ৰঙিয়া (বিধানসভা সমষ্টি)
অসমৰ এটা বিধানসভা সমষ্টি
ৰঙিয়া বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৫৭ হৈছে ৰঙিয়া বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] ৰঙিয়া কামৰূপ জিলাৰ ছখন বিধানসভা সমষ্টিৰ অন্যতম। ই মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। মঙলদৈ লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল, কামৰূপ জিলাৰ কমলপুৰ, নলবাৰী জিলাৰ নলবাৰী, ওদালগুৰি জিলাৰ পানেৰী, ওদালগুৰি, মাজবাট আৰু দৰং জিলাৰ কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও। বৰ্তমান ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক হৈছে ভৱেশ কলিতা।
সমষ্টি নং- ৫৭ অসম বিধানসভা সমষ্টি | |
ৰাষ্ট্ৰ | ভাৰত |
ৰাজ্য | অসম |
বিভাগ | নামনি অসম |
জিলা | কামৰূপ |
লোকসভা সমষ্টি | মঙলদৈ |
প্ৰতিস্থা | ১৯৫১-বৰ্তমান |
সংৰক্ষণ | নাই |
দল | বিজেপি |
নিৰ্বাচিত বছৰ | ২০২১ |
বিধায়কসকল
সম্পাদনা কৰক- ১৯৫১: সিদ্ধিনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৫৭: নিৰ্বাচন হোৱা নাই
- ১৯৬২: সিদ্ধিনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৬৭: কে. এম. শৰ্মা, ভাৰতীয় কমিউনিষ্ট পাৰ্টি
- ১৯৭২: মানবেন্দ্ৰনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৭৮: পূৰ্ণ বড়ো, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
- ১৯৮৩: পূৰ্ণ বড়ো, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
- ১৯৮৫: থানেশ্বৰ বড়ো, নিৰ্দলীয়
- ১৯৯১: থানেশ্বৰ বড়ো, অসম গণ পৰিষদ
- ১৯৯৬: থানেশ্বৰ বড়ো, অসম গণ পৰিষদ
- ২০০১: ভূৱনেশ্বৰ কলিতা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০৬: অনন্ত ডেকা, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
- ২০১১: ঘনশ্যাম কলিতা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০১৬: ভৱেশ কলিতা, ভাৰতীয় জনতা পাৰ্টি
- ২০২১: ভৱেশ কলিতা, ভাৰতীয় জনতা পাৰ্টি