ৰিম্পী দাস (ইংৰাজী: Rimpi Das) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেওঁ ভাৰতীয় হিন্দী টেলিভিছন জগতৰ ধাৰবাহিকত বৰ্তমান যথেষ্ট ব্যষ্ট হৈ আছে। তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলাই ২০০৪ চনত অশোক কুমাৰ বিষয়াৰ পৰিচালিত মনত বিৰিণাৰ জুইৰ জৰিয়তে। তেওঁ বহু কেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে যাৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অজেয় আৰু মন যায় ও আছে। ইয়াৰোপৰি তেওঁ জনপ্ৰিয় অসমীয়া ভি.চি.ডি. ছবি উৰণীয়া মন, ফাগুণী, জোনাকী মন আদিতো অভিনয় কৰিছে।

ৰিম্পী দাস
জন্ম ১ অক্টোবৰ, ১৯৮৪ (৩৯ বছৰ)
তিনিচুকীয়া, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৪–বৰ্তমান

২০১০ চনত ৰিম্পী দাসে কহিনুৰ থিয়েটাৰৰ জৰিয়তে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতত প্ৰৱেশ কৰে। তেওঁৰ হিন্দী টেলিভিছনৰ প্ৰথম ধাৰবাহিক হৈছে বিগ মেজিকৰ জনপ্ৰিয় ধাৰবাহিক আকবৰ বীৰবল, য'ত তেখেতে আনাৰকলিৰ চৰিত্ৰটি ৰূপায়ণ কৰিছিল আৰু তেওঁৰ সহ শিল্পী সকল আছিল- কিকু শাৰ্দা, বিশাল কটিয়ান আৰু ডিলনাজ ইৰাণী। ইয়াৰোপৰি তেওঁ সেই চেনেলৰে হাজিৰ জাৱাব বীৰবল ধাৰবাহিকখনত নুৰ জাহানৰ মুখ্য চৰিত্ৰ ৰূপায়ণ কৰে সহ শিল্পী সৌৰভ ৰাজ জৈন, গৌৰব খান্না, আশিস শৰ্মা আৰু মাদিৰাক্ষী মুণ্ডলেৰ সৈতে।

তেওঁ ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰবাহিক চিয়া কে ৰামত পাৰ্বতীৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰে।[1][2][3] বৰ্তমান তেওঁ কালাৰ্ছ ৰ ধাৰবাহিক, মহাকালি– অন্থ হি আৰম্ভ হেত দেৱী গংগাৰ চৰিত্ৰটি ৰূপায়ণ কৰি আছে।

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

Key   মুক্তিৰ অপেক্ষাত থকা
চন চলচ্চিত্ৰ পৰিচালক টোকা
২০০৪ মনত বিৰিণাৰ জুই অশোক কুমাৰ বিষয়া প্ৰথম চলচ্চিত্ৰ
২০০৬ অধিনায়ক যতীন বৰা
২০০৬ আমি অসমীয়া ৰাজীৱ ভট্টাচাৰ্য্য
২০০৮ মন যায় এম মনিৰাম
২০১০ অচিন চিনাকি মুন্না আহমেদ
২০১১ পলে পলে উৰে মন তিমথী দাস হাঞ্চে
২০১৩ কৰমা কে ৰাতি জয়ন্ত নাথ ছাদ্ৰী ভাষাৰ চলচ্চিত্ৰ
২০১৪ অজেয় জাহ্নু বৰুৱা
২০১৬ গানে কি আনে ৰাজেশ যশপাল
প্ৰযোজনা স্তৰত অৱতৰন  তৰুণাভ দত্ত

দূৰদৰ্শন সম্পাদনা কৰক

চন ধাৰবাহিক চৰিত্ৰ প্ৰচাৰিত চেনেল
২০১৫ আকবৰ বীৰবল আনাৰকলি বিগ মেজিক
২০১৫ হাজিৰ জাৱাব বীৰবল নুৰ জাহান বিগ মেজিক
২০১৫ চিয়া কে ৰাম পাৰ্বতী ষ্টাৰ প্লাছ
২০১৭ মহাকালি– অন্থ হি আৰম্ভ হে দেৱী গংগা কালাৰ্ছ

ব্যক্তিগত জীৱন সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক