ৰঞ্জিত বৰপূজাৰী হ'ল অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ।[1] ১৯৪২ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলন সময়ত কটন কলেজৰ ছাত্ৰ আছিল আৰু বৰ্তমানৰ ‘ৰঞ্জিত বৰপূজাৰীৰ ছাত্ৰবাস’ৰ আৱাসী আছিল। ১৯৬০ চনত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা দাৱীত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে জোৰদাৰ আন্দোলন গঢ় লৈ উঠিছিল। কটন কলেজ তাৰ ব্যতিক্ৰম নাছিল।

ৰঞ্জিত বৰপূজাৰী

ৰঞ্জিত বৰপূজাৰী
জন্ম ১৯৪২
শিৱসাগৰ
মৃত্যু ৪ জুলাই ১৯৬০
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা কটন কলেজ, গুৱাহটী
পেচা অসমীয়া ভাষা আন্দোলনৰ সংগ্ৰামী
শৈলী প্ৰথম অসমীয়া ভাষা শ্বহীদ
গৃহস্থান শিৱসাগৰ
ধৰ্ম হিন্দু

১৯৬০ চনৰ ৪ জুলাই তাৰিখে আন্দোলনত অংশ গ্ৰহণ কৰা কটনীয়ান সকলৰ ওপৰত পুলিছে চলোৱা গুলীত ছাত্ৰাবাসৰ ভিতৰতে ৰঞ্জিত বৰপূজাৰী শ্বহীদ হয়। উল্লেখযোগ্য যে কটন কলেজ কৰ্তৃপক্ষই পৰৱৰ্তী কালত, দ্বিতীয় ছাত্ৰাবাসটো শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ নামেৰে নামকৰণ কৰে। অসমৰ শিৱসাগৰ জিলাত ৰঞ্জিৎ বৰপূজাৰীৰ জন্ম হৈছিল। পিতৃ হেমকান্ত বৰপূজাৰীয়ে শিৱসাগৰ কাছাৰীত ওকালতি কৰিছিল। পূজাৰীৰ মাকৰ নাম আছিল তিলোত্তমা। বৰপূজাৰীয়ে শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন কলেজৰ বিজ্ঞান শাখাত নাম লিখাইছিল।[2]

তথ্যসূত্ৰ

সম্পাদনা কৰক