অসম

উত্তৰ-পূব ভাৰতৰ ৰাজ্য
(Assamৰ পৰা পুনঃনিৰ্দেশিত)

অসম (ইংৰাজী: Assam) ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিকভাৱে এখন পৃথক ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়। ভাৰতৰ স্বাধীনতা আন্দোলনত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্বপূৰ্ণভাৱে অংশগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম স্বাধীন ভাৰতৰ এখন অন্তৰংগ প্ৰদেশ হিচাপে গঠিত হয়। ব্ৰিটিছ-শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিছপুৰ। অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ[5]) জুৰি আছে। অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে। আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানএশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱী বিখ্যাত।[6][7]

অসম
—  ৰাজ্য  —
ওপৰৰ পৰা ঘড়ীৰ কাটাৰ দিশত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানএশিঙীয়া গঁড়, কামাখ্যা মন্দিৰ, আই. আই. টি গুৱাহাটী, ৰংঘৰ, মানস ৰাষ্ট্ৰীয় উদ্যানহাতী, মাজুলী, গড়গাঁওকাৰেংঘৰ, অসম চাহ বাগিচা।

মোহৰ
ভাৰতত অসমৰ অৱস্থান
ভাৰতত অসমৰ অৱস্থান
অসমৰ মানচিত্ৰ
অসমৰ মানচিত্ৰ
ভৌগোলিক স্থানাংক (দিছপুৰ): 26°08′N 91°46′E / 26.14°N 91.77°E / 26.14; 91.77স্থানাংক: 26°08′N 91°46′E / 26.14°N 91.77°E / 26.14; 91.77
দেশ  ভাৰত
অঞ্চল উত্তৰ পূব ভাৰত
স্থাপিত অসম ৰাজ্য বা মু'ঙ দ'ন চ'ন খাম (𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) (অসম দিৱস ৰ দিনা)২ ডিচেম্বৰ ১২২৮ (1228-12-02) (৭৯৫ বছৰ পূৰ্বে))[1]


১৯১২ (অসম প্ৰদেশ - ব্ৰিটিশ শাসিত ভাৰত), ১৫ আগষ্ট ১৯৪৭ (1947-08-15) (৭৬ বছৰ পূৰ্বে)


(অসম- স্বাধীন ভাৰত)
ৰাজধানী দিছপুৰ
জিলাসমূহ ৩৪
চৰকাৰ[*]
 - পৰিষদ অসম চৰকাৰ
 - ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া
 - মুখ্য  মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা (ভাৰতীয় জনতা পাৰ্টী)
 - বিধান সভা একসদনীয় (১২৬খন আসন)
 - সংসদীয় সমষ্টি ৰাজ্যসভা (৭খন আসন)[2]
লোকসভা (১৪খন আসন)[3]
 - উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়
মাটিকালি
 - মুঠ ৭৮,৫৫০ কি.মি. 
(৩০,৩২৮.৩ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ১৭তম
জনসংখ্যা (২০১১)
 - মুঠ ৩,১১,৬৯,২৭২ জন
 - স্থান ১৫তম
 - জনঘনত্ব ৩৯৬.৮ প্ৰতি বৰ্গ কি.মি. 
(১,০২৭.৭ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভা. মা. স. (গ্ৰী.মা.স.+০৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-AS
মা বি সূ বৃদ্ধি ০.৫৩৪ (মধ্যম)
মা বি সূ স্থান ২২তম (২০০৫)
সাক্ষৰ ৭৩.১৮% (২৬তম)[4]
আধিকাৰিক ভাষা অসমীয়া,
বড়ো ( বড়োভূমিত),
বঙালী (বৰাক উপত্যকাত)
ৱেবছাইট assam.gov.in
^[*] Assam has had a legislature since 1937 ^[*] Assam is one of the original provinces of British India

অসম নামৰ উৎপত্তি সম্পাদনা কৰক

সাঁচি পাতৰ বৰঅম্ৰ পুথিৰ মতে আছাম বা হা-চাম শব্দটো বিভিন্ন সময়ত ব্ৰহ্মদেশৰ কাঁচিনমুলীয় বিভিন্ন জনগোষ্ঠীয়ে চাওলুঙ চুকাফাৰ লগত অহা টাই জাতিৰ ঠালটোক বুজাবলৈ ব্যৱহাৰ কৰিছিল। ইংৰাজসকলে kingdom of Assam বুলি আহোম ৰাজ্যক বুজাইছিল আৰু মোগলে আছাম বুলি আহোম ৰাজ্যৰ কথা লিপিবদ্ধ কৰিছিল। শঙ্কৰদেৱে অসম মুলুক বুলি আহোম ৰাজ্যক বিৱৰণ কৰিছিল।[1] অসমৰ পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল। ত্ৰয়োদশ শতিকা মানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত 'অসম' নামটোৰ প্ৰচলন হয়। আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়।

অসম নামৰ উৎপত্তি সম্বন্ধে কোনো কোনোৱে মত পোষণ কৰে যে এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম হ'ল।[8] আনহাতে প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম 'অ-সম' হ'ল। আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই আহোম শব্দটোৰ পৰা অসম হ'ল[9]। আহোমসকলে নিজকে টাই বুলি পৰিচয় দিছিল যদিও তেওঁলোক আহোম হিচাপেহে অধিক পৰিচিত হৈ উঠিল। আহোমসকলে প্ৰায় ৬০০ বছৰ অসমত ৰাজত্ব কৰে। পণ্ডিতপ্ৰৱৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাৰে:[10]

যদিও শানসকলে নিজৰ পৰিচয় টাই বুলি দিছিল, তেওঁলোকক ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মাজত আসাম, আসম আৰু কেতিয়াবা অচম হিচাপে জনাজাত আছিল। নতুন অসমীয়া শব্দ আহোম, যাৰ দ্বাৰা আজিৰ টাইসকলক জনা যায়, আসাম অথবা আসমৰ পৰা উৎপত্তি হোৱা। কালক্ৰমত শাসকসকলৰ কাৰণে প্ৰয়োগ কৰা নাম ৰাজ্যৰ নামলৈ পৰিবৰ্তিত হ'ল। কামৰূপৰ নাম সলনি হৈ প্ৰথমে আসাম আৰু পিছলৈ সংস্কৃতকৰণৰ ফলত অসম হয় গৈ যাৰ অৰ্থ হ'ল "অসমকক্ষ, অসমান বা অসমান্তৰাল" ― পণ্ডিতপ্ৰৱৰ সত্যেন্দ্ৰনাথ শৰ্মা[1]


পণ্ডিত বেডেন পাৱেলে তেওঁৰ The Indian village community নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ ছো-ছাম (নিম্নভূমি বা সমভূমি) শব্দৰ পৰা আহিছে বুলি কৈছে।[11]

নতুন নামকৰণ সম্পাদনা কৰক

অসম ইংৰাজৰ হাতলৈ যোৱাৰ পাছৰ পৰা আছাম আৰু আসাম শব্দ দুটা প্ৰচলিত হৈ পৰে আৰু শেষত এই ভূখণ্ড অসম আৰু ইয়াত বাস কৰা অধিবাসীসকলক অসমীয়া বোলা হ'ল। ইংৰাজসকলেই অসম বা আসামক ইংৰাজীলৈ Assam বুলি লিপ্যন্তৰ কৰে।[9] বৰ্তমান অসম বানানটো ইংৰাজীত Axom বা Asom বুলি লিখা হয় যদিও Assam বানানটোও প্ৰচলিত।[12]

