ৰহিঙীয়া ভাষা

প্ৰাচ্য ভাৰত-আৰ্য ভাষা

ৰহিঙীয়া বা ৰুহিংগ্যা (Ruáingga; IPA: [rʊˈɜiɲɟə]; 𐴌𐴗𐴥𐴝𐴙𐴚𐴒𐴙𐴝) হৈছে ম্যানমাৰৰাখাইন ৰাজ্যত বাস কৰা ৰহিঙীয়া জনগোষ্ঠীৰ লোকে কোৱা এটা ভাষা।[1][2]প্ৰাচ্য ভাৰত-আৰ্য ভাষা পৰিয়ালঅসমীয়া-বঙালী ভাষাগোষ্ঠীৰ এটা ভাষা আৰু চুবুৰীয়া দেশ বাংলাদেশত কোৱা চট্টগ্ৰামীয়া ভাষাৰ সৈতে ইয়াৰ সম্বন্ধ আছে। ৰহিঙীয়া আৰু চট্টগ্ৰামীয়া ভাষা পৰস্পৰে বোধগম্য বুলি বিবেচনা কৰা হয়।[3]

ৰুহিংগ্যা
𐴌𐴟𐴇𐴥𐴝𐴚𐴒𐴙𐴝
𐴌𐴗𐴥𐴝𐴙𐴚𐴒𐴙𐴝
رُاَࣺينڠَ

"ৰহিঙীয়া" শব্দটো হানিফি ৰহিঙীয়া বৰ্ণমালা ব্যৱহাৰ কৰি লিখা হৈছে।
থলুৱা অঞ্চল ৰাখাইন ৰাজ্য
অঞ্চল ৰাখাইন ৰাজ্য (ম্যানমাৰ) আৰু দক্ষিণ-পূৰ্বাঞ্চলৰ চট্টগ্ৰাম সংমণ্ডল (বাংলাদেশ)
জাতীয়তা ৰহিঙীয়া
ভাষা পৰিয়াল
লিখন প্ৰণালী হানিফি ৰহিঙীয়া, ফাৰ্চী-আৰবী, মান, লেটিন, অসমীয়া–বঙালী (কেতিয়াবা)
ভাষা সংকেত
ISO 639-3 rhg
ৰহিঙীয়া ভাষাৰ কওঁতাসকলে বাস কৰা অঞ্চল
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

ধ্বনিতত্ত্ব সম্পাদনা কৰক

ব্যঞ্জনধ্বনি সম্পাদনা কৰক

ৰহিঙীয়া ভাষাত মূলতঃ ২৫টা থলুৱা ব্যঞ্জনধ্বনি আছে। তদুপৰি কেইটামান অন্য ভাষা যেনে— আৰবী, বঙালী, মান আৰু উৰ্দু ভাষাৰ ব্যঞ্জনধ্বনি আছে।

ৰহিঙীয়া ভাষাৰ ব্যঞ্জনধ্বনিসমূহ[4]
উভয়ৌষ্ঠ্য দন্ত্যৌষ্ঠ্য দন্ত্য/দন্তমূলীয় মূৰ্ধন্য তালব্য কণ্ঠ্য কণ্ঠনালীয়
স্পৰ্শ অঘোষ p ʈ c k ʔ
ঘোষ b ɖ ɟ ɡ
নাসিক্য m n ɲ ŋ
উষ্ম অঘোষ f s ç x h
ঘোষ z
উৎক্ষিপ্ত ɾ ɽ
নৈকট্য কেন্দ্ৰীয় w j
পাৰ্শ্বীয় l

স্বৰধ্বনি সম্পাদনা কৰক

ৰহিঙীয়া ভাষাত ছয়টা স্বৰবৰ্ণ আৰু কেইবাটাও যুক্তস্বৰ আছে। "নিম্ন-o" ([ɔ]) আৰু "উচ্চ-o" ([o]) বুজাবলৈ ক্ৰমে ⟨o⟩/⟨ó⟩ আৰু ⟨ou⟩/⟨óu⟩ ব্যৱহাৰ কৰা হয়।[5]

সন্মুখ পশ্চ
উচ্চ i u
উচ্চ-মধ্য e o
নিম্ন-মধ্য ɔ
নিম্ন a

সুৰ-লহৰ সম্পাদনা কৰক

ৰহিঙীয়া ভাষাত দুটা স্বৰবৰ্ণ একেলগে লিখি দীৰ্ঘ স্বৰধ্বনি আৰু উচ্চাৰণযুক্ত স্বৰবৰ্ণৰে চাপযুক্ত ধ্বনি বুজোৱা হয়।[6] "তীব্ৰ উচ্চাৰণ"এৰে উচ্চাৰণযুক্ত স্বৰবৰ্ণ চিহ্নিত কৰা হয়। চাপযুক্ত স্বৰবৰ্ণৰ ক্ৰম অনুসাৰে সুৰ ভিন্ন হ'ব পাৰে; যেনে— ⟨aá⟩ আৰু ⟨áa⟩।[7]

ব্যাকৰণ সম্পাদনা কৰক

নিৰ্দিষ্ট উপপদ সম্পাদনা কৰক

১. যদি কোনো বিশেষ্য স্বৰবৰ্ণৰে শেষ হয় তেন্তে শব্দটোৰ পাছত উপপদ হিচাপে একবচন হ'লে án বা নাইবা অগণ্য বিশেষ্য হ'লে ún যোগ কৰা হয়।

সাধাৰণতে ঘূৰণীয়া/শকট বস্তুৰ ক্ষেত্ৰত আৰু চেপেটা/ক্ষীণ বস্তুৰ ক্ষেত্ৰত án ব্যৱহাৰ কৰা হয়।

একবচন বহুবচন
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
Kéti án খেতিখন Kéti ún খেতিকেইখন
Fothú án ফটোখন Fothú ún ফটোকেইখন
Fata wá পাতটো Fata ún পাতকেইটো
Boro wá ডাঙৰটো Boro ún ডাঙৰকেইটা
Lou তেজ Lou ún তেজখিনি

২. যদি কোনো বিশেষ্য ব্যঞ্জনবৰ্ণৰে শেষ হয় তেন্তে শব্দটোৰ পাছত উপপদ হিচাপে শেষৰ বৰ্ণৰ লগতে একবচন হ'লে án বা নাইবা বহুবচন হ'লে ún যোগ কৰা হয়।

