ৰহিঙীয়া বা ৰহিঙ্গিয়া হৈছে ম্যানমাৰ (পূৰ্বৰ বাৰ্মা বা ব্ৰহ্মদেশ)-ৰ ৰাখাইন (পূৰ্বৰ আৰাকান) প্ৰদেশত থিতাপি লোৱা বা বিয়পি পৰা আৰু বৰ্তমান ভগনীয়া হোৱা[16] এক চট্টগ্ৰামীয় চুন্নী ইছলামিক জনগোষ্ঠী। ভাষিক জনগোষ্ঠী হিচাপে বৰ্তমান ৰহিঙীয়া হিচাপে জনাজাত হোৱা লোক সকলৰ ভাষাৰ লগত বাংলাদেশচট্টগ্ৰাম অঞ্চলৰ বেঙ্গলী ভাষাৰ যথেষ্ট মিল আছে। আৰাকান অঞ্চলত বহু আগৰে পৰা ইছলাম ধৰ্মীয় লোকৰ বসতি আছিল বুলি জনা যায় যদিও বৰ্তমানৰ ম্যানমাৰৰ চৰকাৰে সেই ঠাইৰ চুন্নী মুছলিম সকলক ৰহিঙীয়া বুলি মান্যতা নিদি বাংলাদেশৰ পৰা ম্যানমাৰত অবৈধ ভাৱে প্ৰৱেশ কৰা চট্টগ্ৰামীয় বেংগলী বা বাংলাদেশী বুলিহে চিনাক্ত কৰিছে।[17]

ৰহিঙীয়া
মুঠ জনসংখ্যা
১,৫৪৭,৭৭৮[1]–২,০০০,০০০+[2]
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
বাংলাদেশ, ম্যানমাৰ (আৰাকান ৰাজ্য), পাকিস্তান, থাইলেণ্ড, মালয়েছিয়া, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, নেপাল, চৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰাত
বাংলাদেশ 1,300,000+ (March 2018) [3]
 চৌদি আৰৱ 500,000 (October 2017) [4]
 ম্যানমাৰ ~400,000 (November 2017) [5]
 পাকিস্তান 350,000 (October 2017) [6]
 মালয়েছিয়া 150,000 (October 2017) [6]
 সংযুক্ত আৰৱ আমিৰাত 50,000 (December 2017) [6]
 ভাৰত 40,000 (September 2017) [7][8]
 আমেৰিকা যুক্তৰাষ্ট্ৰ 12,000+ (September 2017) [9]
 থাইলেণ্ড 5,000 (October 2017) [10]
 ইণ্ডোনেছিয়া 1,000 (October 2017) [10]
 জাপান 300 (May 2018) [11]
 নেপাল 200 (September 2017) [12]
 কানাডা 200 (September 2017) [13]
 আয়াৰলেণ্ড 104 (December 2017) [14]
 শ্ৰীলংকা 36 (June 2017) [15]
ভাষাসমূহ

ৰহিঙীয়া

ধৰ্ম

ইছলাম
হিন্দু ধৰ্ম (সংখ্যালঘু)

ম্যানমাৰৰ নাগৰিকত্ব আইন মতে ৰহিঙীয়া সম্পাদনা কৰক

ম্যানমাৰৰ ১৯৮২ চনৰ নাগৰিকত্ব আইন[18] অনুসৰি সেই দেশত তিনি প্ৰকাৰৰ নাগৰিকক স্বীকৃতি দিয়া হয়