ভৌগোলিক তথ্য সম্পাদনা কৰক

 
১. তিনিচুকীয়া, ২. ডিব্ৰুগড়, ৩. ধেমাজী, ৪. চৰাইদেও, ৫. শিৱসাগৰ, ৬. লখিমপুৰ, ৭. মাজুলী, ৮. যোৰহাট, ৯. বিশ্বনাথ, ১০. গোলাঘাট, ১১. কাৰ্বি আংলং, ১২. শোণিতপুৰ, ১৩. নগাঁও, ১৪. হোজাই, ১৫. কাৰ্বি আংলং পশ্চিম, ১৬. ডিমা হাচাও, ১৭. কাছাৰ, ১৮. হাইলাকান্দি, ১৯. কৰিমগঞ্জ ২০. মৰিগাঁও, ২১. ওদালগুৰি, ২২. দৰং, ২৩. কামৰূপ মহানগৰ, ২৪. বাক্সা, ২৫. নলবাৰী, ২৬. কামৰূপ, ২৭. বৰপেটা, ২৮. চিৰাং, ২৯. বঙাইগাঁও, ৩০. গোৱালপাৰা, ৩১. কোক্‌ৰাঝাৰ, ৩২. ধুবুৰী, ৩৩. দক্ষিণ শালমাৰা-মানকাচৰ, ৩৪. বজালী, ৩৫. তামোলপুৰ (২০২২ৰ মতে)

অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিল'মিটাৰ। ই ভাৰতৰ এখন মজলীয়া আকাৰৰ ৰাজ্য। অসমখনক প্ৰধানকৈ তিনিটা ভৌগোলিক অঞ্চলত ভাগ কৰিব পাৰি। ৰাজ্যখনৰ উত্তৰ অংশ জুৰি আছে ব্ৰহ্মপুত্ৰ সমতল আৰু দক্ষিণ অংশত আছে বৰাক সমতল। এই দুখন সমতলৰ মাজত অৰ্থাৎ মাজভাগত এখন উচ্চভূমি অঞ্চল আছে। গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত। অসমৰ ৰাজধানী চহৰ দিছপুৰ।

ব্ৰহ্মপুত্ৰ উপত্যকা
পূবে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰপৰা পশ্চিমে ধুবুৰী জিলাধুবুৰী মহকুমালৈ এই সমতলখনত ১৮খন প্ৰশাসনিক জিলা আছে। ইয়াৰ বাহিৰেও সমতলখনত ৪খন বড়োলেণ্ড জনজাতীয় স্বায়ত্তশাসিত জিলা আছে। সেইকেইখন হৈছে কোকৰাঝাৰ, ওদালগুৰি, বাক্সা আৰু চিৰাং। ই এখন বৃহৎ সমতল। পূবৰ পৰা পশ্চিমলৈ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭২০ কিলোমিটাৰ আৰু উত্তৰৰপৰা দক্ষিণলৈ ই গড়ে ৮০ কিলোমিটাৰমান বহল। সমতলখনৰ এটা মন কৰিবলগীয়া ভূ-প্ৰকৃতি হৈছে এই যে পূবৰপৰা পশ্চিমলৈ ইয়াৰ ঢাল অতি কম। এই সমতলখনেদি উত্তৰৰ হিমালয় আৰু দক্ষিণৰ নগাপাহাৰ, কাৰ্বিপাহৰ, উত্তৰ কাছাৰ পাহাৰ আৰু মেঘালয়ৰপৰা প্ৰায় ৪০খন ডাঙৰ উপনৈ আহি ব্ৰহ্মপুত্ৰত পৰিছেহি। উত্তৰপাৰৰ প্ৰধান উপনৈ হৈছে- সোৱণশিৰি, ৰঙানৈ, ডিক্ৰং, বুৰৈ, বৰগাং, জীয়া ভৰলী, গাভৰু, জীয়া ধনশিৰি, বৰনদী, পাগলাদিয়া, মানাহ, বেকী , আই,চম্পাৱতী, সৰলভাগা, গদাধৰ, সোণকোষ আদি। দক্ষিণ পাৰৰ ঘাই উপনৈসমূহ হৈছৈ- ডিব্ৰু, ডিগাৰু, বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজী, ভোগদৈ, কাকডোঙা, ধনশিৰি, কলং, কপিলী, কুলসী, দুধনৈ, কৃষ্ণাই, জিনৰী, জিঞ্জিৰাম আদি।
বৰাক উপত্যকা
ই অসমৰ দক্ষিণ অংশত অৱস্থিত। বৰাক নদীৰ পৰাই ইয়াৰ নামটো আহিছে। বৰাক উপত্যকাৰ মূলতঃ তিনিখন জিলা আছে- কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিশিলচৰ ইয়াৰ মুখ্য নগৰ। বৰাক উপত্যকাত ঘাইকৈ বঙালী ভাষাৰ প্ৰচলন আছে।

অসমৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা মৌচুমী জলবায়ু। দাক্ষিণাত্যৰ পশ্চিম উপকূল, দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ুৰ মিল আছ। অসমৰ জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক। অসমৰ জলবায়ুক (ক) শীত (খ) প্ৰাক মৌচুমী (গ) মৌচুমী আৰু (ঘ) উত্তৰ মৌচুমী এই চাৰিভাগত ভগাব পাৰি। নৱেম্বৰ-জানুৱাৰী : শীত, ফেব্ৰুৱাৰী-এপ্ৰিল : প্ৰাক মৌচুমী, মে'-জুলাই : মৌচুমী, আগষ্ট-অক্টোবৰ : উত্তৰ মৌচুমী। অসমৰ গৰমৰ মাত্ৰা ভাৰতৰ অন্যান্য স্থানতকৈ তুলনামূলকভাৱে কম। বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ বেছি হ'ব পাৰে।[13] শীতকালতো জাৰৰ মাত্ৰা তীব্ৰ নহয়।[14]

জনগাঁথনি সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩,১১,৬৯,২১১ জন।[15] ই ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ২.৫৮%। পুৰুষ আৰু মহিলাৰ হাৰ হৈছে ১০০০:৯৫৪। জনবসতি প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৭ জন। যোৱা দশকতকৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে ১৬.৯৩%।[15] সাক্ষৰতাৰ হাৰ হৈছে ৭৩.১৮%।

জনগোষ্ঠীসমূহৰ ভিতৰত অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী :

আৰু আৰ্য ভাৰতীয় জনগোষ্ঠী সমুহ হৈছে:

নগৰ-চহৰ সম্পাদনা কৰক

জনসংখ্যা অনুযায়ী অসমৰ বৃহৎ নগৰ-চহৰ সমূহ
স্থান নগৰ জিলা জনসংখ্য


 
গুৱাহাটী

বঙাইগাঁও
 
যোৰহাট

গুৱাহাটী কামৰূপ মহানগৰ ৯,৬৮,৫৯৪
শিলচৰ কাছাৰ ২,২৮,৯৮৫
বঙাইগাঁও বঙাইগাঁও ১,৮৪,৮১০
ডিব্ৰুগড় ডিব্ৰুগড় ১,৬৪,০৯১
যোৰহাট যোৰহাট ১,৫৩,২৪৯
নগাঁও নগাঁও ১,৪৭,১৩৭
তিনিচুকীয়া তিনিচুকীয়া ১,২৫,৬৩৭
মঙলদৈ দৰং ৪৫,০০০
তেজপুৰ শোণিতপুৰ ১,০০,৪১৭
২০১১ চনৰ লোকপ্ৰিয়ল মতে[17]

ইতিহাস সম্পাদনা কৰক

প্ৰাগঐতিহাসিক অসম সম্পাদনা কৰক

বিভিন্ন আখ্যান, কিংবদন্তি আৰু সিঁচৰতি হৈ থকা প্ৰাচীন স্মৃতিচিহ্নৰ সম্ভেদ মতে মহীৰংগ দানৱ প্ৰাচীন অসমৰ ৰজা আছিল আৰু পিছলৈ তেওঁৰ বংশৰ (দানৱ বংশ) ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰিছিল। দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এটা নতুন বংশৰ পাতনি মেলে। ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হৈ আছিল। নৰকাসুৰৰ ৰাজ্যৰ সীমা পূ্ৱে ডিক্ৰঙৰ (বৰ্তমান বিহপুৰীয়া উত্তৰ অসম) পৰা পশ্চিমে কৰতোৱালৈকে বিস্তৃত আছিল। নৰকৰ অত্যাচাৰ আৰু দৌৰাত্ম্য বাঢ়ি অহাত শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰে আৰু পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতে। ভগদত্তৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ বজ্ৰদত্ত কামৰূপৰ ৰজা হয়। নৰকাসুৰৰ মৃত্যুৰ পিছত তেওঁৰ বংশতেই ১৮ পুৰুষলৈকে প্ৰাগজ্যোতিষত ৰাজত্ব কৰাৰ কথা পোৱা যায়।

প্ৰাচীন কালত প্ৰাগজ্যোতিষ ৰাজ্যৰ বাহিৰেও অসমত ডবকা (নগাঁও), কদলি (নগাঁও), মণিপুৰ, হিড়িম্বা আৰু ত্ৰিপুৰা নামৰ কেইখনমান ৰাজ্য থকাৰ কথা পোৱা যায়। পুৰণি অসমত ৰাজত্ব কৰা অন্যান্য ৰজাৰ ভিতৰত কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মক, শোণিতপুৰবাণৰজা, নৰশংকৰ বা নাগাক্ষ ৰজা, দেৱেশ্বৰ অন্যতম।[9] কিন্তু উজনি খণ্ডৰ সবিশেষ বিৱৰণ পোৱা নাযায়। উজনিৰ সৌমাৰপীঠত আহোম সকল অহাৰ আগত মৰাণ আৰু বৰাহী সকল বাস কৰিছিল বুলি আহোম সকলৰ বুৰঞ্জীৰ যোগেদিয়ে তথ্য পোৱা যায় কিন্তু কামৰূপ ৰাজ্যৰ অংগ হিচাপে কোনোধৰণৰ বিৱৰণ পোৱা নাযায়।

পুৰণি আৰু মধ্যযুগীয় অসম সম্পাদনা কৰক

অসমৰ প্ৰাচীন নাম অসম নাছিল। মহাভাৰতত এই ভূখণ্ডৰ নাম প্ৰাগজ্যোতিষ বুলি উল্লেখ আছে[উদ্ধৃতিৰ প্ৰয়োজন]। প্ৰাগজ্যোতিষৰ সীমা পূবে নগাঁৱৰ শিলঘাটৰ পৰা আৰম্ভ কৰি পশ্চিমে কৰতোৱা নদী (বৰ্তমান বাংলাদেশত) আৰু দক্ষিণে বংগোপসাগৰলৈ বিস্তৃত থকাৰ কথা পোৱা যায়। কামৰূপত বৰ্মন বংশ প্ৰতিষ্ঠাৰ পৰাই পুৰণি কামৰূপ ৰাজ্যৰ প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয়। প্ৰাচীন কামৰূপ ৰাজ্যৰ যিসকল ৰজাৰ বিষয়ে নিৰ্ভৰযোগ্য ঐতিহাসিক সমল পোৱা গৈছে তেওঁলোকৰ ভিতৰত পুষ্য বৰ্মনেই (৩৫০-৩৮০ খ্ৰী.) প্ৰথম আৰু সেয়ে তেওঁ প্ৰথম ঐতিহাসিক ৰজা বোলা হয়। ভাস্কৰ বৰ্মন আনুমানিক ৫৯৪-৬৫০ খ্ৰী.ত কামৰূপৰ ৰজা হয়। সিংহাসনত আৰোহণ কৰিয়েই তেওঁ নতুন চন ভাস্কৰাব্দ বা কামৰূপী চন প্ৰৱৰ্তন কৰে। ভাস্কৰ বৰ্মন অবিবাহিত হোৱাৰ বাবে তেওঁৰ মৃত্যুৰ পাছতে (আনু. ৬৫০ খ্ৰী.) বৰ্মন বংশৰ ইতি পৰে।

বৰ্মন বংশৰ পাছত কামৰূপত শালস্তম্ভ নামৰ এজন বিষয়াই সিংহাসন অধিকাৰ কৰে আৰু নিজৰ নাম অনুসৰি "শালস্তম্ভ" নামেৰে এটি নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰে। শালস্তম্ভ বংশৰ প্ৰায় কুৰিজন ৰজাই কামৰূপত ৰাজত্ব কৰে। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহ (আনু. ৯৭০-৯৯০ খ্ৰী.) অপুত্ৰক হোৱাৰ বাবে শালস্তম্ভ বংশৰে ব্ৰহ্মপাল (আনু. ৯৯০-১০১০) কামৰূপৰ ৰজা হয় আৰু পালবংশৰ পাতনি মেলে। বৃদ্ধকালত ব্ৰহ্মপালে সন্ন্যাস গ্ৰহণ কৰে আৰু পিতাকৰ ইচ্ছামতে তেওঁৰ পুত্ৰ ৰত্নপাল (আনু. ১০১-১০৪০ খ্ৰী.) কামৰূপৰ ৰজা হয়। ৰত্নপালৰ পাছত ক্ৰমে ইন্দ্ৰপাল (১০৪০-১০৬৫), গোপাল (১০৬৫-১০৮০), হৰ্ষপাল (১০৮০-১০৯৫), ধৰ্মপাল (১০৯৬-১১২০) ৰজা হয়। ধৰ্মপাল ৰজা হৈয়ে কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষৰ পৰা 'কামৰূপ নগৰ'লৈ তুলি নিয়ে। ধৰ্মপালৰ পাছত তেওঁৰ পুত্ৰ জয়পাল (১১২০-১১৩৯) কামৰূপৰ ৰজা হয় আৰু জয়পালৰ মৃত্যুৰ পাছতে পালবংশৰ যৱনিকা পৰে।

ইয়াৰ পাছত ভিংগদেৱ (১১৩৮-১১৫০), বৈদ্যদেৱ, ৰায়ৰীদেৱ, উদয় কৰ্ণ, বল্লভদেৱ, পৃথু নামৰ কেইবাজনো ৰজাই কামৰূপত ৰাজত্ব কৰে। পৃথুৰ ৰাজত্ব কালতে ১২০৬ আৰু ১২২৬ চনত মুছলমানে কামৰূপ আক্ৰমণ কৰে। ১২২৮ চনত দিল্লীৰ চুলতান ইলতুতমিছৰ হাতত পৃথুৰ মৃত্যু হয় আৰু তেওঁৰ বংশৰ দুজন ৰজাই কামৰূপ ৰাজত্ব কৰে। এই বংশৰ শেষ ৰজা আছিল সন্ধ্যা (১২৫০-১২৭০ খ্ৰী.)।

কমতা ৰাজ্য সম্পাদনা কৰক

ইয়াৰ পিছত পুনৰ মুছলমানে কামৰূপ আক্ৰমণ কৰাত সন্ধ্যাই কামৰূপৰ ৰাজধানী 'কামৰূপ নগৰ'ৰৰ পৰা পশ্চিম কমতাপুৰলৈ তুলি নিয়ে। তেতিয়াৰ পৰাই এই ৰাজ্যৰ নাম কমতা বা কামৰূপ-কমতা হয় আৰু ইয়াৰ অধিপতিসকলক কমতেশ্বৰ বা কামেশ্বৰ বোলা হয়। সন্ধ্যাৰ পিছত তেওঁৰ পুত্ৰ সিন্ধুৰায় (আনু. ১২৭০-১২৮৫), ৰূপনাৰায়ণ (আনু. ১২৮৫-১৩০০), সিংহধ্বজ (১৩০০-১৩০৫), প্ৰতাপধ্বজ (১৩০৫-১৩২৫) কমতাৰ ৰজা হয়। প্ৰতাপধ্বজৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ দুৰ্লভনাৰায়ণ জীৱিত থকা অৱস্থাত প্ৰতাপধ্বজৰ ভতিজাক ধৰ্মনাৰায়ণ (১৩২৫-১৩৩০) বলেৰে কমতাৰ ৰজা হয়। পাছত তেওঁলোকৰ মাজৰ কমতা ৰাজ্য ভাগ হয়। দুৰ্লভনাৰায়ণৰ (১৩৩০-১৩৫০) মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ ইন্দ্ৰনাৰায়ণ (১৩৫০-১৩৬৫) ৰজা হয়। তেওঁৱেই এই বংশৰ শেষ ৰজা।

চতুৰ্দশ শতিকাৰ শেষৰফালে আৰিমত্ত নামৰ এজন ৰজাই গৌড় (পূৰ্বৰ কমতা ৰাজ্যৰ উত্তৰফাল) শাসন কৰিছিল। আৰিমত্তৰ পিছত ৰত্নসিংহ, শৃতৰংগ আৰু মৃগাংগ নামৰ তিনিজন ৰজাই গৌড় শাসন কৰিছিল। মৃগাংগ নিঃসন্তান হৈ মৃত্যু হোৱাত কমতাৰাজৰ অধীনৰ ভূঞাসকলৰ নীলধ্বজ নামৰ এজন ৰজাই গৌড়ৰ সিংহাসন দখল কৰি এক নতুন খান বা সেন বংশৰ পাতনি মেলে। কিন্তু ঘৰুৱা গৃহ কন্দলৰ সুবিধা লৈ মুছলমানে আক্ৰমণ কৰে আৰু পঞ্চদশ শতিকাৰ শেষৰ ফালে মুছলমানৰ আক্ৰমণে কমতা ৰাজ্য ধ্বংস হৈ পৰে।

কছাৰী ৰাজ্য সম্পাদনা কৰক

কছৰী ৰাজ্যৰ আৰম্ভণিৰ ইতিহাস স্পষ্ট নহয়।[18] পৰম্পৰাগত তথ্য অনুসৰি ৰাজনৈতিক অস্থিৰতাৰ বাবে কছাৰী ডিমাচাসকলে প্ৰাচীন কালত কামৰূপ ৰাজ্য ত্যাগ কৰিবলগীয়া হৈছিল। কছাৰী ৰাজ্যৰ অৱস্থিতি বৰ্তমানৰ কাছাৰ জিলা আৰু দৈয়াং-ধনশিৰি উপত্যকাৰ গোলাঘাট অঞ্চললৈকে আছিল বুলি ধৰিব পাৰি। বহু লোকে ব্ৰহ্মপুত্ৰ (ডিমাচাত দিলৌ) পাৰ কৰিব নোৱাৰি উত্তৰ পাৰতে থাকি গৈছিল আৰু তেওঁলোক পাছলৈ বড়ো বুলি জনাজাত হৈছিল। নদী পাৰ কৰাসকল ডিমাচা (অৰ্থ- নদীৰ পুত্ৰ) বুলি জনাজাত হ'ল। ব্ৰহ্মপুত্ৰৰ কছাৰী ঘাট ইয়াৰেই প্ৰমাণ বুলি ভবা হয়।[19] ডিমাচাসকলে শদিয়াৰ দেৱী কেঁচাই খাইটিক পূজা কৰিছিল।[20] কছাৰীসকলে নিজকে মহাভাৰতভীম আৰু ডিমাচাৰ ৰাজকুমাৰী হিড়িম্বাৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি কয়। পাছলৈ তেওঁলোকে মাইবঙত হিন্দু ধৰ্ম গ্ৰহণ কৰে।

চুতীয়া ৰাজ্য সম্পাদনা কৰক

আনুমানিক ১১৮৭ চনত চুতীয়া ৰাজ্যৰ প্ৰথম ৰজা বীৰপাল বা বীৰবৰে প্ৰথমতে সোৱণশিৰি নদীৰ দাঁতিত অৱস্থিত সোণাগিৰি পাহাৰত বসবাস কৰা ৬০ ঘৰ মানুহৰ ওপৰত অধিনায়কত্ব স্থাপন কৰি শাসন কৰিবলৈ লৈছিল। ইয়াৰ পিছত চুবুৰীয়া লোকসলক পৰাস্ত কৰি তেওঁ 'গয়াপাল' নাম লৈছিল। পিছলৈ তেওঁ উত্তৰ-পূব অসম আৰু অৰুণাচলৰ অধিক অঞ্চল লৈ চুতীয়া ৰাজ্য বিস্তাৰ কৰে। শদিয়াক তেওঁ চুতীয়া ৰাজ্যৰ ৰাজধানী পাতিছিল।

ত্ৰয়োবিংশ শতিকাৰ আগভাগত আহোমসকলে অসমত তেওঁলোকৰ ৰাজ্য স্থাপন কৰিবৰ সময়ত উজনি অসমত চুতীয়াসকলেই আটাইতকৈ শক্তিশালী আছিল। এখন আহোম বুৰঞ্জীৰ মতে চুকাফা অহাৰ সময়ত বীৰপালৰ চুতীয়া ৰাজ্যৰ পূবে আছিল ব্ৰহ্মকুণ্ড, পশ্চিমে চিচি নদী (সোৱণশিৰিৰ উপনদী), উত্তৰে পৰ্বতমালা আৰু দক্ষিণে বুঢ়ীদিহিং নদী। পাছলৈ‌ ৰত্নধ্বজপালে ভদ্ৰেশেন আৰু ন্যায়পালৰ ৰাজ্য দখল কৰি বিশ্বনাথৰ দিকাৰাই-ঘিলাধাৰী অঞ্চলৰ লৈকে ৰাজ্য বিস্তাৰ কৰিছিল। চুতীয়া সকলৰ মাজত বুৰঞ্জী লিখাৰ প্ৰথা নথকাৰ বাবে তেওঁলোকৰ আটাইবোৰ ৰজাৰ নাম জনা নাযায়। দেওধাই অসম বুৰঞ্জীৰ মতে বাৰ শতিকাৰ মাজভাগৰ পৰা ষোল্ল শতিকাৰ আগভাগলৈকে মুঠ দহজন চুতীয়া ৰজাই ৰাজত্ব কৰিছিল। নোই ইলিয়াছ চাহাবৰ "হিষ্ট্ৰী অৱ দা শ্বান্‌ছ" গ্ৰন্থৰ মতে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফাৰ সমসাময়িক চুতীয়া ৰজা কোছীৰ আগতে তেওঁৰ বংশৰ চৌত্ৰিশজন ৰজাই ৰাজত্ব কৰিছিল। তালৈ চাই কোনো কোনো পণ্ডিতে চুতীয়াসকলে খ্ৰীষ্টীয় সপ্তম শতিকামানতে ৰাজ্য স্থাপন কৰিছিল বুলি অনুমান কৰে।[21]

আহোম ৰাজ্য সম্পাদনা কৰক

ত্ৰয়োদশ শতিকাৰ আগভাগত উজনি ব্ৰহ্মদেশৰ মু'ঙ মাওৰ ৰাজকোঁৱৰ চুকাফাৰ নেতৃত্বত এটি দল ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হয়হি। প্ৰায় ১৩ বছৰ কাল প্ৰবজনৰ পাছত ১২২৮ চনত চুকাফা নগাৰাজ্যৰ সীমাত সোমায়। লাহে লাহে আগুৱাই আহি দিচাং নৈৰ কাষৰ নামৰূপ পায়হি। তাৰপিছত তেওঁ উপযুক্ত ঠাই বিচাৰি শিৱসাগৰ জিলাৰ চৰাইদেউত ১২৫৩ চনত স্থায়ীকৈ ৰাজধানী পাতে। ইয়াৰ লগে লগে অসমত ছশ বছৰীয়া আৰু ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। ১৮১৬ চনৰ শেষৰ ফালে মানে অসম আক্ৰমণ কৰে। এই যুঁজত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়। মানে অসম আক্ৰমণ কৰি প্ৰথম বাৰ আঁতৰি যোৱাৰ পাছত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইয়ে যোৰহাট দখল কৰি চন্দ্ৰকান্ত সিংহক অংগক্ষত কৰি পুৰন্দৰ সিংহক ৰজা পাতে। ইয়াৰ পিছত মানে আৰু দুবাৰ অসম আক্ৰমণ কৰে আৰু ১৮২১ চনত তৃতীয়বাৰ অসম আক্ৰমণ কৰি যোগেশ্বৰ সিংহক আহোমৰ ৰজা পাতে। ক্ৰমে মানে ইংৰাজৰ এলেকাত আক্ৰমণ চলোৱাত ১৮২৪ চনত মানৰ লগত ইংৰাজৰ যুদ্ধ হয়। ইংৰাজে এই যুঁজত জয়লাভ কৰে। অৱশেষত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত মানদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ লগত মানৰ সন্ধি হয় আৰু অসম ইংৰাজৰ হাতলৈ যায় তাৰ পাছৰে পৰা অসম স্বাধীন ৰাজ্যৰ পৰা এখন কোনো দেশৰ অংগৰাজ্যত পৰিণত হয়। ইয়াৰ লগে লগে চুকাফাই অসীম সাহস আৰু বীৰত্বৰে প্ৰতিষ্ঠা কৰা আহোম সাম্ৰাজ্যৰো অন্ত পৰে।[9]

ইংৰাজৰ অধীনত অসম সম্পাদনা কৰক

 
তেজপুৰৰ কনকলতা উদ্যানত থকা এখন বৰ্ণনাত্মক ভাষ্কৰ্য

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত হোৱা সন্ধিৰ ফলত অসম ইংৰাজৰ হাতলৈ যায়। প্ৰথম অৱস্থাত অসমীয়া মানুহে ইংৰাজসকলক আদৰি লৈছিল যদিও পিছলৈ স্বাধীনচিতিয়া অসমীয়া মানুহে ইংৰাজৰ শাসনৰ প্ৰতি মোহভংগ হয় আৰু ইংৰাজী-বিৰোধী মনোভাবে গা কৰি উঠিছিল। এনে পৰিস্থিতিতে ১৮২৮ চনত আহোম আমোলা ধনঞ্জয় বৰগোহাঁই আৰু গমধৰ কোঁৱৰৰ নেতৃত্বত আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে বিদ্ৰোহ হয়। কিন্তু এই বিদ্ৰোহ সফল নহ'ল। ইয়াৰ পিছত কেইবাজনো আহোম ব্যক্তিয়ে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ফলত ইংৰাজে ১৮৩৩ চনৰ মাৰ্চ মাহৰ ২ তাৰিখে এখন চুক্তিযোগে পুৰন্দৰ সিংহশদিয়া আৰু মটক ৰাজ্যৰ বাহিৰে ধনশিৰী নদীৰ পূবে থকা সমস্ত উজনি খণ্ডৰ ৰজা পাতে। চুক্তিমতে পুৰন্দৰ সিংহ ইংৰাজৰ হাতৰ পুতলা হয়। কিন্তু ১৮৩৮ চনত ইংৰাজে পুৰন্দৰ সিংহক ৰাজ্যচ্যুত কৰি সমগ্ৰ অসমকেই তেওঁলোকৰ স্থায়ী দখললৈ আনিলে।

ইয়াৰ পিছত ১৮৫৭ চনত সমগ্ৰ ভাৰততে জ্বলি উঠা প্ৰথম স্বাধীনতা যুদ্ধৰ দাবানলে অসমকো স্পৰ্শ কৰে। অসমত ইংৰাজৰ কাৰ্যকলাপত বিতুষ্ট হৈ একাংশ প্ৰজাৰ নেতৃত্বত অসমত চিপাহী বিদ্ৰোহ আৰম্ভ হয়। সেই সশস্ত্ৰ বিপ্লৱত মণিৰাম দেৱান, পিয়লি বৰুৱা আদিৰ ফাঁচি হয়। চিপাহী বিদ্ৰোহৰ পাছতে অসমৰ শাসনভাৰ এজন কমিছনাৰ হাতলৈ যায়। চিপাহী বিদ্ৰোহে অসমীয়া মানুহৰ মনত পুনৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি অনুপ্ৰাণিত কৰিলে। শেষত ১৯১৯-২০ চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত অসমে যোগদান কৰিলে। ইয়াৰ পিছত ক্ৰমে ক্ৰমে ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে যোগদান কৰি ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে আৰু ভাৰত স্বাধীন হোৱাৰ লগে লগে অসমৰ পৰাও ইংৰাজী শাসন অন্ত পৰে।[9]

স্বাধীনতা-উত্তৰ অসম সম্পাদনা কৰক

 
১৯৫০ চনলৈকে অসম; ১৯৬০-৭০ চনৰ ভিতৰত নতুন ৰাজ্য নগালেণ্ড, মেঘালয় আৰু মিজোৰাম গঠন হয়। ১৯৬২ চনত ভাৰত-চীনৰ যুদ্ধৰ পিছত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়। লগতে অৰুণাচল প্ৰদেশ অসমৰ পৰা আঁতৰি যায়।

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাৰ পিছত অসমত নিজাকৈ চৰকাৰ গঠন হয়। স্বাধীন অসমৰ প্ৰথম গৱৰ্ণৰ আছিল ছাৰ আকবৰ হাইদৰি আৰু মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। ১৯৪৭ চনৰ পৰা ১৯৫০ চনলৈকে শাসন কৰা বৰদলৈ মন্ত্ৰীসভাৰ দিনতে গুৱাহাটী বিশ্ববিদ্যালয় (১৯৪৮), গুৱাহাটী উচ্চ ন্যায়ালয় (১৯৪৮), গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আদি প্ৰতিষ্ঠা হয়।

১৯৫০ চনত গোপীনাথ বৰদলৈৰ মৃত্যু হোৱাৰ পিছত বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী হয়। বিষ্ণুৰাম মেধিৰ দিনত (১৯৫০-১৯৫৭) প্ৰথম পাঁচবছৰীয়া পৰিকল্পনা, পঞ্চায়ত গঠন আৰু কৃষিখণ্ডৰ উন্নতি হয়। ১৯৫৭ চনত বিমলা প্ৰসাদ চলিহা (১৯৫৭-১৯৭০) অসমৰ মুখ্যমন্ত্ৰী হয়। এই সময়তে শৰাইঘাটৰ দলং নিৰ্মাণ (১৯৬২) আৰু গুৱাহাটীৰ নুনমাটিত তেল শোধনাগাৰ (১৯৬২) স্থাপন হয়। চলিহা মন্ত্ৰীসভাৰ দিনতে ১৯৫৯-৬০ চনত অসমত ভাষা আন্দোলন তীব্ৰৰূপ লয়। ১৯৬১ চনত অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে গৃহীত হয়।

১৯৭০ চনত বিমলাপ্ৰসাদ চলিহাৰ শাৰীৰিক অসুস্থতাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী হয়। চৌধুৰীৰ দিনত বঙাইগাঁৱত পেট্ৰোৰাসায়নিক প্ৰকল্প, যোগীঘোপাত কাগজ কল আৰু নগাঁওত মৰাপাট কলৰ আধাৰশিলা স্থাপন হয়। ১৯৭২ চনত চৌধুৰী মন্ত্ৰীসভাই পদত্যাগ কৰে।