একবচন বহুবচন
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
Debal lán দেৱালখন Debal lún দেৱালকেইখন
Mes sán মেজখন Mes sún মেজকেইখন
Kitap p কিতাপখন Kitap pún কিতাপকেইখন
Manúic c মানুহজন Manúic cún মানুহকেইজন

৩. যদি কোনো বিশেষ্য r-এৰে শেষ হয় তেন্তে উপপদ হিচাপে g-ৰ লগতে একবচন হ'লে án বা নাইবা বহুবচন হ'লে ún বা ín যোগ কৰা হয়।

একবচন বহুবচন
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
Tar gán তাঁৰডাল Tar gún/gín তাঁৰকেইডাল
Duar gán দুৱাৰখন Duar gún/gín দুৱাৰকেইখন
Kuñir g কুকুৰটো Kuñir gún/gín কুকুৰকেইটা
Faár g পাহাৰখন Faár gún/gín পাহাৰকেইখন

অনিৰ্দিষ্ট উপপদ সম্পাদনা কৰক

বিশেষ্যৰ আগত বা পাছত অনিৰ্দিষ্ট উপপদ ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে ঘূৰণীয়া/শকত বস্তুৰ ক্ষেত্ৰত Uggwá আৰু ক্ষীণ/চেপেটা বস্তুৰ ক্ষেত্ৰত ekkán ব্যৱহাৰ কৰা হয়।

একবচন বহুবচন
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
Uggwá fata / Fata uggwá এটা পাত Hodún fata / Fata hodún কেইটামান পাত
Ekkán fothú / Fothú ekkán এখন ফটো Hodún Fothú / Fothú hodún কেইখনমান ফটো

বাক্যৰ গঠন সম্পাদনা কৰক

১ম ক্ৰম: কৰ্তা–কৰ্ম–ক্ৰিয়া।

কৰ্তা কৰ্ম ক্ৰিয়া
Aññí

মই

bát

ভাত

hái.

খাওঁ।

Ite

সি

TV

টিভি

saá.

চায়।

Ibá

তাই

sairkél

চাইকেল

soré.

চলায়।

Itará

সিহঁতে

ham ot

কমলৈ

za.

যায়।

২য় ক্ৰম: কৰ্তা–সময়–স্থান–কৰ্ম–ক্ৰিয়া।

কৰ্তা সময় স্থান কৰ্ম ক্ৰিয়া
Ibá

তাই

beínna

ৰাতিপুৱা

gór ot

ঘৰত

bát

ভাত

há.

খায়।

Tará

সিহঁতে

biale

ৰাতি

duan ot

দোকানত

TV

টিভি

saá.

চায়।

Ite

সি

sair gwá báze

আবেলি চাৰি বজাত

hál hañsat

সাগৰৰ পাৰত

sairkél

চাইকেল

soré.

চলায়।

Ítara

ইহঁতে

nowá báze

ন বজাত

ofís ot

অফিচলৈ

ham ot

কামত

zaa.

যায়।

৩য় ক্ৰম: কৰ্তা–সময়–[বিশেষণ]–স্থান–[ক্ৰিয়া-বিশেষণ]–কৰ্ম–ক্ৰিয়া।

কৰ্তা সময় বিশেষণ স্থান ক্ৰিয়া-বিশেষণ কৰ্ম ক্ৰিয়া
Tuñí

আপুনি

aijja

আজি

noya

নতুন

eskul ot

স্কুলত

toratori/toratorigorí

ততাতৈয়াকৈ

paathi

পাৰ্টী

goró.

কৰে।

৪য় ক্ৰম: কৰ্তা–সময়–[বিশেষণ]–স্থান–[ক্ৰিয়া-বিশেষণ]–কৰ্ম–ক্ৰিয়া(১)–ক্ৰিয়া(২)।

কৰ্তা সময় বিশেষণ স্থান ক্ৰিয়া-বিশেষণ কৰ্ম ক্ৰিয়া ১ ক্ৰিয়া ২
Tuñí

আপুনি

aijja

আজি

noya

নতুন

eskul ot

স্কুলত

toratori/toratorigorí

ততাতৈয়াকৈ

paathi

পাৰ্টী

goittóu

কৰাত

modot-goró.

সহায় কৰে।

আৰু কেইটামান উদাহৰণ:

ৰহিঙীয়া অসমীয়া
Aijja Januari 24 tarík ót, cón 2017 beínna 4 gwá báze 15 miníth 5 sekén ót. আজি ২০১৭ চনৰ ২৪ জানুৱাৰী তাৰিখে পুৱা ৪ বাজি ১৫ মিনিট ৫ ছেকেণ্ডত।
Hailla Februari 30 tarík ót, cón 2017 ázinna 5 swá báze 25 minith 7 sekén ót. কাইলৈ ২০১৭ চনৰ ৩০ ফেব্ৰুৱাৰী তাৰিখে সন্ধ্যা ৫ বাজি ২৫ মিনিট ৭ ছেকেণ্ডত।
Goto hailla Oktubor 10 tarík ót, cón 2018 rait or 10 cwá báze 35 miníth 50 sekén ot. কালি ২০১৮ চনৰ ১০ অক্টোবৰ তাৰিখে ৰাতি ১০ বাজি ৩৫ মিনিট ৫০ ছেকেণ্ডত।

কাল সম্পাদনা কৰক

ৰহিঙীয়া ভাষাত ১২টা কাল পোৱা যায়। এই কালসমূহত সহায়ক ক্ৰিয়া félai-য়ে পূৰ্ণ কাল আৰু félaat-এ পূৰ্ণ নিৰন্তৰ কাল বুজায়। অনুসৰ্গৰ ক্ৰিয়া ৰূপে ব্যক্তিবাচক আৰু কালবাচক দুয়োটা বুজায়। উত্তম পুৰুষৰ বাবে ~ir, ~yi, ~lám, ~youm অনুসৰ্গ, মধ্যম পুৰুষৰ বাবে ~or, ~yó, ~lá, ~bá অনুসৰ্গ আৰু অন্য পুৰুষৰ বাবে ~ar, ~ye, ~l, ~bou অনুসৰ্গ ব্যৱহাৰ কৰা হয়। ~ir, ~or, ~ar-এ নিৰন্তৰ বৰ্তমান কাল, ~yi, ~yó, ~ye-এ পূৰ্ণ বৰ্তমান কাল, ~lám, ~lá, ~l-এ ভূত কাল আৰু ~youm, ~bá, ~bou-এ ভৱিষ্যত কাল বুজায়।


উত্তম পুৰুষ (মই):

বৰ্তমান কাল ভূত কাল ভৱিষ্যত কাল
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
Aññí hái. মই খাওঁ। Aññí háiyi.

Aññí háailam.

মই খাইছোঁ।

মই খালোঁ।

Aññí háiyoum. মই খাম।
Aññí háir. মই খাই আছোঁ। Aññí háat táikkilám. মই খাই আছিলোঁ। Aññí háat tákiyoum.

Aññí háiyoum boi.

মই খাই থাকিম।
Aññí hái félaiyi. মই খাই পেলালোঁ। Aññí hái félailám. মই খাই পেলাইছোঁ। Aññí hái félaiyoum. মই খাই পেলাম।
Aññí hái félair. মই খাই পেলাই আছোঁ। Aññí hái félaat táikkilám. মই খাই পেলাইছিলোঁ। Aññí hái félaat táikkilám. মই খাই থ'ম।

মধ্যম পুৰুষ (আপুনি/তুমি/তই):

বৰ্তমান কাল ভূত কাল ভৱিষ্যত কাল
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
Tuñí/Oñne hóo. তুমি খোৱা।

আপুনি খায়।

Tuñí/Oñne háiyo.

Tuñí/Oñne háai.

তুমি খাইছা।

তুমি খালা।

আপুনি খাইছে।

আপুনি খালে।

Tuñí/Oñne háiba. তুমি খাবা।

আপুনি খাব।

Tui hós. তই খাৱ। Tui háiyós.

Tui háai.

তই খাইছ।

তই খালি।

Tui hái. তই খাবি।
Tuñí/Oñne hóor. তুমি খাই আছা।

আপুনি খাই আছে।

Tuñí/Oñne háat táikki. তুমি খাই আছিলা।

আপুনি খাই আছিলে।

Tuñí/Oñne háat táki.

Tuñí/Oñne háiba goi.

তুমি খাই থাকিবা।

আপুনি খাই থাকিব।

Tui hóor. তই খাই আছ। Tui háat táikki. তই খাই আছিলি। Tui háat táki.

Tui háibi goi.

তই খাই থাকিবি।
Tuñí/Oñne hái félai. তুমি খাই পেলালা।

আপুনি খাই পেলালে।

Tuñí/Oñne hái félai. তুমি খাই পেলাইছা।

আপুনি খাই পেলাইছে।

Tuñí/Oñne hái félai. তুমি খাই পেলাম।

আপুনি খাই পেলাব।

Tui hái félaiyós. তই খাই পেলালি। Tui hái félai. তই খাই পেলাইছ। Tui hái félai. তই খাই পেলাবি।
Tuñí/Oñne hái féloor. তুমি খাই পেলাই আছা।

আপুনি খাই পেলাই আছে।

Tuñí/Oñne hái félaat táikki. তুমি খাই পেলাইছিলা।

আপুনি খাই পেলাইছিলে।

Tuñí/Oñne hái félaat táki. তুমি খাই থ'বা।

আপুনি খাই থ'ব।

Tui hái féloor. তই খাই পেলাই আছ। Tui hái félaat táikki. তই খাই পেলাইছিলি। Tui hái félaat táki. তই খাই থ'বি।


অন্য পুৰুষ (সি/তাই/তেওঁ/সিহঁত/তেওঁলোক):

বৰ্তমান কাল ভূত কাল ভৱিষ্যত কাল
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
Ite/Ibá/Itará há. সি/তাই/সিহঁতে খায়। Ite/Ibá/Itará háaiye. সি/তাই/সিহঁতে খাইছে।

সি/তাই/সিহঁতে খালে।

Ite/Ibá/Itará háibou. সি/তাই/সিহঁতে খাব।
Ite/Ibá/Itará hár.

Ite/Ibá/Itará hái boi.

সি/তাই/সিহঁতে খাই আছে। Ite/Ibá/Itará háail. সি/তাই/সিহঁতে খাই আছিল। Ite/Ibá/Itará háat tákibou.

Ite/Ibá/Itará háibou goi.

সি/তাই/সিহঁতে খাই থাকিব।
Ite/Ibá/Itará hái félaiye. সি/তাই/সিহঁতে খাই পেলালে। Ite/Ibá/Itará háat táikkil. সি/তাই/সিহঁতে খাই পেলাইছে। Ite/Ibá/Itará hái félaibou. সি/তাই/সিহঁতে খাই পেলাব।
Ite/Ibá/Itará hái félaar. সি/তাই/সিহঁতে খাই পেলাই আছে। Ite/Ibá/Itará hái félaat táikkil. সি/তাই/সিহঁতে খাই পেলাইছিল। Ite/Ibá/Itará hái félaat tákibou. সি/তাই/সিহঁতে খাই থ'ব।

সৰ্বনাম সম্পাদনা কৰক

বচন পুৰুষ লিংগ সৰ্বনাম সম্বন্ধবাচক বিশেষণ
কৰ্তা কৰ্ম সম্বন্ধবাচক আত্মবাচক
একবচন ১ম পুংলিংগ/স্ত্ৰীলিংগ (মই) aññí, mui añáre, more añár, mor aññínize, muinize añár, mor
২য় পুংলিংগ/স্ত্ৰীলিংগ (তই/তুমি/আপুনি) tuñí

tui

oñne
tuáñre

toré

oñnoré
tuáñr

tor

oñnor
tuñínize

tuinize

oñnenize
tuáñr

tor

oñnor
৩য় পুংলিংগ (সি/তেওঁ) ite *

te *

uite **

íte **
itaré

taré

uitaré

ítare
itar

tar

uitar

ítar
itenize

tenize

uitenize

ítenize
itar

tar

uitar

ítar
পুংলিংগ/স্ত্ৰীলিংগ (সি/তাই/তেওঁ) ibá *

uibá **

íba **
ibáre

uibáre

íbare
ibár

uibár

íbar
ibánize

uibánize

íbanize
ibár

uibár

íbar
ক্লীৱলিংগ (এইটো) yián

ibá

yían **

íba **
yiánóre

ibáre

yíanóre

íbare
yiánór

ibár

yíanór

íbar
yiánnize

ibánize

yíannize

íbanize
yiánór

ibár

yíanór

íbar
বহুবচন ১ম পুংলিংগ/স্ত্ৰীলিংগ (আমি) añára añáráre añárar añáránize añárar
২য় পুংলিংগ/স্ত্ৰীলিংগ (আপোনালোক) tuáñra tuáñráre tuáñrar tuáñránize tuáñrar
৩য় পুংলিংগ/স্ত্ৰীলিংগ (তেওঁলোক/সিহঁত) itará *

tará *

uitará **

ítara **
itaráre

taráre

uitaráre

ítarare
itarár

tarár

uitarár

ítarar
itaránize

taránize

uitaránize

ítaranize
itarár

tarár

uitarár

ítarar
ক্লীৱলিংগ (তেওঁলোক/সিহঁত) iín *

íin **

uún

úun **

uuín **
iínóre

íinóre

uúnóre

úunóre

uuínóre
iínór

íinór

uúnór

úunór

uuínór
iínnize

íinnize

uúnnize

úunnize

uuínnize
iínór

íinór

uúnór

úunór

uuínór

*ব্যক্তিজন বা বস্তুটো ওচৰত আছে।

**ব্যক্তিজন বা বস্তুটো দূৰত আছে।

প্ৰশ্নবোধক সম্পাদনা কৰক

অসমীয়াৰে দৰে ৰহিঙীয়া ভাষাতো বাক্যৰ শেষত "" (-নে) লগাই প্ৰশ্নবোধক বুজোৱা হয়।

ৰহিঙীয়া অসমীয়া
Itattú gór ekkán asé ? তাৰ ঘৰ এখন আছেনে?
Itattú gór ekkán asé. তাৰ ঘৰ এখন আছে।
Ibá za ? তাই যায়নে?
Ibá za. তাই যায়।
Itará giyé ? সিহঁত গ'লনে?
Itará giyé. সিহঁত গ'ল।

ব্যক্তিবাচক শব্দৰ বিভক্তি সম্পাদনা কৰক

ৰহিঙীয়া ভাষাত অনুসৰ্গৰে ব্যক্তিবাচক বুজোৱা হয়।

বৰ্তমান কাল

ৰহিঙীয়া অসমীয়া
lek লিখ (অনুজ্ঞা)
lekí লিখোঁ
lekó লিখাঁ (অনুজ্ঞা)
lekós লিখ
leké লিখে

নিৰন্তৰ বৰ্তমান কাল

ৰহিঙীয়া অসমীয়া
lekír লিখি আছোঁ
lekór লিখি আছা
lekér লিখি আছে

পূৰ্ণ বৰ্তমান কাল

ৰহিঙীয়া অসমীয়া
lekífélaiyi লিখিছোঁ
lekífélaiyo লিখিছা
lekífélaiyós লিখিছ
lekífélaiye লিখিছে

ভৱিষ্যত কাল

ৰহিঙীয়া অসমীয়া
lekíyóum লিখিম
lekíbá লিখিবা
lekíbi লিখিবি
lekíbóu লিখিব

ভূত কাল (তাৎক্ষণিক)

ৰহিঙীয়া অসমীয়া
leikkí লিখিলোঁ
leikkó লিখিলা
leikkós লিখিলি
leikké লিখিলে

ভূত কাল (দূৰৱৰ্তী)

ৰহিঙীয়া অসমীয়া
leikkílám লিখিছিলোঁ
leikkílá লিখিছিলা
leikkílí লিখিছিলি
leikkíl লিখিছিল

ভূত কাল (সম্ভাৱনা)

ৰহিঙীয়া অসমীয়া
lekítám লিখিলোঁহেঁতেন
lekítá লিখিলাহেঁতেন
lekítí লিখিলিহেঁতেন
lekítóu লিখিলেহেঁতেন

বিশেষ্য, কৰ্তা, উপকৰণ, ক্ৰিয়া

ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lekóon লিখাটো Debalor uore lekóon gom noó. দেৱালত লিখাটো ভাল কথা নহয়।
lekóya লিখোঁতা Itaráttú lekóya bicí. সিহঁতৰ লিখোঁতা বেছি।
lekóni লিখনী Añártú honó lekóni nái. মোৰ লগত লিখনী (কলম, পেঞ্চিল আদি) নাই।
lekát লিখাত Tui lekát asós. তই লিখাত ব্যস্ত।

ৰহিঙীয়া ভাষাৰ কাৰকসমূহ সম্পাদনা কৰক

ৰহিঙীয়া ভাষাৰ শব্দ "hóliba" (দৰ্জি) ব্যৱহাৰ কৰি ৰহিঙীয়া ভাষাৰ কাৰকসমূহৰ কেইটামান উদাহৰণ তলত দিয়া হৈছে।

কাৰক ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
কৰ্তা কাৰক hólibaye দৰ্জিজন hólibaye tíai táikke éçe দৰ্জিজন তাত থিয় হৈ আছে
সম্বন্ধ কাৰক hólibar দৰ্জি hólibar nam Ahmed দৰ্জিজনৰ নাম আহমদ
সম্প্ৰদান কাৰক hóliballa দৰ্জি hóliballa hádiya ekkán diyí দৰ্জিজনক এটা উপহাৰ দিছোঁ
কৰ্ম কাৰক hólibare দৰ্জি Aññí hólibare deikkí মই দৰ্জিজনক দেখিছোঁ
অপাদান কাৰক hólibaloi দৰ্জিৰ সৈতে Aññí hólibaloi duan ot giyí মই দৰ্জিজনৰ সৈতে দোকানলৈ গৈছোঁ
সম্বোধন কাৰক óu hóliba / hóliba ya cúkuria tuáñre, óu hóliba (sáb) আপোনাক ধন্যবাদ, দৰ্জি (চাহাব)

শব্দবিন্যাস সম্পাদনা কৰক

ৰহিঙীয়া ভাষাত সত্তৰৰো অধিক শব্দবিন্যাস পোৱা যায়। শব্দবিন্যাস বুজাত সহজ হ'বলৈ বৰ্ণসমূহৰ মাজত হাইফেন (-) ব্যৱহাৰ কৰা হৈছে।