  • বাৰ্মিজ নাগৰিক: কাচিন, কায়াহ, কাৰেন, ছিন, বাৰ্মান, মন, ৰাখেইন বা শান আৰু সেই খিলঞ্জীয়া জনগোষ্ঠীসমূহ যি সকলে বৰ্তমান ম্যানমাৰৰ অন্তৰ্গত কোনো অঞ্চলত ১১৮৫ BE (Burmese Era) (১৮২৩ চন)ৰ আগৰে পৰা আছিল
  • সহ-নাগৰিক: ১৮২৩ চনৰ পাছত বৰ্তমান ম্যানমাৰৰত থিতাপি লোৱা সেইসকল লোক আৰু তেওঁলোকৰ বংশধৰ যি ১৯৪৮ চনৰ ইউনিয়ন চিটিজেশ্বিপ এক্টৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰি সহ-নাগৰিকৰ প্ৰমাণ-পত্ৰ পাইছে
  • প্ৰকৃত্যভ্যস্ত নাগৰিক: ৪ জুলাই ১৯৪৮ চনৰ আগতে ম্যানমাৰত প্ৰৱেশ কৰি থিতাপি লোৱা সেইসকল লোক আৰু তেওঁলোকৰ বংশধৰ যি সকলে ১৯৪৮ চনৰ ইউনিয়ন চিটিজেশ্বিপ এক্টৰ অধীনত আবেদন কৰিবলৈ থাকি গ'ল আৰু প্ৰমাণ-সহ প্ৰকৃত্যভ্যস্ত নাগৰিক বুলি আবেদন কৰি প্ৰকৃত্যভ্যস্ত নাগৰিক হোৱাৰ প্ৰমাণ-পত্ৰ পাইছে।

ম্যানমাৰৰ ১৯৮২ চনৰ নাগৰিকত্ব আইন অনুসৰি ১৯৪৮ চনৰ ৪ জুলাইৰ আগতেই ম্যানমাৰত প্ৰৱেশ কৰি থিতাপি লোৱাৰ প্ৰমাণৰ অভাৱৰ বাবে নিজকে ৰহিঙীয়া বুলি দাবী কৰা আৰাকানৰ বহু ইছলাম ধৰ্মীয় লোকে নিজ দেশতে চৰকাৰী ভাৱে ভগনীয়া আখ্যা পাই ভগনীয়া শিবিৰত সোমাব লগীয়া হৈছে। এই লোকসকলে নিজকে ম্যানমাৰৰ খিলঞ্জীয়া জনগোষ্ঠী অৰ্থাৎ বাৰ্মিজ নাগৰিক বুলি দাবী কৰে যিটোত ম্যানমাৰৰ চৰকাৰে আপত্তি দৰ্শাইছে। নতুনকৈ অনুপ্ৰৱেশ কৰা চট্টগ্ৰামীয় বেংগলী বা বাংলাদেশী এই লোকসকলে অতীজৰ ৰহিঙীয়া সকলৰ বংশধৰৰ ছদ্মবেশ ধৰিছে বুলি ম্যানমাৰ চৰকাৰে চিনাক্ত কৰিছে।

ৰহিঙীয়া আৰু বাৰ্মিজ ৰুই হাং গ্যা সম্পাদনা কৰক

ব্ৰহ্মদেশ ইংৰাজৰ অধীন হোৱাৰ আগৰে পৰা ৰহিঙীয়া শব্দটোৰ ব্যৱহাৰ হৈ আছে বুলি জনা যায়। এই শব্দটো সেইসময়ৰ ৰুইয়াঙ্গা বা বাৰ্মিজ ৰুই হাং গ্যা শব্দটোৰ পৰা জন্ম হৈছে। আৰাকান প্ৰদেশক পূৰ্বতে ৰাখাঙ্গা বা ৰশ্বাঙ্গা বুলি জনা যায় আৰু বেংগলী ইছলামীয় লোক সকলৰ মুখত ই ৰহাঙ হৈ পৰে। গতিকে ৰহিঙীয়া শব্দটিয়ে ৰহাং প্ৰদেশৰ বাসিন্দা বুলি অৰ্থ বহন কৰে।[19][20]

ৰুইয়াঙ্গা ভাষা আৰু ৰহিঙীয়া হানিফি লিপি সম্পাদনা কৰক

ব্ৰিটিছ বাৰ্মিজ সাম্ৰাজ্যত ৰুইয়াঙ্গা ভাষা আৰাকান অঞ্চলৰ আদিম মুছলিম সকলৰ কথিত ভাষা হিচাপে লিপিবদ্ধ হৈ আছে। আৰবী লিপিত এই ভাষাটিৰ লিখনিৰ ২০০ বছৰ মান পুৰণি উদাহৰণ আছে। বৰ্তমানৰ ৰহিঙীয়া লোকসকলে আৰবী লিপিত তেওঁলোকৰ কথিত ভাষাতো লিখিবলৈ অসুবিধা বুলি অনুভৱ কৰি মৌলানা হানিফ নামৰ এজন লোকৰ উদ্যোগত ১৯৮৩ চনত হানিফি লিপি তৈয়াৰ কৰি লৈছে।[21]

