (25 February 2009). "All the city is a stage". The Hindu. https://books.google.com/books?id=jg0fAQAAMAAJ&q=vyjayanthimala+1936.
- ↑ Randor Guy (14 February 2003). "Actress who glowed with inner beauty". The Hindu. http://www.hinduonnet.com/thehindu/fr/2003/02/14/stories/2003021401030300.htm.
- ↑ Vijay Lokapally (7 May 2010). "Blast From The Past: Nagin (1954)". The Hindu (Chennai, India). http://www.hindu.com/fr/2010/05/07/stories/2010050750260400.htm.
- ↑ "Top Actress". Box Office India. http://www.boxofficeindia.com/cpages.php?pageName=top_actress.
- ↑ S. Shyam Prasad (7 February 2010). "South Masala: For the record". Bangalore Mirror. http://www.bangaloremirror.com/index.aspx?Page=article§name=Entertainment%20-%20South%20Masala§id=25&contentid=2010020720100207231114659af8fcc1.
- ↑ T. Ramakrishnan; R.K. Radhakrishnan; Raktima Bose (9 May 2009). "Actor's South Chennai link". The Hindu. http://www.hindu.com/2009/05/09/stories/2009050955701300.htm.
- ↑ United News of India (28 August 1999). "Vyjayanthimala quits Congress". The Indian Express. http://www.indianexpress.com/Storyold/118195/.
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত Vyjayanthimala সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বৈজয়ন্তীমালা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Cheye Thaki Cheye Thaki ইউটিউবত - Vyjayanthimala sings for the Bengali film [[Hatey Bazarey]