অনুজ্ঞা
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek লিখ Tui yián ehón lek. তই এইটো এতিয়াই লিখ।
lek-ó লিখাঁ Tuñí yián ehón lekó. তোমালোকে এইটো এতিয়াই লিখাঁ।
lek-á লিখা/লিখোৱাঁ Tui/Tuñí John ór áta leká/lekó. তই/তুমি যোহনক লিখা/লিখোৱাঁ।
lek-í-de লিখি দে/দিয়াঁ Tui/Tuñí ibáre lekíde/lekído. তই/তুমি তেওঁক লিখি দে/দিয়াঁ।
বৰ্তমান কাল
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-í লিখোঁ Aññí hámicá gór ot lekí. মই সদায় ঘৰত লিখোঁ।
lek-ó লিখা Tuñí hámicá gór ot lekó. তুমি সদায় ঘৰত লিখা।
lek-ó-s লিখ Tui hámicá gór ot lekós. তই সদায় ঘৰত লিখ।
lek-é লিখে Tará hámicá gór ot leké. তেওঁলোকে সদায় ঘৰত লিখে।
নিৰন্তৰ কাল
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-í-r লিখি আছোঁ Aññí ciñçí ekkán lekír. মই এখন চিঠি লিখি আছোঁ।
lek-ó-or লিখি আছা/আছ Tuñí ciñçí ekkán lekóor.

Tui ciñçí ekkán lekóor.

তুমি এখন চিঠি লিখি আছা।

তই এখন চিঠি লিখি আছ।

lek-é-r লিখি আছে Tará ciñçí ekkán lekér. তেওঁলোকে এখন চিঠি লিখি আছে।
পূৰ্ণ কাল
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-í-féla-iyi লিখিছোঁ Aññí ciñçí lekífélaiyi. মই এখন চিঠি লিখিছোঁ।
lek-í-féla-iyo লিখিছা Tuñí ciñçí lekífélaiyi. তুমি এখন চিঠি লিখিছা।
lek-í-féla-iyo-s লিখিছ Tui ciñçí lekífélaiyos. তই এখন চিঠি লিখিছ।
lek-í-féla-iye লিখিছে Tará ciñçí lekífélaiye. তেওঁলোকে এখন চিঠি লিখিছে।
ভূত কাল
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
leik-kí লিখিছিলোঁ Aññí ciñçí ekkán leikkí. মই এখন চিঠি লিখিছিলোঁ।
leik-kó লিখিছিলা Tuñí ciñçí ekkán leikkó. তুমি এখন চিঠি লিখিছিলা।
leik-kó-s লিখিছিলি Tui ciñçí ekkán leikkós. তই এখন চিঠি লিখিছিলি।
leik-ké লিখিছিল Tará ciñçí ekkán leikké. তেওঁলোকে এখন চিঠি লিখিছিল।
ভৱিষ্যত কাল
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-í-youm লিখিম Aññí ciñçí ekkán lekíyoum. মই এখন চিঠি লিখিম।
lek-í-ba লিখিবা Tuñí ciñçí ekkán lekíba. তুমি এখন চিঠি লিখিবা।
lek-í-bi লিখিবি Tui ciñçí ekkán lekkíbi. তই এখন চিঠি লিখিবি।
lek-í-bou লিখিব Tará ciñçí ekkán lekíbou. তেওঁলোকে এখন চিঠি লিখিব।
বৈকল্পিক
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
leik-kyóum লিখিম Aññí ciñçí ekkán leikkyóum. মই এখন চিঠি লিখিম।
leik-bá লিখিবা Tuñí ciñçí ekkán leikbá. তুমি এখন চিঠি লিখিবা।
leik-bí লিখিবি Tui ciñçí ekkán leikbí. তই এখন চিঠি লিখিবি।
leik-bóu লিখিব Tará ciñçí ekkán leikbóu. তেওঁলোকে এখন চিঠি লিখিব।
কৰ্মবাচ্য
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-á-giye লিখা হৈছে Ciñçí ekkán lekágiyé. এখন চিঠি লিখা হৈছে।
সম্ভাৱনা
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-á-za লিখা যায় Ciñçí yián leká za. এই চিঠিখন লিখা যায়।
lek-á-za-ibou লিখা যাব Ciñçí yián leká zaibou. এই চিঠিখন লিখা যাব।
lek-á-di-ya-za লিখোৱাব পাৰি Ciñçí yián lekádiyaza. এই চিঠিখন লিখোৱাব পাৰি।
বিশেষ্য
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-á লেখা Leká yián bicí cúndor. এই লেখা বৰ সুন্দৰ।
lek-ó-on লিখা beggún óttu lekóon saá. সকলোৱে ইমেইল লিখা উচিত।
lek-ó-ya লিখোঁতা Ahmed bála lekóya. আহমদ ভাল লিখোঁতা।
lek-ó-ni লিখনী Añártu honó lekóni ciz nái. মোৰ লগত লিখনী নাই।
lek-á-ni লিখনী (সঁজুলি) Añártu honó lekáni boudh nái. মোৰ লগত লিখনী ব'ৰ্ড নাই।
lek-á-lekí লিখা-লিখি Tuáñrár bútore lekáleki tákoon saá. তোমালোকৰ মাজত লিখা-লিখি থকা উচিত।
বিশেষণ
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-é-de লিখিবলৈ Añártu honó lekéde ciz nái. মোৰ লগত লিখিবলৈ বস্তু নাই।
leik-kyá লিখা আছে Kitab ibá fura leikká. কিতাপখন পূৰাকৈ লিখা আছে।
leik-kyé-dé লিখিত Añártu honó leikkyéde juab nái. মোৰ লগত লিখিত উত্তৰ নাই।
ক্ৰিয়া-বিশেষণ
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-í lek-í লিখি লিখি Ite gór ottu lekí lekí aiyér. সি ঘৰৰ পৰা লিখি লিখি আহি আছে।
তাৎক্ষণিক বৰ্তমান কাল
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-í-lam লিখিলোঁ Aññí habos sán lekílam. মই চিঠিখন লিখিলোঁ।
lek-í-la লিখিলা Tuñí habos sán lekíla. তুমি চিঠিখন লিখিলা।
lek-í-li লিখিলি Tui habos sán lekíli. তই চিঠিখন লিখিলি।
lek-í-lou লিখিলে Tará habos sán lekílou. সিহঁতে চিঠিখন লিখিলে।
বৈকল্পিক
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
leik-lám লিখিলোঁ Aññí habos sán lekílam. মই চিঠিখন লিখিলোঁ।
leik-lá লিখিলা Tuñí habos sán lekíla. তুমি চিঠিখন লিখিলা।
leik-lí লিখিলি Tui habos sán lekíli. তই চিঠিখন লিখিলি।
leik-lou লিখিলে Tará habos sán lekílou. সিহঁতে চিঠিখন লিখিলে।
দীৰ্ঘ ভূত কাল
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
leik-kí-lam লিখিছিলোঁ Aññí habos sán leikkílam. মই চিঠিখন লিখিছিলোঁ।
leik-kí-la লিখিছিলা Tuñí habos sán leikkíla. তুমি চিঠিখন লিখিছিলা।
leik-kí-li লিখিছিলি Tui habos sán leikkíli. তই চিঠিখন লিখিছিলি।
leik-kí-l লিখিছিল Tará habos sán leikkíl. সিহঁতে চিঠিখন লিখিছিল।
দূৰৱৰ্তী ভৱিষ্যত কাল
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-í-youm éri লিখিম Aññí habos sán lekíyoum éri. মই কাগজখন লিখিম।
lek-í-ba ri লিখিবা Tuñí habos sán lekíba ri. তুমি কাগজখন লিখিবা।
lek-í-bi ri লিখিবি Tui habos sán lekíbi ri. তই কাগজখন লিখিবি।
lek-í-bou ri লিখিব Tará habos sán lekíbou ri. সিহঁতে কাগজখন লিখিব।
সম্ভাব্য ভাৱ-ৰূপ
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-í-tam লিখিলোঁহেঁতেন Aññí email lán lekítam. মই ইমেইল এটা লিখিলোঁহেঁতেন।
lek-í-ta লিখিলাহেঁতেন Tuñí email lán lekíta i. তুমি ইমেইল এটা লিখিলাহেঁতেন।
lek-í-ti লিখিলিহেঁতেন Tui email lán lekíti. তই ইমেইল এটা লিখিলিহেঁতেন।
lek-í-tou লিখিলেহেঁতেন Tará email lán lekítou. সিহঁতে ইমেইল এটা লিখিলেহেঁতেন।
বৈকল্পিক
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
leik-tám লিখিলোঁহেঁতেন Aññí email lán leiktám. মই ইমেইল এটা লিখিলোঁহেঁতেন।
leik-tá লিখিলাহেঁতেন Tuñí email lán leiktá. তুমি ইমেইল এটা লিখিলাহেঁতেন।
leik-tí লিখিলিহেঁতেন Tui email lán leiktí. তই ইমেইল এটা লিখিলিহেঁতেন।
leik-tóu লিখিলেহেঁতেন Tará email lán leiktóu. সিহঁতে ইমেইল এটা লিখিলেহেঁতেন।
অনুজ্ঞা ভাৱ-ৰূপ
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-ó-na লিখকনা/লিখকচোন Meérbanigorí lekóna. কৃপা কৰি লিখকচোন।
lek-ó-goi লিখাঁগৈ Tuñí lekó gói. তুমি লিখাঁগৈ।
বৈকল্পিক
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-se-ná লিখকনা/লিখকচোন Meérbanigorí leksená. কৃপা কৰি লিখকচোন।
lek-gói লিখাঁগৈ Tui lek gói. তুমি লিখাঁগৈ।
যদি
ৰহিঙীয়া অসমীয়া ৰহিঙীয়া অসমীয়া
lek-í-le লিখিলে Tuñí lekíle gom óibou. তুমি লিখিলে ভাল হ'ব।