ৰহিঙীয়াৰ জনসংখ্যা সম্পাদনা কৰক

ম্যানমাৰত ৰহিঙীয়া বুলি দাবী কৰা এনে ধৰণৰ লোক প্ৰায় ১০ৰ পৰা ১৩ লাখ আছিল যদিও বিদেশী বুলি চৰকাৰী ভাৱে আখ্যা পোৱাৰ বাবে তাৰে প্ৰায় ৯ লাখ লোকে ম্যানমাৰ ত্যাগ কৰি সীমান্ত পাৰ হৈ বাংলাদেশ, ভাৰত আৰু আন দক্ষিণ-পূব এচিয়াৰ কিছুমান ইছলামিক দেশৰ পিনে ধাপলি মেলিছে। বাংলাদেশত ৰহিঙীয়াৰ দৰে ভাষিক আৰু ধৰ্মীয় গুণাগুণ বিশিষ্ট লোকৰ সংখ্যা বৰ্তমান ১৩ লাখ মান হ'ব বুলি অনুমান কৰা হৈছে।[3] বাংলাদেশৰ ভগনীয়া শিবিৰত থকা এই লোক সকলে ম্যানমাৰলৈ উভতি যোৱাত আপত্তি কৰিছে কিয়নো ম্যানমাৰত তেওঁলোকে পুনৰ ভগনীয়া শিবিৰতে সোমাব বুলি আশংকা কৰে। তদুপৰি তেওঁলোকে ম্যানমাৰত সাম্প্ৰদায়িক হিংসাৰ বলি হ'ব বুলিও আশংকা কৰে।