১৯৭২ চনত অসমত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু শৰৎ চন্দ্ৰ সিংহ মুখ্যমন্ত্ৰী হয়। সিংহ মন্ত্ৰীসভাৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়। ১৯৭৮ চনত অসমত জনতা দলে মন্ত্ৰীসভা গঠন কৰে। জনতা দলৰ নেতা গোলাপ বৰবৰা অসমৰ মুখ্যমন্ত্ৰী হয়। মাত্ৰ চৈধ্য মাহৰ কাৰ্য্যকালত এই সময়তে যোগেন্দ্ৰনাথ হাজৰিকা, চৈয়দা আনোৱাৰা টাইমূৰ আৰু কেশৱ চন্দ্ৰ গগৈ এই চাৰিজন মুখ্যমন্ত্ৰী হয়। ১৯৭৯ চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়।[9]

অসম আন্দোলন আৰু অসম চুক্তি সম্পাদনা কৰক

মূল প্ৰবন্ধ: অসম আন্দোলন

 
অসম আন্দোলনৰ পিছত আছুৰ নেতৃবৃন্দৰ লগত ৰাজীৱ গান্ধী চৰকাৰৰ হোৱা অসম চুক্তিৰ এটা দৃশ্য

সমসাময়িক সময়তে অসমৰ পৰা বিদেশী নাগৰিকৰ বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ অসমজুৰি এক অভূতপূৰ্ব গণ আন্দোলন গা কৰি উঠে। এই আন্দোলনৰ সময়তে ১৯৮৩ চনত ৰাইজৰ প্ৰবল বিৰোধিতা আৰু বৰ্জন সত্ত্বেও অসমত ৰক্তক্ষয়ী নিৰ্বাচন অনুষ্ঠিত হয় আৰু হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হয়। শইকীয়া মন্ত্ৰীসভাই দমন নীতিৰে অসম আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও সফল নোহোৱাত ১৯৮৫ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বাধীন চৰকাৰৰ লগত এখন চুক্তি (অসম চুক্তি) স্বাক্ষৰিত কৰে। লগে লগে ছবছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনৰ পৰিসমাপ্তি ঘটে।

অসম চুক্তিৰ চৰ্ত অনুযায়ী হিতেশ্বৰ শইকীয়া চৰকাৰে পদত্যাগ কৰে। লগে লগে প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন প্ৰাক্তন ছাত্ৰনেতাসকলে আঞ্চলিক দল অসম গণ পৰিষদ গঠন কৰে। ১৯৮৫ চনৰ অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদ আঞ্চলিক দৰে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হয়। মহন্ত চৰকাৰৰ সময়তে অসমত সংযুক্ত মুক্তি বাহিনী, অসম নামৰ এটি বিপ্লৱী সংগঠনৰ জন্ম হয়। এই সংগঠনক নিষিদ্ধ ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰে ১৯৯০ চনত মহন্ত চৰকাৰৰ পাঁচবছৰ সম্পূৰ্ণ হ'বলৈ এমাহ বাকী থাকোঁতেই পুনৰ অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰে।

ইয়াৰ পিছত ১৯৯১ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ (ই) দলে জয়লাভ কৰে আৰু হিতেশ্বৰ শইকীয়া পুনৰ মুখ্যমন্ত্ৰী হয়। ১৯৯৬ চনৰ ২২ এপ্ৰিলত হিতেশ্বৰ শইকীয়াৰ মৃত্যু হোৱাত কেইদিনমানৰ কাৰণে ডাঃ ভূমিধৰ বৰ্মন অসমৰ অস্থায়ী মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে। এই বছৰতে অনুষ্ঠিত হোৱা নিৰ্বাচনত পুনৰ অসম গণ পৰিষদ দলে জয়লাভ কৰে আৰু ১৯৯৬ চনৰ ১৫ মে'ত প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হয়। ইয়াৰ পিছত ২০০১ চনত অনুষ্ঠিত নিৰ্বাচনত কংগ্ৰেছ (ই) দলে ৰাজ্যখনৰ শাসনভাৰ গ্ৰহণ কৰে। তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হয়। একেদৰে ২০০৬ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে বড়োলেণ্ড পিপলচ প্ৰগ্ৰেছিভ ফ্ৰ'ণ্ট (হাগ্ৰামা) সহযোগত মৰ্চা চৰকাৰ গঠন কৰে। ২০১১ চনত অনুষ্ঠিত নিৰ্বাচনতো কংগ্ৰেছ (ই) দলে চৰকাৰ গঠন কৰে আৰু তৰুণ গগৈয়ে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হয়।[9]

ভাষা সম্পাদনা কৰক



 

২০০১ চনৰ তথ্য অনুসৰি অসমৰ ভাষাসমূহ[22]

  বঙালী (29%)
  বড়ো (5.28%)
  হিন্দী (4.62%)
  Other (9.44%)

অসমৰ প্ৰধান ভাষা হ'ল অসমীয়া। এই ভাষা সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি স্বীকৃত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এক প্ৰধান সংযোগী ভাষা। অসমীয়া ভাষা ভাৰতীয় আৰ্য গোষ্ঠীৰ ভাষা। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাবিশেষেই ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম-একাদশ শতিকামানত অসমীয়া ৰূপ ল'বলৈ আৰম্ভ কৰে। অসমত প্ৰচলিত আন ভাষাবোৰ হ'ল: বঙালী, ইংৰাজী, হিন্দী, বড়ো, আৰু অন্যান্য প্ৰচলিত উপ-ভাষাবোৰ হ'ল : মিচিং, কছাৰী, চাওঁতালি, কাৰ্বি, ৰাভা, ডিমাছা, নেপালী আদি। আনহাতে বিভিন্ন জনেগাষ্ঠী বহুতো দোৱান অসমত প্ৰচলিত আছে।

সাংস্কৃতিক প্ৰতীক সম্পাদনা কৰক

 
তামোল-পাণ আৰু গামোছাৰ এখন শৰাই। ডাঙৰক সন্মানসহকাৰে মান ধৰাৰ সময়ত ইয়াক ব্যৱহাৰ কৰা হয়
 
গামোচাৰে সজোৱা অসমীয়া সাংস্কৃতিক প্ৰতীক জাপি
 
চালত কোমোৰা অসমীয়া জাতীয় পৰিচয়ৰ অন্যতম বাহক

অসমীয়া সমাজ জীৱনত বিভিন্ন বিশ্বাস, অনুভৱ আৰু আদৰ বা সন্মানৰ ক্ষেত্ৰত তামোল-পান, গামোছা আৰু শৰাইৰ বিশেষ ভূমিকা আছে। যিকোনো সামাজিক কামত তামোল-পাণ ব্যৱহাৰ কৰা হয়। কাৰোবাৰ ঘৰলৈ অহা অতিথিক আন নহ'লেও তামোল-পাণ খাবলৈ দিয়া হয়। সামাজিক কাৰণত হোৱা যিকোনো দণ্ড মিমাংসাৰ বাবেও তামোল-পাণ ব্যৱহাৰ কৰা হয়। আনহাতে গামোছা অসমীয়া সমাজত বিহুৱানৰ ৰূপত ব্যৱহাৰ কৰা হয়। ইয়াৰ লগতে গা ধোৱাৰ পিছত ব্যৱহাৰ কৰা তিয়নী গামোচা, পানী গামোচা আদিও উল্লেখযোগ্য। সৰুৱে ডাঙৰক মান ধৰা আদিৰ ক্ষেত্ৰত গামোচা ব্যৱহাৰ কৰা হয়। শৰাই ধাতুৰে নিৰ্মিত এবিধ খুৰা থকা পাত্ৰ। সাধাৰণতে তামোল-পাণ আৰু গামোচাৰে কাৰোবাক মান ধৰাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। অসমৰ যিকোনো সাংস্কৃতিক কাৰ্যকলাপৰ লগত এই তিনিবিধ বস্তুৰ ব্যৱহাৰ অপৰিহাৰ্য। আনাহাতে জাপি অসমীয়া সংস্কৃতিৰ আন এবিধ আদৰৰ প্ৰতিক। কাৰোবাক সন্মান জনোৱাৰ লগতে উপহাৰ দিয়াৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। ই কেইবাপ্ৰকাৰৰ যেনে-ডাং-জাপি, বৰজাপি, পানী বা হালোৱা-জাপি আৰু সৰুদৈয়া জাপি। অসমত আটাইতকৈ প্ৰচলিত জাপি হ'ল সৰুদৈয়া জাপি। এই জাপি সৰু সৰুকৈ আৰু মিহিকৈ তোলা বুঢ়া জাতি বাঁহৰ কাঠিৰে ফুল অথবা অন্য কিবা চিত্ৰ অংকন কৰি নিৰ্মাণ কৰা হয়। জাপিটোৰ ঘূৰণীয়া চাৰিও কাষ ৰঙা কাপোৰ চিলাই আৰু ওপৰৰ জোঙা কোণটিত এঠোপা ৰঙা সূতা বন্ধা হয়। অসমীয়া সমাজৰ মহিলাসকলে এই জাপি ব্যৱহাৰ কৰে তথা সন্মনীয় ব্যক্তিসকলক সন্মান প্ৰদৰ্শন কৰিবলৈ উপহাৰৰূপে আগবঢ়োৱা হয়।

উৎসৱ সম্পাদনা কৰক

 
বিহু নৃত্যৰ দৃশ্য

সকলো জাতিৰ মানুহৰে কিছুমান স্বকীয় উৎসৱ আছে। অসমীয়াসকলৰো তেনে উৎসৱৰ ভিতৰত বিহু উৎসৱ প্ৰধান। সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপী অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত'ৰূপে পৰিচিত। এই দিনটেই 'গৰু-ম'হ' আদিৰ সংগ্ৰহৰ অৰ্থে আৰু পোহনীয়া জন্তুৰ মংগল কামনা কৰি সূৰ্য্যদেৱতাক স্তুতি কৰা হৈছিল। অসমীয়া বিহু মূলত তিনিটা, ৰঙালী বিহু বা ব'হাগ বিহু, কঙালী বিহু বা কাতি বিহু, আৰু ভোগালী বিহু বা মাঘ বিহু। চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনটোৰ পৰা আৰম্ভ হৈ সাতদিন থাকে। ৰঙালী বিহু ব'হাগ বিহুৰূপেও পৰিচিত। বিহুৰ আগদিনাখনক উৰুকা বোলে। প্ৰথম বিহুটিৰ নাম গৰু বিহু। এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়। আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু। এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়। সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে। গতিকে এই বিহুক কঙালী বিহু বোলে। এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গাই, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলাই। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শষ্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা। মেজিক কামৰূপ জিলাত ভেলাঘৰ বুলিও কোৱা হয়।

সংগীত সম্পাদনা কৰক

উত্তৰ-পূব ভাৰতৰ প্ৰদেশ অসমৰ সংগীতসমূহ হ'ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত। অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীত সমূহৰ পৰা পৃথক কৰি চিনিব পাৰি। এই সংগীত সমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, থাইলেণ্ড আৰু চীন আদি দেশৰো প্ৰভাৱ দেখা যায়।

অসমৰ জনসংখ্যাৰ বিবিধতা অনুসৰি লোকসংগীতৰো ততোধিক ভিন্নতা আছে। প্ৰত্যেক ধৰণৰ লোকসংগীততে প্ৰায়েই অন্যান্য এক বা ততোধিক সংগীতৰ প্ৰাভাৱ দেখা যায়। তলত বিভিন্ন প্ৰকাৰৰ লোকসংগীতসমূহৰ এখন সূচী দিবলৈ প্ৰয়াস কৰা হ'ল।

অসমৰ সংগীতজ্ঞসকল: সম্পাদনা কৰক

লোক-সংস্কৃতি সম্পাদনা কৰক

কোনো এটা জাতিৰ বৈশিষ্ট্যসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিষৰ অতি বিশাল। তথাপি কিছুমান উমৈহতীয়া বৈশিষ্ট্য ইয়াৰ মাজত দেখা যায়।

  • কাঠ, বাঁহ, বেতেৰে প্ৰাকৃতিকভাৱে নিৰ্মিত ঘৰ।
  • প্ৰতীকাত্মক কিছুমান কাপোৰ। যেনে গামোচা, ইত্যাদি।
  • পৰম্পৰাগত পাট-মূগা, কপাহী কাপোৰ।
  • সহজ-সৰল ব্যৱহাৰ আৰু অতিথিপৰায়ণতা।
  • বাঁহ সংস্কৃতি।
  • ধৰ্মীয় শিথিলতা

পৰ্যটন সম্পাদনা কৰক

অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভনীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। অসম প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আদি বিভিন্ন উদ্যান আৰু বিভিন্ন মঠ-মন্দিৰ, ঐতিহাসিক সমল আদিয়ে অসমৰ পৰ্য্যটন উদ্যোগ চহকী কৰি তুলিছে।

অসমৰ বিভিন্ন পৰ্য্যটন স্থানসমূহ সম্পাদনা কৰক

ব্ৰহ্মপুত্ৰ নদী: লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰে পৰিচিত নদৰাজ ব্ৰহ্মপুত্ৰ ভাৰত তথা অসমৰ প্ৰধান নদী। প্ৰায় 2900 কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত। এই নদীৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম।

গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ নগৰ। গুৱাহাটী মহানগৰৰ ভিতৰত কামাখ্যা, অসম ৰাজ্যিক সংগ্ৰহালয়, গুৱাহাটী চিৰিয়াখানা, শংকৰদেৱ কলাক্ষেত্ৰ, উমানন্দ আদি বিভিন্ন পৰ্য্যটন স্থান আছে।

যোৰহাট: গুৱাহাটীৰ পৰা ৩০৫ কিল'মিটাৰ পূৱত উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ। আহোম শাসনৰ শেষ ৰাজধানী যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট প্ৰাকৃতিক সৌন্দৰ্য্যতো চহকী। যোৰহাটত টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, হাতীগড় শিৱদ'ল, বুঢ়ীগোসানী থান বা দেৱালয়, গৰখীয়া দ'ল, ঢেঁকীয়াখোৱা বৰ নামঘৰ, বৰভেটি থান, ৰজা মৈদাম, লাচিত বৰফুকন মৈদাম, স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ, যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ আদি উল্লেখ্যযোগ্য পৰ্য্যটন স্থান আছে।

মাজুলী: ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত আটাইতকৈ ডাঙৰ নদী দ্বীপ। নৱবৈষ্ণৱ ধৰ্মৰ বিভিন্ন সত্ৰ ইয়াৰ মূল আকৰ্ষণৰ কেন্দ্ৰ।

জাতিংগা: ডিমা হাছাও জিলাৰ এখন পাহাৰীয়া গাঁও। চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ স্থান হিচাপে জাতিংগা বিখ্যাত।

ডিমা হাছাও: ডিমা হাছাও প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ অসমৰ এখন পাহাৰীয়া জিলা। সদৰ স্থান হাফলং এখন সুন্দৰ ঠাই তথা অসমৰ একমাত্ৰ পৰ্বতীয়া স্থান। হাফলঙৰ নিকতৱৰ্তী গাঁও জাতিংগা চৰাইৰ আত্মহত্যাৰ স্থান হিচাপে বিখ্যাত। ডিমা হাছাওৰ উল্লেখনীয় পৰ্য্যটন ক্ষেত্ৰ সমূহ হৈছে উমৰাংছু, পানীমূৰ জলপ্ৰপাত, মাইবং, চেলকাল পীকৰ টুমজাং ট্ৰেক ইত্যাদি।

তেজপুৰ: অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ এখন অনুপম স্থান হৈছে তেজপুৰ। উষা পাহাৰ, অগ্নিগড়, মহাভৈৰৱ মন্দিৰ, চিত্ৰলেখা উদ্যান আদি উল্লেখযোগ্য পৰ্য্যটন স্থান।