লিখন প্ৰণালী সম্পাদনা কৰক

ৰহিঙীয়া হানিফি লিপি সম্পাদনা কৰক

হানিফি ৰহিঙীয়া লিপি হৈছে ৰহিঙীয়া ভাষাৰ এক একীকৃত লিপি। ৰহিঙীয়া ভাষা প্ৰথম ঊনৈশ শতিকাত ফাৰ্চী-আৰবী লিপিৰ সংস্কৰণেৰে লিখা হৈছিল। ১৯৭৫ চনত উৰ্দু বৰ্ণমালাৰ ওপৰত ভিত্তি কৰি এটা বানানগত আৰবী লিপি তৈয়াৰ কৰা হয়।

১৯৮০ৰ দশকত মৌলানা মহম্মদ হানিফ আৰু তেওঁৰ সহকৰ্মীসকলে আৰবী বৰ্ণৰ ওপৰত ভিত্তিত কৰি উপযুক্ত ধ্বনিগত লিপি তৈয়াৰ কৰা উলিয়ায়। লিপিটোত দশমিক সংখ্যাও মজুত আছে।[8][9]

 
ৰহিঙীয়া ভাষাৰ ভাৰ্চুৱেল কী-ব'ৰ্ডৰ লে'আউট

২০১৯ চনত গুগলে ৰহিঙীয়া ভাষাৰ ভাৰ্চুৱেল কী-ব'ৰ্ড বিকাশ কৰি উলিয়ায় যিটো ব্যৱহাৰ কৰি ৰহিঙীয়া লিপিত পোনে পোনে টাইপ কৰিব পাৰি। ৰহিঙীয়া ইউনিক'ড কী-ব'ৰ্ড লে'আউট ইয়াত পোৱা যাব।

বৰ্ণসমূহ সম্পাদনা কৰক

ৰহিঙীয়া বৰ্ণমালা - ২৯
𐴌𐴟𐴇𐴥𐴝𐴚𐴒𐴙𐴝 𐴇𐴥𐴡𐴌𐴟𐴉𐴢[10]
𐴅 𐴄 𐴃 𐴂 𐴁 𐴀
𐴋 𐴊 𐴉 𐴈 𐴇 𐴆
𐴑 𐴐 𐴏 𐴎 𐴍 𐴌
𐴗 𐴖 𐴕 𐴔 𐴓 𐴒
𐴜 𐴛 𐴚 𐴙 𐴘
ৰহিঙীয়া স্বৰবৰ্ণ - ৭
𐴌𐴟𐴇𐴥𐴝𐴚𐴒𐴙𐴝 𐴀𐴝𐴉𐴡𐴌 𐴀𐴞𐴉𐴡𐴌𐴢
𐴢 𐴡 𐴠 𐴟 𐴞 𐴝
◌𐴧 ◌𐴦 ◌𐴥 ◌𐴤 𐴣
ৰহিঙীয়া সংখ্যা
𐴌𐴟𐴇𐴥𐴝𐴚𐴒𐴙𐴝 𐴓𐴡𐴔𐴁𐴡𐴌𐴢
𐴰 𐴱 𐴲 𐴳 𐴴 𐴵 𐴶 𐴷 𐴸 𐴹

