ভাৰীগান হৈছে অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী ৰাভাসকলৰ এবিধ লোকনাট্য।[1] ৰাভা জনগোষ্ঠীৰ বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা[2] অঞ্চলৰ পাতিৰাভাসকলৰ মাজত এই ভাৰীগান অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। এই নাট্যবিধৰ আৰম্ভণি কেতিয়া হৈছিল তাৰ কোনো লিখিত তথ্য নাই। ভাৰীগান বোৰ কাহিনীৰ ৰূপত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। 'ভাৰী' শব্দৰ অৰ্থ ওজন বা গধুৰ আৰু 'গান' মানে হৈছে গীত। ভাৰীগানৰ দলটিৰ সমগ্ৰ সামগ্ৰী এঠাইৰপৰা আনঠাইলৈ ভাৰ বান্ধি কঢ়িয়াই নিবলগীয়া হোৱাৰ বাবেই এই নৃত্য গীতবিধ 'ভাৰীগান' হিচাপে ৰাভাসকলৰ মাজত জনপ্ৰিয়। সাধাৰণতে সমাজৰ কোনো বিদ্বানলোক বা গুৰুৱে এই নাট্যশৈলীৰ বিষয়ে আভাস দিয়ে বাবে এই নাট্য বিধক পাতিৰাভাসকলে 'গুৰুবিদ্যা' বুলিও কয়।[3]

ভাৰীগান নাট্যৰ এটি দৃশ্য

বিষয়বস্তু

সম্পাদনা কৰক

ভাৰীগানৰ বিষয়বস্তু মূলতঃ ৰামায়ণ কেন্দ্ৰিক।[1] ৰামায়ণৰ কাহিনীসমূহৰ ভিতৰত 'সীতা হৰণ', 'মেঘনাদ বধ', 'ৰাৱণ বধ', 'লক্ষ্মণৰ শক্তিশেল'ৰ দৰে কাহিনীসমূহেই এই নাট্যত প্ৰাধান্য পায়। কাহিনী কথনৰ মাজে মাজে শ্ৰোতা-দৰ্শকক আমোদ দিবলৈ কিছু সামাজিক ঘটনাও হাস্য-ব্যংগ ৰূপত উপস্থাপন কৰা হয়।

লোকশিল্পৰ ব্যৱহাৰ

সম্পাদনা কৰক

ভাৰীগানৰ এটা অন্যতম আকৰ্ষণীয় দিশ হ'ল মুখা শিল্পৰ ব্যৱহাৰ। মূক অভিনয় আৰু মুখা অভিনয় ভাৰীগানৰ এটা অপৰিহাৰ্য অংগ তথা মূল উপজীব্য।[1]

বেশ-ভূষা আৰু প্ৰদৰ্শন ৰীতি

সম্পাদনা কৰক

ভাৰীগান হ'ল এবিধ দলীয় লোক পৰিৱেশ্য কলা। এই পৰিৱেশ্য কলা বিধত অভিনয়তকৈ সংগীতে বেছি প্ৰাধান্য লাভ কৰে। এই নাট্যত অভিনয় কৰোঁতে শিল্পীসকলে মুখমণ্ডলত ৰামায়ণৰ বিভিন্ন চৰিত্ৰসমূহৰ মুখা পৰিধান কৰি লয়। কাহিনী পৰিৱেশনত চৰিত্ৰসমূহে কোনো সংলাপ প্ৰক্ষেপ নকৰে, কেৱল অভিনয়হে কৰে। পুতলা নাচৰ দৰে ইয়াতো সংলাপৰ কামখিনি গীতে সামৰি লয় মানে গীতৰ মাজেৰে নাট্যৰ কাহিনীভাগ আগবাঢ়ে। ভাৰীগানত এজন প্ৰধান ভাৱৰীয়া থাকে। এই প্ৰধান ভাৱৰীয়া জনে হাতত চোঁৱৰ লৈ নাচি-বাগি গীত-পদ লগাই দিয়ে আৰু সংগী সকলে তেওঁক সহযোগ কৰে। অনুষ্ঠান পৰিৱেশন কৰোঁতে শিল্পী সকলে ধূতী চাদৰ পৰিধান কৰে আৰু কেতিয়াবা কেতিয়াবা মূল গায়কজনে ডিঙিত ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰা দেখা যায়। ভাৰীগানত বহুৱা সদৃশ 'কেতুৱা' চৰিত্ৰৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ।[1]

ব্যৱহৃত বাদ্যযন্ত্ৰ

সম্পাদনা কৰক

এইবিধ নাট্যৰ প্ৰদৰ্শনত প্ৰধানকৈ ঢোল, খোল[4] আৰু তাল ব্যৱহাৰ কৰা হয়।[5]

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 পৰমানন্দ ৰাজবংশী, নাৰায়ণ দাস (সম্পাদক) (৩য় প্ৰকাশ, ২০০৬ চন). অসমীয়া সংস্কৃতি কণিকা. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ২৬৭. 
  2. TI Trade. "Assam Tribune online". Assamtribune.com. Archived from the original on 2009-11-28. https://web.archive.org/web/20091128112043/http://www.assamtribune.com/nov2009/colosseum.html। আহৰণ কৰা হৈছে: 2013-03-11. 
  3. Bipuljyoti Saikia. "Bipuljyoti Saikia's Homepage : Sangeet - Bharigaan". Bipuljyoti.in. Archived from the original on 2013-07-03. https://web.archive.org/web/20130703215351/http://www.bipuljyoti.in/music/bharigaan.html। আহৰণ কৰা হৈছে: 2013-03-11. 
  4. "The Music And Musical Instruments Of North Eastern India - Dilip Ranjan Barthakur - Google Books". Books.google.co.in. http://books.google.co.in/books?id=oP4vH-4oSEcC&pg=PA90&lpg=PA90&dq=bharigan+rabha&source=bl&ots=PMUsVL-tub&sig=pRd7ZRMKLICl6IXzGxwKiQ14MY8&hl=en&sa=X&ei=9-k9Ud3sA4eqrAeMrYHgAg&ved=0CCwQ6AEwAA#v=onepage&q=bharigan%20rabha&f=false। আহৰণ কৰা হৈছে: 2013-03-11. 
  5. লোক-বৈভৱ, আকাশবাণী গুৱাহাটী।