মূল মেনু খোলক

হাফলং হিন্দী (হিন্দী: हफ़लौंग हिन्दी) অসমডিমা হাছাও জিলাত (পূৰ্বৰ উত্তৰ কাছাৰ) বহুল প্ৰচলিত এটা সংযোগী ভাষা (ইংৰাজী: lingua franca)। [1] হিন্দীৰ পৰা উদ্ভূত এই সংমিশ্ৰেতি ভাষা বা ক্ৰে'য়ল ভাষা(ইংৰাজী: creole language)টোৰ শব্দাৱলী অন্য কেইবাটাও ভাষাৰ শব্দেৰে গঠিত হৈছে। মূলতঃ হিন্দীৰ লগতে অন্যান্য ভাষা অসমীয়া, বাংলা, ডিমাচা আৰু জেমি নাগা উপভাষাৰ শব্দৰ অৱদানেৰে হাফলং হিন্দীৰ শব্দাৱলী গঠিত। ডিমা হাচাও জিলাৰ সদৰ হাফলঙৰ নামৰ সৈতে সংগতি ৰাখি এই মিশ্ৰিত ভাষাটোক হাফলং হিন্দী নাম দিয়া হৈছে।

ব্যাকাংশৰ উদাহৰণসম্পাদনা কৰক

এই উপভাষা সৰহ সংখ্যক হিন্দী ভাষীৰ বাবে সহজেই বোধগম্য। হাফলং হিন্দীৰ সৰলীকৃত ব্যাকৰণত ঋণ-শব্দৰ (ইংৰাজী: loanword infusions) প্ৰয়োগ হয়। [2]

ব্যাকাংশ ইংৰাজী ভাবানুবাদ অসমীয়া অৰ্থ
tumko mairong leke aayaa I (implied) you (tumko) rice (mairong) tak-ing (le-ke) came (aayaa) 'তোমালৈ চাউল লৈ আনিছো'
tumraa kuttaa hamko kamraayaa Your (tumraa) dog (kuttaa) me (hamko) bit (kamraayaa) 'তোমাৰ কুকুৰটোৱে মোক কামুৰিলে'
tum kahaan jaaegaa Where (kahaan) you (tum) go-Fut (jaa-egaa) 'তুমি ক'লৈ যাবা?'

মান্য হিন্দীৰ বিপৰীতে হাফলং হিন্দীত সামান্য অতীত বা পূৰ্ণ অতীতৰ সকৰ্মক ক্ৰিয়া বুজোৱা ব্যাকাংশত পুৰুষ আৰু সংখ্যাৰ সামঞ্জস্য নাথাকে।

তথ্যসূত্ৰসম্পাদনা কৰক

  1. Col Ved Prakash, "Encyclopaedia of North-east India, Vol# 2", Atlantic Publishers & Distributors;Pg 575, ISBN 978-81-269-0704-5
  2. "In this Assam district, Hindi unites 11 tribes". Indian Express, September 10, 2007. http://www.indianexpress.com/news/In-this-Assam-district,-Hindi-unites-11-tribes/215516/। আহৰণ কৰা হৈছে: 2008-09-17.