আৰবী লিপি সম্পাদনা কৰক

আৰবী লিপিত লিখিত ৰহিঙীয়া ভাষাৰ প্ৰথম পাঠ ২০০ বছৰতকৈও পুৰণি।[11] আৰাকানত ব্ৰিটিছৰ শাসনকালত ৰহিঙীয়া লোকে লিখিত যোগাযোগৰ বাবে ইংৰাজী আৰু উৰ্দু ভাষা ব্যৱহাৰ কৰিছিল। ১৯৪৮ চনত স্বাধীনতা লাভ কৰাৰ পাছৰেই পৰা মান চৰকাৰী ভাষাৰূপে ব্যৱহৃত হৈ আহিছে। ১৯৬০ দশকৰ আৰম্ভণিত ৰহিঙীয়া বিদ্বানসকলে নিজৰ ভাষাৰ এক উপযুক্ত লিপিৰ প্ৰয়োজন বোধ কৰে।

১৯৭৫ চনত আৰবী বৰ্ণ ব্যৱহাৰ কৰি লিখন প্ৰণালী বিকাশ কৰা হয়; অন্য বিদ্বানসকলে আৰবীৰ কিছুমান অভাৱ দূৰ কৰিবলৈ উৰ্দু লিপি ব্যৱহাৰ কৰিছিল। কিন্তু ইয়াৰে এটাও সন্তুষ্টজনক নাছিল আৰু ৰহিঙীয়াসকলৰ এই দুয়োটা লিপিতে পঢ়োঁতে অসুবিধা হৈছিল।

তাৰ পাছত ১৯৮৩ চনত মৌলানা হানিফে সোঁৰ-পৰা-বাওঁমুখী বৰ্ণমালা প্ৰস্তুত কৰি উলিয়ায়। ইয়াৰ নামকৰণ তেওঁৰ নামতেই কৰা হ'ল। হানিফি বৰ্ণমালা আৰবী বৰ্ণমালাৰ এক সংশোধিত ৰূপ য'ত লেটিন আৰু মান বৰ্ণমালাৰ কেইটামান অতিৰিক্ত বৰ্ণ আছে।[12]

বৰ্তমানৰ সময়ত ৰহিঙীয়া ইউনিক'ড ফ'ণ্ট পোৱা যায়। এই লিপি আৰবী লিপিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে আৰু ইয়াত কেইটামান অতিৰিক্ত স্বৰ-চিহ্ন আছে।[13][14] কিছুমান পৰীক্ষাত পোৱা গৈছে যে আৰবী আখৰ চিনি পোৱা লোকে এই লিপি কিছু ঘণ্টাৰ ভিতৰতে শিকিব পাৰে।

ৰহিঙীয়া ফন্না ইউনিক'ড কী-ব'ৰ্ড লে'আউটৰ লগতে বিনামূলীয়া ফ'ণ্ট ইয়াত Archived 2019-06-17 at the Wayback Machine পোৱা যাব।

ৰোমান লিপি সম্পাদনা কৰক

১৯৯৯ চনত ই.এম. ছিদ্দিক বাছুৱে লেটিন আখৰ ব্যৱহাৰ কৰি লিখিত ৰহিঙীয়া ভাষা সৰলীকৰণ কৰে। ই এক সহজ লিখন প্ৰণালী যি শিকিবলৈ সহজ আৰু ইয়াক ৰহিঙীয়ালিছ বা ৰহিঙীয়া ফন্না হিচাপে জনা যায়। এই লিপিত কেৱল ২৬টা ৰোমান বৰ্ণ, পাঁচটা উচ্চাৰণযুক্ত স্বৰবৰ্ণ আৰু মূৰ্ধন্য আৰু নাসিক্য ধ্বনিৰ বাবে দুটা অতিৰিক্ত লেটিন বৰ্ণ আছে।

ৰহিঙীয়ালিছ বৰ্ণসমূহ-২৮
A a B b C c Ç ç D d E e F f
G g H h I i J j K k L l M m
N n Ñ ñ O o P p Q q R r S s
T t U u V v W w X x Y y Z z

কেৱল অন্য ভাষাৰ পৰা তুলি অনা শব্দৰ ক্ষেত্ৰতহে Q, V, আৰু X ব্যৱহাৰ কৰা হয়।[15]

ৰহিঙীয়ালিছ লিখন প্ৰণালীৰ বৰ্ণসমূহৰ তালিকাখনত লেটিন আখৰ (সেউজীয়া পটভূমিসহ ç আৰু ñ) ব্যৱহাৰ কৰা হৈছে। স্বৰবৰ্ণসমূহ উচ্চাৰণহীন (aeiou) আৰু উচ্চাৰণযুক্ত (áéíóú) ৰূপত লিখা হয়। "c"ৰ উচ্চাৰণ হ'ল /ʃ/, "ç"ৰ উচ্চাৰণ হ'ল মূৰ্ধন্য "r" ([ɽ]),[16] আৰু ñ অনুনাসিক স্বৰবৰ্ণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় (যেনে- fañs /fãs/ 'পাঁচ')। এই বৰ্ণসমূহ ইংৰাজী কী-ব'ৰ্ড (যেনে- ইংৰাজী (যুক্তৰাষ্ট্ৰ) আন্তঃৰাষ্ট্ৰীয় কী-ব'ৰ্ড) ব্যৱহাৰ কৰি টাইপ কৰিব পাৰি।

বৰ্ণসমূহৰ নাম আৰু উচ্চাৰণ

ৰহিঙীয়ালিছ বৰ্ণমালাৰ বৰ্ণসমূহৰ নাম ইংৰাজী বৰ্ণমালাৰ বৰ্ণসমূহৰ নামৰ অনুৰূপ।

মৌলিক আখৰসমূহ[15]
আখৰ উচ্চাৰণ নাম
a /a/ ee
b /b/ bii
c /ʃ/ cii
ç /ɽ/ çii
d /d̪/ dii
e /e/ ii
f /f/ ef
g /g/ jii
h /h, x/ eech
i /i/ ai
j /ɟ/ jee
k /k/ kee
l /l/ el
m /m/ em
n /n/ en
ñ /◌̃/ (অনুনাসিকীকৰণ)
o /ɔ/ oou
p /p/ pii
q /q/ kyuu
r /r/ er
s /s/ es
t /t̪/ tii
u /u/ yuu
v /v/ vii
w /w/ dblyuu
x /ks/ eks
y /j/ way
z /z/ zed
যুক্তস্বৰ 
আখৰ উচ্চাৰণ
ch /c/
dh /ɖ/
h' /h/
kh /x/
ng /ŋ/
ny /ɲ/
ou /o/
th /t̪/
ts /t̪/