শিৱসাগৰ: আহোম সাম্ৰাজ্যৰ এখন ঐতিহাসিক স্থান। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, চৰাইদেউ, শিৱদ'ল আদি উল্লেখযোগ্য পৰ্য্যটনৰ স্থান।

হাজো: হিন্দু, ইছলাম, বৌদ্ধ ধৰ্মৰ সংগ্ৰম স্থান হ'ল হাজো। হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা ইয়াৰ মূল পৰ্য্যটনৰ স্থান।

গোৱালপাৰা: গোৱালপাৰা অসমৰ আন এখন উল্লেখযোগ্য পৰ্য্যটন স্থান। পঞ্চৰত্ন, টুক্ৰেশ্বৰ পাহাৰ, শ্ৰীসূৰ্য পাহাৰ, চান্দৰডিঙা আদি উল্লেখযোগ্য স্থান।

অসমৰ বিভিন্ন মঠ মন্দিৰ সম্পাদনা কৰক

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সম্পাদনা কৰক

অন্যান্য স্থান সম্পাদনা কৰক


চাহ-উদ্যোগ সম্পাদনা কৰক

 
অসমৰ চাহ উৎপাদনৰ বিভিন্ন প্ৰক্ৰিয়াক দেখুওৱাই ১৮৫০ চনত অংকন কৰা চিত্ৰ
 
চাহৰ পাত – অসমত বিশ্বৰ চাহ উৎপাদনৰ এক বৃহৎ অংশ প্ৰস্তুত কৰা হয়

অসম চাহৰ দেশ। পৃথিৱীৰ ভিতৰতে অসম দ্বিতীয় সৰ্ববৃহৎ চাহ উৎপাদনকাৰী অঞ্চল। অসমত মুঠ ৮৫০খনমান চাহ বাগিছা আছে আৰু প্ৰায় ২লাখ ২৮হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। বৰ্তমান অসমৰ বাগিছাবোৰত হোৱা চাহৰ উৎপাদন পৃথিৱীৰ সৰ্বমুঠ উৎপাদন শতকৰা ১৫ ভাগ আৰু ভাৰতৰ সৰ্বমুঠ উৎপাদনৰ ৫২.৯৪ ভাগ।

অসমৰ সমস্যাসমূহ সম্পাদনা কৰক

ভাৰতবৰ্ষৰ পূবকোণত অৱস্থিত এসময়ৰ প্ৰাগজ্যোতিষপুৰ আজিৰ অসমত বৰ্তমান বিভিন্ন সমস্যাই গা কৰি উঠিছে। দিনে দিনে বৃদ্ধি পাই অহা নানান সমস্যাই অসমৰ উন্নতিত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। যাৰ বাবে আজি অসমৰ বুকুত সকলো থকাৰ পিছতো অসম অন্যান্য ৰাজ্যৰ তুলনাত বহু ক্ষেত্ৰতে পিছ পৰি আছে। অসমৰ প্ৰধান সমস্যা সমূহৰ ভিতৰত - (১) ভাষিক সমস্যা (২) নিবনুৱা সমস্যা (৩) বানপানী সমস্যা (৪) অনুপ্ৰবেশকাৰী সমস্যা (৫) উগ্ৰপন্থী সমস্যা (৬)খাদ্য সমস্যা। মূলত এই ছটাই অসমৰ প্ৰধান সমস্যা যদিও ইয়াৰ বাহিৰেও অসমৰ সম্পদৰ উচিত ব্যৱহাৰ নোহোৱা, চৰকাৰৰ বহু ক্ষেত্ৰত উদাসীনতা আৰু যোগ্য ব্যক্তিৰ নিয়োগ নোহোৱায়েও সমস্যাসমূহৰ লগত মিলি অনেক বাধাৰ সৃষ্টি কৰি আহিছে।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Kakati,Banikanta,Assamese, Its Formation and Development: A Scientific Treatise on the History and Philology of the Assamese Language, Being a Thesis Approved for the Ph.D. Degree of the Calcutta University in 1935, 1995, LBS Publication,https://books.google.co.in/books?id=OTSrmQEACAAJ&dq,https://archive.org/details/AssameseitsFormationAndDevelopment/page/n3}}
  2. https://rajyasabha.nic.in/rsnew/member_site/stateaddlist.aspx
  3. https://mdoner.gov.in/contentimages/files/Assam_1.pdf
  4. "Assam Population Sex Ratio in Assam Literacy rate data". Census2011.co.in. http://www.census2011.co.in/census/state/assam.html। আহৰণ কৰা হৈছে: 2012-09-22. 
  5. Web.com(india) Pvt. Ltd. (2007-02-18). "Assam at a glance". Assam.gov.in. http://assam.gov.in/glance.asp। আহৰণ কৰা হৈছে: 2012-12-19. 
  6. "About Assam". Kipepeo, India. http://www.kipepeo.in/about-assam.php। আহৰণ কৰা হৈছে: April 03, 2012. 
  7. "Glimpses of Assam". Value my trip.com. http://www.valuemytrip.com/as_pkg_06_glimpses_of_assam-bhutan-93-details। আহৰণ কৰা হৈছে: April 03, 2012. [সংযোগবিহীন উৎস]
  8. "Assam Overview". indiatravelogue.com. http://www.indiatravelogue.com/dest/nest/nest.html। আহৰণ কৰা হৈছে: April 03, 2012. 
  9. 9.0 9.1 9.2 9.3 9.4 9.5 9.6 সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্ৰথম খণ্ড) শান্তনু কৌশিক বৰুৱা।
  10. Sarma, Satyendra Nath Assamese Literature, Harrassowitz, Wiesbaden, 1976
  11. The Indian village community Baden-Powell, B. H. (Baden Henry), 1841-1901
  12. "Assam to fall off the map, turn Asom The Times of India. 28 February 2006.". Archived from the original on 2011-08-11. https://web.archive.org/web/20110811045320/http://articles.timesofindia.indiatimes.com/2006-02-28/india/27810624_1_asom-cabinet-today-state-cabinet। আহৰণ কৰা হৈছে: 2011-10-04. 
  13. Purdue University. "The Köppen Classification of Climates". Archived from the original on 5 June 2007. https://web.archive.org/web/20070605020325/http://www.hort.purdue.edu/newcrop/tropical/lecture_04/lec_04.html। আহৰণ কৰা হৈছে: 25 May 2007. 
  14. জানানে, শান্তনু কৌশিক বৰুৱা, ২০০৬
  15. 15.0 15.1 "Provisional Census Results for Assam". Govt. of Assam. Archived from the original on June 21, 2012. https://web.archive.org/web/20120621011519/http://online.assam.gov.in/web/population-census। আহৰণ কৰা হৈছে: April 03, 2012. 
  16. "Tribes of Assam". IndiaNetZone. June 28, 2011. http://www.indianetzone.com/37/tribes_assam.htm। আহৰণ কৰা হৈছে: April 03, 2012. 
  17. http://www.censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_3_PR_UA_Citiees_1Lakh_and_Above.pdf
  18. (Bhattacharjee 1992:392–393)
  19. (Gogoi 1968:268)
  20. (Bhattacharjee 1992:393)
  21. ড: স্বৰ্ণলতা বৰা. মাধ্যমিক অসম বুৰঞ্জী. পৃষ্ঠা. ১৮৪-১৯০. ISBN 81-85905-11-8. 
  22. "Commissioner Linguistic Minorities (originally from Indian Census, 2001)". Archived from the original on 8 October 2007. https://web.archive.org/web/20071008113359/http://nclm.nic.in/shared/linkimages/35.htm। আহৰণ কৰা হৈছে: 7 October 2011. 

বাহ্যিক সংযোগ সম্পাদনা কৰক