২০১৩ চনত ম্যানমাৰ চৰকাৰে ৰাখাইনৰ চহৰাঞ্চলত বসবাস কৰা এই লোক সকলক দুটাতকৈ অধিক সন্তান জন্ম দিয়াত বাধা আৰোপ কৰি কয় যে তাৰ অন্যথা স্থানীয় খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আক্ৰোশৰ পৰা তেওঁলোকক ৰক্ষা কৰাত অসুবিধা আছে। ৰাখাইনত এইলোকসকলে চৰকাৰী তথ্য অনুসৰি স্থানীয় খিলঞ্জীয়া জনগোষ্ঠীসমূহতকৈ দহগুন অধিক হাৰত সন্তান জন্ম দিয়ে।[22]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Mahmood; Wroe; Fuller; Leaning (2016). "The Rohingya people of Myanmar: health, human rights, and identity". Lancet: 1–10. doi:10.1016/S0140-6736(16)00646-2. PMID 27916235. http://www.thelancet.com/journals/lancet/article/PIIS0140-6736(16)00646-2/abstract. 
  2. Mathieson, David (2009). Perilous Plight: Burma's Rohingya take to the seas. Human Rights Watch. পৃষ্ঠা. 3. ISBN 978-1-56432-485-6. 
  3. 3.0 3.1 "WHO appeals for international community support; warns of grave health risks to Rohingya refugees in rainy season". ReliefWeb. 29 March 2018. https://reliefweb.int/report/bangladesh/who-appeals-international-community-support-warns-grave-health-risks-rohingya. 
  4. "Myanmar Rohingya: What you need to know about the crisis". BBC News. 19 October 2017. https://www.bbc.com/news/world-asia-41566561. 
  5. "Why do some Rohingya men return to Rakhine at the dead of night?". Dhaka Tribune. 9 November 2017. http://www.dhakatribune.com/bangladesh/2017/11/08/rohingya-men-return-rakhine-dead-night/। আহৰণ কৰা হৈছে: 22 December 2017. 
  6. 6.0 6.1 6.2 "Myanmar Rohingya: What you need to know about the crisis". BBC News. 19 October 2017. https://www.bbc.com/news/world-asia-41566561. 
  7. "India in talks with Myanmar, Bangladesh to deport 40,000 Rohingya". Reuters. 2017. https://www.reuters.com/article/us-myanmar-rohingya-india-idUSKBN1AR0MH। আহৰণ কৰা হৈছে: 17 August 2017. 
  8. "India plans to deport thousands of Rohingya refugees". Al Jazeera. http://www.aljazeera.com/news/2017/08/india-plans-deport-thousands-rohingya-refugees-170814110027809.html। আহৰণ কৰা হৈছে: 17 August 2017. 
  9. Mclaughlin, Timothy (20 September 2016). "Myanmar refugees, including Muslim Rohingya, outpace Syrian arrivals in U.S." (English ভাষাত). Reuters. https://www.reuters.com/article/us-usa-myanmar-refugees/myanmar-refugees-including-muslim-rohingya-outpace-syrian-arrivals-in-u-s-idUSKCN11Q2LK। আহৰণ কৰা হৈছে: 3 September 2017. 
  10. 10.0 10.1 "Myanmar Rohingya: What you need to know about the crisis". BBC News. 19 October 2017. https://www.bbc.com/news/world-asia-41566561. 
  11. "Report on International regious report". United States Department of State. 2018-11-20. https://www.state.gov/j/drl/rls/irf/2017/eap/280826.htm। আহৰণ কৰা হৈছে: 2018-05-01. 
  12. "200 Rohingya Refugees are not being accepted as Refugees and the Nepali Government considers them illegal migrants". Archived from the original on 4 June 2016. https://web.archive.org/web/20160604182045/http://myrepublica.com/feature-article/story/43651/over-200-rohingya-settle-illegally-in-capital.html. "An estimated 36,000 Rohingya Refugess living in India" 
  13. "200 'We have the right to exist': Rohingya refugees call for intervention in Myanmar". CBC. http://www.cbc.ca/radio/thecurrent/the-current-for-september-8-2017-1.4279354/we-have-the-right-to-exist-rohingya-refugees-call-for-intervention-in-myanmar-1.4279390. 
  14. Pollak, Sorcha (15 February 2015). "I'm really excited to see my girls growing up in Ireland". The Stateless Rohinga. Archived from the original on 2 July 2018. https://web.archive.org/web/20180702162915/http://www.thestateless.com/2017/02/im-really-excited-to-see-my-girls-growing-up-in-ireland.html। আহৰণ কৰা হৈছে: 16 January 2018. 
  15. "Sri Lanka Navy detains Rohingya – majority children". The Stateless Rohinga. 12 June 2017. Archived from the original on 20 September 2018. https://web.archive.org/web/20180920045712/http://www.thestateless.com/2017/05/sri-lanka-navy-detains-rohingya-majority-children.html। আহৰণ কৰা হৈছে: 29 January 2018. 
  16. "Will anyone help the Rohingya people?". BBC News. 10 June 2015. https://www.bbc.com/news/world-asia-33007536. 
  17. "Why Myanmar's Rohingya are forced to say they are Bengali". Christian Science Monitor. 2 June 2013. https://www.csmonitor.com/World/Asia-Pacific/2013/0602/Why-Myanmar-s-Rohingya-are-forced-to-say-they-are-Bengali। আহৰণ কৰা হৈছে: 16 January 2018. 
  18. "আৰ্কাইভ কপি". Archived from the original on 2018-12-22. https://web.archive.org/web/20181222224552/http://eudo-citizenship.eu/NationalDB/docs/1982%20Myanmar%20Citizenship%20Law%20%5BENGLISH%5D.pdf। আহৰণ কৰা হৈছে: 2018-11-19. 
  19. "Rohingya etymology at Oxford Dictionary". Oxford University Press. http://www.oed.com/view/Entry/275016;jsessionid=7C5F9903ED0D23A031507806D08686D8?redirectedFrom=Rohingya#eid। আহৰণ কৰা হৈছে: 11 February 2015. [সংযোগবিহীন উৎস]
  20. Leider, Jacques P. (August 26, 2012). "Rohingya: A historical and linguistic note". Network Myanmar. http://www.networkmyanmar.org/images/stories/PDF13/jacques-leider.pdf। আহৰণ কৰা হৈছে: February 9, 2015. 
  21. Pandey, Anshuman (2012-06-20). "Preliminary Proposal to Encode the Rohingya Script". Anshuman PandeyExpanding Unicode. http://unicode.org/L2/L2012/12214-rohingya.pdf। আহৰণ কৰা হৈছে: 2017-09-14. 
  22. https://www.theguardian.com/world/2013/may/25/burma-muslims-two-child-limit