ৰহিঙীয়ালিছত দীৰ্ঘ স্বৰবৰ্ণ বুজাবলৈ দুটা স্বৰবৰ্ণ একেলগে লিখা হয়; যেনে- দীৰ্ঘ /ɔ/ বুজাবলৈ "oo" আৰু দীৰ্ঘ /o/ বুজাবলৈ "oou" লিখা হয়।[17]

নমুনা পাঠ সম্পাদনা কৰক

তলত দিয়া পাঠৰ নমুনাসমূহ মানৱীয় অধিকাৰসমূহৰ বিশ্বজনীন ঘোষণাৰ প্ৰথম অনুচ্ছেদৰ পৰা লোৱা হৈছে:

ৰহিঙীয়া লেটিন লিপিত ৰহিঙীয়া

Manúic beggún azad hísafe, ar izzot arde hók ókkol ót, fúainna hísafe foida óiye. Fottí insán óttu honó forók sára elan ot aséde tamám hók ókkol arde azadi ókkol loi fáaida goróon ór hók asé. Ar, taráre dil arde demak diyé. Ótolla, taráttu ekzon loi arekzon bái hísafe maamela goróon saá.

লেটিন লিপিত বঙালী

Shômosto manush shadhinbhabe shôman môrjada ebong odhikar niye jônmogrohon kôre. Tãder bibek ebong buddhi achhe; shutorang shôkoleri êke ôporer proti bhratrittoshulobh mônobhab niye achôron kôra uchit.

লেটিন লিপিত অসমীয়া

Zônmôgôtôbhawê xôkôlû manuh môrjyôda aru ôdhikarôt xôman aru sôtôntrô. Têû̃lûkôr bibêk asê, buddhi asê. Têû̃lûkê prôittêkê prôittêkôk bhratribhawê byôwôhar kôra usit.

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. What is Rohingyalish or Rohingya Language?, RohingyaLanguage.com, archived from the original on 31 July 2012, https://web.archive.org/web/20120731043647/http://rohingyalanguagefoundation.com/what-is-rohingyalish.htm, আহৰণ কৰা হৈছে: 11 June 2012 
  2. Rohingya Language, WorldLanguage.com, archived from the original on 25 March 2012, https://web.archive.org/web/20120325032749/http://www.worldlanguage.com/Languages/Rohingya.htm, আহৰণ কৰা হৈছে: 11 June 2012 
  3. "The Linguistic Innovation Emerging From Rohingya Refugees." by Christine Ro. Forbes. September 13, 2019.
  4. "Archived copy". Archived from the original on 12 June 2011. https://web.archive.org/web/20110612180010/http://rohingyalanguagefoundation.com/language_rules_landscape.html। আহৰণ কৰা হৈছে: 4 July 2010. 
  5. Kazi Mujibuddin bin Abul khair (ar ভাষাত). روهنغيا قائده. https://www.scribd.com/doc/21180958. 
  6. "Archived copy". Archived from the original on 12 June 2011. https://web.archive.org/web/20110612180010/http://rohingyalanguagefoundation.com/language_rules_landscape.html। আহৰণ কৰা হৈছে: 4 July 2010. 
  7. "Archived copy". Archived from the original on 12 June 2011. https://web.archive.org/web/20110612180010/http://rohingyalanguagefoundation.com/language_rules_landscape.html। আহৰণ কৰা হৈছে: 4 July 2010. 
  8. "Rohingya alphabets, pronunciation and language". Simon AgerOmniglot. https://www.omniglot.com/writing/rohingya.htm। আহৰণ কৰা হৈছে: 9 October 2017. 
  9. James, Ian (5 July 2012). "Hanifi alphabet for Rohingya". Sky Knowledge. http://skyknowledge.com/rohingya.htm। আহৰণ কৰা হৈছে: 9 October 2017. 
  10. "Rohingya Language Academy". Archived from the original on 2019-12-12. https://web.archive.org/web/20191212071901/https://rohingyazuban.com/। আহৰণ কৰা হৈছে: 2020-09-08. 
  11. Priest, Lorna A.; Hosken, Martin (12 August 2010). "Proposal to add Arabic script characters for African and Asian languages". পৃষ্ঠাসমূহ: 13–18, 34–37. http://www.dkuug.dk/jtc1/sc2/wg2/docs/n3882.pdf. 
  12. Pandey, Anshuman (20 June 2012). "Preliminary Proposal to Encode the Rohingya Script". Anshuman PandeyExpanding Unicode. http://unicode.org/L2/L2012/12214-rohingya.pdf। আহৰণ কৰা হৈছে: 14 September 2017. 
  13. Priest, Lorna A.; Hosken, Martin (12 August 2010). "Proposal to add Arabic script characters for African and Asian languages". পৃষ্ঠাসমূহ: 13–18, 34–37. http://www.dkuug.dk/jtc1/sc2/wg2/docs/n3882.pdf. 
  14. Pandey, Anshuman (20 June 2012). "Preliminary Proposal to Encode the Rohingya Script". Anshuman PandeyExpanding Unicode. http://unicode.org/L2/L2012/12214-rohingya.pdf। আহৰণ কৰা হৈছে: 14 September 2017. 
  15. 15.0 15.1 "Rohingya alphabets, pronunciation and language". www.omniglot.com. https://www.omniglot.com/writing/rohingya.htm. 
  16. Priest, Lorna A.; Hosken, Martin (12 August 2010). "Proposal to add Arabic script characters for African and Asian languages". পৃষ্ঠাসমূহ: 13–18, 34–37. http://www.dkuug.dk/jtc1/sc2/wg2/docs/n3882.pdf. 
  17. "Rohingya alphabets, pronunciation and language". www.omniglot.com. https://www.omniglot.com/writing/rohingya.htm.